টেলিপেথি – মানবেন্দ্ৰ কুমাৰ শৰ্মা

টেলিপেথিৰ বিষয়ে নুশুনা মানুহ নিশ্চয় খুব কম আছে৷ হেমকোষৰ মতে ই হ’ল অতীন্দ্ৰিয় সংবেদনশীলতাৰ বাবে দূৰত থকা লোকৰ মনোভাৱ বা দূৰত ঘটা ঘটনাৰ কথা কোনো ভৌতিক সংযোগ অবিহনে জানিব পৰা ক্ষমতা৷

ধৰক বহুদিনৰ মূৰত আচম্বিতে বন্ধু এজনৰ কথা আপোনাৰ মনলৈ আহিল; আৰু আশ্চৰ্যকৰভাবে অলপ পিছতে সেই বন্ধুৰ পৰা আপোনালৈ ফোনেই আহিল বা বন্ধুক আপুনি লগেই পালে-সহজ ভাষাত সেয়াই টেলিপেথি৷
কেইবছৰমান আগতে এটা প্ৰৱন্ধত পঢ়িছিলোঁ চাইবেৰীয়া অঞ্চলত ইয়াৰ ওপৰত কৰা এলানি পৰীক্ষাৰ বিষয়ে৷ ডলফিনৰ ( ডলফিনৰে হ’ব লাগে, বা মোৰ ভুল হৈ অইন কিবা সাগৰীয় জীৱো হ’ব পাৰে) পোৱালি কেইটামান চাবমেৰিণত ভৰাই বৈজ্ঞানিকৰ এটা দলে লৈ গ’ল মাকৰ পৰা হেজাৰ মাইল দূৰলৈ৷ তাৰ পিছত মহাসাগৰৰ তলীৰ সেই হিমশীতল পানীৰ মাজত এটা পোৱালি মাৰি পেলালে৷
আৰু অইন এটা বিজ্ঞানীৰ দলে লক্ষ্য কৰিলে যে হেজাৰ মাইল দূৰৈত সাগৰীয় উপকূলত থকা সেই মাতৃয়ে সেই মুহূৰ্ততে আশ্চৰ্যকৰ আচৰণ আৰম্ভ কৰিলে৷
কাকতলীয় প্ৰভাৱ নে টেলিপেথিৰ প্ৰভাৱ তাক নিশ্চয় কৰাৰ বাবে বিজ্ঞানীসকলে এটা এটাকৈ আটাইকেইটা পোৱালি মাৰাৰ মুহূৰ্ততেই মাকজনীয়ে সেই একেই অস্বাভাৱিক আচৰণ দেখুৱাইছিল৷

ভাবি চালে আমাৰ সকলোৰে জীৱনৰ কিছু মুহূৰ্তত এই টেলিপেথিৰ প্ৰভাৱ পৰা যেন লাগে৷
আজিৰ পৰা কেইবছৰমান আগতে মই জে চি বিৰ চাকৰি কৰি থকা সময়ত, এক্সাভেটৰ এটা চাবলৈ যাব লগা হ’ল নাগালেণ্ডৰ তিৰুত থকা কয়লা খনিলৈ৷ সেইবাৰ মই যোৱা ঠাইখিনিৰ স’তে মা আৰু দেউতাৰ আৱেগ জড়িত হৈ আছিল৷ দেউতাৰ চাকৰিকালত তাৰ ওচৰৰ নাগিণীমাৰাত দাদাৰ জন্ম হৈছিল৷
যাতায়তৰ কিছু আসোঁৱাহৰ বাবে এটা ৰাতি মোৰ গন্তব্য স্থানলৈ যোৱা পথৰ অসম-নাগালেণ্ড সীমান্তত থকা কোম্পানীৰ কেম্পতে কটালোঁ৷ কথা হ’ল মেচিন থকা ঠাইৰ পৰা পিছদিনা পুৱা গাড়ী আহি মোক লৈ যাবহি৷
এনেয়ে দিনটোত চাৰি, পাঁচবাৰমান মোবাইলৰে মা আৰু দেউতাৰ লগত কথা পতা হয়৷ সেইদিনাও যোৱাৰ আগতে পুৱা উঠিয়েই দেউতাৰ স’তে প্ৰায় এঘণ্টামান কথা পাতিলোঁ৷ হেঁপাহ পলুৱাই দেউতাই সেই অঞ্চলত আগতে কটোৱা দিনৰ স্মৃতি ৰোমন্থন কৰিলে৷ মই সপোনতো ভাবিব পৰা নাছিলোঁ যে এনেদৰে হেঁপাহ পলুৱাই কথা কোৱা মানুহজনে মোৰ স’তে আৰু কোনোকালে কথা নাপাতিব৷
সঁচৰাচৰ আমাৰ এই মেচিন চলি থকা ঠাইবোৰ মোবাইল নেটৱৰ্ক পৰিসীমাৰ বাহিৰৰ হয়, আৰু মই গম পাইছিলোঁ যে এইবাৰো তাৰ ব্যতিক্ৰম নহয়৷
সেই এক্সাভেটৰৰ সমস্যা চিনাক্তকৰণৰ পিছত ইয়াক ঠিক কৰিবলৈ আৱশ্যক হোৱা নিৰ্দিষ্ট পাৰ্টচ গুৱাহাটীৰ পৰা গৈ পোৱালৈ প্ৰায় দুদিন সময়ৰ দৰকাৰ আছিল৷ আগে-পিচে এনেদৰে অৰুণাচললৈ যাওঁতে কেইবাৰমান ঘৰৰ লগত আঠ-দহদিন মান যোগাযোগ নোহোৱাকৈৱে থাকোঁ; ঘৰলৈ আৰু মা-দেউতালৈ খুব মনত পৰিলেও সিমান অস্থিৰ নহও বা দুশ্চিন্তাও মনলৈ নাহে৷
কিন্তুু প্ৰথমবাৰৰ বাবে সেইবাৰ মই অস্থিৰ হৈ পৰিলোঁ৷ মোৰ এনে লাগিল যেনেকৈৱে নহওক ঘৰৰ লগত কথা পাতিবই লাগিব৷
ৰাতিটো কোনোমতে উজাগৰে কটাই ৰাতিপুৱাই মই তাত থকা মানুহক জনালোঁ, যেনেদৰেই নহওক মোক ফোনৰ সংযোগ থকা ঠাইলৈ নিবই লাগিব৷
তেওঁলোকৰ মেচিন এটা এদিন বেয়াহৈ থকা মানে সময়ত বহু লক্ষ্য টকা লোকচানৰ কথা থাকে গতিকে আমাৰ এই ওজৰ-আপত্তিৰ প্ৰতি গুৰুত্ব নিদিয়াকৈনো কিদৰে থাকে৷
আমি থকা ঠাইৰ পৰা তেওঁলোকৰ সেই অঞ্চলৰ হেড অফিচলৈও অলপ দূৰ আছিল৷ তালৈ কিবাকে খবৰ পঠালে৷
সেই সময়ত তাত বেলেগ গাড়ী নথকা বাবে উপায় নাপায় দহচকীয়া ডাম্পাৰ এখনকে পঠাই দিলে৷
সেইখনত উঠিৱেই নিকটবৰ্তী পি চি অ লৈ গৈ মই সেই মৰ্মান্তিক খবৰটো পালোঁ৷
দহবছৰ আগতে দেউতাৰ প্ৰথম ষ্ট্ৰোক হৈ বাওঁ ফালটোত প্ৰভাৱ পৰিছিল৷ মানুহজন কিবাকৈ সুস্থ হৈ উঠিছিল যদিও এইবাৰৰ ষ্ট্ৰোকে তেওঁৰ সোঁফালটোতো বেয়াকৈ প্ৰভাৱ পেলালে৷
পিছদিনা পুৱা মই ঘৰ পাওঁতে নলবাৰীৰ নাৰ্চিং হোমৰ পৰা ঘূৰাই পঠোৱা দেউতা অথৰ্ব হৈ বিছনাত পৰি আছিল৷
দেউতাৰ মুখৰ মাত নাছিল আৰু চকুও মেলা নাছিল৷ মই কাষ পাই দেউতা দেউতা বুলি মাতোঁতে কিন্তুু দুচকু মেলি চাইছিল; স্পষ্টকৈ দেখিছিলোঁ দুচকুৰে নিগৰি অহা লোটকবোৰ৷
মোৰ গা-পা ধুই ফ্ৰেছ হৈ উঠি ভালদৰে দেউতাৰ কাষত বহি থকাৰ মন আছিল যদিও তেওঁক এৰি যাবলৈ মনত কিবা এটা শংকাও উপজিছিল৷ দেউতাক ক’লোঁ মই যদি গা-পা ধুই আহি তোমাৰ কাষত বহিলেও হয় এবাৰ চকু মেলি পুনৰ মুদি দিয়া৷
দেউতাই তাকেই কৰিলে৷
ইয়াৰ পিছত চিকিৎসাৰ বাবে গুৱাহাটীত থকা আঠদিনতো দেউতাই আৰু এবাৰো চকু নেমেলিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments