টাইৱানৰ চিঠি ৮ চানফ্ৰাঞ্চিষ্ক যাত্ৰা : কিছু নতুন অভিজ্ঞতা ২ (- মনোজ মন কলিতা)

(ইতিমধ্যে)
……… আমি তিনিজন একেলগে আছিলো কাৰণে বেচি কাষ চপাৰ সাহস নহ’ল তেওঁৰ আৰু আমিও একো নুশুনা ভাও জুৰি পাৰ হৈ মূল পথলৈ ওলাই আহিলো আৰু নিখীলক তেওঁৰ হোটেলৰ সন্মুখত এৰি দি আমিও গুগুল মেপত আমাৰ হোষ্টেলখন বিচাৰিব ধৰিলো৷ ……
(যোৱা সংখ্যাৰ পিচৰ পৰা)

গুগুল মেপত দেখুওৱা ধৰণে বিচাৰি বিচাৰিও আমি হোষ্টেলখন উলিয়াব নোৱাৰিলো প্ৰায় ২০ মিনিটমানৰ পাচতো৷ গলিয়ে গলিয়ে অনাই বনাই ঘূৰিলো কিছুপৰ, সুবিধাজনক যেন দেখি এজন ব্যক্তিক অৱশেষত সুধিলো ঠিকনাটো দেখুৱাই৷ তেওঁ তেখেতেৰ আমেৰিকান ষ্টাইলত আমাক ঠিকনাটো বুজাই দিলে, এতিয়াহে বিপদটো হ’ল৷ কাৰণ আমেৰিকানসকলে কিছুমান শব্দৰ বেলেগকৈ উচ্চাৰণ কৰে৷ তেখেতে কৈছিল ’ইউ গাইজ গ’ ষ্ট্ৰেইট, টেক এ ৰাইট টাৰ্ণ এণ্ড ইউ ৱিল চি হ’ৱাৰ্দ ডাউন টু ৩ ব্ল’কচ৷’ এইখিনিলৈ ঠিকেই আছিল, কিন্তু এই হ’ৱাৰ্দ কি বস্তু? আৰু ব্ল’ক মানে কি বুজাইছে! মহা বিপদত পৰিলো যেন অনুমান হ’ল৷ তথাপি তেওঁ কোৱাৰ দৰে নাকৰ পোনে পোনে গ’লো আৰু ৰাইট টাৰ্ণ লৈ আকৌ পোনাই দিলো যি হয় হওক বুলি৷ এপিনে দুনিশা নোশোৱাৰ ভাগৰ আৰু আনপিনে এহাতে প্ৰকাণ্ড বেগটো; আচলতে আমেৰিকাত ঠাণ্ডা পাম বুলিয়েই টোপোলা ভৰাই ভৰাই গৰম কাপোৰ লৈ গৈছিলো আৰু সেয়ে ২১ কিঃগ্ৰাঃ মান হৈছিল বেগৰ ওজন, আনহাতে লেপটপৰ বেগটোত ইটো-সিটো বহুতো৷ তথাপি সম্পূৰ্ণ নতুন দেশ, নতুন পৰিবেশৰ আমেজ লৈ লৈ আমি আগবাঢ়িলো৷ মাজতে দেখিলো কেইজনমান লোকৰ মাজত তয়াময়া যুদ্ধ চলি আছে, ঠিক তেনেতে প্ৰকাণ্ড প্ৰকাণ্ড মটৰ চাইকেল কেইখনমানত উঠি পুলিছৰ লোক তাত উপস্থিত হোৱাত সকলো ফৰিং চিটিকা দিলে, মাথো ৰাজপথত পৰি থাকিল সুৰা/ড্ৰাগছৰ নিচাত জুৰুলা হোৱা এজন যুৱক৷ আমি কেনেবাকৈ বাট উলিয়াই তাৰ পৰা আঁতৰ হ’লো৷ তেনেকৈ কিছুদূৰ যোৱাৰ পিছত সৰুকৈ চাইনব’ৰ্ড এখনত লিখি ৰখা দেখিলো ’ইউৰোপা হোষ্টেল’৷ এতিয়াহে সেই ব্যক্তিজনে কোৱা কথাখিনি ভালকৈ বুজি পালো, ৩ ব্লক’চ মানে তিনিটা গলি৷ আমি আহোতে তিনিটা চাৰিআলি পাৰ হৈ আহিছিলো আৰু তাৰেই শেষৰটোৰ নাম আছিল হ’ৱাৰ্দ৷ হোষ্টেলত প্ৰৱেশৰ বাবে মাথো এখন সৰু দুৱাৰ৷ দুৱাৰত থকা ঘণ্টিটোত টিপা মাৰি দিওঁতে কিছুসময়ৰ পাছত দুৱাৰখন খোল খাই গ’ল৷ ঠেক চিৰিৰে আমি বেগবোৰ টানি টানি ওপৰলৈ উঠি গ’লো৷ ভিতৰত সোমায়েই মনটো কোঁচ খাই গ’ল, পল্টনবজাৰৰ সস্তীয়া হোটেলবোৰৰ দৰে অনুভৱ হ’ল৷ সৰু খিৰিকী এখনৰ ওচৰলৈ গৈ মেনেজাৰ ওৰফে মালিক ওৰফে কেয়াৰ-টেকাৰ জনক মাত লগালো৷ এক মিঠা হাঁহিৰে তেওঁ আমাক স্বাগতম জনালে৷ আমি আমাৰ ৰিজাৰ্ভেচনৰ বিশদ বিৱৰণ থকা কাগজখন দেখুওৱাত তেওঁ ক’লে যে আমাৰ বুকিং দিনৰ ২ বজাৰ পৰা আছে, আৰু তেতিয়া ১১ বাজিছেহে, সেয়ে আমি কোঠাৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰো৷ মোৰ খংটো উঠি আহি আছিল, এনেয়ে ইমানখন নগুৰ-নাগতি ঠিকনা বিচৰাত, তাৰোপৰি এনে সস্তীয়া হোটেল আৰু এতিয়া আমাক ক’বলৈ আহিছে যে আমি বাহিৰত কিছুপৰ আৰু ঘূৰি মেলি আহিব লাগিব৷ তথাপিও খংটো নেদেখুৱাই তেওঁকো হাঁহিমুখে বুজালো যে আমাৰ বহুত ভাগৰ লাগি আহিছে সেয়ে কিবা এটা উপায় কৰি দিয়ক আমাৰ সুবিধা হোৱাকৈ৷ তেওঁ ৰেজিষ্টাৰ বহীখন পুনৰ এবাৰ চাই হাঁহি মাৰি আমাক জনালে যে আমাৰ বাবে এটা কোঠা বিচাৰি পাইছে তেওঁ, আমিও কিছু সকাহ পালো৷ আমিও আমাৰ পাচপৰ্টকেইখন দেখুৱাই ৰেজিষ্টাৰ বহীত চহী মাৰি ৪৫০ মাৰ্কিন ডলাৰ আগবঢ়াই দিলো তেওঁলৈ, তেওঁ হাঁহি এটা মাৰি জনালে যে বিল হৈছে ৫২০ মাৰ্কিন ডলাৰ৷ মইগ বাৰে বাৰে অনলাইন বুকিংৰ কাগজখন চাবলৈ ধৰিলো, ঠিকেইতো আছে, ৪৫০ মাৰ্কিন ডলাৰ লিখা আছে৷ মইা তেওঁক সুধিলো কিয় এই তাৰতম্য? তেখেতে ক’লে ৭০ মাৰ্কিন ডলাৰ হ’ল ’টেক্স’৷ উপায়ন্তৰ হৈ আমি ৫২০ মাৰ্কিন ডলাৰ দি আমাৰ কোঠালৈ ৰাওনা হ’লো৷ বিশ্বাস কৰক, যোৱাবছৰ আমি তিনিজন বন্ধুৱে মিলি মাত্ৰ ৪০০ মাৰ্কিন ডলাৰ পৰিশোধ কৰি দক্ষিণ কোৰিয়াৰ জেজুদ্বীপত ৯ নিশা কটাইছিলো এক হোষ্টেলতেই৷ তাত পোৱা সুবিধাসমূহ দেখি ইমানেই ভাল লাগিছিল যে এইবাৰো সেয়ে আমি হোষ্টেলেই ঠিক কৰা উচিত হ’ব বুলি ভাবিছিলো৷ সেয়ে ভাবিছিলো এইবাৰ হয়তো তাতকৈও ভাল সুবিধা পোৱা যাব কাৰণ ধন যিহেতু প্ৰায় দুগুণ পৰিশোধ কৰি আছো এইবাৰ৷ এইখিনিতেই উল্লেখ কৰি থওঁ যে এই জেজুদ্বীপে বৰ্তমান বাতৰিকাকতত স্থান দখল কৰি আছে শেহতীয়া ফেৰি দুৰ্ঘটনাৰ বাবে, য’ত তিনিশতকৈ অধিক লোক মৃত্যুমুখত পৰাৰ খবৰ পোৱা গৈছে৷
কোঠাত প্ৰৱেশ কৰিও কিছু হতাশ হ’লো, তথাপি যি আছে তাতেই সুখী হ’ম বুলি মই আৰু মোৰ টাইৱানিজ বন্ধুই গা-পা ধুই আজৰি হৈ ল’লো আৰু কিছুপৰ জিৰাওঁ বুলি বিচনাত বাগৰ দিলো৷ ল’গে ল’গেই টোপনিয়ে মোক হেঁচা মাৰি ধৰিছিল৷ আবেলি ৪ মান বজাত উঠি মুখ হাত ধুই আজৰি হ’লো, তেনেতে নিখীলৰ পৰা এটা ইমেইল পালো যে তেওঁলোক আমাৰ হোষ্টেললৈ আহিব কিছুসময় পাছত৷ পলম নকৰি দুয়ো তৈয়াৰ হ’লো, ময়ো মোৰ কেমেৰা আৰু ট্ৰাইপড ল’বলৈ নাপাহৰিলো৷ কিন্তু মনত কিছু শংকা লাগি থাকিল, ইয়ালৈ অহাৰ পূৰ্বতে শুনা নানা কাহিনীবোৰৰ বাবে, কিজানিবা ফটো লৈ থাকোতেই কোনোবাই কেমেৰাটো কাঢ়ি লৈ যায়৷ যি হয় হ’ব বুলি আমি মানে, নিখীল, মেং-হান (মোৰ টাইৱানিজ বন্ধু),মইই আৰু ভিক্টৰ (কলিকতা), ওলাই আহিলো বাহিৰলৈ৷ তেতিয়ালৈ বেলি লহিয়াইছিল আৰু আৰম্ভ হৈছিল মায়াবী চানফ্ৰাঞ্চিষ্কৰ মায়াবী নিশা৷ ঠায়ে ঠায়ে থকা লেতেৰাসমূহো নিশাটোৱে আঁতৰাই পেলাইছিল আৰু মেলি দিছিল ৰঙ-বিৰঙৰ পোহৰৰ মেলা৷ আমি পদব্ৰজেই যাত্ৰা কৰাটো সুবিধাজনক হ’ব বুলি আগবাঢ়িলো, গন্তব্য স্থান কি নাজানো, মাথো উপভোগ কৰিব লাগে এই মায়াৱী চহৰ৷ সকলোলোক যেন ওলাই আহিছে নিজ নিজ ঘৰ তথা কৰ্মস্থানৰ পৰা আনন্দ কৰিবলৈ, প্ৰাণ পাই উঠিছে দিনৰভাগত বেয়া লগা এই চহৰখনে৷ হাতত হাত ধৰি আগবাঢ়িছে প্ৰেমিক-প্ৰেমিকাসকল; কোনোৱে যদি কাৰোবাক আৱেগত সাৱতি ধৰিছে কোনো আকৌ ব্যস্ত মৰমৰ এক চুম্বনেৰে আনজনক আদৰাৰ৷ লাহেকৈ আমি অনুভৱ কৰিলো ৰাতিপুৱা বিমানতেই আহাৰ গ্ৰহণ কৰাৰ পাছত লেখতলবলগীয়া কোনো খাদ্য পেটত পৰা নাই, সেয়ে নিশাৰ সাজ গ্ৰহণ কৰা যাওঁক৷ ময়েই প্ৰস্তাৱ দিলো, ভাৰতীয় ৰেস্তোঁৰালৈ যোৱা যাওঁক৷ কথা মতেই কাম, আমি বিচাৰি উলিয়ালো এখন ভাৰতীয়া ৰেস্তোঁৰা৷ ৰেস্তোঁৰাখনৰ নামটো ঠিক মনত নাই এতিয়া, ’দিল্লী দৰবাৰ’ আছিলে বোধহয়৷ বহুদিনৰ মূৰত ভাৰতীয় খাদ্যৰ গোন্ধ পাই মন-প্ৰাণ উৰিবলৈ ধৰিছিল, টাইৱানত সাধাৰণতে আমি ভাৰতীয় ৰেস্তোঁৰালৈ নাযাওঁ সকলো বস্তুৰে অতিমাত্ৰা মূল্যৰ বাবে৷ মেন্যুখন লৈ এফালৰ পৰা চাবলৈ ধৰিলো কি কি উপলব্ধ তাত, কিছুসময় পাছত আমি বাটাৰ নান, মটৰ-পোলাও, চিকেন-দো-পিয়াজা, মাটন, গুলাব জামুন, আৰু আম-লচ্চি অৰ্ডাৰ দিলো৷ মেং-হানৰ ভাৰতীয় খাদ্য খোৱাৰ সিমান এটা অভিজ্ঞতা নাই, ভাৰতীয় খাদ্য খুব মছলাযুক্ত আৰু জ্বলা বুলি তেওঁৰ ধাৰণা, আম-লচ্চি আৰু গুলাব-জামুন টো জীৱনত খাই পোৱা নাই তেওঁ৷ সেয়ে মনত কিছু শংকা লৈয়ে আমাৰ কথাত হয়ভৰ দিছিল৷ যেতিয়া খাদ্যসমূহ আহি পালে, অকণমান খোৱাৰ পাচত তেওঁ ৰাজধানী এক্সপ্ৰেছ চলোৱাদি খাদ্যৰ ওপৰেৰে চামুচ চলাবলৈ ধৰিলে৷ পৰম তৃপ্তিৰে সকলো নিয়াৰিকৈ গ্ৰহণ কৰি শেষত গুলাব-জামুন আৰু আম-লচ্চি খাই এনে তৃপ্তি পালে যে তাত থকা দিনকেইটাত যেতিয়াই আমি ভাৰতীয় ৰেস্তোঁৰালৈ গৈছিলো তেওঁৰ প্ৰথম অৰ্দাৰ আছিল ’আই ৱাণ্ট মেঙ্গ-লচ্চি,…. মোক আম-লচ্চি লাগিব’৷ যি-কি নহওঁক পৰম তৃপ্তিৰে খাদ্য গ্ৰহণ কৰি বিল দিবলৈ ওলাই দেখিলো ইয়াতো ’টেক্স’৷ বুজিবলৈ আৰু বাকী নাথাকিল যে প্ৰায়বোৰ ঠাইতেই আপুনি দেখা মূল্যতকৈ অধিক মূল্য দিবলৈ সাজু থাকিব লাগিব৷ ৰেস্তোৰাসমূহত ’টেক্স’ৰ উপৰিও ’টিপচ’ দিবলগীয়া প্ৰথাও আছে৷ ইয়াৰ বিষয়ে এক মজাৰ কাহিনী পাছলৈ ক’ম বাৰু৷ তাৰ পৰা ওলাই আমি সিদ্ধান্ত ল’লো যে বিখ্যাত ’ইউনিঅ’ন স্কুৱেৰ’লৈকে যোৱা যাওক আৰু কথা মতেই কাম৷ তাত উপস্থিত হৈ দেখিলো কিবা শ্বুটিং চলি আছিল, কিহৰ শ্বুটিং ঠিক ধৰিব নোৱাৰিলো৷ পাৰ্কতো মানুহৰ ভিৰ, দুই-এক ল’ৰা ছোৱালীয়ে হাতত বেনাৰ লৈ ৰৈ আছে আৰু তাত লিখা আছে ’বিনামূলীয়া আলিংগন’, অৰ্থাৎ আপুনি যদি বিচাৰে তেওঁলোকক সাৱতি ধৰি মৰম যাঁচিব পাৰে, ঠিক যেন হলিউদৰ চিনেমাসমূহত দেখুওৱাৰ দৰে৷ তেতিয়াহে কথাটো মন কৰিলো যে আজি ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখ, প্ৰেমৰ দিৱস আৰু সেয়ে সকলোৱে এইদৰে আনন্দ উল্লাস কৰি আছে প্ৰিয়জনৰ লগত৷ কেউপিনে মাথো এক ভাল লগা পৰিৱেশ৷ কিছুপৰ তাত বহি থকাৰ পাছত আমি ভীষণ ঠাণ্ডা অনুভৱ কৰিলো, সেয়ে কিছুদূৰ এনেই অনাই বনাই খোজ কাঢ়ি নিজ নিজ হোটেললৈ বুলি ৰাওনা হ’লো৷ মাজতে চুপাৰ মাৰ্কেট এখনত সোমাই প্ৰয়োজনীয় সামগ্ৰী কিছুমান ক্ৰয় কৰিলো আৰু আন কিছুমানৰ দামসমূহৰ অনুমান কৰিলো৷ দেখিলো, প্ৰায়বোৰ বস্তুতেই প্ৰকৃত মূল্যৰ সৈতে সংযোগ কৰি ’টেক্স’ দিব লাগে৷ অৱশ্যে ভাৰততো দিব লাগে, কিন্তু ভাৰত তথা টাইৱানত ’টেক্স’ সংযোগ কৰিহে মূল্যটো লিখা থাকে৷ সেয়ে আমেৰিকালৈ যদি আপুনি কেতিয়াবা যায়, তেন্তে কোনো বস্তুৰ মূল্য দেখি ক্ৰয় কৰা অথবা হোটেল বুক কৰাৰ আগতে এইটো মনত ৰাখিব যে ইয়াৰ সৈতে পিছত ’টেক্স’ যোগ কৰা হ’ব৷ এইখিনিতে মোৰ এটা অভিজ্ঞতা আপোনালোকৰ সৈতে ভগাই ল’ব বিচাৰিছো, সেইটো হৈছে বিদেশ ভ্ৰমণৰ সময়ত পৰিশোধ কৰা ’টেক্স’ ওভতাই পোৱা যায়৷ টাইৱানত যদি কিবা মূল্যবান সামগ্ৰী কিনিছে আৰু কিনাৰ এমাহৰ ভিতৰত টাইৱানৰ পৰা বাহিৰলৈ গৈ আছে অথবা নিজৰ দেশলৈ উভতি গৈ আছে তেন্তে সেই সামগ্ৰীৰ সৈতে পোৱা ’ৰচিদ’খন বিমানবন্দৰত দেখুৱালে আপোনাক টাইৱান চৰকাৰে সেই সামগ্ৰী(সমূহ)ৰ বাবদ আপোনাৰ পৰা লোৱা ’টেক্স’ ওভতাই দিয়া হ’ব৷ ঠিক একেই কথা দক্ষিণ কোৰিয়া ভ্ৰমণৰ সময়তো লক্ষ্য কৰিছিলো, তাত আমি থকা দিনকেইটাত যিমান সামগ্ৰী ক্ৰয় কৰিছিলো, সেয়া লাগিলে খোৱা সামগ্ৰী অথবা আন কিবাই হওঁক, সেই সমূহৰ ৰচিদসমূহ একগোট কৰি বিমান বন্দৰত প্ৰদৰ্শন কৰিছিলো৷ অৱশ্যে কোৰিয়াৰ বিমান বন্দৰত বিষয়াএজনে আমাক পাচত আমাৰ বেঙ্ক একাউণ্টত সেই ধন সুমুৱাই দিব বুলি কৈছিল, কিন্তু আজিলৈকে সেই ধন নোসোমাল৷ সেইটো এক বেলেগ কথা, কিন্তু আপুনি যদি বিদেশ ভ্ৰমণ কৰিবলৈ যায় আৰু কিবা সামগ্ৰী ক্ৰয় কৰে তেন্তে তাৰ ’টেক্স’সমূহ ওভতাই বিচাৰিব পাৰি নে নোৱাৰি সেইটোৰ বিষয়ে আগতীয়াকৈ খবৰ কৰি ল’ব৷ আৰু এটা কথা যে এই ’টেক্স’ ওভতাই বিচাৰি প্ৰদৰ্শন কৰা ৰচিদসমূহ অলপ বেলেগ ধৰণৰ, য’ৰ পৰা আপুনি সামগ্ৰী ক্ৰয় কৰে তাত আপুনি বিক্ৰেতাজনক ক’ব লাগিব যে আপোনাক তেনে এক বিশেষ ৰচিদৰ প্ৰয়োজন৷ তেতিয়া তেওঁলোকে হয়তো আপোনাৰ ’পাচপৰ্ট’ৰ ফটো কপি এটা বিচাৰিব পাৰে৷

নিখীল আৰু ভিক্টৰক বিদায় দি মইা আৰু মেং-হানে আমাৰ হোষ্টেললৈ বুলি বাট পোনালো৷ বাটত আহোঁতে লক্ষ্য কৰিলো দুই-এজনে নিচাযুক্ত দ্ৰব্য সেৱন কৰি মাতাল হৈ পৰিছে আৰু প্ৰলাপ বকি আছে৷ সেইবোৰ আমি আওকাণ কৰিলো যদিও ৰাজপথত এক দুৰ্গন্ধই অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু ই মোক বহুত আমনি দিছিল, অনুমান কৰিলো সেয়া কোনো নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত উদ্ভৱ হৈছিল৷ এইবোৰ পাৰ হৈ আহি আমি আমাৰ কোঠাত সোমাই পৰিলো আৰু পিছদিনাখন ৰাতিপুৱা ৮:৩০ বজাতেই সন্মিলনী অনুষ্ঠিত হ’লগীয়া ’মস্কন চেণ্টাৰ’ৰ ঠিকনা বিচৰাত ব্যস্ত হৈ পৰিলো৷
আগলৈ ….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক