ছোৱালীবোৰ – মণিকুন্তলা ভট্টাচাৰ্য

ছোৱালীবোৰ মানুহ নহয় ।
মাতৃ ভগ্নী পত্নী কন্যা
প্ৰেয়্সী বা গণিকা হ’ব পাৰে ।
সিহঁত গছ হ’ব পাৰে
ছাঁ বতাহ ফল ফুল দিব পাৰে
কিন্তু শিপা মেলাৰ বাবেই
সিহঁত মানুহ নহয় ।
মানুহৰ মাত থাকে
জানে স্বাধীনতাৰ অৰ্থ ।
সিদিনা সিহঁতক
পতিৰ চিতাত জাপি দিওঁতে ,
পুতলা খেলৰ পৰা নি
বিয়াত বহুৱাই দিওঁতে,
আনকি আজি ডাইনী বোলোতেও
সিহঁত গছ হৈ ৰৈ থাকিল ।
সেয়ে সিহঁতৰ ডাল ঠানি মোটোকাই
খৰি বুলি
সুমুৱাই দিয়া হয়
যৌতুকৰ জুইত ।
ছোৱালীবোৰ মানুহ নহয়
গণ্য কৰা নহয়
অথচ সিহঁতেই ধাৰণ কৰে মনুষ্যত্ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!