শিক্ষকঃ জয়ন্ত আকাশ বৰ্মন

(শিক্ষক দিৱস বিশেষ লেখা)

স্নাতকোত্তৰ চতুৰ্থ ষণ্মাসিকত আমি প্ৰজেক্ট কৰিব লাগিছিল৷ চাৰৰ লগত আলোচনা কৰি আমি টপিকো থিৰাং কৰি লৈছিলো৷ কিন্তু, আমাৰ সেই চিৰাচৰিত ’বহুত সময় আছে, হৈ যাব’ কঞ্চেপ্ট আৰু আল্ট্ৰা কনফিদেন্সৰ কাৰণে প্ৰজেক্ট জমা দিয়াৰ অন্তিম দিন পাৰ হৈ গ’ল৷ ইফালে আমি প্ৰজেক্টৰ ’পি’টোও আৰম্ভ কৰা নাই৷ মানে আকৌ এটা চেমিষ্টাৰ আমি আমাৰ অমূল্য জীৱনৰ পৰা বৰবাদ কৰিব লাগিব৷ বন্ধু পংকজৰো একেই হালত৷ ইফালে আমাৰ প্ৰজেক্ট গাইড চাৰ ইউনিভাৰ্চিটিৰ ভিতৰতেই আটাইতকৈ কাঢ়া আৰু সময়ানুবৰ্তী ব্যক্তিত্বৰ মানুহ৷ আগতেও বহু বাৰ গালি খাই থৈছো৷ চিন্তাত আমাৰ “পেটত ঘুমটি নাই, চকুত ভাত নাই অৱস্থা“৷ অ’হ, চকুত টোপনি নাই, পেটলৈ ভাত নাযায় অৱস্থা৷

পংকজ তুলনামূলক ভাবে মোতকৈ স্মাৰ্ট৷ মই তাক কলো- পংকা, কিবা এটা চিন্তা কৰ না ভাই৷ আৰু ছমাহ বৰবাদ কৰিব মন নাই৷ সি ক’লে- এতিয়া মোক শুব দে৷ কিবা এটা দেখা যাব৷ লাইটটো নুমাই সি শুই পৰিল৷

পিছদিনা-সি মোৰ বাওঁহাতখনত বেণ্ডেজ মেৰিয়াই মেৰিয়াই হাতখন ডিঙিত ওলোমাই দি ক’লে- তোৰ হাত ভাঙিছে৷ এমাহ ধৰি বেড ৰেষ্ট৷ মনত ৰাখিবি৷ ৰেজৰটো লৈ সি বাথৰূমত সোমাল৷ আধাঘণ্টা পিচত সি ওলাই আহিল৷ তাক চানক্য যেন দেখা গৈছিল৷ মই ক’লো- পাংকা, কথাটো ভাল নহব নেকি! ! ! ? ? সি মোক চুপ থাকিব দি ক’লে- ব’ল, চাৰৰ ঘৰ৷ বাইকত উঠি আমি চাৰৰ ঘৰ পালো৷ বাইকখন চাৰৰ ঘৰৰ পৰা কিছু আতঁৰত ৰাখিলো৷ চাৰৰ ঘৰৰ গে’টখন খুলি সি ক’লে- মুখখন অলপ দুখী দুখী কৰ৷ ন’হলে ধৰা পৰিবি৷ ছয়মাহ বৰবাদি৷ মই মুখখন যন্ত্ৰণা টাইপ কৰিলোঁ৷

এবাৰ কলিং বেল বজাওঁ‌তেই চাৰ দুৱাৰখন খুলি ওলাই আহিল৷ ’অ’ তোমালোক! বহা৷

চাৰে আমাক বহিব দিলে আৰু নিজেও ওচৰত বহি ল’লে- হাত কেনেকৈ ভাগিল? চাৰে সুধিলে৷ মই পংকজৰ ফালে চালো, সি মুখখন খং কৰি দেখালে৷ মই ক’লো- চাৰ প্ৰজেক্টৰ বাবে গৈছিলো৷ চাৰ, বাইক এক্সিডেণ্ট হৈ …, চাৰ৷ আমি প্ৰজেক্টেই কৰি আছিলো…৷

চাৰ, মা৷ যোৱা মাহত৷ ভালেই আছিল৷ হঠাৎ … চাৰ৷ ষ্ট্ৰোক হৈ …৷ পংকজে টকলা মূৰটো খজুৱাই খজুৱাই …

চাৰে আমাক এমাহ সময় এক্সটেণ্ড কৰি দিলে৷ “ বুজিছো৷ কি কৰিবা আৰু! এনেকুৱা হৈয়েই, দুখ নকৰিবা৷ অহা মাহৰ ভিতৰত কেনেবাকৈ হ’লেও প্ৰজেক্টটো চাবমিট কৰি দিয়া৷ কিবা বুজি নাপালে আহি যাবা৷ বাকী খিনি মই চাই ল’ম৷ -চাৰে ক’লে৷

চাৰক প্ৰণাম কৰি আমি বাহিৰলৈ ওলাই আহোঁতে মোৰ চকুৰে পানী ওলাই আহিছিল, পংকজৰো৷

এমাহৰ ভিতৰত আমি কোনো কপি পেষ্ট নকৰাকৈ সততাৰে আমাৰ প্ৰজেক্ট চাবমিট কৰিলোঁ৷ সকলো ফাৰ্ষ্ট হেণ্ড ডাটা যোগাৰ কৰিলোঁ‌৷ কষ্ট কৰিলো বহুত৷ পৰীক্ষাৰ ফাইনেল ৰিজাল্ট আমাৰ ভালেই হ’ল৷ বেট্‌ছটোৰ ভিতৰত মই টপ কৰিলোঁ, পংকজ দ্বিতীয় হ’ল৷

আমাৰ কলিজাত কিন্ত এডাল চোকা হূলে বিন্ধি আছিল অহৰহ৷ পংকজো আগৰ দৰে স্মাৰ্ট হোৱা বন্ধ কৰিছিল৷ সিয়েই ক’লে- ব’ল, চাৰক সব সঁ‌চা কথা কৈ আহোঁ৷ বহুত বিবেক দংশন হ’ল অ’৷ মনটো বহুত আশান্তি লাগি আছে চাৰক মিছা কোৱা দিনাৰ পৰাই৷

গে’ট খুলি আমি চাৰৰ ঘৰৰ কলিং বেল টিপিলো৷ চাৰ ওলাই আহিল৷ স্মিত হাঁহিৰে চাৰে আমাক বহিব দিলে৷ তোমালোকৰ ৰিজাল্ট পাইছো৷ বহুত ভাল লাগিছে মোৰ৷

আমি নিৰ্বাক৷ চাৰ ভিতৰলৈ গ’ল৷ আমাক দুকাপ চাহ আনি দিলে৷ নিজেও একাপ লৈ আমাৰ লগত বহিল৷

“চাৰ, ক্ষমা কৰিব৷ আমি চাৰ … আমি চাৰ আপোনাক “- আমি দুয়ো সমস্বৰে কবলৈ চেষ্টা কৰিলোঁ৷ মাতটো ওলাই নাহে চোন! ! চকুৰে পানীহে ওলাই আহিছে দুয়োৰে! ! !

চাৰে হাঁহিলে, একেই সেই প্ৰশ্ৰয় তথা ক্ষমাৰ হাঁহি৷ ক’লে- মই জানো৷ তোমালোক মিছা কোৱাত সিমান পাৰ্গত হোৱা নাই এতিয়াও৷

পংকজ, তোমাৰ মায়ে তোমাৰ ৰিজাল্ট পাই সুখী হৈছেনে এতিয়া?

আকাশ, তুমি কিন্তু ধুনীয়া বাইক চলোৱা৷ আগৰবাৰ ইয়াৰ পৰা ওলাই যাওঁ‌তে মই দেখিলো৷

আমি চাৰৰ ভৰিত ধৰিলো, এইবাৰ সঁ‌চা হৃদয়েৰে৷

ভবিষ্যত কামবোৰ সততাৰে কৰিবা৷ মিছা সহজ, কিন্তু আত্মধ্বংসী

-চাৰে আমাক আশীৰ্বাদ দিলে … তোমালোকৰ ভাল হওক৷

শিক্ষক দিবসৰ এই ক্ষণত চাৰক শ্ৰদ্ধাৰে সুঁৱৰিছো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক