স্বাধীনতা (জাতীয় ছহিদ ৰাজেন শৰ্মাৰ স্মৃতিত) (ৰক্তিম শৰ্মা)
স্বাধীনতা
(জাতীয় ছহিদ ৰাজেন শৰ্মাৰ স্মৃতিত)
ৰক্তিম শৰ্মা
মোৰ দুহাতত শিকলি। বুকুত অসহনীয় যন্ত্ৰনা;
হে বিশ্ব, মই তোমাৰ সৈতে উদ্যাপন কৰিব নোৱাৰোঁ
স্বাধীনতাৰ গোলকীয় উৎসৱ। মই ভৃত্য মই অপদাৰ্থ
মোৰ ডিঙিত সোপা দি ধৰা বিলাসী গণতন্ত্ৰৰ খাকী মখমল।
বহু উজাগৰী ৰাতিৰ শেহত মোৰ ফুটছাই সপোন । সেয়ে
আজিকালি মই সপোন নেদেখো । তথাপি এটি সপোনৰ বাবেই উৎসৰ্গিত
সৌ দুকুৰি বসন্ত মোৰ । কোনেওতো নাজানে কি সতে
মোৰ কপৰ্দক-শূন্য হাতেৰে খেপিয়াই ফুৰোঁ পোহৰ। অথচ হাতত লাগি আহে
তুমি বাকি দিয়া এপিয়লা এন্ধাৰৰ বিষাক্ত লালটি ।
একবিংশ শতিকাত পোহৰ ক’ত। মাথো
সাগৰৰ সিপাৰে বগা বনিকৰ মুকুটত সূৰ্যৰ জিকমিক বাখৰ।
তুমিতো জানাই, মই যে পোহৰৰ আজন্ম প্ৰেমিক। তথাপি হে বিশ্ব,
তোমাৰ হেলোজেন পোহৰত মোৰ চকু ছাত মাৰি ধৰে। এন্ধাৰৰ বিতচকু পিন্ধি
জোনাক দেখাৰ বিলাসীতাও মোৰ নাই।
দেই পুৰি পুৰি কেনেদৰে যাপন কৰো মোৰ অক্ষমতাক। কাক কওঁ
কোন সতে। কোনে ৰিক্ত দুহাতত সিঁচি দিব প্ৰেম আৰু বিশ্বাসৰ ৰ’দালি বীজ।
হে বিশ্ব, হেজাৰ হিলিবিলি মিউজিকেৰেও মোক ৰখাব নোৱাৰিবা,
এন্ধাৰৰ কালকূট কাৰাগাৰত অহাকালি মোৰ মৃত্যু হ’ব। যদিওবা
আক্ষেপেৰে মই কওঁ, এসাগৰ জোনাক বুকুত লৈ
জীয়াই থকাৰ প্ৰচণ্ড হেঁপাহ মোৰ।
মোৰ দেশৰ মূক-মৌন মানুহ, এবাৰ ৰাজপথত থিয় হৈ চাবা
তোমাৰ বিপৰীতে পাৰ হৈ যোৱা এটি মৃত্যুহীন মৃতকৰ সমদল।
নিৰ্যাতনৰ যন্ত্ৰনা বুকুত বান্ধি কোনে কিদৰে জানিবা
কোন বাটে গলে পায় সাম্যৰ পৃথিবী। ৰ’দালি দিনৰ টগবগ ৰং,
তথাপি পাৰিলে মোৰ বুকুত তুলি দিবা হিৰুদাৰ কবিতা
যদিও শিল হয় মোৰ বুকুৰ সেউজীয়া শইচৰ ভড়াল। কাবৌ কৰিছোঁ
কোনেও যেন উদ্যাপন নকৰা মোৰ মৃত্যুক। এপিটাফো নিলিখিবা,
পাৰিলে দুহাতৰ শিকলি ছিঙি যাপন কৰা জীৱন।
কাৰণ ইতিহাসে অক্ষমতাক ক্ষমা নকৰে কাহানিও।
অনুগ্রহ করি “রাজেন শর্মা”র মোর রক্তবর্ণর প্রতিজ্ঞা কবিতাটো দিব নেকি ।
কবি——ৰাজেন শৰ্মা ওৰফে উদ্দীপ্ত হাজৰিকা
মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা
মই জেপত পিষ্টল লৈ ফুৰোঁ বুলি
আগতে তেওঁলোকে নাজানিছিল
সিদিনা হঠাৎ মই যেতিয়া শত্ৰুৰ দুৰ্গত বন্দী
তেওঁলোকে পঢ়িলে খবৰ
মানুহৰ মুখে মুখে
হিচ হিচ বতাহত বাগৰি যোৱা
গোপন ইস্তাহাৰখন ঘোষিত হল ঃ
সামন্তৰ ভঁৰালত ধান কাঢ়িবলৈ যোৱা
মই এটা ডকাইত ৷
লগে লগে মোৰ সতে হোৱা
সকলো সন্ধিপত্ৰ ছিঙি
তেওঁলোকে এশবাৰ আকাশলৈ থুৱাই দিলে
তীব্ৰ ঘৃণাত
এশবাৰ
তেওঁলোকৰ সতে জোনাকৰ প্ৰতিজ্ঞাৰে গঢ়া মোৰ সমুহ সন্ধিপত্ৰক কোৱা হল
দুৰ অভিসন্ধি ৷
তেওঁলোকে খেপিয়াই ফুৰিছে
ইমান কোমলতাৰ মাজত
কেনেকৈ জ্বলিছে হিংস্ৰ দুটি চকু
(স্বদেশৰ বাবে উত্তপ্ত হোৱাটোক যদিও হিংস্ৰতা নকয়)
মোৰ চকুলৈ চাবলৈ তেওঁলোকৰ আজিকালি ভয়
জানোচা হৃদয়ৰ অমল শান্তিকণ
মোৰ হিংসাৰ কাঁইটে উদং কৰি থয়
আৰু হয়তো তেওঁলোকে ভাবে
মোৰ হৃদয়ত ৰঙাকৈ জ্বলা জুইকুৰা
বৰফ পৰি পৰি মই সম্প্ৰতি এটা
এঙাৰ কলা বিষণ্ণ ৰাতি
আৰু মোৰ বিষয়ে অতবোৰ
সন্দেহৰ আঁচনি যুগুতোৱাসকলক মই কওঁঃ
মই দিগন্তত দিষহাৰা হৈ যোৱা
অস্তগামী বেলি নহয় যে
মই অন্ধকাৰৰ ওচৰত নতুজান হম
মই ৰাতিৰ অন্ধকাৰতো
সংগোপনে অথচ নিৰ্ভীকভাবে
জ্বলি থকা এটা দোকমোকালি
যাৰ বাবে
মই মোৰ আত্মজৰ সোঁৱৰণত
পদুলিমুখত বন্তি জ্বলাবলৈ বাধ্য হলোঁ
যাৰ বাবে
গোলাপতকৈও প্ৰিয় স্বধীনতাক হেৰুৱলোঁ
যাৰ বাবে
উত্তৰ কামৰূপত অনাঘ্ৰাতা কুমাৰী গাভৰুৱে
চকুলোৰে পৃথিৱী ঢাকি কলে
পোহৰতকৈ এন্ধাৰ ভাল
যি ক্ৰুৰ হাতেৰে মোহাৰি গল
মোৰ দেশৰ প্ৰত্যেকখন গোসাপৰ বাগিচা যিয়ে মোৰ ৰাজনীতি নুবুজা ভাইটোক
বুকুৰ তেজেৰে লিখিবলৈ বাধ্য কৰালে স্বদেশৰ নাম
সেই সকলৰ বাবেই মই উত্তপ্ত হলোঁ
সেই সকলৰ বাবেই হাতত তুলি ললো
নিষিদ্ধ পিষ্টল
এদিন নহয় এদিন কংসবধৰ ভাওনা
এয়া মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা
মই জানো
এদিন সূৰ্যৰ ফালে চাই কথা কবলৈ
তোমালোকেও জুই বিচাৰি মোৰ ওচৰলৈ
আহিবা
এদিন নহয় এদিন
তোমালোকে আকৌ মোৰ সতে
সন্ধিপত্ৰ স্বাক্ষৰ কৰিবলৈ বাধ্য হবা
সেই দোকমোকলিটোলৈকে
মই অকলেই উৰাম
মোৰ তেজৰ পতকা
এয়া মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা ৷
Bohut val lagil kobitatu pohri