তামিলনাডুৰ এখন সৰু চহৰত মোৰ অভিযান আৰু অভিজ্ঞতা (নীলাঞ্জন গোহাঁই)

দক্ষিণ ভাৰতৰ প্ৰতি সৰুৰেপৰা এক বিশেষ আকৰ্ষণ আছিল মোৰ মনত। এতিয়াও তামিল, তেলুগু ভাষাৰ কিছুমান পুৰণি গীতে মনত সাঁচ বহুৱাই ৰাখিছে। আনকি তামিল ভাষা শিকাৰো আগ্ৰহ জাগিছিল মনত। এচ্ পি বালাচুব্ৰমনিয়ামৰ গীত বুলিলেই দেহা সাতখন আঠখন। এক কথাত মই হ’লো তেখেতৰ চিৰকালৰ ফেন। কলেজত তামিল বন্ধু এজনো লগ পালোঁ। কোনে পায়! কিছু তামিল পঢ়িব পৰা হৈছিলোঁগৈ তেখেতৰ সহায়ত। নতুন নতুন তামিল গীতৰ ভাণ্ডাৰো পোৱা গৈছিল যিবোৰ অসমত পোৱা অসম্ভৱ আছিল। তামিল বিদ্যা আহৰণ কৰি মই অত্যন্ত সুখী হৈছিলো। এবাৰ ঘৰৰ ফালৰপৰা আমি ফুৰিবলৈ গৈছিলোঁ তেতিয়াৰ মোৰ সপোন নগৰী মাদ্ৰাছলৈ। দুদিনমান থাকি মা-দেউতাহঁতে কন্যাকুমাৰীলৈকো যোৱাৰ প্লেন কৰিছিল। তেতিয়া কলেজ বন্ধ আছিল বাবে মোৰ তামিল বন্ধুজন ঘৰতে আছিল। বন্ধুজনৰ ঘৰ আছিল দক্ষিণ তামিলনাডুৰ থিৰুনেলভেলী বোলা ঠাই এখনত। থিৰুনেলভেলী পোৱা গৈছিল মাদ্ৰাজৰপৰা কন্যাকুমাৰীলৈ যোৱা পথত। প্লেন মতে আমি একেখন নাইট্ চুপাৰ বাছতে যাম। মই থিৰুনেলভেলীত নামি বন্ধুৰ ঘৰলে যাম। মাজতে এঠাইত বাছখন ৰৈছিল। আধা টোপনিৰ পৰা সাৰ পাই তামিল চাইন বোৰ্ড এখন দেখি পঢ়িবলৈ লাগিলোঁ। তাত লিখা আছিল – থিৰুভল্লুভৰ। কিছু সময়ৰ পাছত সগৌৰৱে সকলোকে ক’লোঁ যে আমি ইতিমধ্যে থিৰুভল্লুভৰ পালোহি। (পাছত গম পাইছিলো যে থিৰুভল্লুভৰ হৈছে তামিলনাডুৰ এজন নামজ্বলা কবিহে যাৰ নামত ট্ৰান্সপোৰ্ট্ কৰ্প’ৰেছনটো নামাকৰণ কৰা হৈছে। থিৰুভল্লুভৰ আচলতে কোনো ঠাইৰ নাম নহয়। কথাটো কাকো নকলোঁ আৰু। লাজ পাম নহয়। 😉

কাহিলি পুৱা ৪ মান বজাতে বাচখন থিৰুনেলভেলী পালেগৈ। মই নামি পৰিলোঁ আৰু ঘৰৰ বাকী মানুহ কন্যাকুমাৰী অভিমুখে ৰাওনা হ’ল। এইবাৰ আৰম্ভ হ’ল এক চেলেঞ্জ। বন্ধুজনৰ ঘৰ বিচৰা কাম। তেতিয়াৰ দিনত ম’বাইলো নাছিল। গতিকে কামটো চেলেঞ্জৰ দৰেই হৈ পৰিছিল। নতুন ঠাই নতুন মানুহ। পোনেই দেখি আচৰিত হৈছিলোঁ ইমান কাহিলি পুৱাতে মানুহবিলাকৰ ব্যস্ততা দেখি। সুধি মেলি গম পালোঁ কোনখন বাছ ধৰি গন্তব্য স্থান যাব লাগিব। বাছ ধৰিয়ে বাছৰ কণ্ডাক্টৰজনক ক’লোঁ যে মোৰ ষ্টপেজ্ হৈছে “ছেইণ্ট্ থমাছ্‌ ৰ’ড্”। তেখেতে বুজি নাপালে মোৰ কথা। গতিকে ভঙা ইংৰাজীতে ক’লো যে মই “ছেইণ্ট্ ড’ম্চ্ ৰ’ড্” যাব বিচাৰিছোঁ। এইবাৰ তেওঁ বুজিলে। যথা সময়ত মোক সঠিক ঠাইতে নমালে। এইবাৰ আন এক পৰ্ব আৰম্ভ হ’ল। সুধি মেলি আগুৱাই গৈ থাকিলোঁ। প্ৰায় ভাগ মানুহে ইংৰাজী নাজানিছিল। কিন্তু মানুহবোৰ বৰ সহায়শীল হোৱা বাবে মোৰ অকণো অসুবিধা হোৱা নাছিল। এটা সময়ত মই একেবাৰে ভিতৰুৱা অঞ্চল পালোঁগৈ। বাটত মানুহ-দুনুহ নাইকিয়া হ’ল। দেখিলো তেনেই সৰু চাহ (কফি) দোকান এখনহে খোলা আছে। আগুৱাই গৈ ঠিকনাটো সুধিলোঁ। এইবাৰ কিন্তু মোৰ কথা কোনেও বুজি নাপালে। মোক কিজানি ৰাস্তা হেৰুওৱা বাহিৰা মানুহ বুলিয়ে ভাবি ল’লে। কিন্তু আকাৰে ইংগিতে মোক কিছু সময় বহিবলৈ ক’লে। মোক কফিও যাচিলে আৰু যি পাৰে ভঙা ছিঙাকে কথাও পাতিলে। সেই সময়খিনি মোৰ বাবে এক চিৰকালৰ স্মৃতি হৈ ৰ’ল। মনত কোনো চিন্তা বা টেন্‌ছনো নাছিল। ধুনীয়াকৈ এক-ডেৰ ঘণ্টা পাৰ হ’ল।

তেতিয়ালৈকে কিছু পোহৰো হৈছিল। এইবাৰ দুজন আৰ্মিৰ লোক কফি দোকানলৈ আহিল। পুৱা জ’গিং কৰি হেনো তালৈ সদায়ে কফি খাবলে আহে। দোকানীজনে তামিলতে তেখেতসকলক মোৰ কথাটো বুজালে। তেওঁলোকে মোৰ লগত কথা পাতি সবিশেষ বুজি লৈ দোকানীজনক পুনৰ তামিলত বুজালে। তাৰ পিছত দোকানীজনে ৰিক্সা এখন মাতি ভালকৈ ঠিকনাটো বুজাই দিলে। এইবাৰ কোনো অসুবিধা নোহোৱাকৈ পোনেই বন্ধুৰ ঘৰ পালোগৈ। মই এডভেন্সাৰটো কৰি বেছ ৰোমান্সিত হৈছিলোঁ। মানুহখিনিলৈ আজিও বৰ মনত পৰে। কেতিয়াওতো কিজানি পুনৰ লগ পোৱাৰ সুযোগ নাই। ২০/২২ বছৰ বয়সৰ ল’ৰা হিচাপে মনত তিলমানো ভয়ো নাছিল।

আজিৰ দিনত (বহু আগৰেপৰা বুলিলে ভুল নহয়) বাহিৰৰ কোনোবা যদি অসমলৈ আহিবলগীয়া হয়, পোনেই আমাক সুধে – ঔৰ্ বতাও, আজ-কাল আসামকা চিটুএশ্যন্ কেইছা হ্যায়। উলফালোগ ব’ম ফুটাতা হ্যায় কি নেহিন্? জানা চেফ্ হ্যায় না? কুছ্ কৰেগা টো নেহিন্ না? অসম বুলিলেই মনলৈ বিভিন্ন প্ৰকাৰৰ ভয় আহে, জানোচা কিবা এটা হৈ যায়। এয়া একেখন দেশৰে দুটা প্ৰান্তত দেখিবলৈ পোৱা দুটা ৰূপ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments