তাই ছুপাৰ মডেল নহ’ল (মনালিছা শইকীয়া)

মাজে মাজে তাইৰ ভাৱ হয়, এইখন পৃথিৱীৰ বাবে অনুপযুক্ত হৈ উঠিছে তাই৷ অত্যন্ত স্পৰ্শকাতৰতা আৰু আবেগে গোটেই মানুহজনীক এটা বৰফৰ পুতলা কৰি পেলাইছে৷ গলি গলি নিঃশেষ হৈ পৰিব এদিন৷ চকুৰ সন্মুখত সকলোৱে দৌৰিছে, আগবাঢ়িছে…আৰু প্ৰতিযোগিতাময় সেই দৌৰৰ নীৰৱ দৰ্শক এটি বৰফৰ পুতলা৷ অযথা ছেণ্টিমেণ্ট আৰু আৰু অদৰকাৰী আবেগৰ বন্যাই যাক গলাই পেলায়৷ এদিন ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত চাওঁতে টোপ্ টোপ্ চকুৰ পানী সৰিছিল..এদিন মাজনিশা সাৰ পাই হোষ্টেলৰ ফাৰ্ষ্ট ফ্ল’ৰৰ খিৰিকীৰে জোনাক দেখিছিল৷ সেই মায়াময়তাতো গাৰুটো তিতি গৈছিল.. ডিচেম্বৰ মাহৰ ঘন কুঁৱলীৰ জাকবোৰ দেখি এটা ৰাতিপুৱাতে বৈ গৈছিল অবিৰাম অশ্ৰুধাৰা..৷ এনেকৈ কোনেও কেতিয়াও নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে৷ তাইৰ দৰে মানুহে নীৰৱে চকুলো, চেপা আৰ্তনাদৰ লগতে মুখত হাঁহি এটা লৈও থাকিব পাৰে..৷ এতিয়াও সিহঁত তিনিটাৰ সমুখতো তাই হাঁহিছে৷ কিন্তুু তাই নিজস্ব-চেতনাক দেখুৱাই দিব পৰা নাই৷ “আৰে বাবা, ইউ হেভ অ্যা ভ্যেৰি গৰ্জিয়াচ লুক..৷ মাত্ৰ অকণমান ইফাল-সিফাল কৰিলেই তাই ছুপাৰ মডেল হৈ উঠিব৷ “ জিচে উৎসাহত চিঞৰি উঠিল৷ “জিচ“ হ’ল জিষ্ণু৷ ধেমাজিৰ ল’ৰা৷ অসমৰ বাহিৰত ফটোগ্ৰাফী শিকি আহি গুৱাহাটীত এতিয়া এটা ষ্টুডিঅ’ খুলিছে৷ বিভিন্ন কাকত, আলোচনীত জিষ্ণুৰ ফটোগ্ৰাফ থাকে৷ তাৰ কথা শুনিয়েই নীৰাই এটা মৃদু চাপৰ দিলে টেবুলখনত- “কিয় নোৱাৰিবি কিচ্৷ তোৰ দৰে হাইট্ ফিগাৰ আছে কেইজনীৰ? মই অকণো বঢ়াই কোৱা নাই৷ “
তাই নাজানে৷ বহু কথা নাজানে৷ নাওমি কেম্পবেলক নাজানে৷ ঋতু বেৰীক নাজানে৷ কিউপিডছ্ ব্ৰ’, জ বন ..এই সকলোবোৰ সিহঁতৰ মুখেৰে শুনা শব্দ৷ সিহঁতে তাইক ৰেহাই নিদিয়ে৷ তাইক ’মডেল’ সজাব খোজে৷ তাকো ’নাওমি কেম্পবেল’ৰ দৰে৷ তাইৰ নামটো সলাব বিচাৰে৷ বাকী সকলো শিকাই দিব৷ ৰেম্পত খোজ কাঢ়িবলৈ, কথা ক’বলৈ..সকলো শিকাই দিব৷ অতিষ্ঠ হৈ উঠে মাজে মাজে তাই৷
’চা কিচ.. মোৰ কথা শুন..’
’ নীৰা, মোৰ নাম কৃষ্ণাঙ্গী গোঁহাই৷ কিয় যে তহঁতে ’কিচ’ বুলি…’ অভিযোগৰ সুৰত কৈ উঠে তাই৷ ’মৰমত কিচ, মৰমত৷ যিদৰে ’জিচ’ বা ’আদি’ক মাতোঁ৷ ’
নীৰাই আদিত্যলৈ চালে৷ সি হাঁহিছে৷ তাক সিহঁতে এটা সময়ত ’পুতলা’ বুলি মাতিছিল৷ তাই এতিয়াও তাক মাতে ’পুতলা’ বুলি৷ নীৰা আৰু জিষ্ণুৰ পৰিৱৰ্তনখিনি মানি ল’লেও তাই মানি ল’ব নোৱাৰে পুতলাৰ পৰিৱৰ্তনক৷ সিও তেনেকৈ বিছাৰে তাইক?
’নীৰাই থিকেই কৈছে ’কিচ’৷ —-আজিকালি এইবোৰ সংকোচ কৰি থকাৰ কথা নহয়৷ চাবি, তাৰ পাছত তোৰ কেৰিয়াৰ কেনেকৈ বনি গৈছে৷ ’
তাই পুতলাৰ চকুলৈ চালে৷ এইহাল চকুলৈ চাই তাই একো ক’ব নোৱাৰে৷ প্ৰতিৱাদ কৰাটো দুৰৈৰ কথা৷ বহুবছৰ এই দুটা চকুৰ গভীৰলৈ সোমাই যাবলৈ তাই অপেক্ষা কৰিছে..৷
সিহঁত মানে তাই, নীৰা, জিনু আৰু পুতলা একেলগে কটনত পঢ়িছিল৷ পুতলা জামুগুৰিহাটৰ, জিষ্ণু ধেমাজিৰ, নীৰাও ধেমাজিৰ আৰু তাই শিৱসাগৰৰ৷ ইংৰাজীত মেজৰ আছিল সিহঁতৰ৷ ফ্ৰেছাৰ্চ, ফেয়াৰেল, হোষ্টেলৰ সৰস্বতী পূজা, কলেজ উইক্… সকলোতে সিহঁত একেলগে থাকে৷ পাণবজাৰৰ মহামায়াত আড্ডা দিয়ে৷ চাহ-মিঠাই খায়৷ সিহঁতে তাইক এটা বেছিকৈ দিয়ে৷
’খা কৃষ্ণা, অকণমান মঙহ হওক৷ নহ’লে ব্ৰহ্মপুত্ৰৰ বতাহজাকে উৰুৱাই নোব কোনোবা ধুবুৰীলৈ…’
জিষ্ণুৰ সদায় খং৷ ইমান খীন-মীন শৰীৰটোৰে তাই কেনেকৈ ভালকৈ পঢ়া-শুনা কৰিব! তাইক সিহঁতে বাটাৰ, কাজু, ঘী কিনি দিয়ে৷ জিষ্ণুৰ এটা পুৰণি সৰু কেমেৰা আছিল৷ ককায়েকৰ পৰা সি লৈ আহিছিল, ছয়াময়া আলোত নৈৰ বুকুত ঘূৰি ফুৰা মাছুৱৈ নাও, ফাগুনৰ লঠঙা গছ, শীতৰ কুঁৱলী, দূৰ-দিগন্তত উৰি উৰি বিন্দু যেন হৈ পৰা চৰাইবোৰৰ ফটো তোলে৷ আদিত্যই কবিতা গায়৷ নৱকান্তৰ কেইটা তাৰ প্ৰিয় —’বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী? ..’তাৰ গলগলীয়া কণ্ঠৰ আবৃত্তি সিহঁতে তন্ময় হৈ শুনে৷ উজান বজাৰৰ জাহাজ ঘাটেৰে খোজকাঢ়ি সিহঁত ’ৰাজভৱন’ৰ কাষৰ টিলাটো পাইগৈ৷ গ্ৰীষ্মৰ সন্ধিয়াত নৈপৰীয়া বতাহজাকে নীৰাৰ দীঘল মেলা চুলি আউল-বাউল কৰে৷ ’ক্লাছিক বিউটি’ত উৎফুল্ল হৈ উঠা জিষ্ণুৰ কেমেৰাই ক্লিক্ কৰাৰ লগে লগে আদিত্যই কয়, ’বিউটিফুল! একেবাৰে যেন সুনীল গঙ্গোপাধ্যায়ৰ নীৰা..৷’ নীৰা! নীৰা পেগু৷ ধেমাজিৰ এই মিছিং ছোৱালীজনী দীঘল ক’লা চুলিকোছাৰ বাবে, বৰ্ণময় মেখেলা-চাদৰকেইযোৰৰ বাবে গোটেই কলেজখনত তাই অনন্যা হৈ উঠে৷ তাইৰ কাপোৰবোৰ দেখি ইন্দ্ৰাণী মেমে প্ৰায়েই কয়, ’নীৰা, আনি দিবানা এযোৰ ক’লা কাপোৰ..ইমান ধুনীয়া তোমালোকৰ কাপোৰবোৰ! কোনে বৈ দিয়ে তোমাক? ’
’মোৰ মায়ে বয়৷ ’ বুলি সৰু সৰু চকুকেইটাৰে হাঁহে তাই৷ এবাৰ পূজাৰ বন্ধত তাই দুযোৰ কাপোৰ আনিছিল৷ এযোৰ ক’লাত বিভিন্ন ৰঙৰ ফুলাৰ চানেকি…আনযোৰ সেউজীয়া৷ ক’লাযোৰ দিছিল ইন্দ্ৰাণী মেমক আৰু সেউজীয়াযোৰ তাইক৷ ’ঐ কলী, সেউজীয়া ৰং ভাল পাৱ নহয়! এইযোৰ তোৰ বাবে৷ মায়ে দিছে৷ এটা কথা কি জান, তহঁতক ঠগিবলৈ ভাল৷ এইবোৰ কাপোৰ আমাৰ জীয়ৰী-বোৱাৰীৰ বাকচত ভৰি থাকে৷’ সঁচাকৈয়ে সেউজীয়া কাপোৰযোৰ পাই তাই ক’ব নোৱাৰা হৈছিল৷ কলেজ উইকৰ শেষত ফাংছনত ৰাতি তাই সেউজীয়া কাপোৰযোৰ পিন্ধিছিল৷ পুতলা গোটেই সময়খিনিত তাইৰ ওচৰত বহি থাকিছিল৷
’ব’লানা কৃষ্ণা, বাহিৰলৈ যাওঁ৷ আজি ইমান জোনাক! ’
সিহঁত দুয়ো অডিট’ৰিয়ামৰ পৰা ওলাই আহিছিল৷ মায়াময়তাই আচ্ছন্ন কৰি ৰাখিছিল পাণবজাৰৰ গীৰ্জাঘৰ, দীঘলীপুখুৰী, কাৰ্জন হল, নেহৰু পাৰ্ক সকলো…৷
পুতলাই জোকাইছিল তাইক, ’তোক সেউজীয়া ৰংটোৰে সপোনযেন লাগিছে’ তাই একো কোৱা নাছিল৷ তাই শুনিবলৈ বিছাৰিছিল তাৰ কথা৷ কি ভাবে পুতলাই? এই যে তাৰ কাষত তাই পৰিপূৰ্ণ হৈ উঠিব বিচাৰে..৷ তাৰ শব্দবোৰ লৈ গমি পিতি চায়৷ তাৰ বাবে তাই হ’ব বিচাৰে এটি কবিতা৷ তাৰ দুচকুৰ গভীৰত হেৰাই যাবলৈ বিচাৰে৷ এনেকুৱা মুহূৰ্ত কিছুমানত জীৱনে সন্ধান কৰে মহত্বৰ৷ সেইদিনা সময়বোৰ সিহঁতে নীৰৱে পাৰ কৰিছিল৷ তাৰ পিছৰ বহুদিন অনৰ্গল সিহঁতৰ আলাপৰ মাজতো বাহিৰ হৈ নোলাল বুকুত বাজি থকা শব্দবোৰ৷ নামহীন এক সংকোচে তাইক সদায় বোবা কৰি পেলায়৷
বি এৰ ৰিজাল্টৰ পিছত তাইৰ বাহিৰে সিহঁত তিনিওটা বাহিৰলৈ যাবলৈ ঠিক কৰিলে৷ নীৰাই ফেশ্বন ডিজাইনিঙ’ৰ পাঠ্যক্ৰম পঢ়িব, জিষ্ণুৱে ফটোগ্ৰাফী আৰু পুতলাই দিল্লী বিশ্ব বিদ্যালয়ত এম এ পঢ়িব৷ ৰৈ গ’ল তাই৷ ঘৰখনৰ একমাত্ৰ ছোৱালী তাই৷ ককায়েকে মেডিকেল পঢ়ি আছে৷ এল পি স্কুলৰ শিক্ষক দেউতাক৷ সপোন দেখাতো তাইৰ কিছুমান সীমাবদ্ধতা আছে৷ যোৱাৰ আগেয়ে পুতলা আৰু তাই বহু সময় অকলে আছিল৷ কিবা কওঁ-কওঁকৈ থকা তাৰ চকুযুৰিলৈ তাই চাইছিল৷ —-’কিবা কবি কৃষ্ণা? ’ সি সুধিছিল তাইক৷ তাই মূৰ জোকাৰিছিল৷ সি গুপচি হৈছিল৷ নিম্ন মধ্যবিত্তটোৰ পৰা বাহিৰ হ’ব নোৱাৰে তাই৷ নিজৰ স্বাস্থ্যহীন শৰীৰটোৰ বাবে ভীষণ হীনমন্যতা৷ তাইৰ দৰে লেংপেঙীয়া ওখ শৰীৰ এটাৰ বাবে গাঁৱত এজনী পেহীয়েক ঘৰতে বুঢ়ী হৈছে৷ শৰীৰটো ঢাকিবলৈ অপ্ৰাণ চেষ্টা তাইৰ৷ জুলাই মাহৰ গৰম দিনটো দীঘল হাতৰ, উঠা ব্লাউজ, চেলোৱাৰ কামিজবোৰ পিন্ধে তাই৷ জোতাৰ দোকানে দোকানে ঘূৰি আঠ ন নম্বৰৰ চেপেটা চেণ্ডেল বিচাৰি ফুৰে৷ প্ৰায় ছয় ফুট ওখ শৰীৰটো লৈ মানুহৰ মাজেৰে অহা যোৱা কৰিবলৈ সংকোৱ হয় তাইৰ৷ ইংৰাজী কাকত এখনত এডভাৰটাইজিং ডিপাৰ্টমেণ্টত কাম কৰে৷ চলি যাব পৰাকৈ পইচা-পাতি পায় তাই৷ ইমান বছৰে তাই অকলে থাকিল৷ সিহঁতৰ দৰে নতনু বন্ধুত্ব তাইৰ গঢ় লৈ নুঠিল৷ এতিয়া, পাঁচ বছৰৰ পাছত সিহঁত পুনৰ লগ হৈছে৷ সলনি হৈ আহিছে সিহঁত৷ নীৰাৰ দীঘল চুলিকোছা চুটি হৈ কান্ধৰ ওচৰ পাইছে৷ ডায়েটিং কৰি লোদোৰ-পোদোৰ ছোৱালীজনী খীনাই জেউৰা খৰি যেন হ’ল৷ পোছাক-পাতি আাগৰ দৰে মাৰ্জিত নহয়৷ এখন বুটিক খুলিছে তাই৷ ’আপ-টু-ডেট’ নামেৰে৷ জিষ্ণুৰ ষ্টুডিঅ’টোত বহুত কাম৷ নামী-দামী বহুতকেইজনী মডেল সি বোলে উলিয়াই আনিছে৷ সদায় নতু নতুন মুখৰ ছোৱালীবোৰে ভিৰ কৰেহি তাৰ ষ্টুডিঅ’ত৷ আৰু নীৰা! বিস্ময়ত তাইৰ কাণ্ড-কাৰখানাবোৰ চাই আছিল৷ সেই যে বৰ্ণময়তা, তাইৰ মাকে কাপোৰবোৰ ৰঙীণ বৈচিত্ৰ্যৰ সমাহাৰেৰে সৃষ্টি কৰিছিল, যিবোৰ একোখনকৈ ছবিৰ দৰে সুন্দৰ, সেইবোৰ কাটি টুকুৰা-টুকুৰ কৰি জোৰা দি দি কিছুমান পোছাক চিলাইছে৷ নীৰাৰ ফেশ্বন শ্’ত মডেলবিলাকে তাই ডিজাইন কৰা কাপোৰ পিন্ধে৷ কোনোযোৰৰ মাজেৰে যদি প্ৰকট হৈছে বুকুৰ একাংশ, আনযোৰে প্ৰকট কৰিছে নিতম্ব৷ আচৰিত ধৰণে সলনি হৈ গ’ল সিহঁত৷ সেইজনী নীৰাৰ চুলিকোছা লৈ কেনেকৈ কবিতা ওলাইছিল পুতলাৰ মুখেৰে…৷ নিষ্পাপ খোলা হাঁহিটি লৈ তাইৰ ঘৰৰ পৰা অনা নামচিং. প’ৰ আপং আৰু গাহৰি মঙহ সিহঁতক বিলাইছিল৷ সেইখিনি খাবলৈ সিহঁতৰ যে কিমান হেঁতা-ওপৰা৷ কিমান সৰলতাৰে ভৰা আছিল নীৰাৰ মুখখন৷ আৰু সেই সৰলতাৰ ওপৰত প্ৰলেপ সানি নীৰা হৈ পৰিল কৃত্ৰিম এক কেৰিয়াৰিষ্ট নীৰা৷ কথাবোৰ ভাবি থাকোঁতে পুতলাৰ মাত শুনি চিঞৰি উঠিল তাই৷
’চা কিচ্ তোৰ ফিগাৰটো ভাল৷ হাইট্ আছে৷ সিহঁতে তোক গ্লেমাৰাচ কৰিব বিচাৰে৷ কথাটো তই ভালকৈ চাবও পাৰ’ পুতলাৰ কথা শুনি জিষ্ণুৱেও কৈ উঠিল, ’ময়োতো তাকেই কৈ আছোঁ৷ আৰু মই বিভিন্ন প’জত প্ৰথমে তাইৰ দুখনমান ফটোগ্ৰাফ ল’ম৷’ শব্দবোৰ তাল-ফাল লগাই থকা বুকুখন যেন নিশ্চুপ হৈছিল৷ এনেকৈয়ে চাগে যুগে যুগে প্ৰেম মানুহে ত্যাগ কৰি আহিছে৷ এই মুহুৰ্ত কি হৈছে তাইৰ? পুতলাৰ কথাকেইটা মনত সুমুৱাই লৈছে৷ সিও বিছাৰে তাইক তেনেকৈ? মডেলৰ ৰূপত! পুতলাই জানেনে ভালপোৱাই কোনোদিন প্ৰতিদান নিবিচাৰে৷ ই কেৱল দিব জানে…৷ পাহাৰীয়া নৈৰ দৰে, খৰস্ৰোতা জলধাৰাৰ দৰে ই মাত্ৰ বৈ থাকে হৃদয়ৰ মাজেৰে..৷
’ডু ইউ এগ্ৰি কিচ্’—- নীৰাই তাইক সুধিলে৷ তাই মূৰ জোকাৰিলে৷
নীৰাই বিভিন্ন ডিজাইনত কেইবাযোৰো কাপোৰ তৈয়াৰ কৰিছে তাইৰ বাবে৷ প্ৰসাধন সামগ্ৰীৰ বাকচ এটা লৈ নীৰাই তাইক সজাইছে৷ ওঁঠৰ আকৃতি লিপলাইনাৰেৰে আঁকি বেলেগ কৰি পেলাইছে৷ নিৰ্ঝীৱ এক পুতলা৷ পিন্ধি থকা টপটো টানি বুকুৰ সামান্য উলিয়াই দিছে জিষ্ণুৱে৷ জিকাৰ খাই উঠিল তাই৷ ক’ৰবাত উন্মুক্ত নাভি, ..কৰঙন..৷ চকু মুদি দিছে তাই৷ এয়া আজিৰ যুগ৷ এইটো যুগটো শামুক এটাৰ দৰে সংকুচিত হৈ খোলাৰ ভিতৰত থকাৰ যুগ নহয়৷ সিহঁতৰ সৈতে খোজ মিলাব পাৰিব লাগিব৷ সকলো সলনি হৈছে৷ তায়ো হ’ব পাৰিব লাগিব৷ অথচ কি হৈছে তাইৰ? কিয় এয়া টোপ্-টোপ্ চকুলো সৰিছে! এইখনটো তাইৰ পৃথিৱী নহয়৷ দীঘল হাত, উঠা ডিঙিৰ কাপোৰ পিন্ধি শৰীৰটো ঢাকি থৈছিল তাই৷ সিহঁতৰ বাবে সকলো ত্যাগ কৰিবলৈ সিহঁত কোন তাইৰ? এদিন জীৱনটোক নিৰ্মাণ কৰা মানুহকেইটাই আজি তাইক কিয় মৃতদেহ সজাইছে? ৰত্ন মাষ্টৰৰ ছোৱালী তাই..৷ পুখুৰীত পানী খাই ভূঁই ৰোৱা মাটিৰ মানুহ তাই..৷ মাটিৰ প্ৰতিমাটো তাই নহয়! আদিত্যৰ চকু দুটালৈ চাই আচৰিত হৈ গ’ল তাই৷ এয়াতো আদিত্য নহয়৷ শ্বাপদৰ দৰে তিৰবিৰাই উঠা দুচকু৷ প্ৰেমহীন, নিস্তেজ এহাল চকু৷ যি দুটা চকুক তাই কঢ়িয়াই ফুৰিছিল সেই চকু এয়া নহয়৷ প্ৰেম নাই৷ আছে তীব্ৰ কামনা৷ ক্ষুধা৷ মুহুৰ্তৰ ভিতৰতে জঁপিয়াই তাইক নেফানেফ কৰি দিব পৰা বন্যতা আছে৷ প্ৰেমিকৰ কামাতুৰ চকু তাইৰ দৰে জোনাক ভালপোৱা ছোৱালীজনীয়ে সহ্য নকৰে৷ তোমাৰ দুচকু জোনাক হওক৷ প্ৰেমময়তাৰে তুমি দুহাত মেলি দিবা৷ জীৱনটো যাপনৰ ওপৰত গুৰুত্ব দিবা প্ৰেমেৰে৷ সেয়াইটো প্ৰেমিক৷ সেই প্ৰেম আদিত্যৰ চকুৰ পৰা অন্তৰ্ধান হৈছে৷ আৰু প্ৰথমবাৰৰ বাবে সিহঁতৰ ওচৰত তাই নিঃসংগ অনুভৱ কৰিলে..৷ যেন চিকাৰীয়ে ঘেৰি ধৰা এজনী অসহায় হৰিণ..৷ হঠাতে চাৰিটা কামুক চকু আৰু এজনী ব্যৱসায়ীৰ দৃষ্টিৰ পৰা পলাবলৈ তাই নিজৰ দীঘল হাতৰ চুৰিদাৰযোৰ তুলি ল’লে..৷

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Momi
4 years ago

Nice one

4 years ago

সলাগিছো ধনিয়া গল্প ৷

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক