সুখী ৰাজকোঁৱৰজন ** মূল: The Happy Prince অস্কাৰ ৱাইল্ড ** অনুবাদ: মিতালী বৰ্মন

The Happy Princeচহৰখনৰ আটাইতকৈ ওখ ঠাইডোখৰতে ৰাজকোঁৱৰজনৰ মূৰ্তিটো ঠিয় হৈ আছিল। ৰাজকোঁৱৰজনৰ গোটেই মূৰ্তিটো সোণেৰে সজা আৰু তেওঁৰ চকুদুটা নীলা আৰু কঁকালখন ৰঙা ৰত্নৰে খচিত হৈ আছিল। সকলোৱে ইমান মূল্যবান মণি-মুকুতাই আৱৰি থকা ৰাজকোঁৱৰৰ মূৰ্তিটো দেখি তেওঁক সুন্দৰ আৰু সুখী বুলিয়ে ধাৰণা কৰি লৈছিল।

“তোমালোক কিয় সেই সুখী ৰাজকোঁৱৰজনৰ দৰে নোহোৱা?”—যেতিয়া ল’ৰাবোৰে কান্দে তেতিয়া সিহঁতৰ মাকহঁতে এইদৰে কয়।
দুখীজনে আকৌ মূৰ্তিটোলৈ চাই কয়, “কোনোবা যে অন্ততঃ এই পৃথিৱীত সুখী, তাকে দেখি মই সন্তোষ লাভ কৰোঁ।”

কোনোবা এনিশা এটি সৰু চৰাই অকলে চহৰখনৰ মাজেৰে উৰি গৈ আছিল। তাৰ লগৰ আনবোৰ চৰাই তেতিয়া ইজিপ্তলৈ গুচি গৈছে। “আজি নিশাটো মই ক’ত কটাব পাৰিম?” বুলি চৰাইটোৱে ভাবি থাকোঁতেই সি সুখী ৰাজকোঁৱৰৰ মূৰ্তিটো দেখা পালে। মনতে ভাবিলে, “আজিৰ নিশাটো মই ইয়াতে কটাব পাৰিম। এইটো যথেষ্ট ওখ, সেয়েহে ইয়াত বহুল পৰিমাণে মুকলি বতাহ পোৱা যাব।”

চৰাইটো ৰাজকোঁৱৰৰ মূৰ্তিটোৰ ভৰি দুখনৰ মাজতে উৰি আহি পৰিলহি। সি ৰং পাই ভাবিলে, “বাঃ আজি মোৰ এটা সোণৰ শোৱা খোটালি আছে।” এইবুলি সি মূৰটো পাখি দুখনৰ মাজত গুজি দিবলৈ লওঁতে ডাঙৰ পানীৰ টোপাল এটা তাৰ গাত পৰিল।

ওপৰলৈ চাই সি আচৰিত হৈ ভাবিলে, “কি আচৰিত! আকাশত অকণো ডাৱৰ নাই, অথচ বৰষুণ সৰিবলৈ আৰম্ভ কৰিছে। আকৌ এটোপাল পানী পৰাৰ পাছত সি ভাবিলে, “যিটো মূৰ্তিৰ তলত আশ্ৰয় লোৱাৰ পাছতো মূৰ্তিটোৱে মোক বৰষুণৰ পৰা সুৰক্ষা দিব নোৱাৰে সেইটো মূৰ্তিৰ তলত মই নথকাই শ্রেয়। মই অন্য কোনো ঠাইহে বিচাৰি লোৱা যুগুত হ’ব।” এইবুলি সি উৰি যাবলৈ সিদ্ধান্ত ল’লে। উৰি যাবলৈ তাৰ দুপাখি মেলাৰ মুহূৰ্ততে তৃতীয় টোপাল পানী তাৰ গাত পৰিল। ওপৰলৈ মূৰ তুলি চাই সি আচৰিত হৈ গ’ল।

অহ্, এয়া সি কি দেখিছে? সুখী ৰাজকোঁৱৰজনৰ চকুযুৰি লোতকেৰে উপচি পৰিছে। অশ্ৰুকণাবোৰ তেওঁৰ সোণালী দুগালেৰে বৈ আহিছে। ৰাজকোঁৱৰজনৰ মুখখন মাজনিশাৰ জোনৰ পোহৰত চিকমিকাই খুব শুৱনি দেখা হৈছিল। দুগালেৰে লোতক বৈ অহা ৰাজকোঁৱৰৰজনলৈ চৰাইটোৰ অন্তৰে হাঁহাকাৰ কৰি উঠিল।

“তুমি কোন?” চৰাইটোৱে সুধিলে।
“ময়েই সুখী ৰাজকোঁৱৰজন।”
“তেন্তে তুমি কিয় কান্দিছা? তোমাৰ চকুলোৰে মই তিতি গৈছোঁ।”
“মই যেতিয়া জীয়াই আছিলোঁ, মোৰো আন মানুহৰ দৰে এখন হৃদয় আছিল।” ৰাজকোঁৱৰে ক’বলৈ আৰম্ভ কৰিলে, “কিন্তু মই জনা নাছিলোঁ, চকুপানী মানে কি! মই এনে এক প্ৰাসাদত জীৱন নিৰ্বাহ কৰিছিলোঁ য’ত দুখৰ কোনো লেশ নাছিল। দিনৰ ভাগত মই বাগিচাত মোৰ বন্ধু-বান্ধৱৰ স’তে খেলিছিলোঁ আৰু সন্ধিয়াৰ সময়ছোৱা মই নাচি-বাগি কটাইছিলোঁ। এখন প্ৰকাণ্ড প্ৰাচীৰে বাগিচাখনৰ চাৰিওফাল আগুৰি আছিল। কিন্তু মই জনা নাছিলোঁ প্ৰাচীৰখনৰ সিটো পাৰে কি আছিল! সেইবাবে সকলোৱে মোক সুখী ৰাজকোঁৱৰ বুলি সম্বোধন কৰিছিল। মই মোৰ সৰু পৃথিৱীখনতে সুখী আছিলোঁ। এতিয়া মই মৃত আৰু তেওঁলোকে মোক মৃত্যুৰ পাছত এই ওখ ঠাইডোখৰতে স্থান দিলে। ইয়াৰ পৰা মই মোৰ চহৰৰ সকলোবোৰ দুখ দেখা পাওঁ। এতিয়া মোৰ হৃদয়খন মাথোঁ এডোখৰ সস্তীয়া ধাতুৰে গঢ়া। তথাপিও কিন্তু দুখবোৰ ধাতুৰে গঢ়া এই সন্তাপিত হৃদয়ে অনুভৱ কৰিব পাৰে আৰু সেইবাবে মই কান্দোঁ।”
“অহ” চৰাইটোৱে নিজকে ক’বলৈ ধৰিলে, “তেওঁ গোটেইটো সোণৰ নহয়— মাথোঁ বাহিৰৰখিনিহে সোণেৰে সজা।”
“ইয়াৰ পৰা কিছু নিলগৰ এটা বাটৰ দাঁতিত এটা সৰু জুপুৰি ঘৰ আছে।” ৰাজকোঁৱৰে পুনৰ ক’বলৈ আৰম্ভ কৰিলে। “জুপুৰিটোৰ খোলা খিড়িকীৰে এখন মেজত এগৰাকী মহিলাক মই দেখা পাইছোঁ। তাইৰ মুখখন খুব ক্ষীণ আৰু হাতদুখন ৰঙা আৰু খহটা। তাই ৰজাৰ প্ৰাসাদত হ’বলগীয়া এটি নৃত্যানুষ্ঠানৰ ৰাণীৰ সহযোগীসকলৰ বাবে কাপোৰ বৈ আছে। তাইৰ কণমানি পোনাটো কোঠাটোৰ এচুকৰ বিচনাখনত পৰি কান্দি আছে। তাৰ বৰ অসুখ! তাৰ মাকে তাক নদীৰ পানীৰ বাহিৰে খাবলৈ আন একো দিব নোৱাৰে। হেৰা সৰু চৰাইটি, তুমি মোৰ ৰঙা মাণিকটো তাইৰ ওচৰলৈ লৈ যাবা নে? মই যে ইয়াৰ পৰা এখোজো লৰচৰ কৰিব নোৱাৰোঁ!”
“মোৰ লগৰীয়াবোৰে মোৰ বাবে ইজিপ্তত অপেক্ষা কৰি আছে।” সৰু চৰাইটিয়ে কৈ উঠিল।
“সৰু চৰাইটি, অ’ সৰু চৰাইটি” ৰাজকোঁৱৰে ক’বলৈ ধৰিলে, “অনুগ্ৰহ কৰি মাথোঁ এটা নিশা মোৰ লগত কটোৱা আৰু মোৰ বাবে এই কামটো কৰি দিয়া। কণমানি পোনাটোৱে কান্দি আছে আৰু তাৰ মাকে তাৰ কান্দোন দেখি বৰ কষ্ট পাইছে।”

সুখী ৰাজকোঁৱৰজনৰ মুখখন দুখত মোলান পৰি যোৱা দেখি চৰাইটিও ৰাজকোঁৱৰৰ দুখত পমি গ’ল। “আজি ইয়াত অতিপাত জাৰ পৰিছে” চৰাইটিয়ে ক’বলৈ ধৰিলে, “তথাপিও মই তোমাৰ লগত এনিশাৰ বাবে থাকিম। কালিলৈ মই ৰঙা মাণিকটো লৈ তাইৰ ওচৰলৈ যাম।”
“ধন্যবাদ, সৰু চৰাইটি।” ৰাজকোঁৱৰজনে শলাগিলে।

*

চৰাইটিয়ে ৰাজকোঁৱৰৰ কঁকালৰ পৰা সেই প্ৰসিদ্ধ ৰঙা মাণিকটো লৈ চহৰখনৰ ওপৰেৰে উৰি যাবলৈ ধৰিলে। সি ৰজাৰ প্ৰাসাদৰ ওপৰেৰে উৰি যাওঁতে নৃত্য-গীতৰ ধ্বনি শুনা পালে। প্ৰাসাদৰ খিড়িকী এখনৰ মুখত প্ৰেমিকৰ স’তে এজনী সুন্দৰী যুৱতীক সি দেখা পালে। যুৱতীগৰাকীয়ে কৈ আছিল, “আশা কৰোঁ, অহা সপ্তাহত হ’বলগীয়া নৃত্যানুষ্ঠানৰ বাবে মোৰ পোচাকযোৰ সাজু হৈ উঠিব। সেই শিপিনীকেইগৰাকী বৰ লেহেম।”

চৰাইটি উৰি উৰি নদীখন পাৰ হৈ গ’ল আৰু উৰি গৈ থাকিল। অৱশেষত সি সেই জুপুৰি ঘৰটো পালে আৰু ভিতৰলৈ জুমি চালে। কণমানি পোনাটি বিচনাখনতে পৰি আছিল। তাৰ মাকজনীৰ ইমান ভাগৰ লাগিছিল যে টোপনিত লালকাল হৈ আছিল। চৰাইটি ভিতৰলৈ সোমাই গ’ল আৰু সেই প্ৰসিদ্ধ ৰঙা মাণিকটো মেজখনতে থৈ দিলে। তাৰ পাছত সি বিচনাখনৰ ওচৰলৈ গৈ উৰি উৰি পোনাটিৰ মুখখনত তাৰ ডেউকা কোবাই কোবাই বতাহৰ বা দিবলৈ ধৰিলে।

“আস্! মোৰ মুখখন এতিয়া আৰু ইমান গৰম যেন লগা নাই। মই লাহে লাহে সুস্থ হ’বলৈ লৈছোঁ।” এইবুলি কৈ পোনাটি শুই পৰিল।

তাৰপাছত চৰাইটি সুখী ৰাজকোঁৱৰৰ ওচৰলৈ উৰি উৰি উভতি আহিল।
“কি আচৰিত!”— চৰাইটিয়ে ক’লে, “ইয়াত এতিয়া ইমান জাৰ, কিন্তু মই যথেষ্ট উত্তাপহে অনুভৱ কৰিছোঁ।”
“কাৰণ, তুমি এটা ভাল কাম কৰি আহিছা।”, সুখী ৰাজকোঁৱৰে ক’লে।
কিছুপৰৰ পাছতে সৰু চৰাইটি টোপনিত ধলি পৰিল।

*

সূৰ্য উদয়ৰ পাছত চৰাইটি নদীখনলৈ উৰি গ’ল। এজন বুদ্ধিমান মানুহে তাক দেখা পাই মনতে ভাবিলে, “এয়া খুব অগতানুগতিক। এনেকুৱা চৰাই! ইয়াত! ইমান জাৰত!! এই কথাষাৰ মই নিশ্চয় টোকাবহীত টুকি ৰাখিব লাগিব।”

“মই আজি নিশা ইজিপ্তলৈ যাম।” চৰাইটিয়ে ভাবিলে।

যেতিয়া আকাশত জোনে মিচিকিয়ালে তেতিয়া চৰাইটি উৰি গৈ ৰাজকোঁৱৰৰ ওচৰ পালেগৈ। “ইজিপ্তত মই তোমাৰ বাবে কিবা কৰি দিব লাগিব নেকি?” সি ৰাজকোঁৱৰক সুধিলে।
“সৰু চৰাই অ’ সৰু চৰাই”, ৰাজকোঁৱৰজনে ক’বলৈ ধৰিলে, “অনুগ্ৰহ কৰি তুমি মোৰ স’তে আৰু এটি নিশা কটাবা নে?”
“মোৰ লগৰীয়াবোৰে মোৰ বাবে অপেক্ষা কৰি আছে।” চৰাইটিয়ে উত্তৰ দিলে।
“চহৰখনৰ পৰা কিছু নিলগত এটা ঘৰৰ ওপৰৰ সৰু কোঠালি এটাত মই এজন উঠি অহা ডেকা লিখক দেখা পাইছোঁ।”, ৰাজকোঁৱৰে ক’বলৈ ধৰিলে, “কাগজেৰে পৰিপূৰ্ণ হৈ থকা এখন মেজৰ সন্মুখত তেওঁ বহি আছে। তেওঁৰ ওচৰতে আছে কেইপাহমান মৰহি যোৱা ফুল। তেওঁ তেওঁৰ কাহিনীটো লিখি শেষ কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু তেওঁক জাৰে হেঁচা মাৰি ধৰা বাবে তেওঁ কলম তুলি ল’বলৈ ব্যৰ্থ হৈছে। তেওঁৰ কোঠালিত জাৰ নিবাৰণ কৰিব পৰাকৈ জুই একুৰাও জ্বলাই থোৱা নাই। তেওঁ ভোকাতুৰ আৰু দুৰ্বল।”
“মই তোমাৰ স’তে আৰু এটা নিশা পাৰ কৰিম।”, চৰাইটিয়ে ক’লে, “তেওঁৰ বাবে মই কি লৈ যাব লাগিব?”
“তেওঁৰ বাবে মোৰ এটা চকু লৈ যোৱা।”, ৰাজকোঁৱৰে ক’লে, “সেই দুটা ভাৰতবৰ্ষৰ পৰা অনা ধুনীয়া নীলা ৰত্নেৰে সজোৱা হৈছে। ডেকা মানুহজনে সেইটো বিক্ৰী কৰিব পাৰিব আৰু নিজৰবাবে প্ৰয়োজনীয় খাদ্য আৰু কাঠ কিনিব পাৰিব। লগতে তেওঁৰ কাহিনীটোও শেষ কৰিব পাৰিব।”
“তোমাৰ চকু উলিয়াই নিম?”, চৰাইটিয়ে চিঞৰি উঠিল। “মৰমৰ ৰাজকোঁৱৰ, মই সেই কাম কৰিব নোৱাৰিম।” বুলি হুকহুকাই সি কান্দিবলৈ ধৰিলে।
“তাকেই কৰা।”, ৰাজকোঁৱৰে ক’লে।

ৰাজকোঁৱৰে কোৱাৰ দৰে চৰাইটিয়ে তেওঁৰ এটা চকু উলিয়াই লৈ উৰি উৰি গৈ সেই মানুহজনৰ কোঠালিটো পালেগৈ। মানুহজনৰ কোঠালিটোলৈ সোমাই যোৱাটো চৰাইটিৰ বাবে বৰ সহজ আছিল, কাৰণ তেওঁৰ ঘৰৰ চালখনত এটা ফুটা আছিল। মানুহজনে মূৰে-কপালে হাত দি বহি ভাবনাত মগ্ন হৈ আছিল বাবে চৰাইটিৰ ডেউকাৰ ঢপঢপনি শুনা নাপালে। যেতিয়া তেওঁ মূৰ তুলি চালে তেওঁৰ কোঠালিৰ মৰহি যোৱা ফুলকেইপাহৰ ওপৰতে সেই ধুনীয়া নীলা ৰত্নটো দেখা পালে।

“কোনোবাই নিশ্চয় মোৰ কাহিনীটো ভাল পাইছে।”, তেওঁ আনন্দত কান্দি উঠিল, “যিয়ে মোৰ কাহিনীটো পঢ়িছে এয়া নিশ্চয় তেওঁৰ পৰা পোৱা এক উপহাৰ। এতিয়া মই মোৰ কাহিনীটো শেষ কৰিব পাৰিম।”

*

পিছদিনাখন চৰাটিয়ে উৰি নদীখনলৈ নামি আহিল। সি নাবিকসকলক জাহাজত কাম কৰি থকা দেখা পালে। “মই ইজিপ্তলৈ গৈ আছোঁ।” বুলি সি কান্দিবলৈ ধৰিলে যদিও কোনেও তাৰফালে কাণ নিদিলে।

যেতিয়া জোন ওলাল তেতিয়া সি সুখী ৰাজকোঁৱৰৰ ওচৰলৈ উভতি গৈ ক’লে, “মই তোমাক বিদায় জনাবলৈ আহিলোঁ।”
“সৰু চৰাই, অ’ সৰু চৰাই”, ৰাজকোঁৱৰে ক’লে, “অনুগ্ৰহ কৰি আৰুএটা নিশা তুমি মোৰ লগত কটাবা নে?”
“এয়া শীতকাল আৰু সোনকালে ইয়াত তুষাৰপাতো হ’ব।”, চৰাইটিয়ে ক’লে, “ইজিপ্তত এতিয়া ৰ’দজাক ভাল আৰু তাত গছবোৰো সেউজীয়া হৈ আছে। মৰমৰ ৰাজকোঁৱৰ, মই এতিয়া তোমাক এৰি যাবই লাগিব। কিন্তু মই কাহানিও তোমাক নাপাহৰোঁ।”
“ইয়াৰ পৰা অকণমান আঁতৰত এজনী ছোৱালী থিয় হৈ আছে। তাই কণী বিক্ৰী কৰি আছে। তাই বিক্ৰী কৰিবলৈ অনা কণীবোৰৰ আটাইকেইটা মাটিত পৰি ভাগি গ’ল। সেয়ে ঘৰলৈ নিবলৈ তাইৰ হাতত টকা-শিকি একো নাই। ঘৰলৈ সুদা হাতে উভতি গ’লে তাইৰ বাপেকে তাইক এচাৰিৰে কোবাব। অ’ সৰু চৰাই, মোৰ আনটো চকুও উলিয়াই লৈ গৈ সেইটো তাইক দি আহাগৈ।”
“মই তোমাৰ স’তে আৰু এটা নিশা কটাম বাৰু!”, সৰু চৰাইটিয়ে ক’লে, “কিন্তু মই তোমাৰ আনটো চকু উলিয়াই নিব নোৱাৰোঁ। যদি সেয়া কৰোঁ তুমি দেখোন নেদেখা হৈ যাবা!”
“তাকেই কৰা।”, ৰাজকোঁৱৰে ক’লে।

চৰাইটিয়ে ৰাজকোঁৱৰৰ আনটো চকু উলিয়াই সেইটো লৈ ছোৱালীজনীৰ ওচৰলৈ উৰি গ’ল আৰু তাইৰ হাতত সেই নীলা ৰত্নটি গুজি দিলে।
“আস্, এয়া এডোখৰ ধুনীয়া কাঁচ!” ছোৱালীজনী আনন্দত কান্দি উঠিল আৰু তাই হাঁহিমুখে ঘৰলৈ লৰ মাৰিলে।

তাৰপাছত চৰাইটি ৰাজকোঁৱৰৰ ওচৰলৈ উভতি আহিল।
“তুমি এতিয়া নেদেখা হৈ গ’লা। গতিকে মই তোমাৰ লগতে থাকিম।”, চৰাইটিয়ে ৰাজকোঁৱৰক ক’লে।
“নাই নাই” অস্থিৰ কণ্ঠেৰে ৰাজকোঁৱৰে ক’লে, “তুমি ইজিপ্তলৈ যোৱা উচিত।”
“মই তোমাৰ লগতেই থাকিম।” পুনৰ এইদৰে কৈ চৰাইটি ৰাজকোঁৱৰৰ ভৰিৰ ওচৰতে শুই থাকিল।

পিছদিনা চৰাইটি ৰাজকোঁৱৰৰ লগত থাকিল আৰু সি ভ্ৰমি ফুৰা বিভিন্ন ঠাইৰ নানা তৰহৰ বিস্ময়জনক আৰু সুন্দৰ কাহিনী কিছুমান তেওঁক কৈ শুনালে।

“মৰমৰ সৰু চৰাইটি, তুমি মোক কিছুমান বিস্ময়জনক আৰু সুন্দৰ কথা কৈ শুনালা।”, ৰাজকোঁৱৰে ক’লে, “কিন্তু পুৰুষ আৰু মহিলাৰ যাতনা, পীড়া আন যিকোনো কথাতকৈ বেছি আশ্চাৰ্যজনক। মোৰ চহৰখনৰ ওপৰেৰে উৰি উৰি এপাক ঘূৰি আহা, সৰু চৰাই। তুমি ক’ত কি কি দেখিলা মোক আহি ক’বাহি।”

অকণমানি জীৱটোৱে গোটেই চহৰখন উৰি ফুৰিবলৈ ধৰিলে। সি দেখিলে যে চহকী মানুহবোৰে সিহঁতৰ ধুনীয়া ঘৰবোৰত খোৱা-বোৱা কৰি আছে আৰু দুখীয়াবোৰে জপনামুখতে বহি আছে। সি এটা আন্ধাৰ পথলৈ উৰি গ’ল। তাত সি ভোকত শেঁতা পৰি যোৱা মুখেৰে বিমৰ্ষ নয়নেৰে থকা দুটি শিশু দেখা পালে। এখন দলঙৰ তলত শিশু দুটিয়ে জাৰৰ পৰা ৰক্ষা পাবৰ বাবে ইটোৱে সিটোক সাৱতি ধৰি পৰি আছিল।
“আমাৰ খুব ভোক লাগিছে।” শিশু দুটিয়ে কৈছিল।
“তহঁত ইয়াত পৰি থাকিব নোৱাৰ।” পহৰাদাৰজনে চিঞৰি উঠিছিল।

তাৰপাছত চৰাইটি উৰি গৈ ৰাজকোঁৱৰজনক সকলো বিৱৰি ক’লে।
“মোৰ গোটেই দেহটো নিভাঁজ সোণে আৱৰি আছে।” ৰাজকোঁৱৰে ক’লে, “ইয়াৰ পৰাই ডোখৰ ডোখৰকৈ সোণ লৈ যোৱা আৰু মোৰ চহৰৰ দুখীয়া মানুহবোৰক বিলাই দিয়াগৈ।”

চৰাইটোৱে যেতিয়ালৈকে সুখী ৰাজকোঁৱৰজন দেখিবলৈ ধূষৰ আৰু আপচু নহ’ল তেতিয়ালৈকে টানি টানি সোণবোৰ তেওঁৰ গাৰ পৰা এৰুৱাই পেলালে আৰু সোণবোৰ লৈ গৈ দুখীয়া মানুহবোৰক দিলে। ভোকাতুৰ শিশুকেইটাৰো মুখকেইখন উজলি উঠিল। সিহঁতে কান্দি পেলালে, “এতিয়া আমি খাবলৈ খাদ্য পাম।”

*

লাহে লাহে তুষাৰপাত হ’বলৈ আৰম্ভ কৰিলে। তুষাৰপাতৰ পাছতে বৰফো পৰিবলৈ ধৰিলে আৰু শীতৰ প্ৰকোপত বৰফবোৰ ঘৰৰ চালৰ পৰা ডাঠকৈ ওলমি থাকিবলৈ ধৰিলে। সকলোৱে ডাঠ ডাঠ কোটচোলা পিন্ধিবলৈ ল’লে।

সৰু চৰাইটিৰ বেছিকৈ জাৰ লাগি আহিবলৈ ধৰিলে। সি ৰাজকোঁৱৰজনক এৰি থৈ নগ’ল, কাৰণ সি তেওঁক খুব ভাল পায়। কিন্তু ঠেঁটুৱৈ লগা জাৰৰ প্ৰকোপত সি এতিয়া মৃত্যমুখী যাত্ৰী।

“বিদায়, মৰমৰ ৰাজকোঁৱৰ! তোমাক মই এটা চুমা খাব পাৰোঁ নে?”, চৰাইটিয়ে ক’লে।
“মই আনন্দিত হৈছোঁ যে তুমি ইজিপ্তলৈ যাবলৈ ওলাইছা।”, ৰাজকোঁৱৰে ক’লে, “তুমি মোৰ লগত বেছ কিছুদিন থাকিলা। তুমি মোক চুমা খোৱা, কাৰণ মই তোমাক ভাল পাওঁ।”
“মই ইজিপ্তলৈ নহয়, নিয়তিৰ ঘৰলৈহে যাবলৈ ওলাইছোঁ।” বুলি চৰাইটিয়ে ৰাজকোঁৱৰক চুমা খালে আৰু তেওঁৰ ভৰিৰ ওচৰতে পৰি মৰি থাকিল। ঠিক সেই মুহূৰ্ততে মূৰ্তিটোৰ ভিতৰৰ পৰা এটা অদ্ভুত শব্দ ওলাল “কেৰেক…”— ধাতুৰে গঢ়া হৃদয়খন ভাগি দুটুকুৰা হৈ গ’ল।

পিছদিনা খুব ৰাতিপুৱাই চহৰখনৰ এজন বিশিষ্ট ব্যক্তি তেওঁৰ দুজন বন্ধুৰ স’তে খোজ কাঢ়ি গৈ আছিল। তেওঁ মূৰ্তিটোলৈ মূৰ তুলি চালে। “সুখী ৰাজকোঁৱৰজনক বৰ উজ্জ্বল যেন দেখা হোৱা নাই!”, মানুহজনে ক’লে, “তেওঁৰ ৰঙা মাণিকটো অন্তৰ্দ্ধান হৈছে, চকু দুটাও নাই আৰু তেওঁ সোণৰো নহয়! তেওঁক ভিক্ষাৰী যেন দেখা হৈছে।”
“হয় হয়, তেনেকুৱাই লাগিছে।” মানুহজনৰ বন্ধু এজনে ক’লে।
“তেওঁৰ ভৰিৰ ওচৰতে এটা চৰাই পৰি মৰি আছে! আমি এটা নিৰ্দেশ জাৰি কৰিব লাগিব যে ইয়াত চৰাই মৰিব নোৱাৰে।”, বিশিষ্ট ব্যক্তিগৰাকীয়ে ক’লে।

সিহঁতে সুখী ৰাজকোঁৱৰজনৰ মূৰ্তিটো নমাই অনালে আৰু জুইত জাপি দিলে। উজ্জ্বল ধাতুৰ টুকুৰা কিছুমান মূৰ্তিটোৰ পৰা কিছু আঁতৰলৈ নিজৰি ওলাই গ’ল।
“আচৰিত!” মূৰ্তিটো জুইত জাপি দিয়া বনুৱাকেইজনে ক’লে, “মূৰ্তিটোৰ মাজভাগতে থকা এই ভগা টুকুৰাকেইটা ইমান কঠিন হৈ আছে! আমি এইখিনি নিলগত পেলাই দিয়াহে শ্ৰেয় হ’ব।” এইবুলি সিহঁতে ধাতুৰ টুকুৰাকেইটা মৃত বিহংগটোৰ সৈতে দূৰৈত পেলাই দিলে।

*

পৰমব্ৰহ্মই তেওঁৰ অনুচৰসকলক ক’লে, “মোক চহৰখনৰ আপুৰুগীয়া সম্পদ দুটা আনি দিয়া।” অনুচৰসকলে তেওঁক টুকুৰা-টুকুৰ হৈ যোৱা ভগ্ন হৃদয়খন আৰু মৃত বিহংগটো আনি দিলে।
“ঠিক, তোমালোকে মোলৈ আকাংক্ষিত সম্পদ দুটা আনিছা।”, পৰমব্ৰহ্মই ক’লে, “এই সৰু চৰাইটিয়ে চিৰদিন মোৰ বাগিচাত গীত গাব আৰু এই সুখী ৰাজকোঁৱৰজনে সদায় মোৰ সোণৰ চহৰখন শুৱনি কৰি থাকিব।”

*****************
(মূল: “The Young King and Other Stories” Essex, Penguin Books, 2000)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক