ঘৰ -The House (মানস গগৈ)

(১)

অট’খনৰ পৰা নামি নিৰ্মালীয়ে দুখোজমান আগুৱাই আহি ৱালৰ খুটাটোতে ধৰি ভৰ দি সন্মুখলৈ চাই পঠিয়ালে। ঘৰটো ডাঙৰ। আজিকালি এক বৰ ডাঙৰ ক্লান্তিয়ে যেন অনবৰতে খেদি ফুৰে নিৰ্মালীক। বয়সৰ বাবেই ছাগে’। নিৰ্মালীয়ে সন্মুখলৈ চালে। আটকধুনীয়াকৈ সজা ঘৰটো এবাৰ তলৰ পৰা ওপৰলৈ চালে। বুকুখন যেন কিহবাই হেচাঁমাৰি ধৰিছে। অৱশ অৱশ যেন লাগিছে। নিৰ্মালীয়ে প্ৰায়েই ভাৱে, এই হেঁচামৰাটো বাৰু কি?? পুতেকে ঢেৰ বেমাৰৰ নাম ক’ব পাৰে, কিন্তু নিৰ্মালীয়ে মাজে মাজে ভাৱে, বৰ দুখত মানুহৰ বুকুখন হেঁচা মাৰি ধৰে, কেতিয়াবা আনন্দইও ধৰে। নাইবা বিভিন্ন ৰকমৰ চিন্তাই। তাইৰ বাৰু কোনটো হৈছে?? কেতিয়াবা বৰ ছাটিফুটি লাগে। নিজৰে এই প্ৰসাদসম ঘৰটো লোকৰ লোকৰ যেন লাগে। তেওঁ যেন আলহীহে, কিছুদিনৰ বাবে। আকৌ যাবগৈ কোনোবা এখন আপোন আপোন যেন গোন্ধ থকা ঘৰলৈ।

১৫ বছৰীয়া এজন কিশোৰ বা এজন মদগজ মানুহৰ বাবে বিশেষ একো ভাৰী নহ’লেও বজাৰৰ বেগটোৱে ২৫ ফুটৰ এখন চোতাল আৰু কেইটামান চিৰি বগাওঁতেই নিৰ্মালীক আজিকালি বেছ ভাগৰাই পেলায়। বাৰান্দাতে বেগটো থৈ বহা মানে বদন ওলায় আহিল।

অ…. বৰমা আহিলে? মই পিছফালে আছিলোঁ।

বদন ব্যস্ত হৈ পৰা যেন দেখুৱালে।

যাঃ চাহ একাপ কৰগৈ বুলি, বৰ অলসভাৱে নিৰ্মালীয়ে দেহটো চকীখনত এৰি দিলে…..। হয়, বেছ ভাগৰ লাগিছে। এনেকৈ ভাগৰ লাগিবলৈ লোৱা বেছিদিন হোৱা নাই। হ’লেও ছোৱালী হৈ থকাৰ পৰা আজিৰ দিনটোলৈকে কিমান যে দিন পাৰ হৈ গ’ল, তাৰে মাজৰ কোনোবা এটা দিনৰ পৰা ছাগে’ নিৰ্মালীৰ এনেকৈ ভাগৰ লাগিবলৈ আৰম্ভ কৰিছিল। অলপ অলপকৈ। আগতে তাইৰ অলপতে ভাগৰ নালাগে। কিমান যে কাম কৰে। হেপাঁহত। মাকৰ ঘৰত থাকোতে তাই ৰাতিপুৱা সকলো কাম বন কৰি অটাই-পিতাই জাঁজ মাৰি ভায়েক ভনীয়েক হালক স্কুললৈ পঠিয়াই নিজেও ওলায় যায়। খেতিৰ দিনত আকৌ তেনেকুৱাতে ঢৌতে খৰটো মাৰি কঠিয়া এক দুই আষি তুলি আহিবগৈ লাগে। তেতিয়া ভাগৰ নালাগিছিল। স্কুলৰ পৰা আহি মাকৰ লগত পিঠাগুৰি খুন্দিছিল। তেতিয়াও ভাগৰ নালাগিছিল। আগতে একো একোডৰা পথাৰ কথা পাতি পাতি নিমিষতে দাই শেষ কৰিছিল। ভাগৰ চোন তেতিয়াও নালাগে। বিয়া হোৱাৰ পাছতো ৰাতিপুৱা ৯ বজাতে মানুহজনক, ল’ৰা-ছোৱালী তিনিতাক খুৱাই বোৱাই নোৱাই ধোৱাই উলিয়াই পঠাব লাগে, তেতিয়াওচোন ভাগৰ নালাগে। পিছে এতিয়ানো কিয় লাগে বাৰু? প্ৰতি দুই খোজে খোজে যেন শৰীৰটো ৰৈ বহি পৰিব খোজে। এক প্ৰৱল অৱসাদ যেন ভাৱে নিৰ্মালীক অনবৰতে খেদি ফুৰে। অন্তহীন। অকাৰণ ভাৱে।

