টাইৱানৰ চিঠি-৭-খণ্ড(১)-(মনোজ মন)

কেণ্টিঙ চহৰ, প্ৰশান্ত মহাসাগৰ, জোনাক ইত্যাদি

 

২০১২ চনটোক কেনেকৈ বিদায় দিওঁ সেইটোকে ভাবি আছিলোঁ বহু দিনৰ পৰাই। ভাবিলোঁকৰ্ম ব্যস্ত জীৱনটোৰ পৰা অলপ আঁতৰি কিবা এটা কৰা যাওক।ভবা মতেই কাম, বন্ধু কেইজনমানৰ সৈতে মিলি এটা ভ্ৰমণ পেকেজকেই ঠিক কৰি পেলালোঁ।গন্তব্যস্থান নিৰ্বাচন কৰিলো মোৰ কৰ্মস্থান তথা টাইৱানৰ ৰাজধানী চহৰ টাইপেইৰ পৰা দক্ষিণে প্ৰায় ৪৫০ কি:মি: অৱস্থিত প্ৰশান্ত মহাসাগৰ, টাইৱান প্ৰণালী আৰু লুয’ প্ৰণালীয়ে আৱৰি ৰখা কেণ্টিঙ চহৰ।প্ৰশান্ত মহাসাগৰৰ নীলাভ জলৰাশিৰ কথা মনলৈ আহি গান-মন উত্তেজিত কৰি ৰাখিলে ভ্ৰমণৰ সিদ্ধান্ত লোৱাৰ দিনাৰে পৰা।অৱশেষত বহু বাধা-বিঘিনিৰ মাজেৰে দিনবোৰ পাৰ হৈ নিৰ্ধাৰিত ডিচেম্বৰ মাহৰ ২৮ তাৰিখটো পালেহি।আমাৰ পৰিকল্পনা আছিল এনে ধৰণৰ; টাইপেই চহৰৰ পৰা নৈশ বাছেৰে ১০ বাজি ৪০ মিনিটত আমি যাত্ৰা আৰম্ভ কৰিম আৰু পুঁৱতি নিশা ৪ বজাত কাওচিয়ঙ চহৰত উপস্থিত হ’ম আৰু তাৰ পৰা টেক্সিৰে কেণ্টিঙলৈ যাত্ৰ কৰিম আৰু কাহিলী পুৱা সূৰ্য্যোদয়ৰ সময়ত আমি প্ৰশান্ত মহাসাগৰৰ পাৰত উপস্থিত হ’ম।কিন্তু আমাক আচৰিত কৰি সময়তকৈ প্ৰায় ৪৫ মিনিটমান আগতেই কাওচিয়ঙ চহৰত পোৱাই দিলে।ৰাতি পুৱাবলৈ তেতিয়াও ৩/৩:৩০ ঘণ্টামান সময় আছিল আৰু কেণ্টিঙত প্ৰৱেশ কৰিবলৈ সময় প্ৰয়োজন প্ৰায় ২ ঘণ্টা।কি কৰো-কি নকৰো ভাবি আমি তাতেই ২৪ ঘণ্টাই খোলা থকা এখন দোকানত কিছু সময় কটোৱাৰ সিদ্ধান্ত ল’লো।টাইৱান তথা পৃথিৱীৰ বহু কেইখন দেশত ২৪ ঘণ্টাই খোলা থকা কিছুমান দোকান আছে যাক “কনভেনিয়েণ্ট ষ্ট’ৰ” বুলি কোৱা হয়।প্ৰায় ৪:৩০ মান বজাত আমি দুখন “টয়টা ৱিস” ভাৰালৈ ল’লো আৰু আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ।টাইৱানত যাতায়ত বহু সুবিধাজনক আৰু শৃংখলাবদ্ধ।আমাৰ গাড়ীকেইখনৰ গতিবেগ আছিল ঘণ্টাত ১২০ কিঃমিঃ, কিন্তু মসৃণ পথ হোৱা হেতুকে আৰাহীসকলে গাড়ীৰ তীব্ৰ গতিবেগ অনুভৱেই কৰা নাছিলোঁ।কিছুদূৰ যোৱাৰ পাচতেই আৰম্ভ হ’ল কেতিয়াও নেদেখা এক দৃশ্য; সময় প্ৰায় ৫ বাজি ১৫ মিনিট, আকাশত তেতিয়াও জোন-তৰা স্পষ্ট কৈ বিৰাজমান, আমাৰ বাওঁফালে মুকলি পথাৰ তথা পৰ্বতৰ লানি আৰু সোঁফালে জোনৰ পোহৰত ৰূপালী বৰণ লোৱা প্ৰশান্ত মহাসাগৰ।সেইদিনা আছিল পূৰ্ণিমাৰ আগৰটো নিশা, আৰু স্বাভাৱিকতে জোনটো‍ওসিদিনাখন প্ৰায় সম্পূৰ্ণ আছিল।অনুভৱ হ’ল যেন সৰুতে শুনা কোনোবা নাবিকৰ ৰোমাঞ্চকৰ যাত্ৰাৰ কাহিনী এয়া! ভগৱানক কামনা কৰিলোঁ যাতে সূৰ্য্যোদয়ৰ সময়ত কেণ্টিঙত বতৰ ফৰকাল হৈ থাকে আৰু আমি আকৌ এবাৰ আপ্লুত হওঁ যেন প্ৰকৃতিৰ ৰূপত।কিন্তু ঈশ্বৰ সিদিনাখন আমাৰ প্ৰতি প্ৰসন্ন নাছিল।

ৰাতিপুৱা প্ৰায় ৬:৩০ মানত আমি কেণ্টিঙত উপস্থিত হ’লো, কিন্তু প্ৰচণ্ড বতাহ আৰু ডাৱৰে আৱৰা আকাশ দেখি মন সেমেকি গ’ল।তথাপিও হতাশ নহৈ আমি পূৰ্বে-নিৰ্ধাৰিত “ক’তেজ”লৈ বুলি ৰাওনা হ’লো।হোটেলৰ আমনিদায়ক অভিজ্ঞতাৰ বাবে ইয়াৰ পৰিৱৰ্তে আমি এক “ক’টেজ” ভাৰালৈ লৈছিলোঁ।ক’তেজৰ সৌন্দৰ্য্য দেখি মন ৰঙীন হৈ পৰিল আকৌ এবাৰ।সৰুতে কিতাপত পঢ়া “ঈগ্লু”ৰ আকাৰত সজা সৰু সৰু কোঠাসমূহ বৰ মৰমলগাআছিল।ক’টেজৰ পৰা পূৱে কিছু দূৰতেই আছিল প্ৰশান্ত মহাসাগৰ আৰু ইয়াৰ দক্ষিণে আছিল এখন মুকলি পথাৰ পাৰ হৈ সুউচ্চ পৰ্বত।এই মুকলি পথাৰখনত বহু ঘোঁৰা চৰি ফুৰা দেখিলো, জানিবলৈ পালো যে কেণ্টিঙ ৰাষ্ট্ৰীয় উদ্যানৰ ই এক ভাগ আৰু ইয়াত বনৰীয়া গৰু আৰু ঘোঁৰা সহজে দেখা যায়।ক’টেজত কিছু সময় কটাই, ওৰে নিশাৰ উজাগৰে থকাৰ ভাগৰ জিৰাই আমি দিনৰ প্ৰায় ১১ মান বজাত সাগৰৰ পাৰলৈ বুলি খোজ ল’লো।সাগৰৰ পাৰত এখন বজাৰ বহে য’ত বহু সুস্বাদু সাগৰীয় খাদ্যৰ সমাহাৰ হয়; তাতেই আমি পুৱাৰ খোৱা বোৱা কৰি ল’লো।সেই বজাৰতেই আমি এগৰাকী মহিলাৰ সৈতে চিনাকি হ’লো, তেওঁৰ নাম আছিল মিচেছৱাঙ আৰু তেখেতে আমাক জনালে যে আমি তেওঁলোকৰ কোম্পানীৰ সুবিধা ল’ব পাৰোঁ; তেওঁলোকে আমাক সাগৰৰ এক ধুনীয়া পাৰলৈ লৈ যাব আৰু তাত বিভিন্ন মনোৰঞ্জনৰ ব্যৱস্থা কৰিব।তেখেতেই আমাক জনালে যে তেওঁৰ “ফক্সৱেগনট্ৰান্সপৰ্টাৰ” গাড়ীখনেৰেই আমাক পিছ দিনাখন সমগ্ৰ অঞ্চল ফুৰাৰ সুবিধা কৰি দিব যথেষ্ট কম মূল্যৰ বিনিময়ত।আমিও ভালেই পালো, যিহেতু আমাৰ দলৰ সদস্যৰ সংখ্যা ১৩ জন আছিল আৰু সকলোবোৰ একেখন গাড়ীতেই যাব পৰাকৈ তেওঁৰ গাড়ীখন সুবিধাজনক আছিল।মিচেছৱাঙে আমাক সাগৰৰ পাৰলৈ লৈ গ’ল য’ৰ পৰা তেওঁলোকৰ কোম্পানীৰ মেছিন-নাওঁ, ৱাটাৰ-স্কুটাৰ ইত্যাদি ভাৰালৈ ল’ব পাৰিম।কিন্তু আমাৰ ভাগ্য হয়তো সুপ্ৰসন্ন নাছিল, কিছুসময়ৰ পাছত বৰষুণ আৰম্ভ হ’বলৈ ধৰিলে, তাৰোপৰি পুৱাৰেই পৰা চলি আছিল প্ৰচণ্ড সাগৰীয় বতাহ, যাৰ ফলত সাগৰত আছিল প্ৰচণ্ড ঢৌ।ইয়াৰ বাবেই আমি বহু জল-ক্ৰীড়া বাতিল কৰিবলগীয়া হ’ল।ইয়াৰে ভিতৰত প্ৰধান আছিল “স্ন’ৰকেলিং”, য’ত আপোনাক সাগৰৰ কিছু গভীৰতালৈ লৈ যোৱা হ’ব আৰু আপুনি উপভোগ কৰিব পাৰিব বিভিন্ন ৰং-বিৰঙৰ সাগৰীয় মাছৰ দৃশ্য।হতাশ হৈ পৰিলোঁ, কাৰণ মোৰ কেণ্টিঙ যোৱাৰ প্ৰধান উদ্দেশ্য‍‍ই আছিল সাগৰৰ তলৰ পৃথিৱীখন উপভোগ কৰা।তথাপি যিখিনি পাইছো সেয়ে বহুত বুলি উঠি দিলো“বানানা-ব’ট” বুলি কলাকৃতিৰ এখন নাঁৱত, ইয়াৰ সৈতে জড়িত আছিল এখন “ৱাতাৰ-স্কুটাৰ” আৰু এজন পাকৈত চালক।সকলোৱে লাইফ-জেকেত আৰু হেলমেট পিন্ধি ৬ জনকৈ একোখন নাৱত উঠি পৰিলো, কিছু সময় পিছত তীব্ৰ-বেগত স্কুটাৰ চলিব ধৰিলে।ঢৌ যিমানেই বেছি হয় নাওঁখনে আমাক সিমানেই থেকেচিবলৈ ধৰিলে।সকলোৱে এক উত্তেজনাত চিঞৰিবলৈধৰিলোঁ, এনে লাগিল আমিবোৰ আকৌ যেন কৈশোৰলৈ উভতি গৈছোঁ আৰু আমাৰ চাৰিও কাষে মাথো পানী আৰু পানী।এটা সময়ত বহু দূৰলৈ লৈ গৈ হঠাৎ আমাৰ অজ্ঞাতে স্কুটাৰ চালকজনে নাওখন পানীৰ মাজত ওলোটাই দিলে, ফলত আটাইবোৰ পানীত সৰি পৰিলোঁ; সেয়াও এক দু:সাহসিকক্ৰীড়াই আছিল।পাছত অৱশ্যে তেওঁৱেই আমাক পানীৰ পৰা উদ্ধাৰ কৰিলে।ইয়াৰ পাছত আমি আকৌ তেনে এক দুঃসাহসিক জল-ক্ৰীড়া কৰিলোঁ।আমি সকলোৱে বাৰুকৈয়ে উপভোগ কৰিলোঁ এই আটাইবোৰ।তাৰ পাছত প্ৰায় ৩ মান বজাত সকলোবোৰ পাৰলৈ উঠি আহি গা ধুই কাপোৰ সলাই আজৰি হৈ ল’লো।ইতিমধ্যে প্ৰায় সকলোকে ভাগৰে আগুৰি ধৰিছিল, আৰু আমি তেতিয়ালৈকে দুপৰীয়াৰ-সাজো গ্ৰহণ কৰা নাছিলোঁ; তেতিয়াহে যেন সকলোকে ভোকে আমনি কৰিবলৈ ধৰিলে।ভোক আৰু ভাগৰে জুৰুলা কৰা দেহা লৈ আমি সোমাই পৰিলোঁ“মেকডোনাল্ড” ৰ ৰেষ্টোৰাঁ এখনত।
দিনটোৰ ভাগৰ সামৰি সন্ধিয়া ৭ মান বজাত মিচেছৱাঙ পুনৰ গাড়ী লৈ আমাৰ ক’টেজত উপস্থিত হ’ল আৰু সকলোবোৰ সাজু হ’লো কেণ্টিং ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ দৰ্শনৰ বাবে; প্ৰাপ্ত তথ্য অনুসৰি এই অংশত ভূগৰ্ভৰ পৰা দিনে-নিশাই জুইৰ শিখা ওলাই থাকে।স্বাভাৱিকতে আমি আটাইবোৰ উত্‍সুক হৈ আছিলোঁ সেই জুই পৰিদৰ্শনৰ বাবে।প্ৰায় ১৫ মিনিটমানৰ বাট অতিক্ৰম কৰাৰ পাছত আমি গন্তব্যস্থানত উপস্থিত হ’লো, মনত সকলোৰে কৌতুহল! তাত উপস্থিত হৈ জানিব পাৰিলোঁঠাইডোখৰৰ নাম “ছুফোৰ” অৰ্থাত্‍ চীনা ভাষাত “মাটিৰ পৰা নিৰ্গত জুঁই”।যেতিয়া নিজ চকুৰে দেখিলো সেই দৃশ্য, হতবাক নহৈ নোৱাৰিলোঁ।সঁচাকৈ নিৰ্গত হৈ আছে জুঁই, একুৰা-ডুকুৰা নহৈ কেইবাকুৰাজুই।সকলোৰে মনত উলাহে নধৰা হ’ল এনে দৃশ্য দেখি, যেন হলিউডৰ কোনো চাই-ফাই চলচিত্ৰৰ দৃশ্য এয়া, যেন কোনোবা অচিন গ্ৰহত আমি আছো আৰু আমাৰ চাৰিওপিনৰ ভূগৰ্ভৰ পৰা নিৰ্গত হৈ আছে জুই।কিন্তু প্ৰকৃততে এই জুই ভূগৰ্ভৰ পৰা নিৰ্গত প্ৰাকৃতিক গেছৰ পৰা হে সৃষ্টি হোৱা।বহুলোকৰ সমাগম দেখিবলৈ পালো, আমিও কিছু পৰ তাত থকাৰ পাছত নৈশ ভোজনৰ বাবে ৰাওনা হ’লো; বাটতে মিচেছৱাঙৰ ঘৰত সোমাই আটায়ে সতেজ হৈ ল’লো।নৈশ-ভোজনৰ পাছত ক’টেজলৈ উভতি আহিলো; যদিও সকলোবোৰ ভাগৰি আছিলোঁ তথাপি আমি কেইজনমানে পুনঃ সাগৰৰ পাৰলৈ বুলি খোজ ল’লো, উদ্দেশ্য জোনাক উপভোগ কৰা।ভগবানৰ কৃপাত তেতিয়ালৈ বতাহ কিছু শাম কাটিছিল আৰু আকাশখনো সম্পূৰ্ণ মুকলি হৈ পৰিছিল।কিছুদূৰ বাট কুৰি বাই গৈ সাগৰৰ পাৰত উপস্থিত হ’লো, তেতিয়ালৈ দিনটোৰ কোলাহল মাৰ গৈছিল।মাথো ৰৈ গৈছিল জোৱাৰ-ভাটাৰ প্ৰচণ্ড শব্দ, অলসভাৱে বহি পৰিলোঁ সাগৰৰ পাৰত বাৰে বাৰে উভতি অহা ঢৌবোৰলৈ চাই চাই; জোনটোৱেও যেন সিদিনাখনঅলস ভাৱে নিজকে এৰি দিছিল সাগৰৰ পানীত।জীৱনত হয়তো ইমান নিস্তব্ধতা কেতিয়াও অনুভৱ কৰা নাছিলোঁ, আৰু সেই নিস্তব্ধতাক কঠোৰ প্ৰত্যাহ্বান জনোৱা ঢৌবোৰো মোৰ বাবে আছিল তেনেই নতুন।যিমান দূৰলৈ পাৰি সিমান দূৰলৈ চাই পঠিয়ালোঁ, ঢিমিক-ঢামাক পোহৰেৰে মাছমৰীয়া জাহাজবোৰৰ বাহিৰে আন একোৱেই নেদেখিলোঁ পাৰাপাৰ নোহোৱা এই প্ৰশান্ত মহাসাগৰৰ, ইয়াৰ মাজে মাজেচেগ বুজি ঢৌৰ প্ৰচণ্ড সোঁতে চুই গ’ল সকলোকে।বহু সময় অলস ভাৱে, মনৰ সকলো চিন্তা-ভাৱনা আঁতৰাই সাগৰৰ পাৰত কটাই ক’তেজলৈ উভতি আহিলো, পাছ দিনাখন।কাহিলীপুৱাতে শেতেলি এৰাৰ তাগিদাত।

আগলৈ……

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments