স্বাধীনতা আৰু ভিৰৰ মাজৰ নিঃসঙ্গতা (দিগন্ত যাদৱ শৰ্মা)

: আমাক ক্ৰমে ভিৰৰ মাজৰ নিঃসঙ্গতাই গ্ৰাস কৰি আনিছে। দেৱনীল, আমি বাৰু ৰুবুলৰ পথত আগবাঢ়ি গৈ আছো নেকি? জীৱনৰ প্ৰ্তি থকা আকৰ্ষণবোৰ যেন হেৰুৱাই পেলাইছোঁ -কমলজিতে দেবনীললৈ আৰু এটা ‘পেগ’ আগবঢ়াই দিলে।

: কিয় তেনেকৈ ভাবিলি? আমি কিয় ৰুবুল হ’বলৈ যাম? সি এটা কাপুৰুষ। এটা বুৰ্বক।

 

কমলজিত আৰু দেৱনীল। গুৱাহাটীৰ পৰা নাতিদূৰত এখন ধাবাত বহি আছে। নিশা দহ বাজিছে। দুয়োৰে সন্মুখত সুৰা ভৰ্তি গিলাচ। প্লেটত ভজা মাংসৰ টুকুৰা। সম্পূৰ্ণ ১২ বছৰৰ মুৰত দুয়োৰে দেখা। মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীলৈকে একেলগে পঢ়িছিল। কমলজিত মুম্বাইত কৰ্মৰত। দেৱনীলে যোৰহাটত থাকি দেউতাকৰ চাহ বাগানৰ ব্যৱসায়ত ধৰিছে। দুয়ো সমাজত চকুত লগাকৈ প্ৰতিষ্ঠিত। ‘ফোন’যোগে দুয়োজনেই যোৱা কেইদিনমানৰ পৰা যথেষ্ট কথা-বতৰা পাতি আছিল। সেই কথা-বতৰাত ঘাইকৈ ৰুবুলৰ জীৱনৰ কথাই আগস্থান পাইছিল। ৰুবুল সিহঁত দুয়োজনৰে উমৈহতীয়া বন্ধু আছিল। সেই সূত্ৰেই কমলজিত মুম্বাইৰ পৰা আহি গুৱাহাটীত উপস্থিত। দেৱনীলে ব্যৱসায়ীক লেন-দেনৰ বাবে প্ৰায়ে গুৱাহাটীত অৱস্থান কৰিবলগীয়া হয়।

 

: তই ৰুবুলৰ পিছৰ জীৱনৰ কথা জাননে? ভাবিলে আচৰিতো হওঁ তাৰ দৰে ল’ৰা এটাৰ এনে অৱস্থা কেনেকৈ হ’বলৈ পালে। কিন্তু তাৰ এই চিঠিখন পঢ়াৰ পিছত মোৰ মনটোকো কোনোবা ফালে উৰুৱাই লৈ যায়।

: চাওঁ চাওঁ কি চিঠি? তই ক’ত পালি? অ’ তহঁতেটো একে ঠাইতে আছিলি। পিছে…

: নহয় অ’। কেইবাদিনৰো পিছত তাৰ ‘ফ্লেট’টো খালি কৰিবৰ সময়ত এইখন বিচাৰি পাইছিলোঁ। পুলিচক দি কি’নো হ’ব! অইননো কোন আছে! কাক দিম। সেয়ে মোৰ লগতে আছে। থাকক। যিমানে চিঠিখন পঢ়োঁ সিমানেই ময়ো কিবা এটা অজান আশংকাত ভোগো। সঁচাকৈ মইও যেন এটা যন্ত্ৰৰ শাৰীত ঠিয় দিছোঁ! আৰু মোক ক্ৰমে ভিৰৰ মাজৰ নিঃসঙ্গতাই গ্ৰাস কৰি আনিছে।

: ৰুবুলৰতো সকলো আছিল। মই কি ভাবো জান! এইযে আমাৰ পৰিয়ালবোৰ। একেলগে থাকিলে মৰম-চেনেহৰে উথলি থাকে। কিন্তু কিয় জানো আঁতৰত থকাজনে কিবা এটা হেৰোৱাৰ ভয়ত থাকে। মাক-বাপেকৰ একমাত্ৰ আলাসৰ লাড়ু হৈ কোনোদিনে বাহিৰ নোহোৱা ল’ৰাজন যেতিয়া বহুদিন আঁতৰি থাকিব লগা হ’ল, তেতিয়াই নিশ্চয় তাৰ মনত পীড়াদায়ক চিন্তাবোৰে বাস কৰিবলৈ ল’লে। তই কি কৱ?

: আমি কি আমাৰ নিজৰ একান্ত ওচৰৰ মানুহবোৰৰ পৰা আঁতৰি থাকি ভুল কৰিছোঁ নেকি? প্ৰথমে নিজকে একোটা যন্ত্ৰলৈ পৰিবৰ্তিত হৈ পিছলৈ মানসিক ভাবে নিঃসঙ্গ হৈ গৈছোঁ। আৰু পৰিত্ৰাণ পাবলৈ ৰাগীয়াল অথবা মাদক দ্ৰব্যৰ আশ্ৰয় লৈছোঁ। ‘নৈশ ক্লাব’ত কোনো যুৱতীৰ শৰীৰত নিজকে বিলীন কৰি দিছোঁ। মই সকলোৰে কথা কোৱা নাই! ৰুবুলৰ দৰে কিছুমানৰ কথাহে কৈছোঁ।

 

: ৰুবুল বহু বছৰ মাক-দেউতাকৰ পৰা আঁতৰি আছিল। ‘কোম্পানী’টোত তাৰ স্থান বহুত ওপৰলৈ গৈছিল। বিদেশ ভ্ৰমণতো কেইবাবাৰো গৈছিল। ‘ফেচবুক’ত ‘আপডেট’বোৰ পাই আছিলোঁ। পিছলৈ বাৰ্তা দিলেও উত্তৰ নহা হ’ল। এইয়া আজি তিনি বছৰ আগৰ কথা।

: ঘটনাটো ঘটাৰ সময়ত মই গৈছিলোঁ। ‘এপাৰ্টমেন্ট’ৰ তত্বাৱধায়কজনৰ লগত মোৰ পৰিচয় আছিল। পিছতো কিছু আইনী কথা আৰু তাৰ বয়-বস্তুবোৰৰ বাবে মোক মাতি পঠিয়াইছিল।

: এতিয়া কি কৰিম বুলি ভাবিছ?

: তাকেইতো! সেইবাবেই ইয়ালৈ আহিছোঁ। আমি তাৰ পুৰণি বন্ধুকেইজনমানেই মিলি তাৰ সম্পত্তিবোৰৰ থান-থিত লগাব লাগিব।

: ভালকৈ চাই-চিতি কোনোবা এটা ‘এন.জি.ও.’ক দিব পাৰি নেকি চিন্তা কৰচোন।

: হো ল’। চিঠিখন পঢ়। -কমলজিত চিঠিখন দেৱনীলৰ হাতত দিলে।

আধা খোৱা ‘পেগ’টো মেজখনত থৈ দেৱনীলে চিঠিখন মনযোগেৰে পঢ়িবলৈ ধৰিলে।

 

প্ৰতি মা-দেউতা,

শ্ৰদ্ধা গ্ৰহণ কৰিবি অথবা মৰমবোৰ ল’বি বুলি মই নকওঁ। মই জানো তহঁতৰ লগত মোৰ বহুদিন যোগাযোগ নোহোৱাত ব্যাকুল হৈ পৰিছ! আচৰিতো হৈছ নহয়নে? তহঁতৰ প্ৰতি আজি কেৱল মোৰ ক্ষোভহে আছে। তহঁতৰ অপৰাধ কি জাননে? _তহঁতে মোক স্বাধীন কৰি তুলিলি। মোক স্বাধীনতা দিলি। ডাঙৰ হ’লে স্বাধীন হ’ব লাগে নেকি? মোক তহঁতে কিয় ডাঙৰ কৰিলি। মোক সৰু কৰি ৰাখিব নোৱাৰিলিহেঁতেন  নেকি? মোৰ এই অৱস্থাৰ বাবে দায়ী কোন? সকলোবোৰ তহঁতৰ বাবেই। সৰু হৈ থাকিলে তহঁতৰ বুকুৰ মাজতে থাকিলোঁহেঁতেন। জীৱনৰ প্ৰ্তি থকা প্ৰত্যেকটো আকৰ্ষণে আজি মই হেৰুৱাই পেলাইছোঁ। কি যেন মাদকতা ভৰা দিনবোৰ আছিল! মনত পৰে দেউতাৰ কান্ধত উঠি মেলা চাবলৈ যোৱাৰ দিনবোৰ। তহঁতে নুবুজিবি! মা তোৰ মনত আছেনে- ৰাতি পূজা চাবলৈ যাওঁতে দুজনমানে ঢলং-পলংকৈ আহি থাকোঁতে মোক যে সাবট মাৰি ধৰিছিলি। তহঁত দুয়োজনেই নাকত সোপা দিছিলি। মই সোধোঁতে কৈছিলি- “সেইফালে মন নকৰিবি।” অলপ ডাঙৰ হোৱাত মই সুধিছিলোঁ- “মা ‘এইডচ’ মানে কি?” তই আঁতৰি গৈ দেউতাৰ ফালে চাইছিলি। দেউতাই অস্পষ্ট ভাবে কিবা এটা বুজাইছিল। ‘হাইস্কুল’ৰ ওপৰ শ্ৰেণীত পঢ়ি থাকোঁতে তহঁতে মোৰ ওপৰত খুব দৃষ্টি ৰাখিছিলি। মামাৰ পৰা তহঁতে যে মোক আঁতৰত ৰাখিছিলি। মোৰ কিন্তু তেতিয়া খং উঠিছিল। মামা আহিলেই মামাৰ মুখৰ পৰা ভেকেটা-ভেকেট গোন্ধ বাহিৰ হৈছিল। এবাৰ লগৰ এজনৰ পৰা অশ্লীল কথা-বতৰা থকা কিতাপ এখন আনিছিলোঁ। কোঠাতো পৰিষ্কাৰ কৰিব লওঁতে মা তোৰ হাতত পৰিছিল। তই একো কোৱা নাছিলি। দেউতাই মোক অলপো খং নকৰি মোক বুজাইছিল- “কন এতিয়া পাঠ্যপুথি পঢ়াৰহে সময়। তই ভালদৰে পঢ়াত মনোযোগ দেচোন।” দেউতা সেইদিনা মই কোঠাত সোমাই গাৰুটোত মুখ গুজি খুব কান্দিছিলোঁ। সৰুতে এনেয়ে ‘চিগাৰেট’ হোঁপাৰ অভিনয় কৰোঁতে কৈছিলি- “ভাল লৰাই এনেবোৰ নকৰে নহয়।”

মই তহঁতৰ একমাত্ৰ সন্তান আছিলোঁ। সঁচাকৈ মই তহঁতক দুখ দিবলৈ কোনো চেষ্টা কৰা নাছিলোঁ। তহঁতৰ কথাবোৰ শুনিছিলোঁ। কাৰণ তেতিয়া সৰু আছিলোঁ। ক’ৰবালৈ গ’লেও মা তোৰ চাদৰৰ আচলত ধৰি গৈছিলোঁ। ওলোটাই তইহে লাজ পোৱাটো দেখুৱাইছিলি। কৈছিলি- “ধেৎ ইম্মান ডাঙৰ হ’লি। এতিয়াও মাৰৰ আচলত ধৰি থাক!” পৰীক্ষাৰ ফলাফলসমূহো ভাল হৈছিল। তহঁতে দিল্লীলৈ পঢ়াবলৈ পঠোৱাৰ সময়ত মনে মনে মই কান্দিছিলোঁ। তহঁতক এৰি যোৱাৰ দুখত। পাল পাতি যে তহঁতৰ লগতে নিশা শুইছিলোঁ। ৰাতি যে দেউতাক সাবটি শুই থকাৰ দৃশ্য দেখি কৈছিলি- “ই দেখিছোঁ ডাঙৰ নহ’বই। এতিয়াও বাপেকটোৰ গাতে গা লাগি থাকে।” সঁচাকৈ মই তেনেকৈ থকা হলে ভাল আছিল। দেউতা মই বহুত ভাল আছিলোঁ। নহয়নে? তহঁতক যে মই কিমান ভাল পাইছিলোঁ। মোৰ যে তহঁতক এৰিবলৈ অকণো মন যোৱা নাছিল। দিল্লীৰ ছাত্ৰাবাসত থৈ আহোঁতে মই কান্দিছিলোঁ। আৰু তহঁতেও লুকাই লুকাই কান্দিছিলি। মই জানিছিলোঁ। তহঁতৰ সেই যে উৎসাহ ভৰা চিঠিবোৰ! ছাত্ৰাবাসৰ কোঠাৰ পৰা দৌৰ মাৰি ধৰিবলৈ যোৱা মৰম সনা ‘এচ.টি.ডি.কল’ কেইটা! কিমান যে ভাল লগা মুহূৰ্ত আছিল সেইবোৰ? কিয় জাননে মই তেতিয়া সৰু আছিলোঁ। তহঁতে মোক বুকুৰ মাজতে ৰাখিছিলি। কিমান বছৰ আগৰ কথা হ’ব বাৰু এইবোৰ? দহ বছৰ, বাৰ বছৰ। এৰা হ’ব পাৰে পোন্ধৰ বছৰো।

 

মা, মই এতিয়া বহুত ডাঙৰ হ’লো। তহঁতে ঢুকি নোপোৱাকৈ ডাঙৰ! মোক কেতিয়াও লগ ধৰিব নোৱাৰাকৈ ডাঙৰ! কিয় ডাঙৰ কৰিলি মোক? ইমান ভিৰৰ মাজত নিঃসঙ্গ হৈ পৰিলোঁ। মইতো তহঁতৰ বুকুৰ মাজতে থাকিব বিচাৰিছিলোঁ। দেউতা তই মোক আকৌ এবাৰ ক’- “সেইফালে মন নকৰিবি, এইবোৰ ৰাগীয়াল দ্ৰব্য। ভাল হৈ থাকিবৰ বাবে এইবোৰৰ প্ৰয়োজন নাই।” তহঁতে কিয় মোক এনেদৰে ডাঙৰ হ’বলৈ এৰি দিলি? প্ৰথমবাৰ নিষিদ্ধ এলেকাত ভৰি থওঁতে এবাৰো কিয় নক’লি- “কন, তাত নাযাবি।” হাঃ হাঃ এতিয়া আৰু এইবোৰ কৈ একো লাভ নাই। এইখিনি লিখোঁতে মোৰ দহদিনৰো অধিক সময় লাগিল। হাত কঁপে। ‘চিৰিঞ্জ’ৰে হাতৰ শিৰাত আকৌ ‘ড্ৰাগস’ লোৱাৰ প্ৰয়োজন আহি পৰে। তহঁতে নুবুজিবি। দেউতা মইহে এতিয়া তহঁতক বুজাব পাৰিম কেনেদৰে ‘এইডচ’ হয়। মই নিজে ব্যৱহাৰিক ভাবে জ্ঞান অৰ্জন কৰিছোঁ। হাতখন কঁপিছে দেউতা। আৰু লিখিব নোৱাৰিম। বৰ কষ্ট হৈছে। জীয়াই থকাৰ কষ্ট।

 

নালাগে মোক কোনো কথাৰে উত্তৰ দিব। তহঁতে মোক ক্ষমাও কৰিব নালাগে। মোক যি আখ্যা দিয় দি থাকিবি। মইতো এইবোৰ শুনিবলৈ ৰৈ নাথাকোঁ। ইতি,

তহঁতৰ কন ল’ৰা ৰুবুল।

 

চিঠিখন পঢ়ি দেৱনীলে কমলজিতৰ ফালে চালে।

: ৰুবুলৰ আত্মহত্যাৰ খবৰটো পাই মাক-দেউতাক মুম্বাইলৈ দৌৰি গৈছিল।

: আৰু মুম্বাইত গৈ তাৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছত মাক-দেউতাকে ইজনৰ পিছত সিজনকৈ দহ মহলীয়া ‘এপাৰ্টমেন্ট’ৰ পৰা জঁপিয়াই শেষ নিশ্বাস পেলাইছিল।

: আমি বাৰু সঁচাকৈয়ে ৰুবুল নহ’লেও ৰুবুলৰ নিচিনা হ’বলৈ গৈ আছো নেকি?

: ঠিকেইতো আমি আজিকালি মা-দেউতা অথবা আপোনজনৰ পৰা বেছিভাগ এৰাএৰি হৈয়েই থাকো দেখোন।

: তেওঁলোকে হয়তো আমাক বহুতো কথাই ক’ব বিছাৰে।

: কিন্তু কোনো এটা কথা আলোচনা কৰিবলৈ আমাক ওচৰত পাই জানো?

: আমি দেখোন সৰু হৈ থাকোঁতেই ভাল আছিল। সঁচাকৈ আজি আমি বহুত ব্যস্ত। তথাপি সুপ্ত মনত আমাৰ আবেগ-অনুভূতিবোৰ আছে। কিন্তু প্ৰকাশ কৰিব নোৱাৰাকৈ ব্যস্ত আমাৰ জীৱনশৈলী।

: আমি ডাঙৰ হ’বই নালাগিছিল! প্ৰকৃততে জেষ্ঠজনৰ পৰা স্বাধীন হ’বই নালাগিছিল।

: সঁচাকৈ! আজি আমি কিমান স্বাধীন!

এই ৰাতি দহ বজাত মদ খাব পৰাকৈ স্বাধীন।

স্বাৰ্থত আঘাত লাগিলে মানুহ মাৰিব পৰাকৈ স্বাধীন।

মন গ’লে মা-দেউতাক কটু কথা শুনাব পৰাকৈ স্বাধীন।

মন গ’লে পত্নী আৰু সন্তানক এৰি আন কাৰোবাৰ সৈতে ৰাত্ৰি যাপন কৰিব পৰাকৈ স্বাধীন।

সঁচাকৈ আমি ডাঙৰ হ’লো।

আমি স্বাধীন।

 

এখন হাতেৰে আধাখোৱা ‘পেগ’টো লৈ আনখন হাতেৰে দেৱনীলে চিঠিখন কমলজিতৰ ফালে আগবঢ়াই দিলে। কমলজিতে চিঠিখন জেপত সোমোৱাই ধাবাৰ ল’ৰাটোক আকৌ এটা সুৰাৰ বটলৰ সৈতে চ’দা ‘অৰ্ডাৰ’ দিলে। তেতিয়া নিশা এঘাৰ বাজিছিল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!