স্বৰ্ণ-জয়ন্তী (ৰূপাংকৰ চৌধুৰী)

‘মা। ফোন ৰাখিলোঁ‌ মই। কাইলৈ গৈ আছো দেখোন বিদ্যাপুৰ! বাকী থকা কথাবোৰ ঘৰত গৈ পাতিম।’
‘কিন্তু তই শুনচোন। তোৰ দেউতাৰাৰ। হেল্লো হেল্লো।’
সিমুৰত ৰাজে ফোন লাইন কাটি দিলে কিজানি। কি যে হ’ব দিল্লীত স্নাতক ডিগ্ৰীৰ বাবে পঢ়ি থকা এই ল’ৰাটোৰ! মাক অলকা বৰ্মনৰ মগজু ঘোলা কৰি দিয়ে তেখেতৰ একমাত্ৰ সন্তানে। একমাত্ৰ নে?
এৰা বয়সৰ জোখাৰে স্বৰ্ণ-জয়ন্তী গৰকিব যোৱা অলকা বৰ্মন আৰু ভাস্কৰ বৰ্মনৰ একমাত্ৰ সন্তানেই হয় ৰাজদ্বীপ বৰ্মন।
কাইলৈ বৰ্মন দম্পতী কৰ্মৰত মহাবিদ্যালয় খনৰো স্বৰ্ণ- জয়ন্তী! কাইলৈ চহৰখনৰ বিখ্যাত ৰাজনীতিবিদ পদ্মপাণি হাজৰিকাৰো স্বৰ্ণ জয়ন্তী- বয়সৰ জোখাৰে। পিছে তেখেতৰ নব-বিবাহিতা পত্নী সাগৰিকা হাজৰিকা? কোনো মতে ৰূপালী জয়ন্তী পাৰ কৰিছে- বয়সৰ জোখৰে।
ৰাজ আজিৰ যুগৰ ল’ৰা। বাস্তৱিক। তেনেকৈ মানি ল’বলৈ বাধ্য হৈছে অলকা বৰ্মনে। বিশেষকৈ ৰিচা অগ্নিহোত্ৰী নামৰ তাৰ বান্ধৱীজনীৰ লগত যোৱা দিৱালীত উৎসৱময় নিশাতো একেলগে পাৰ কৰা বুলি ৰাজে কোৱাৰ পিছতো! আহ! কি কি যে কৰা নাছিল সিঁ‌হতে!!
ৰিচা অগ্নিহোত্ৰী। বাপেক সঞ্জয় অগ্নিহোত্ৰী। দিল্লী নগৰ নিগম পৰিষদৰ বিষয়ববীয়া। ভাল লাগে অলকা বৰ্মনৰ। ৰাজনীতি তেখেতৰ প্ৰিয় বিষয় যে! ৰাজনীতি বিজ্ঞানৰ অধ্যাপিকা নহয় জানোঁ‌ তেখেত!
অলকা বৰ্মনে ‘লাইফ-চাইজ’ দাপোণখনৰ সন্মুখত বহি ল’লে। নাৰ্চিছাছৰ দৰে নিজৰ ৰূপ-লাৱণ্যত মোহিত হয় তেখেত। এই বয়সতো নিজকে ঢাকি ৰাখিব পাৰিছে যে! পদ্মপাণিৰ ঘৈনীয়েক হ’ব পাৰে ৰূপালী জয়ন্তীৰ আশে-পাশে! পিছে এয়া কম ডাঙৰ কথা নে অলকা বৰ্মনৰ দৰে স্বৰ্ণ জয়ন্তী গৰকা নাৰীৰ বাবে! ৰিচাৰ মোহনীয়তাৰ লগত ফেৰ মাৰিব পাৰিব নে অলকা বৰ্মনে! এনেই আহিল ভাৱটো মনত। আজি- কালিৰ পেছাকে নিচা কৰি লোৱা প্ৰজন্মই নিজকে একেবাৰে নাৰাখে আপদাৰ কৰি!…
‘মা। মই গুৱাহাটী পালোঁ‌ আহি। ৰিচাক লৈ আহিছোঁ‌ লগত। তোমাৰ কলেজৰ অনুষ্ঠান আমি উপভোগ কৰিম। ইউ নো মা? ৰিচা লাভ জুবিন। আজি ৰাতি জুবিন দাৰ প্ৰোগ্ৰাম থকা বুলি জানি তাই আহিল মোৰ লগত!’
‘হা! আগতে কিয় কোৱা নাই তুমি ৰাজ? ওহ। মই কি কৰোঁ এতিয়া? অকে। তুমি আহোঁতে তাইক কামাখ্যা দৰ্শন কৰাই আনিবা।’
পুতেকক উপদেশ দিয়েই বৰ্মননী দৌৰ মাৰিলে ‘কুইন বিউটী পাৰ্লাৰ’লে। দিল্লীৰ পিনে শেহতীয়া কিবা চলি আছে ষ্টাইল!!…
ভাস্কৰ বৰ্মনে বাৰাণ্ডাত বহি পদূলিলৈ চকু দি আছে। পত্নী অলকা বৰ্মনে কোৱাৰ পিছতে উচপিচাই আছে মন। একমাত্ৰ সন্তান ৰাজক সুদীৰ্ঘ বাৰ মাহৰ মূৰকত দেখিব! কিমান বা ওখ হ’ল সি! বৰ্মনৰ প্ৰিয় খেল ফুটবলক উপহাস কৰি সি গাওঁৰে ৰতনৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভলীবল খেলিছিল- তেখেতৰ পৰা লুকাই-চুৰকৈ। শেষবাৰৰ বাবে সি হাত পাতি লৈছিল পদ্মপাণি হাজৰিকাৰ পৰা শ্ৰেষ্ঠ খেলুৱৈৰ বঁ‌টা স্বৰ্ণ কাপৰ। পিছে এইবাৰ সি খেলিব নে নাইবা ভলীবল! মহাবিদ্যালয়ৰ স্বৰ্ণ-জয়ন্তীত!!!…..
সাংঘাতিক খেল চলি আছে। বিদ্যাপুৰৰ উচ্চ-শিক্ষাৰ পূজ্য স্থান বিদ্যাপুৰ মহাবিদ্যালয়ত তুমুল প্ৰতিযোগিতা চলি আছে বিদ্যাপুৰ আঞ্চলিক সংঘৰ মূখ্য খেলুৱৈ ৰাজদ্বীপ বৰ্মনে সুন্দৰ খেলেৰে সকলোকে সন্মোহিত কৰি আছে। সন্মোহিনী নজৰেৰে চাই আছে বিশিষ্ট অতিথি পদ্মপাণি এম°এল°এ°ৰ ঘৈণীয়েক সাগৰিকা হাজৰিকাই!
ৰিচা সন্মোহিত। কংক্ৰিট নগৰী দিল্লীত বিৰক্ত হোৱা ৰিচাই বিদ্যাপুৰৰ সেউজ সৌন্দৰ্য্যত পাগল। আৰ চকুৰে অলকা বৰ্মনে ৰিচাক চাই আছে। শ্লীভলেচ নাইটী পিন্ধি অলকা বৰ্মন অপেক্ষাত ৰিচাৰ লগতে নিজৰ দেহৰ লাৱণ্যৰ তুলনা কৰাত- এৰা হ’ব পাৰে তেখেত স্বৰ্ণ-জয়ন্তীত!!!
ৰিচাৰ একোৱে নাই। দিল্লীৰ দৰে দেশৰ ৰাজধানীত থাকিলেই নহ’ব নহয়! এই অলক বৰ্মন হ’ব পাৰে অসমৰ ভিতৰুৱা চহৰৰ বাসিন্দা! ফেশ্বন জানে ভালকৈ। ৰিচাই কিযে পিন্ধি আছে! শাৰী। তাকো এই ৰাতিখন! ৰাজেও ছোৱালী বিচাৰি নাপালে আৰু দিল্লীত!
-মা! কালি আমি গাওঁ ফুৰিব যাম। ৰিচাক দেখুৱাম গাওঁৰ পৰিৱেশ।
-কি ছোৱালী আনিলি এইজনী? দিল্লীৰেই নে?
– তাইৰ জন্ম তাতেই মা! তাই অসম ভাল পাই! সেয়েহে মোক ভাল পাই তাই! .,. . . . .
ভাস্কৰ বৰ্মনে সুবাস ভাল পাই মাটিৰ গোন্ধ থকা। সোনালী আঘোণৰ গোন্ধ থকা। অলকা বৰ্মনে দেখিবই নোৱাৰে! শুনিবই নিবিচাৰে গাওঁৰ সুবাসৰ কথা! . . .
– কি হ’ল তোমাৰ?
– মই চিনাকি হম। ইমান সুন্দৰ খেলিছে সি?
– অহ।সাগৰিকা বুজিবলৈ চেষ্টা কৰা। ৰাজৰ লগত চিনাকি কিয় হোৱা? সাধাৰণ ল’ৰা সি! কি নাই তোমাৰ? তাৰ মাক? অলকা বৰ্মন? মোৰ নামত পাগল আছিল এসময়ত! কি পালে ভাস্কৰ বৰ্মনৰ মাজত বিচাৰি??
-বহুত কিবা বিচাৰো মই। কি আছে মোৰ? এজন স্বামী? যি গৰকিছে স্বৰ্ণ-জয়ন্তী???.. .
ৰিচা জনী! কি যে হ’ব ! ৰাজে বেয়া পোৱা বহুত বস্তুকেই তাই আপোন কৰি লৈছে! আনকি তাৰ মাক আৰু বাপেক কৰ্মৰত মহাবিদ্যালয়খনো! পদ্মপাণি হাজৰিকাই সমস্ত দায়িত্ব লোৱা মহাবিদ্যালয়খন! এৰা! ৰাজৰ মাক আৰু পদ্মপাণি হাজৰিকাক আপত্তিজনক অৱস্থাত তাতেই দেখিছিল ৰাজে!
সাগৰিকাৰ মন উচপিচাই আছে! কেতিয়া তাই পাব তাক বুকুৰ মাজত! ৰাজক তাই উন্মক্ত বুকুৰ মাজত! পদ্মপাণি এম°এল°এ° উচপিচাই আছে কেনেবাকে তেখেতৰ প্ৰাক্তণ প্ৰেমিকা অলকাৰ পুতেকৰ ভাবী-পত্নী ৰিচা! ইমান ধুনীয়া!!! নিজ বাহু বন্ধনত সুমাবলে কিমান সময় বা লাগে এই দিল্লীৰ দুলাৰীজনীক!!
ভাস্কৰ বৰ্মনৰ এটাই চিন্তা- কালি তেখেতৰ মানসপটত কোন আহিব? কোনে আহি তেখেতক উদ্বাউল কৰি তুলিব?? অলকা? সাগৰিকা? নে ৰিচা!! পদূলিৰ জপনাখন খুলি ঠৈছে চাগে ৰাজে! এই মুৰ্খই নাজানেই কালি যে মহা স্বৰ্ণ- জয়ন্তী!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments