এটা নিশাৰ কাহিনী- দেত টুৱেল্‌ভ আৱাৰ্ছ: মনোজ মন কলিতা

এটা নিশাৰ কাহিনী- দেত টুৱেল্‌ভ আৱাৰ্ছ

মনোজ মন কলিতা

২০১০ চনৰ গ্ৰীষ্মকালৰ সময় তেতিয়া। মাহটো ঠিক মনত নাই। তেতিয়া মই যোৰহাটৰ টোকোলাই চাহ গৱেষণাগাৰত গৱেষক হিচাপে কৰ্মৰত। এটা বিশেষ কামৰ বাবে গুজৰাটলৈ যাবলগীয়া হ’ল, হাতত ছুটী মাত্ৰ এসপ্তাহৰ। সেয়ে আকাশমাৰ্গেৰেই যাত্ৰা কৰাটো উচিত হ’ব বুলি ঠিক কৰিলোঁ। নিৰ্ধাৰিত দিনত মই গুৱাহাটী বিমান-বন্দৰত উপস্থিত হ’লোঁ। এইটোৱেই মোৰ প্ৰথম বিমান যাত্ৰা, সেয়ে মনত অলেখ প্ৰশ্ন আৰু ভয়। তথাপিও মৰণত শৰণ দি ভগৱানৰ নাম লৈ সোমাই পৰিলোঁ বিমান বন্দৰত। সময় তেতিয়া আবেলি ৫ বাজিছিল। সকলো পৰীক্ষা পাৰ কৰি অৱশেষত বিমানলৈ যোৱা মুখ্য দুৱাৰৰ ওচৰ পালোঁগৈ। তেতিয়া হাতত সময় প্ৰায় ডেৰ ঘণ্টামান আছিল, কাৰণ মোৰ বিমানৰ সময় আছিল সন্ধিয়া ৭ বজাত। কি কৰিম/নকৰিম মনতে ভাবি থাকোঁতে ওচৰতে এজন যুৱক দেখিলোঁ। দেখাত অসমীয়া যেনেই অনুভৱ হোৱাত এনেই কথা পতাৰ মানসেৰে চিনাকি হ’লোঁ। নামটো ইয়াত প্ৰকাশ কৰিব বিচৰা নাই মই, সেয়ে ধৰা হওক তেওঁৰ নাম অবিনাশ, অবিনাশ চহৰীয়া; ঘৰ মঙ্গলদৈ চহৰৰ ছিপাঝাৰ অঞ্চলত। তেখেতে মোক জনালে যে তেখেতো আহমেদাবাদলৈ গৈ আছে, অৰ্থাত্‍ মোৰ সৈতে একেই গন্তব্যস্থান। মোৰো শুনি ভালেই লাগিল, একে গাঁৱৰেই ল’ৰা। অ’, এইখিনিতে আপোনাক কৈ থওঁ, মোৰ পুৰণি ঘৰ মঙ্গলদৈত। সেয়ে স্বাভাৱিকতেই এক আত্মীয়তাভাৱ গঢ়ি উঠিল দুয়োৰে মাজত। কথাৰ মাজতেই তেওঁক জনালোঁ যে এইয়া মোৰ প্ৰথম বিমান যাত্ৰা, সেয়ে অলপমান ভয় লাগি আছে। কথাটো শুনি তেওঁ হাঁহিলে আৰু মোক আশ্বাস দিলে যে তেওঁ সহায় কৰিব। মোৰো মনটো ভাল লাগি গ’ল।

অৱশেষত নিৰ্ধাৰিত সময়ত বিমানত উঠিলোঁ, অবিনাশৰ আসন মোতকৈ কিছু পাছত। তথাপিও মনত কিছু সকাহ এয়ে যে অন্ততঃ কোনোবা চিনাকি এজনটো আছে। বিমানখন আছিল ’স্পাইছ জেট’ কোম্পানীৰ। বিমানখনে যেতিয়া গতি ল’বলৈ আৰম্ভ কৰিলে, বুকুখনে ধান বানিবলৈ ধৰিলে। সাতপুৰুষক সুঁৱৰিলোঁ, যেন বিমানখন ক’তো সৰি নপৰে। বিমান যিমানেই ওপৰলৈ উঠিছে, কাণখন যেন গধূৰ হৈ পৰিছে, পেটটো‍ও যেন ওলট-পালট কৰিবলৈ ধৰিলে। আনপিনে ছিট-বেল্ট খুলি বাথৰূমলৈও লৰ দিব নোৱাৰি, পৰিচাৰিকাৰ ধমক খোৱাৰ ভয়। অৱশেষত যেনিবা বিমানখন নিৰ্ধাৰিত উচ্চতাত গৈ স্থিৰ হ’ল। মোৰ অৱস্থাটো ভালকৈ উপভোগ কৰি আছিল অবিনাশে। মাজতে এবাৰ মোৰ কাষলৈ আহি ভয় নকৰিবলৈও কৈ গ’ল। কিছুসময় পাছত অৱশ্যে সকলো ভয় উৰা মাৰিলে। আমি প্ৰায় ৫৫ মিনিট পাছতেই কলিকতা পালোঁগৈ। আকাশমাৰ্গৰ পৰা কলিকতা চহৰৰ সেই নৈসৰ্গিক দৃশ্য উপভোগ্য। কিছুসময় কলিকতা বিমানবন্দৰত ৰোৱাৰ পাছত বিমানখন এইবাৰ উৰা মাৰিলে আহমেদাবাদলৈ বুলি। নিশা প্ৰায় ১২ মান বজাত বিমানখনে অৱতৰণ কৰিলে আহমেদাবাদ চহৰত। কনভেয়ৰ বেল্টৰ পৰা বেগটো লৈ বাহিৰলৈ ওলাই আহিলোঁ। মনতে ভাবিলো, এতিয়াহে বিপদত পৰিলোঁ। কাৰণ ইয়াৰ পাছত মই যাব লাগিব ভাৱনগৰলৈ, আৰু আহমেদাবাদৰ পৰা বাছেৰে প্ৰায় ৩ ঘণ্টামানৰ দূৰত্বত ভাৱনগৰ। আহমেদাবাদৰ পৰা নিশা কোনো বাছ নাছিল, পুৱাহে বাছ পোৱা যায়। ভাৱনগৰত থকা মোৰ চিনাকি ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য দাদাই মোৰ কাৰণে বাছৰ ব্যৱস্থা কৰিব বুলি আগতেই মোক কৈ থৈছিল, কিন্তু লেঠাটো লাগিল সেইখিনিতেই। সেই সময়ত অসমৰ মোবাইলৰ প্ৰিপেইদ ব্যৱস্থাত ৰ’মিং সুবিধা নাছিল। সেয়ে মই ধ্ৰুৱদাক ফোন কৰিবলৈ মোবাইলৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ, আৰু তেওঁক ফোন কৰি বাছৰ সময় কেইটাত বুলি সুধিবলৈও তেতিয়া নিশা এপৰ হৈছিল। আনপিনে মোৰ প্ৰথম বিমান যাত্ৰাৰ তথা অকলশৰে প্ৰথম অসমৰ বাহিৰলৈ যোৱাৰ বাবে অতিমাত্ৰা চিন্তাত ভোগা মোৰ আজলি মাৰ কথা নকলোৱেই যেনিবা। মুঠৰ ওপৰত সমস্যাই মোক লগ নেৰা হ’ল।

তেনেতে ক’ৰবাৰ পৰা অবিনাশ আহি ওলালহি। তেওঁ মোক সুধিলে-
:কলিতা! কি হ’ল! ভেবা লাগি কি চাই আছে! এতিয়া কি প্লেন?’

মই অৱশ্যে তেওঁক জনোৱা নাছিলোঁ যে মই ভাৱনগৰলৈ গৈ আছোঁ বুলি, এদিনৰ চিনাকি লোক এজনক সকলো কথা খুলি কৈ দিবলৈ অলপ সংকোচো আছিল মনত। কওঁ নকওঁকৈ মুখখন মেলিলোঁ আৰু,
:এঃ, মোৰ আচলতে গন্তব্যস্থান ভাৱনগৰহে। এতিয়া এই নিশা কি কৰোঁ তাকেহে ভাবি আছো, দাদা এজনে বাছ ঠিক কৰি থ’ব বুলি কৈছিল কিন্তু সময়টো কেতিয়া সেইটোহে জনা নহ’ল। তেওঁক ফোন কৰাৰো একো উপায় নাই, মানে ওচৰে-পাজৰে একো ব্যৱস্থা দেখা নাই।’

নিশা বহু হোৱা বাবে প্ৰায় সকলোবোৰ বিমানেই আহমেদাবাদ আহি পাইছিল আৰু সেয়ে দোকান-পোহাৰ বোৰো প্ৰায় বন্ধ আছিল। মোৰ অৱস্থাটো দেখি অভিনাশে মাত মাতিলে-

:বেয়া নোপায় যদি মই আপোনাক সহায় কৰিব পাৰিম। মোৰ গন্তব্যস্থান ইয়াৰ পৰা সিমান আঁতৰত নহয়, এতিয়া গ’লেও পামগৈ আৰু পুৱা গ’লেও পামগৈ। সেয়ে আপোনাৰ যদি অসুবিধা হৈছে তেন্তে মই আপোনাক থকাৰ বাবে হোটেলত এটা কোঠাৰ ব্যৱস্থা কৰি দিব পাৰিম, আৰু মইও আপোনাৰ লগতেই নিশাটো পাৰ কৰি দিব পাৰিম।’

কথাটো মোৰ বেয়াও নালাগিল, কিন্তু সিমান এটা সুবিধাজনকো নালাগিল। এজন এদিনীয়ালোকৰ সৈতে কিদৰে এটা নিশা পাৰ কৰোঁ বাৰু! তথাপিও আন একো উপায় নেদেখি তেওঁক ‘হাঁ’ কৈ দিলোঁ। আমি দুয়ো এখন অটোৰিক্সা ভাড়ালৈ লৈ ওলাই পৰিলোঁ হোটেলৰ সন্ধানত। তেওঁ এই ঠাইত থকা বহুত দিনেই হ’ল, সেয়ে পাকৈত গাইডৰ দৰে মোক এটা গলিলৈ লৈ গ’ল। অ’টোৰ পৰা নামিয়ে দেখিলোঁ এক অন্ধকাৰ গলি, ঠিক হিন্দী চিনেমাত দেখুওৱা সেই সঘনাই অপৰাধ হৈ থকা গলিসমূহৰ দৰে। মনতে নেদেখাজনক এটা সাষ্টাংগে প্ৰণিপাত জনালোঁ আৰু মনতে ভাবিলো ’প্ৰভু এই নিশাটোত মোক আৰু উত্তেজনা নিদিবা’। অনুগতৰ দৰে মইও তেওঁৰ পিছ ল’লোঁ।

এটা সময়ত এখন হোটেলত সোমালোঁগৈ। নামফলকৰ ওপৰত চালৰ পানীলাউৰ দৰে চিপ লৈ ওলমি আজি যাওঁ/কালি যাওঁ কৈ থকা টিউবলাইটোৰ তিৰবিৰণিত হোটেলৰ নামটো‍ও ভালকৈ পঢ়িব নোৱাৰিলোঁ। কাউণ্টাৰত গৈ দেখিলো প্ৰকাণ্ড লোক এজন, মুখত নাই এটা হাঁহি, যেন কোনোবাই অলপ আগতে তেওঁক হঁহাৰ বাবদ জৰিমনাহে ভৰালে। ৭০০ টকাত কোঠা এটা বন্দোবস্ত কৰিলোঁ। মোৰ সেই নিশা ১:৩০ বজাত ভাতৰ পাহাৰ খহোৱাৰ কোনো হেঁপাহ নথকাত অবিনাশৰ বাবেই ভাতৰ অৰ্ডাৰ দিলোঁ। বন্দোবস্ত কৰা সময়ত কোৱা হৈছিল কোঠাটো শীত-তাপ নিয়ন্ত্ৰিত আৰু টি.ভি.ও আছে, কিন্তু প্ৰৱেশ কৰি দেখিলোঁ যে টি.ভি. ৰখা মেজখন উদং হৈ পৰি আছে আৰু শীত-তাপ নিয়ন্ত্ৰণৰ নামত কিবা এটা ওলমাই থৈছে। অভিনাশ আছিল অলপ গৰম তেজৰ, একে চোঁচাই কাউণ্টাৰ পালেগৈ টি.ভি. এটা বিচাৰি। বিচাৰ খোচাৰ কৰাত গম পালোঁ আমাৰ কোঠাৰ টি.ভিটো নিশা চকিদাৰি কৰিবলৈ অহা লোককেইজনে নিজৰ কব্জালৈ লৈ গৈছে, তেওঁলোকৰ মন্তব্য ‘এই নিশা আপোনালোকে টি.ভি. চাই কি কৰিব ? আমি গোটেই নিশাটো পহৰা দিব লাগিব, সেয়ে আমাক টি.ভি.টো লাগে।’ অবিনাশে নেৰে, তেওঁলোকে নিদিয়ে। অৱশেষত যেনিবা হোটেলৰ মালিকৰ হস্তক্ষেপত টি.ভি টো আমাৰ হাতলৈ আহিল। তেতিয়া প্ৰায় ২ বাজিল। মইও তাকেই ভাবি আচৰিত হৈছিলোঁ যে অবিনাশে এই নিশা দুই বজালৈ টি.ভি.ৰ বাবে কিয় যুঁজ বাগৰ কৰি আছে! কিন্তু পাছত ভাবিলোঁ, যিহেতু টি.ভি., এ.চি. আছে বুলিয়েই ৭০০ টকা ল’লে আমাৰ পৰা তেনেস্থলত এই সুবিধাখিনি আমি কিয় এনেকৈ হাতৰ পৰা যাবলৈ দিম। টি.ভি.ৰ যুঁজখন সামৰি আমিও কোঠাত সোমালোহি।

মুখ-হাত ধুই এনেয়ে টি.ভি.টো মেলি লৈছিলোঁহে মাত্ৰ, তেনেতে দুৱাৰত টোকৰ পৰিল। আমি দুয়ো দুয়োলৈ চালোঁ প্ৰশ্নবোধক দৃষ্টিৰে। অভিনাশেই দুৱাৰখন খুলিবলৈ উঠি গ’ল। দুৱাৰখন খুলিছেহে মাত্ৰ তেনেতে সেই নৈশ চকীদাৰ কেইজনৰ এজনে লাহেকৈ মাত দিলে-
‘দাদা, টি.ভি.টো চোৱা হ’ল নেকি ! ২:৩০ বাজিবৰ হ’ল। আপোনালোকৰ শুবৰ হ’ল যদি আমাক দিয়কনা টি.ভি.টো।’

হাঁহিমেই নে কান্দিমেই একো ভাবি নাপাই অভিনাশ আৰু মই তেওঁক শীতল মগজুৰে জনাই দিলোঁ যে আমি হোটেল এৰিলেহে তেওঁলোকে টি.ভি.টো পাব। উদাস মনেৰে তেওঁ উভতি গ’ল। মইও শুবলৈ বুলি বিছনাত উঠি দিলো। টোপনিয়ে হেঁচি ধৰিছিলহে মাথোঁ তেনেতে কাৰোবাৰ বিকট চিঞৰ শুনি সাৰ পাই গ’লোঁ। চকু মেলি দেখিলো অবিনাশে মোবাইলত কাৰোবাৰ সৈতে কথা পাতি আছে। তেওঁৰ হাতত মোবাইলটো দেখি চিধাই মোৰ মনলৈ আহিল- ‘চেঃ, এওঁকেইচোন মোবাইলটো খুজিব পাৰিলোঁহেঁতেন!’ কিন্তু পাছমূহুৰ্তত মনলৈ আহিল সেই চিঞৰটোৰ কথা, তেওঁলৈ চকু যোৱাত দেখিলোঁ তেওঁ উচুপি আছে। মই সাৰ পাই যোৱা দেখি তেওঁ ফোনটো কাটি দিলে আৰু মোক অসুবিধা দিয়াৰ বাবে ক্ষমা খুজিলে। মই ‘কোনো কথা নাই, আপুনি কৰিব পাৰে’ বুলি কোৱাত তেওঁ আহি মোৰ কাষত বহি ল’লে। মোৰ কপালৰ প্ৰশ্নবোধক চিহ্ন দেখি তেৱেঁই আৰম্ভ কৰিলে তেওঁৰ দুখৰ কাহিনী।

গুজৰাটলৈ চাকৰিসূত্ৰে আহিছিল তেওঁ এবছৰ পূৰ্বেই। তেওঁৰ এজনী প্ৰেমিকা আছিল, দুৰ্দান্ত প্ৰেম আছিল দুয়োৰে মাজত। কিছুমাহলৈ সকলো কথা সুকলমেই চলি গৈ আছিল। কিন্তু লাহে লাহে তেওঁলোকৰ মাজত হেনো মত-বিৰোধ হ’বলৈ ধৰে আৰু অৱশেষত কাজিয়াই দিনে-নিশাই দুয়োকে অশান্তি দি থকাত অভিনাশ ঘৰলৈ উভতি গৈছিল সকলো কথা ঠিক কৰিবলৈ। কিন্তু তালৈ গৈ দেখিলে তেওঁৰ প্ৰেমিকা এতিয়া আন কাৰোবাৰ হৈ গ’ল। বহু কাকূতি-মিনতি কৰাৰ পাছতো প্ৰেমিকাৰ মন নগলিল। উদাস মন লৈয়ে অবিনাশ উভতি আহিল গুজৰাটলৈ, আৰু উভতনি যাত্ৰাত এতিয়া মোৰ সৈতে নিশা যাপন কৰি আছে। তেওঁ আচলতে এজন বন্ধুৰ সন্ধানত আছিল যাৰ সৈতে নিজৰ মনৰ কথাবোৰ আলোচনা কৰিব পাৰে, মোৰ মাজত সেই বন্ধু আৰু নীৰৱ শ্ৰোতাজন বিচাৰি পাই তেওঁ মোৰ সৈতে নিশা কটাবলৈও ৰাজী হৈ গ’ল। কথাষাৰ শুনি মই কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাব লাগে সঠিককৈ ভাবি নাপালো। সেৰেঙা হাঁহি এটাৰ বাদে আন একোৱেই দিব নোৱাৰিলোঁ তেওঁক। এপিনে মোৰ মগজু তোলপাৰ লগাই থকা মোৰ নিজৰেই ইমানবোৰ সমস্যা আৰু আনপিনে অবিনাশৰ দুখলগা কাহিনী। তেওঁ মোক তেওঁৰ কাহিনী শুনাই আৰু মোৰ পৰা উপদেশ তথা সান্ত্বনা লাভ কৰি পুনৰ সেই প্ৰেমিকা(!)গৰাকীৰ সৈতে ফোনত কথা পতাত ব্যস্ত হৈ পৰিল। ওৰে নিশা তেওঁৰ উচুপনি আৰু আস্ফালন চলিয়েই থাকিল। টোপনি যাবলৈ ব্যৰ্থ চেষ্টা কৰি অৱশেষত হতাশ হৈ উঠি পৰিলোঁ বিছনাতে। বাহিৰলৈ চকু যোৱাত দেখিলো ৰাতি পুৱাবৰ হৈছে। মুখ হাত ধুই এনেই দুপাকমান কোঠাটোত খোজ কাঢ়িলোঁ, তেনেতে চকু গ’ল অবিনাশৰ ভাতৰ পাতলৈ। নিৰ্বিকাৰ হৈ তাতেই পৰি ৰ’ল সকলো বস্তু, মাথো কোঠাটোত সিঁচৰতি হৈ পৰি ৰ’ল চিগাৰেটৰ টুকুৰাসমূহ। মনতে ভাবিলোঁ ‘কি বস্তু এই প্ৰেম? যিয়ে মোক গোটেই নিশা শুবলৈ নিদিলে, সেয়া! নে যিয়ে অবিনাশক ভাত খাবলৈ নিদিলে, সেয়া! নে এই যে এজন অচিনাকি লোকক ইমান আত্মীয়তাৰে নিজৰ সকলো কথা জনাবলৈ সাহস দিলে, সেয়া?’ একো বুজি নাপাই মই মোৰ বেগটো সামৰি যাবলৈ বুলি সাজু হ’লোঁ। ওৰেটো নিশা উচুপি উচুপি অবিনাশৰ চকুহাল ফুলি উঠিছিল। মোক যাবলৈ সাজু হোৱা দেখি তেওঁ ফোনটো সামৰিলে আৰু যাবলৈ সাজু হ’ল। কাউণ্টাৰত আহি যেতিয়া বিল দিবলৈ সাজু হ’লোঁ তেতিয়া গম পালোঁ আমাৰ বিল ৮০০ টকা হৈছেগৈ, কাৰণটো হ’ল অবিনাশৰ বাবে দিয়া ভাতৰ অৰ্ডাৰটো। মুখেৰে একো মাত নামাতি দুয়ো সমানেই পইছা দি ওলাই আহিলোঁ, হয়তো কাৰো মনত সিমান শক্তিয়েই নাছিল যে আমি ওলোটাই প্ৰশ্ন কৰিম- ’এবাটি দাইল, এবাটি আলু-ভাজি আৰু এবাটি ভাতৰ দাম ১০০ টকা?’

কিছুদূৰ আগুৱাই আহি দুয়ো দুয়োকে সাৱটি বিদাই দিলোঁ। মোক অ’টো এখনত উঠাই অবিনাশ ৰাওনা হ’ল ৰেল ষ্টেচনৰ অভিমুখে। মোৰো ভাগ্য ভাল আছিল যে সময় মতে মানে পুৱা ৭ বজাত বাছ আস্থান পালোঁহি, আৰু তাৰ ক্ষন্তেক পাছতেই মানে ৭:১০ ত ধ্ৰুৱদাই মোৰ বাবে ঠিক কৰি থোৱা বাছখনে আহমেদাবাদ চহৰ এৰিলে। ওৰেটো নিশা উজাগৰে কটোৱা বাবে গুজৰাটৰ শীত-তাপ নিয়ন্ত্ৰিত আধুনিক অত্যাধুনিক বাছত নিজকে এৰি দিলোঁ। মসৃণ পথ হোৱা বাবে বাটত এবাৰো সাৰ নোপোৱাকৈ ভাৱনগৰ পালোঁহি। বাছৰ পৰা নামিয়ে ধ্ৰুৱদাক দেখিলোঁ। মোৰ বাবে তেওঁ বহু আগৰে পৰাই ৰৈ আছিল, তেওঁৰ চেহেৰা দেখিয়েই বুজিলোঁ মোৰ পৰা ওৰে নিশা একো খবৰ নাপাই তেওঁ চিন্তা কৰি আছিল। হাঁহি এটা মাৰি যেতিয়া তেওঁৰ ওচৰ পালোঁ তেওঁ মোক ক’লে-

‘তুমি মানুহ মাৰিবাহে! কালিৰে পৰা ফোন এটা নাই, আৰু আনপিনে তোমাৰ মা-দেউতাই মোক কালিৰে পৰা ফোন কৰি কৰি পাগল কৰি দিছে। সোনকালেই তুমি এটা ঘৰলৈ ফোন কৰা।’

ধ্ৰুৱদাৰ কথাবোৰ তেতিয়া মোৰ কাণত সোমোৱা নাছিল, মনত মই ভাবি আছিলোঁ সেই নিশাটোৰ কথা। কেতিয়াও পাহৰিব নোৱাৰা সেই বাৰটা ঘণ্টাৰ কথা।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
1 year ago

ভাল লাগিল

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক