এখন তেলেগু বিয়া আৰু কিছু ব্যক্তিগত অনুভৱ (ৰঞ্জু বৰা)

মাঘমহীয়া বতৰ। হাঁহ, মাহ, চিতলেৰে উৰুকাৰ বৰভোজটোৰ লগতে লাৰু পিঠা আৰু মেজিৰে বিহুটিক বিদায় দিয়াৰ পিছতেই আ্হি পৰিল লানি নিছিগা বিয়াৰ নিমন্ত্রণবোৰ। পিছে অসমীয়া নিউজ চেনেলবোৰৰ কৃপাতেই হওক বা স্বকীয় অভিজ্ঞতাৰ ফলতেই হওক কবলৈ বাধ্য হৈছো যে বিহু আৰু বিয়া আজিকালি দুয়োবিধেই বিজতৰীয়া হ’ল। বেয়া হ’ল নে ভাল হ’ল, অতীতত কেনেকুৱা আছিল এতিয়া কেনেকুৱা হ’ল, নতুবা তেনেকুৱা হ’ব লাগিছিল, নে নালাগিছিল এইবোৰ বহু জটিল কথা। সকলো পক্ষৰ সমর্থনত নিজা নিজা যুক্তি আছে। সেইবোৰ কথা আলোচনা কৰিবলৈ গৈ লিখাটোলৈ জটিলতা বঢ়াই লব খোজা নাই। এই লিখনিটোত মাথো মোৰ এটি সৰু অভিজ্ঞতাৰ বিষয়ে ক’ব খুজিছো যিয়ে এবাৰলৈ হলেও মোক ভাবিবলৈ বাধ্য কৰাইছে যে কিয় আমি অসমীয়াসকলে আনৰ ভালটো অনুকৰণ কৰিব নোৱাৰো?…অনুকৰণৰ নামত মাথো বাহ্যিক জাকজমকতাই পর্য্যাপ্ত নে ?…
কিছুদিন আগত অসমৰ এখন বিয়াৰ বিষয়ে শুনিলো। লগতে শুনিলো বিয়াখনৰ আড়ম্বৰতাৰ কথা। অকনমান দূৰসম্পর্কীয় আলহীঘৰৰ বিয়াখনলৈ আমাৰ ঘৰখনো নিমন্ত্রিত আছিল। আচলতে অভ্যর্থনাটো আছিল বিয়াখনৰ এসপ্তাহমানৰ পিছত। অভ্যর্থনাৰ সময় বিয়লি চাৰি বজাৰ পৰা বুলি নিমন্ত্ৰণী পত্রখনত স্পষ্টকৈ লিখা আছিল যদিও তিনিঘন্টামানৰ বাট অতিক্রম কৰি আহি মাহঁত অভ্যর্থনাস্থলীত সময়তকৈ দুঘন্টা আগতে উপস্থিত হ’ল। লগত প্রায় আশীৰ ওচৰা ওচৰি বয়সৰ বৰদেউতা । কেটেৰিঙ পার্টীৰে ভৰি থকা বিশাল হ’লঘৰটোত তেতিয়ালৈ বিয়াঘৰৰ পৰিয়ালৰ মানু্হ এজনো নাছিল। ডেৰঘ্ন্টামান সময় উদং হ’লঘৰটোত ইফাল সিফাল কৰি থকাৰ পিছত লাহে লাহে এটি দুটিকৈ মানু্হ গোট খোৱা আৰম্ভ হ’ল।.. পিছে আচৰিত হোৱাৰ পাল তেতিয়াহে আহি পৰিল যেতিয়া অভ্যর্থনাৰ প্রক্রিয়াটো আৰম্ভ হল। বিয়া নহয় যেন এখন ৰাসথলীহে।..বিভিন্ন দেশীয় আৰু আন্ত:দেশীয় ঠাইক প্রতিনিধিত্ব কৰি প্রায় তিনিশবিধমান ব্যঞ্জনেৰে পৰিপূর্ণ এক ৰাজকীয় দাৱত। দক্ষিন ভাৰতীয়, বেংগলী, পাঞ্জাৱী, হায়দৰাবাদী , গোৱানীজ, চাইনীজ, স্পেনিজ ইত্যাদি ইত্যাদিৰ হেনো প্রায় বিশ পঁচিশখনমান বিভিন্ন ষ্টল। তাৰ লগে লগে থকা মিঠাইবোৰৰ কথা নকলোৱে যেনিবা । মুঠতে আয়োজন দেখি ভাল ভাল খাদ্যৰসিক মানুহো বিচুর্তি খাই যাবলগীয়া কথা । খোৱাৰ লগতে বিয়াখনত বলীউদি নৃত্য-গীতৰ আয়োজনো হেনো আছিল সমানে চাবলগীয়া। পিছে এইবোৰৰ মাজত মূল সমস্যাটো হ’ল বৰদেউতাক লৈ।… আশী বছৰীয়া মানুহজন বুফেৰ থালীখন হাতত লৈ বেংগল, পাঞ্জাৱ, হাইদৰাবাদ, চাইনাৰ মাজত অসম লিখা থকা ষ্টলখন বিচাৰি বিচাৰি হায়ৰান।… সিমানবোৰ নাম নুফুটা আপ্যায়নৰ মাজত পুৰণিকলীয়া হোজা মানুহজনে মাছৰ মূৰৰ থপথপীয়া মুৰিঘন্ট আৰু বিলাহীৰ টক বিচাৰি গলেওনো বা কিটো হব? অৱশেষত কিছুসময় ইফাল সিফাল কৰি থাকি ৰসগোল্লা দুটামানকে খাই হেনো আমাৰ ৰাইজে বিদায় ল’লে।

এই বিয়াখনৰ কিছুদিন আগত এখন তেলেগু লগুনদিয়নীত উপস্থিত আছিলোঁ। তাৰো মাজে মাজে এওঁলোকৰ সৰু সুৰা উৎসৱ পার্বনবোৰত অতিথি হোৱাৰ সুযোগ সুবিধাবোৰও পাই থাকিছিলো। তেলেগুসকলৰ মাজত মাথো আঢ়ৈ বছৰৰ বাবে থাকিলোঁ যদিও সেইকেইদিনতে ভালকৈ বুজি উঠিলো যে তেওঁলোকৰ অনুষ্ঠানসমূহতো আড়ম্বৰতা নথকা নহয়, বৰঞ্চ বহু ক্ষেত্রত আমাতকৈ বেছি যেন  লাগে, কিন্তু তাৰ মাজতেই স্বকীয়তা নি:শেষ হৈ যাবলৈ নিদিয়াটোও এক প্রকাৰ প্ৰশ্ংসাৰে কথা। মন কৰিছিলোঁ তেলেগু লোকসকলে তেওঁলোকৰ প্রত্যেকটো উৎসৱতেই তেওঁলোকৰ পৰম্পৰাগত সাজ-পাৰ আৰু খাদ্যভাষক সন্মান প্রদর্শন কৰাটো একপ্রকাৰ নৈতিক দায়িত্ব বুলিয়েই ভাবিছিল। মই ভাবো কোনো এখন ঠাইৰ সংস্কৃতিৰ প্রথম দ্বাৰখন পাৰ হ’ব পৰা যায় সেই ঠাইখনৰ পৰম্পৰাগত খাদ্যৰ যোগেদি। ই সমগ্র জাতিটোৰ বাবে এখন দাপোণ ও হ’ব পাৰে। মানুহৰ মন হেনো সদায় তুলনাবিলাসী। যিকোনো বস্তুৰে তুলনা কৰিব খোজে নিজৰ সতে, নিজৰ ঠাইখনৰ সতে, নতুবা নিজৰ লগত জড়িত যিকোনো বস্তুৰ সতে। আৰু যেতিয়াই তুলনা হয় তেতিয়াই মনটো সেমেকা হয়। এনেকুৱা বহুত কম সময়তহে হয় যেতিয়া তুলনাই মন প্রফুল্ল কৰে। মইও নিশ্ছয় ইয়াৰ ব্যতিক্রম নহয়। সেয়েহে হয়তো যেতিয়াই আজিৰ এখন অসমীয়া বিয়া আৰু সেই তেলেগু বিয়াখনৰ তুলনা কৰো তেতিয়াই মনটোত বহুত খেলিমেলি প্রশ্ন ই উকমুকনি দিবলৈ আৰম্ভ কৰে। নিঃসন্দেহে ভাৰতবর্ষৰ ভিন ভিন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক আচাৰ বিচাৰ ভিন ভিন। সেয়াই ভাৰতবর্ষৰ সৌন্দর্য্য। আমি সকলোৱে তাক সন্মান কৰো, কৰাটো উচিত। পিছে লোকৰ সংস্কৃতিক আদৰিবলৈ গৈ নিজৰটোক দলিয়াই দিয়াটো জানো উচিত। মই ভাৱো এই বিয়া সবাহ বোৰেই একো একোটা সুযোগ যাৰ সহায়ত আমি আমাৰ সংস্কৃতিক আচাৰ সংস্কাৰ সমুহক সাৰ পানী যোগাই সজীৱ কৰি ৰাখিব পাৰো। পিছে আজি অসমীয়া বিয়া এখনলৈ চকু গলে অনুভৱ হয় কিমান দুখলগা আমাৰ পৰিস্থিতি।

এই সময়ত আমি বাৰু এনেকুৱা এখন অসমীয়া বিয়াৰ কল্পনা কৰিব পাৰোনে যিখন বিয়াত কেৱল অসমীয়া পৰম্পৰাগত খাদ্য নির্ভেজালৰূপত পৰিবেশন কৰা হব, অসমীয়া গীতমাতেৰে এনে এটা পৰিবেশৰ সৃষ্টি কৰা হ’ব যে যিকোনো এজন বহিৰাগত ব্যক্তিয়ে খুৱ ধুনীয়াকৈ কোনো অসুবিধা নোহোৱাকৈ আমাৰ সংস্কৃতিৰ এটি থুলমুল আভাস পাই যাব পাৰিব?…অসম্ভৱ নিশ্চয় নহয় মাথো এটা আৰম্ভণিৰ প্রয়োজন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!