তামিলৰ খানা – আধা খাই নেৰিবা…. (ইন্দুকল্প শইকীয়া)

এই যে ডাঙৰ-ডাঙৰ কাহীঁত বিধ-বিধ ব্যঞ্জনেৰে সজাই পৰাই দক্ষিণৰ থালীৰ ফটোবোৰ থৈ দিয়ে, প্ৰথম দেখোতে ভাবিছিলো এনেকৈয়োনো খাই নে! প্ৰথম হোষ্টেলত থাকোতে নাইবা কোনো নিৰামিষহাৰী হোটেললৈ গ’লে গোটেইকেইটা বাটিৰ বস্তু শেষ নহৈছিল গৈয়ে৷ লগতে ভালো নালাগিছিল প্ৰথমে, গোটেইবোৰৰ যেন একেই সোৱাদ তেনে লাগিছিল৷ পিছতহে লাহে লাহে জিভাৰ ৰন্ধ্ৰবোৰে সেইখিনিৰ মাজতো ভিন্নতা বিচাৰি পোৱা হ’ল৷ সময়ত আৰু এটা কথা গম পালো যে সাধাৰণতে হোটেল বা আন যিকোনো ঠাইতেই এখন নিৰামিষ “থালী” অৰ্ডাৰ কৰিলে. যিমান যি বস্তু দিয়ে, পৰা পক্ষত সকলোখিনি খাই থ’ব লাগে৷ সেইটো কৰিলে আপোনাৰ পেটৰ আভ্যন্তৰীণ ব্যৱস্থাটোত কোনো ব্যাঘাট জন্মাৰ আশংকা নাথাকে৷

প্ৰথমতে অলপ দিন যেতিয়া থালীৰ ভাল লগা যিকোনো এবিধ ব্যঞ্জনৰেই খাই থৈছিলো, তেতিয়া তাৰ পাছৰ অভিজ্ঞতা বৰ শান্তিপূৰ্ণ হৈ নৰৈছিল৷

ইমান দিন এই ঠাইত কটোৱাৰ পিছত এতিয়া লাহে লাহে গম পাইছো এখন সম্পূৰ্ণ থালীত কি কি ব্যঞ্জন থাকিব লাগে৷

প্ৰথম ভাত খিনিটো দিবই৷ যদিহে সেইখন অন্ধ্ৰ ষ্টাইলৰ হোটেল হয়, এবিধ পাউদাৰ পাব ষিটো দেখাত বেচনৰ দৰে, সোৱাদ জ্বলা, নাম থৈছে “পৰী” বা তামিল হোটেল বিলাকত “পাগুডাৰ” বুলিউ কয়৷ সেইবিধ গুড়িক ভাতৰ লগত মিহলাই অলপ মান ঘিউৰ লগত প্ৰথম দুঘৰা মান ভাত খাই ল’ব৷

তাৰ পাছত আহিব “ছাম্বাৰ”৷ এইবিধ এবিধ ষ্টেণ্ডাৰ্ড ব্যঞ্জন সকলো তামিল “থালী”ৰ লগত উপলব্ধ হ’বই৷ আমাৰ টেঙা অথবা মছলা নিদিয়া দাইলৰ লগত এইবিধক ৰিজাব পাৰি কিন্তু ছাম্বাৰত শাক-পাছলি যেনে – গাজৰ, বেঙেনা, উৰহী, কেৰেলা ইত্যাদি দি ডাঠ কৰি পেলোৱা হয়৷ আৰু এই বাবেই ইয়াৰ দোকান বোৰত বহুকেইবিধ পাছলি মিলাই এপোৱা বা আধাকেজি পাছলি এটা দামত কিনি আনিব পাৰি হয়তো৷

ছাম্বাৰ দি দুঘৰা মান খোৱা হোৱাৰ পিছত আহিল “কল’ম্ব”৷ কল’ম্বও দুবিধ থাকে, এবিধ “কাৰা কল’ম্ব” আনবিধ “ম’ৰ কল’ম্ব”৷ কাৰা কল’ম্ববিধ হয় অতিপাত টেঙা হ’ব নহয় অতিপাত জ্বলা হ’ব৷ এইবিধ অত্যধিক মছলা যুক্ত ব্যঞ্জন৷ সহ্য কৰিব নোৱাৰিলে এইবিধক দুঘৰামান খাইয়ে বিদায় দিয়াটো মংগল৷ দ্বিতীয়বিধ কল’ম্ব অৰ্থাৎ ম’ৰ কল’ম্ব আমাৰ ভাষাত ক’বলৈ গ’লে “দৈৰ তৰকাৰী”৷ শুনিবলৈ অদ্ভুত হ’লেও সেয়াই হয়৷ পাচফোৰণ-অলপ মছলা ইত্যাদি দি তাৰ লগত বিণ-গাজৰ ভাজি পানীৰ ঠাইত পনীয়া দৈ ধালি দিলেই হৈ যাব ম’ৰ কল’ম্ব৷ উৎকট গৰমৰ বাবে নাইবা পেটৰ কিবা অসুবিধা হৈ থাকিলে, এইবিধ অতিশয় সুবিধাজনক ব্যঞ্জন৷

কল’ম্বৰে অলপমান ভাত খোৱাৰ পিছত আহিল ৰছম৷ সহজ ভাষাত এইবিধো তেতেলী-মছলা পানী৷ টেঙা, জালুক, নৰসিংহ পাত, আদা, নহৰু, ধনীয়া ইত্যাদিৰ লগত ৰছম পাউদাৰ দি ভাজি পানী দি উতলাই এই ৰছম ৰন্ধা হয়৷ ৰছমে হজম প্ৰক্ৰিয়াত সহায় কৰে যদিওবা ৰছম সোৱাদত অলপ জ্বলা হয়৷

ৰছমেৰে অলপ ভাত খোৱাৰ পিছত আহিব ম’ৰ৷ ম’ৰ কল’ম্বক এই ম’ৰেই ঢালি উতলাই সৃষ্টি কৰা হয়৷ ম’ৰ অৰ্থাৎ বাটাৰ মিল্ক৷ বাটাৰ মিল্ক নামটোৰ পৰা মনত পৰিছে, এজন ভাইটিয়ে কোৱা কথা এষাৰ৷ বাটাৰ মিল্ক প্ৰথম যেতিয়া নাম শুনিছিল, সি হেনো ভাবিছিল, ৱাহ! কি সোৱাদ হ’ব! বাটৰ আৰু মিল্ক অৰ্থাৎ বাটাৰ মিক্স গাখীৰ৷ পিছে পিছত দিওঁতেহে তাৰ হেনো ভুল ভাগিল এইসোপা দেখোন দৈৰ পানীহে, আমি ঘৰত দৈ খোৱাৰ আগতে যিবোৰ পানী পেলাই দিও! ! যি কি নহওক, ৰছমৰ জ্বালক নিৰাময় কৰিবলৈ ম’ৰৰ সৈতে শেষৰ দুঘৰা মান ভাত খাব লাগে৷ ম’ৰ সাধাৰণতে নেমুৰ আছাৰৰ লগত একেলগে খোৱা দেখা যায়৷

ম’ৰৰ পিছত আহে দৈ৷ একেবাৰে শেষৰ ভাত খিনি দৈৰ লগত সানি মোখনি মাৰিলে যিমান জ্বলা-টেঙা-মছলা খোৱা হয় সকলোয়ে উদ্ভৱ কৰিব পৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷

এই সকলো খাই উঠাৰ পিছত, যদিহে আপোনাৰ পেটত অলপ হ’লেও ঠাই বাছি থাকে, আপোনালৈ আগবঢ়াই দিয়া কলটোৰে সেইখিনি পূৰ্ণ কৰি থ’ব পাৰে৷

তাৰ পিছত যদি মন কৰে এখিলা পানৰ সৈতে দিয়া মিঠা-মছলা খিনিৰে মোখনি মাৰিব পাৰে৷

এতিয়া লৈকে দিয়া বিৱৰণ দিয়া খিনি এখন নিৰামিষ থালিৰ মাত্ৰ তৰকাৰী খিনিহে৷ এইবাৰ আহো ভাজিলৈ৷

ভাজি কেইবাবিধো৷ এবিধ হ’ল পৰিয়েল৷ পৰিয়েল বোলাবিধ শুকান ভাজি৷ যিকোনো পাছলি, পাছলি বুলিলে শাক জাতীয় পাছলি নহয়, আন সকলো পাছলি যদি শুকানে ভাজিছে তাক কয় পৰিয়েল৷ আমাৰ দৰে ‘কেৰেলা ভাজি, বেঙেনা ভাজি’ বুলি নাম নাই৷ মিহি মিহিকৈ কাটি শুকাণে ভাজিলেই সেইবিধ হৈ পৰে “পৰিয়েল”৷

আনবিধ ভাজিৰ নাম হ’ল “কিৰাই”৷ বজাৰলৈ গৈ যদি শাক কিনিব বা হোটেলত শাক খাব মন গৈছে, “কিৰাই” দে বুলি ক’লেই হ’ল৷ সেইবিধ কি শাক-কি জাতি কোনোবাই জানেনে নেজানে মোৰ আজিও সন্দেহ আছে৷ সেউজীয়া শাকৰ ভাজি মানেই “কিৰাই”৷ কিৰাই হ’ল আন এক প্ৰকাৰৰ জুলিয়াকৈ ৰন্ধা শাক ভাজি৷

আন এক ভাজি হ’ল “কুট্টু”৷ কুটি কুটি থপ-থপীয়াকৈ ৰন্ধা যি কোনো পাছলিৰ ভাজিয়েই হৈছে কুট্টু৷ কুট্টু পৰিয়েল ও হ’ব পাৰে “কুট্টু পৰথা”ও হ’ব পাৰে৷

এই সকলো খিনি ব্যঞ্জনৰ লগত, পাপৰ (আপলাম) আৰু এবিধ মিঠাই সকলো “থালি”তেই থাকে৷ খোৱাৰ শেষত, যদিহে আপোনাক কলপাতত খাব দিছে, কলপাত খিলা আপোনাৰ গাৰ ফালে মেৰিয়াই থৈ খোৱা শেষ কৰিব, ই ৰান্ধনী নতুবা গৃহস্থৰ প্ৰতি জনোৱা এক কৃতজ্ঞতা৷ যদি ওলোটা পিনে নুৰিয়াই থৈ আহে, ই বুজাব যে আপুনি সেই আহাৰ গ্ৰহণ কৰি সুখী নহ’ল৷ কিন্তু, যদি আপুনি কোনোবা মৃতকৰ সকাম খাব গৈছে, তাত কলপাত খন বিপৰীত দিশলৈ মেৰিয়াই থৈ অহাটো নিয়ম৷

ইমানবোৰ ব্যঞ্জনৰ বাবেই আমাৰ লগৰ কাৰোবাক কেতিয়াবা ভাত খাবলৈ মাতিলে অসুবিধা হৈ যায় যেতিবা মাংসৰ সোৱাদ লগা আঞ্জাখন শেষ কৰি উঠি ম’ৰ নাইবা ৰছমেৰে শেষৰ ভাত কেইমুঠিমান খাবলৈ বিছাৰে৷

সিহঁতে কয়, তহঁতে ইমান কম আঞ্জাৰে ভাত খাৱ আৰু ম’ৰ-ৰছম নোহোৱাকৈ খালে পেটৰ অসুবিধা নহয় নে!

মই কওঁ “চা ভাই, তহঁতৰ খানাটো হ’ল “ইউ.এছ.” আৰ্হিৰ, যিটো ভাইৰাছ সৃষ্টি কৰি তাৰ প্ৰতিকাৰ সৃষ্টি কৰাৰ লেখীয়া৷ আমাৰ খাদ্য তেনেকুৱা নহয়য়ে৷ ইমানসোপা জ্বলা-টেঙা-কেহাঁ একেকোবে আমি নাখাও যে পেট বেয়া কৰিব”৷

গতিকে ইয়াৰ পৰাই গম পাব পাৰি, যে দক্ষিণৰ মানুহবোৰৰ আকাৰ কিয় ইমান বিয়াগোম হয়!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments