অন্ধবিশ্বাস, কুসংস্কাৰ ইত্যাদি আৰু আমি (কুল শইকীয়া)

আপোনাৰ দৈনন্দিন জীৱনৰ কোঁহে কোঁহে সোমাই পৰা অন্ধবিশ্বাসবোৰৰ পৰা কেনেদৰে হাত সাৰিম বুলি ভাবিছে? বিভিন্ন লিখনিত বিশেষজ্ঞসকলে এই সমস্যাৰ সমাধানৰ পথ এনেদৰে দেখুৱাইছে: কি কি এনে বিশ্বাসে আপোনাক প্ৰভাৱিত কৰিছে বুলি আপুনি নিজে অনুভৱ কৰিছে সেইবোৰৰ এখন তালিকা কৰি লওক, সেইবোৰত এবাৰ ভালকৈ চকু দিয়ক আৰু কি কাৰণে এনেধৰণৰ ঘটনা ঘটিব পাৰে বুলি আপুনি ভাবে সেই সম্পৰ্কত প্ৰকৃত কাৰণ অনুধাৱন কৰাৰ ব্যৱস্থা কৰক, গুগল কৰি চাওক কিয় আৰু কেনেকৈ এনে বিশ্বাসবোৰ শতিকা-শতিকা জুৰি মানুহৰ মজ্জাগত হৈছে, আৰু কি কাৰণে এনে বিশ্বাস অন্ধবিশ্বাসত পৰিণত হৈ হানিকাৰক হৈছে! ৰ’ব, ৰ’ব! ক’লা মেকুৰী এটাই আপোনাৰ বাটেৰে পাৰ হ’ল মানে যাত্ৰা নাশ হ’ল, সপ্তাহৰ কোনোবা এটা নিৰ্দিষ্ট দিনত শুভকামত পূৱ (বা পশ্চিম?) ফালে গমন কৰিব নোৱাৰি, তেনেকুৱা এটা দিনত দাড়ি-চুলি কটাব নোৱাৰি আদি ‘বিশ্বাস’ আৰু “নিয়মে” যদি আপোনাৰ জীৱন দুৰ্বিসহ কৰি তুলিছে, তেন্তে আপুনি আচলতে মনোগ্ৰাসী-বাধ্যতা বিকাৰ (Obsessive Compulsive Disorder, OCD) গ্ৰস্ত হে হৈছে আৰু আপোনাৰ অতিকে প্ৰয়োজন হৈছে এজন ‘আচৰণ মনো-চিকিৎসাবিদ’ক (behavioral therapist) দেখা কৰাটো।

কৰাতকৈ কোৱাটো সহজ। নিদ্ৰাহীনতাত ভোগা ৰোগীক টোপনি নহাৰ কথা চিন্তা কৰি টোপনি ক্ষতি নকৰিবলৈ দিয়া ডাক্তৰী পৰামৰ্শৰ নিচিনা। অন্ধবিশ্বাসক চিৰদিনৰ বাবে বিদায় দিয়াটো সিমান সহজ কথা নহ’বও পাৰে। বাৰ্ট্ৰাণ্ড ৰাছেলে ইয়াৰ বাবে ভয়ক দায়ী কৰিছে। বিশিষ্ট চিন্তাবিদজনৰ মতে, ব্যক্তিগত অন্ধবিশ্বাসক দূৰ কৰাৰ চাবিকাঠী হৈছে ভয়ৰ পৰা মুক্তি লাভ কৰা। যিহেতু সকলো পৰিঘটনাৰে কাৰণ আৰু ফলৰ সম্পৰ্ক সন্ধানেই সকলো বিজ্ঞানৰ মৌলিক আধাৰ, আপোনাৰ মনৰ কোণৰ বিজ্ঞানৰ উকটোৱেও কিবা এটাৰ এটা কাৰণ বিচাৰিব। “কাৰণ” বিচাৰি পাবলৈ অসমৰ্থ হ’লেই, পৰিঘটনা এটা জনশ্ৰুতি কল্প নাইবা কোনো দেৱ-দেৱতাৰ কাম হৈ পৰে। মানৱ সভ্যতাৰ আৰম্ভণিৰ অধ্যায়বোৰত এনে বেছিকৈ ঘটিছিল। এনে বিশ্বাসবোৰ পাৰিবাৰিক আৰু সামাজিক সম্পৰ্কক প্ৰভাৱান্বিত কৰা গুৰুত্বপূৰ্ণ কাৰক হিচাপে পৰিগণিত হ’বলৈ আৰম্ভ কৰে আৰু পাছলৈ একেবাৰে অপ্ৰাসংগিক কাকতালীয় ঘটনাৰ বিশ্লেষণো এইবোৰৰ আধাৰতে কৰাৰ প্ৰৱণতা এটা গঢ় লৈ উঠে, সকলোধৰণৰ যুক্তি আৰু ব্যাখ্যাক নেওচি।

কিন্তু আজিৰ এই আধুনিক যুগতো সামাজিক অন্ধবিশ্বাস আৰু কুসংস্কাৰ – যিবোৰে আমাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰি আছে – সেইবোৰ কি আৰু কিয়? যেতিয়া ব্যক্তিগত অন্ধবিশ্বাসৰ পৰা গৈ  ক’লা যাদু নাইবা কিবা ‘অতি-প্ৰাকৃতিক শক্তি’ৰ প্ৰভাৱত খৰাং হোৱা নাইবা সামাজিক দুৰ্ভাগ্য কঢ়িয়াই অনা, আন কোনো ঘটনা সংঘটিত কৰা বুলি বিশ্বাস কৰা ধৰণৰ সামাজিক কুসংস্কাৰৰ ৰূপ লয়গৈ তেতিয়াই সমাজৰ সদস্য সকলৰ মনত ঘৃণা আৰু শত্ৰুতাৰ সৃষ্টি হয়। যি ডাইনী সন্দেহত নিৰপৰাধ কাৰোবাক হত্যা জাতীয় ঘৃণনীয় অপৰাধৰ জন্ম দিয়ে। ডাইনী বিশ্বাসৰ কুসংস্কাৰ দেশৰ বহুকেইখন ৰাজ্যতে এটা বহু দিনীয়া সমস্যা আৰু ই গুৰুতৰ মানৱাধিকাৰ লঙ্ঘনৰ ৰূপ লৈছে। ঠাই ভেদে ইয়াক বেলেগ-বেলেগ নামেৰে জনা যায়। অসমত ডাইনী তন্ত্ৰ-মন্ত্ৰ বুলি কোৱাৰ পৰিবৰ্তে ছত্তিশগড়ত ই ট’নহি বুলি জনাজাত। এগৰাকী নাৰী (বা বহুত সময়ত পুৰুষকো) সম্প্ৰদায় এটাৰ সদস্য সকলে ডাইনী নাম দিয়ে আৰু সম্প্ৰদায়টোৱে মুখামুখি হোৱা সকলো ধৰণৰ বেয়াৰ বাবে এই লোক জনক দোষী সাব্যস্ত কৰে। মানুহৰ, বিশেষকৈ শিশুৰ মাজত দুৰাৰোগ্য বেমাৰ  বিয়পোৱা বুলি অপবাদ জাপি দিয়া হয়। ডাইনী বুলি ‘চিহ্নিত’ মানুহ গৰাকীক অপমান, লাঞ্ছনা আৰু মানসিক তথা শাৰীৰিক নিৰ্যাতনৰ পৰিকল্পনা ৰচিত হয়। এনেকুৱা পৰিস্থিতিও আহে য’ত ‘ডাইনী’ গৰাকীক এঘৰীয়া কৰাৰ উপৰিও ৰাজহুৱাভাৱে দৈহিক আক্ৰমণ কৰি আঘাত হানিবলৈ মান্যতা দিয়া হয়। মহামাৰী জাতীয় সংকটকে ধৰি, প্ৰাকৃতিক বা অন্য দুৰ্যোগৰ দ্বাৰা গাঁও এখন আক্ৰান্ত হোৱাৰ সমস্ত দোষৰ অপবাদ নাৰী এগৰাকীৰ ওপৰত জাপি দিয়াৰ মনোবৃত্তিয়ে সমাজত অন্ধবিশ্বাস বা সামাজিক কুসংস্কাৰৰ ভূমিকাকে দৰ্শায়।

এনে বিষবাষ্পৰ বিস্তাৰণ ৰোধ কৰিবলৈ আমি এক বৈজ্ঞানিক চিন্তাধাৰা আৰু মনোবৃত্তি সমৃদ্ধ সামাজিক পৰিবেশ গঢ়ি তুলিব লাগিব যাতে সম্প্ৰদায়/সামাজিক স্তৰত এই অন্ধবিশ্বাস তথা কুসংস্কাৰবোৰৰ আঁৰৰ বিভিন্ন কাৰকবোৰ, যেনে – আধুনিক চিকিৎসা প্ৰণালীৰ বিষয়ে অজ্ঞতা, উচ্চ হাৰত নিৰক্ষৰতা, সংবাদ মাধ্যমৰ দ্বাৰা বিশেষকৈ বৈদ্যুতিন সংবাদ মাধ্যমত ‘অতি-প্ৰাকৃতিক পৰিঘটনা’ ইত্যাদিৰ বহুল প্ৰচাৰ আদিক মোকাবিলা কৰিব পৰা যায়। সামাজিক স্তৰত প্ৰচলিত পূৰ্ব-ধাৰণা সমূহক, কুসংস্কাৰবোৰক প্ৰতিৰোধ কৰি আমি সামাজিক বন্ধন আৰু শক্তিক এনে এক যোগাত্মক পৰিবৰ্তন দিওঁ আহক যাতে কোনোবা নিৰপৰাধ লোকক ডাইনীৰ মোহৰ মাৰি নিৰ্যাতন আৰু কষ্ট দিয়াৰ পৰিবেশৰ অন্ত পৰে। আহকচোন এনে এখন সমূহীয়া মঞ্চৰ সৃষ্টি কৰো য’ত বেচৰকাৰী সংস্থা, ছাত্ৰ সংগঠন, মহিলা সংগঠন, বিজ্ঞান ক্লাব, নাগৰিক সমাজ একেলগ হৈ আমাৰ একাষৰীয়া সম্প্ৰদায়/সমাজবোৰক আক্ৰান্ত কৰি থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দিওঁ।

——————————————————————————————————

সম্পাদকীয় টোকা: কুল শইকীয়াৰ মানস পুত্ৰ অসম আৰক্ষীৰ ‘প্ৰহৰী’ নামৰ সামুহিক পদক্ষেপটোৱে অসমৰ বিভিন্ন গাঁৱত অন্ধবিশ্বাস আৰু ‘ডাইনী’ নিধন ভয়াৱহতাৰ বিৰুদ্ধে ইয়াৰ প্ৰতিষ্ঠাৰ পৰাই (আগষ্ট ২০০১ চন) যুঁজ দি আছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments