স্বাধীন ভাৰতৰ প্ৰথম দিনটোত মহাত্মা গান্ধী – কুসুমাঞ্জলি শৰ্মা

দেশ স্বাধীন হোৱাৰ উন্মাদনাত যেতিয়া সমূহ ভাৰতৰ জনতা মচগুল আছিল, কি কৰি আছিল মহান আত্মাৰ মহাত্মা গান্ধীয়ে!!

সুদীৰ্ঘ কাল স্বাধীন ভাৰতত সূৰুযৰ ৰেঙনি চাবলৈ কৰা সংগ্ৰামৰ অন্ততঃ ইংৰাজী উনৈশশ সাতচল্লিছ চনৰ সেইশুভক্ষণটো আহিল৷ কিন্তু লৰ্ড মাউণ্টবেটেনে সদম্ভে ঘোষণা কৰিলে যে, ভাৰতৰ বিভাজন অৱশ্যম্ভৱী৷ উত্তৰ পশ্চিম ভাৰত ধৰ্মৰ ভিত্তিত ইছলামিক ৰাষ্ট্ৰ পাকিস্তান হিচাবে গঠন কৰা হব আৰু তাৰ পৰা হাজাৰ মাইল দুৰত পূৰ্ববংগ পূৱ পাকিস্তান হিচাবে গঠন কৰা হ'ব৷ সেইমৰ্মে চৈধ্য আৰু পোন্ধৰ আগষ্টৰ মধ্য নিশা অতিবাহিত হোৱাৰ কেইমুহূৰ্ত পিছত ভাৰতবৰ্ষ ব্ৰিটিছ শাসনৰ পৰা মুক্ত হল৷ নিশাৰ আকাশত আবতৰীয়া দ্বীপাৱলী হ’ল৷ অৱশ্যে ভাৰতমাতাৰ বক্ষ লগে লগে বিদাৰিত হৈছিল৷ সহস্ৰাব্দ যোৰা ভাৰতভূমি চিৰদিনলৈ খণ্ডিত হৈ গ’ল৷ যি স্বাধীনতাৰ বাবে অলেখ লোক শ্বহীদ হ’ল, হেজাৰ লোকে কাৰাবাস খাটিলে, সেই স্বাধীনতা সংগ্ৰামৰ সেনানী সকলৰ আশা আকাংক্ষা ধূলিস্যাৎ কৰি দেশ মাতৃৰ বুকুত কুঠাৰাঘাত কৰা হ’ল৷

গান্ধীজী শোকত ম্ৰিয়মান হ’ল৷ কিহৰ বাবে তেওঁৰ আদৰ্শ বিফল হল!!

“ঈশ্বৰ আল্লা তেৰে নাম…সবকো সুমতি দে ভগৱান” এৰা দিল্লীত আছিল নেকি মহাত্মাজী? স্বাধীন ভাৰতৰ ঐতিহাসিক ঘোষণাৰ মুহূৰ্তৰ সাক্ষী হৈ আছিল নেকি তেখেতজনা? যিয়ে পৃথিৱীৰ ইতিহাসৰ অন্য এক কিম্বদন্তী সৃষ্টি কৰি হিংসাৰ বিপৰীতে অহিংসাৰ জয়ৰ সংগীত গাইছিল৷ ভাৰতীয় পৰম্পৰাৰ এই অহিংসাক সমগ্ৰ বিশ্বতে সৰ্ব শক্তিমান ৰূপত প্ৰতিভাত কৰি তুলিছিল! চৈধ্য আগষ্টৰ নিশা দিল্লীত অনুষ্ঠিত “সংবিধান সভা”ৰ বৈঠকৰ সময়ত বাহিৰত জনতাই মহাত্মাজীৰ নামত জয়ধ্বনি দিছিল৷ নাছিল৷ মহাত্মাজী সেই সময়ত ভিতৰৰ সেই সভাত নাছিল৷ দেশ স্বাধীন হোৱাৰ কেইদিনমান আগৰে পৰা মহাত্মাৰ ব্ৰিটিছ বন্ধু প্ৰফেচৰ এইচ আলেকজেণ্ডাৰ সংগী হৈ আছিল৷ তেওঁ লিখা টোকা এটাত এনেদৰে আছিল –

“ভাৰতৰ ৰাজনৈতিক স্বাধীনতা আৰু তাৰ ফলস্বৰূপে হবলগীয়া দেশবিভাজনৰ আগে আগে বংগ আৰু বিহাৰৰ হিন্দু আৰু মুছলমান লোকসকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ সেই সময়ত গান্ধীজীয়ে দাংগা অধ্যুষিত অঞ্চলত শান্তিৰ বাৰ্তা আনিবলৈ গাঁৱে গাঁৱে পদযাত্ৰা কৰিছিল৷”

পূব পাকিস্তানৰ হিন্দু জনতাক মনোবল দিবৰ বাবে সেইদিনা তেখেত ঢাকালৈ যাত্ৰা কৰাৰ কথা আছিল ৷ কিন্তু কিবাকিবি বিশেষ কাৰণত তেখেতৰ যাত্ৰা বাতিল কৰি কলকতাস্থিত অনুগামী এগৰাকীৰ আশ্ৰমত বাহৰ পাতি থকাৰ ব্যৱস্থা কৰোৱা হৈছিল৷ যাৰ ফলস্বৰূপে অকল কলকতাই নহয়, পূৰ্ববংগতো পৰিস্থিতি শান্ত হৈ আছিল৷ বংগৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল চন্দ্ৰ ঘোষে চৈধ্য আগষ্টৰ সন্ধিয়া মহাত্মা গান্ধীক পিছদিনাৰ স্বাধীনতা উৎসৱত ভাগ লবৰ বাবে আমন্ত্ৰণ কৰিছিল৷ মহাত্মা গান্ধিয়ে উক্ত আমন্ত্ৰণ প্ৰত্যাখ্যান কৰি কৈছিল- “দেশৰ জনতাই অনাহাৰ, অৰ্ধভূক্ত অৱস্থাত বসবাস কৰি আছে, বিভাজনৰ ফলস্বৰূপে হাজাৰ হাজাৰ লোক বস্তুহাৰা হ’ব লগীয়াত পৰিব, তেনে সময়ত উৎসৱ পালন কৰাটো অবান্তৰ কথা”৷ আনকি বি বি চিৰ সংবাদ দাতাই তেখেতৰ সৈতে কথা পাতিবলৈ বিচাৰোতে তেখেতে সাক্ষাৎকাৰ দিবলৈ অমান্তি হৈ কৈছিল যে জৱাহৰলাল নেহৰুৰ সৈতেহে তেখেতসকলে যোগাযোগ কৰে যেন৷ তৎস্বত্বেও বি বি চিৰ ফালৰ পৰা গান্ধীজীক দেশবাসীৰ প্ৰতি এটা বাণী দিয়াৰ বাবে অনুৰোধ কৰি কৈছিল যে তেওঁলোকে গান্ধীজীৰ বাণী ভাৰতৰ বিভিন্ন ভাষাত তৰ্জমা কৰি শুনাব৷ তেতিয়া গান্ধীজীয়ে বিমুখ কৰি কৈছিল যে, “আপোনালোকে পাহৰি যাওক, মই যে ইংৰাজী জানিছিলোঁ”

উনৈশ সাতচল্লিচ চনৰ পোন্ধৰ আগষ্টৰ পুৱতি৷ মহাত্মাজীয়ে আনদিনাৰ দৰে নিশা তিনিবজাতে উঠি গা পা ধুই প্ৰাৰ্থনা সভাত উপস্থিত হ’ল৷ কলকাতাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী আহি তেওঁৰ ওচৰত ৰবীন্দ্ৰ সংগীত গালে৷ প্ৰাৰ্থনা কৰি আহি আনদিনাৰ দৰে লিখাত বহিল৷ আকৌ স্কুলীয়া ছাত্ৰীৰ এদলে আহি স্বাধীনতাদিবসৰ সংগীত গাবলৈ আহিল৷ মহাত্মাজীক ফুলৰ থোপা দিলে৷ তেখেতে সেয়া গ্ৰহণ কৰিলে৷ সেইবোৰৰ বাহিৰে, আনদিনাৰ দৰে যঁতৰত সূতা কাটিলে৷ মুঠতে উনৈশ সাতচল্লিচ চনৰ পোন্ধৰ আগষ্টৰ দিনটো মহাত্মাজীয়ে তেখেতৰ অন্য এটা দিনৰ দৰেই কটালে৷ প্ৰফেচৰ আলেকজেণ্ডাৰৰ টোকাত আৰু এটা কথা পোৱা যায় যে, মহাত্মাই সেইদিনা ভাৰতৰ জনসাধাৰণৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি উপবাসে আছিল৷ মহাত্মাই আলেকজেণ্ডাৰক কৈছিল –“অৰ্থনৈতিক স্বাৱলম্বিতা অবিহনে ৰাজনৈতিক স্বাধীনতা এটা বিমূৰ্ত ধাৰণা৷ তদুপৰি মানুহে মনৰ পৰা পাপ, হিংসাৰ পৰা স্বাধীন কৰিব নোৱাৰিলে বাহ্যিক স্বাধীনতা অৰ্থহীন৷” একেদৰে মহাত্মাজীৰ বিষয়ে, কুৰি শতিকাৰ শ্ৰেষ্ঠ পদাৰ্থ বিজ্ঞানী আইনষ্টাইনে গান্ধীজীৰ সত্তৰতম জন্মদিনত এইদৰে কৈছিল“ভৱিষ্যতৰ প্ৰজন্মই মহাত্মা গান্ধীৰ দৰে এগৰাকী তেজমঙহৰ মানৱে এই পৃথিৱীত খোজ কাঢ়ি ফুৰিছিল, কথাটো বিশ্বাস কৰিবলৈ টান পাব৷” ■■■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
3 years ago

বৰ ভাল লাগিল।