(২)

অকাৰণভাৱে। নিৰ্মালীয়ে মন কৰিছে যে আগতে যেনেকৈ হেজাৰ কাম কৰিলেও ভাগৰ নালাগে, আজিকালি একো কাম নকৰিলেও বৰ ভাগৰ ভাগৰ লাগে। কোনো কাৰণ নোহোৱাকৈয়ে যেন ক্লান্তিটোৱে তাইৰ পিছ নেৰে। ৰাতিপুৱা শুই উঠিও নিৰ্মালীৰ একো কৰিবলৈ মন নাযায়। আগতে যেতিয়া তিনিবছৰীয়া কলেজৰ পাঠ্যক্ৰম আছিল, তেতিয়া আজিৰ তুলনাত চিলেবাছখন বৰ সুখপাঠ্য আছিল। নিৰ্মালীহঁতে নিজৰ বোৰৰ ওপৰিও আগৰ শ্ৰেণীৰ কিতাপৰ গল্প কবিতাবোৰো পঢ়ি শেষ কৰিছিল। বাহিৰা কিতাপো মন ভৰাই পঢ়িব পাৰি। কাৰণ সময় বহুত। আজিকালিটো নিজৰ খিনি পঢ়িবলৈকে সময়ে নুকুলায়। তেতিয়াই ক’ৰবাত পঢ়া কিন্তু ক’ত পাইছিল মনত নপৰা এষাৰি বাক্য প্ৰায়ে মনত পৰি থাকে যে- “ভাগৰ শাৰিৰীকভাৱে যিমান লাগে, মানসিক ভাৱে তাতকৈ বেছিকৈ লাগে।” আগতে জঁপিয়াই, কিৰিলিয়াই পথাৰত ৰোৱা-তোলা কৰিবলৈ যাওঁতে ভাগৰ গালৈ আহিবলৈ সুবিধাই নাপাইছিল। পাছত মানুহজনৰ মুখলৈ চাই, ল’ৰা-ছোৱালী কেইটাৰ মুখলৈ চাই সিহঁতক খুৱাই-বোৱাই উলিয়াই পঠিওৱাৰ হেপাঁহত ভাগৰ পলাই ফাঁট মাৰিছিল। ঘৰত অকলে থকা সময়কণত অলপ ভাগৰ লাগে, তাকো মানুহজন স্কুলৰ পৰা অহাৰ লগে লগে, ল’ৰা ছোৱালীকেইটা আহি সোমোৱাৰ লগে লগে ভাগৰ কেনিবা হেৰাই যায়। মনৰ মানুহজনক আলপৈচান ধৰা, ল’ৰা ছোৱালীয়ে নাখাওঁ বুলিলেও বিভিন্ন উপায়েৰে খুওৱা… এজনী মাইকী মানুহৰ বাবে এয়াইতো সুখ। আৰুনো কি লাগে? এয়াইতো মাইকী মানুহৰ জীৱন, হেপাহঁ আৰু আশা। নিৰ্মালীৰ এনে লাগে ভাগৰ লগাত যি হেপাঁহে বাধা দিয়ে, সেই হেপাঁহেই যেন জীৱনৰ পৰা হেৰাই গ’ল। সেই তাড়নাই যেন নাইকীয়া হৈ গ’ল। নিৰ্মালীয়ে ভাৱে, কেতিয়াৰ পৰা বাৰু তাইৰ এনেকৈ ভাগৰ লাগিবলৈ আৰম্ভ কৰিলে? ল’ৰা দুটা বাহিৰত পঢ়িবলৈ যোৱাৰ পৰা? ছোৱালীজনী বিয়া দিয়াৰ পৰা? মানুহজন ঢুকোৱাৰ পৰা? কেতিয়া? কেতিয়া? নিৰ্মালীৰ বুকুখন হাহাকাৰ কৰি উঠে।

(৩)

মানুহজন ঢুকোৱা ৬ বছৰেই হ’ল। স্কুলৰ চাকৰি অৱসৰ লোৱাৰ পাছত বেছি দিন আয়ুস ভোগ কৰিবলৈ নাপালে। অৱশ্যে তাৰ বাবে তেওঁৰ কোনো আক্ষেপ নাই। এনে হোৱা নাই যে তেওঁ পৰিয়লটোক কোনো অথাই সাগৰত পেলাই গ’ল। তেতিয়ালৈকে ছোৱালীজনীক উলিয়াই দিলে। ডাঙৰটো ল’ৰাই ডাক্তৰী পাছ কৰি চাকৰিত জইন কৰিলে, সৰুটোৱেও তিনিমাহ মানৰ পাছতে কলেজ শিক্ষকৰ চাকৰিটো প্ৰত্যাশিত ভাৱেই পালে। জোঁৱাই কোম্পানীৰ চাকৰিয়াল। বছৰত তিনি চাৰি ঠাই ভ্ৰমি ফুৰে। কেতিয়াবা ভাৰতৰ ভিতৰতে, কেতিয়াবা বাহিৰত। ডাক্তৰ পুতেকৰ চাকৰীৰ উপৰিও এখন নাৰ্ছিংহোম আৰু দুখন চেম্বাৰলৈও যাব লাগে। লাগ বুলিলে শৰীৰৰ অংগ এটা দিব পাৰিব, কিন্তু সময় দিব নোৱাৰে। অৱশ্যে সি নামো কৰিছে বহুত। ৰাতিপুৱা ঘৰৰ পৰাই ৰোগীৰ লাইন লাগে। সৰুটো আৰু সাতচাৰ। ৰাতিপুৱা ৮ মান বজাত ওলাই যায়, ৰাতি ৯/১০ মান বজাতহে সোমাইহি। নিৰ্মালীয়ে বুজি নাপায় আজিকালি মানুহে টিউচনবোৰ ল’ৰা-ছোৱালীৰ ভাল হওক বুলি দিয়ে নে নিজৰ ষ্টেটাচ চিম্বল দেখুৱাবলৈ দিয়ে? প্ৰথমতে দুইটা ঘৰলৈ আহিছিল। তাৰ পাছত এৰাধৰা হ’ল, তাৰ পাছত সপ্তাহৰ মূৰত, মাহেকৰ মূৰত আৰু এতিয়া সৌভাগ্যক্ৰমে। সকলো ওলাই গ’ল। থাকি গ’ল মাথো নিৰ্মালী। অকলশৰে। বদন অৱশ্যে আছে। বনকৰা ল’ৰা, কিন্তু আপোন। কেতিয়াবা নিৰ্মালীৰ কওঁ যেন লাগে। এখন চেম্বাৰলৈ যাব নালাগেচোন দে, দুটামান টিউচন তই ন’ললে নহয়নে? তাতকৈ ঘৰলৈকে আহ। নালাগে ইমান টকা।

(৪)

নিৰ্মালীৰ এই ঘৰটো দুইটা ল’ৰা মিলিয়েই সাজিছে। দেউতাকৰ মৃত্যুৰ পাছতেই ডাক্তৰ পুতেকে লৈ থোৱা মাটিডোখৰতে মা তুমি আৰু গাঁওত থাকিব নালাগে বুলি সি ঘৰটো সজা আৰম্ভ কৰিছিল। পাছত সৰুটোৱেও তাতে হয়ভৰ দি নিৰ্মালীক ইয়ালৈ লৈ আহিলে। নাই একো অসুবিধা নাই। সকলো সা-সুবিধা থকাকৈ, আটকধুনীয়াকৈ আৰু নিৰ্মালীৰ মনপছন্দ মতেই পুতেকহঁতে ঘৰটো সজাই দিছে। সাজোতে দুইটাই কৈছিল এতিয়া ভালেই হ’ব। চহৰতে হ’ল ঘৰতো। আমিও একেলগে থাকিব পাৰিম। অৱশ্যে পাছত সিহঁত এটাও প্ৰায় নহা হ’ল, সেয়া বেলেগ কথা।

(৫)

আগফালৰ ফুলনিখনৰ কাষতে থকা পকী ঠাইডোখৰতে নিৰ্মালী প্ৰায়ে আবেলি বহে। মনতো ভাল লাগে। ঠাইখনৰ আৰু এটা সুবিধা আছে। আগফালৰ ৰাস্তাইদি কোন গৈছে বা কোনোবা আহিছে নেকি চাই থাকিব পাৰি। নিৰ্মালীয়ে ভাবিলে- কি হৈছে বাৰু তাইৰ? তায়োতো এইবোৰেই বিছাৰিছিল। এটা ঘৰ, দুটা ল’ৰাৰ এটা ডাক্তৰ হওক, এটা ইঞ্জিনীয়াৰ কিম্বা প্ৰফেচাৰ হওক। মুঠতে জাকত জিলিকা হওক, সুখেৰে থাকক। তেন্তে! তেন্তে আজি তাইৰ একো শান্তি নাইকিয়া হৈছে কিয়? কিয় সকলো থাকিও একো নাই যেন হৈ পৰিছে তাই?

অ’…… ন-চালি (নছোৱালী) বহিছা?

অ’ বাইটি কোনফালে যোৱা?

এ অলপ বজাৰ কৰি আহোঁগৈ…… বুলি কোৱা কথাষাৰ নিৰ্মালীৰ কাণ পোৱাহি মানে বাইটি অদৃশ্য হ’লগৈ। সেয়া কালু বাইটি। নিৰ্মালীৰ হাঁহি উঠি গ’ল। তাইৰ মনত আছে, বিয়া হৈ অহাৰ পাছত যেতিয়া তাই কালু বাইৰ লগত চিনাকী হৈছিল তেতিয়া বাইটিয়ে অ’ ন-চালি বুলি হোজা হাঁহি এটা মাৰিছিল। তেতিয়াৰ পৰা আজি প্ৰায় ৩০/৩৫ বছৰ পাৰ হৈ গ’ল, কিন্তু বাইটিৰ বাবে নিৰ্মালী আজিও ন-ছোৱালীয়েই হৈ থাকিল।

(৬)

কালু বুঢ়ী। নিৰ্মালী বিয়া হৈ অহাৰ পাছত এদিন কোনোৱাই চিনাকী কৰাই দিছিল। আচলতে বাইটিক তেতিয়া বুঢ়ী বোলাৰ বয়স হোৱা নাছিল। মানুহেহে নামতো দি লোৱা। এতিয়া আৰু বাইটিৰ আচল নামতো কোনেও নাজানে। নিৰ্মালীৰ তেনেকৈ মাতিবলৈ বেয়া লগাত বাইটি বুলি মাতিবলে’ ল’লে। কালুবাই বিয়া হোৱা মানুহটো অৰ্থাৎ কালুকাইৰ বিয়া অলপ বয়সত হৈছিল। তাকে মানুহে জোকাবলৈ বুঢ়া বুলি মাতিছিল। তাৰপৰাই এই আদহীয়া মনুহজনীয়ে নাম পালে কালুবুঢ়ী। অৱশ্যে এই নামটোক লৈও কালুবাইৰ অকনো আক্ষেপ নাই। যিয়েই নহওক কিয় কালুইবাইৰ নিছিনা সাদৰী মানুহ চুবুৰীটোত ২য় গৰাকী নাছিল। কালুবাই তেনেই সৰল, গাঁৱৰ হোজা মানুহ। ৰ, ল এইবোৰ মুখত নুফুটেই। কি কঈছা? অই চোআলী, এনেকৈয়ে কথা কয়। পিছে সকলোকে বৰ সোনকালে আপোন কৰি লয়। চুবুৰীটোৰ এনে এজন মানুহ নাছিল যি কালুবাইটিক এবাৰলৈও গুণ বখনা নাই…। প্ৰশংসা নিৰ্মালীৰো আছিল। নিৰ্মালীৰ হাতখন ভাল। মাতবোৰো মিঠা। মানে এনেকুৱা হয়, উৎপাত চহৰৰ ছোৱালীবোৰ কিবা গুৰু গোঁসাই নমনা, শিষ্টাচাৰ নজনা বা সম্বন্ধ ধৰিব নজনা বিধৰ হয়। আকৌ একেবাৰে গাঁৱৰ ছোৱালীজনীও কামে কাজে সাৰুৱা হ’লেও কিবা কথা বতৰা পাতিব নজনা নিচিনা হয়। নিৰ্মালী তাৰ মাজৰে যেন আছিল। শিক্ষিতা মহিলা, তাতে মাষ্টৰৰ পৰিবাৰ। নিৰ্মালীৰ শিক্ষাগত জ্ঞান যিমান আছিল, তাতকৈ বহু বেছি জীৱনৰ অৰ্হতা আছিল।
আগতে কালুবাইটি প্ৰায় সদায় নিৰ্মালীহতঁৰ ঘৰলৈ আহে। এনেয়ে। কেতিয়াবা দুপৰীয়া, কেতিয়াবা আবেলি। চাহ এবাতি খায়। ঢেৰ কথা পাতে। নিৰ্মালীৰো ভালেই লাগে। এদিন যদি নাহে তেতিয়া সোধে- বাইটি কালি যে নাহিলা। কিবা বেয়া পালা নেকি? বাইটিৰ মানুহটো হাতৰ বিদ্যা জনা মানুহ আছিলে। বাঁহৰ পাছিটো, খৰাহীটো অগবেলা কৈ পাছবেলালৈ হাতত দিবহি পৰা মানুহ একমাত্ৰ সিয়েই আছিল। ৰাজমিস্ত্ৰী, কাঠৰ কাম, ড্ৰাইভাৰ সকলো কামেই জানিছিল মানুহটোৱে। পিছে উৎপাত মদ খাই আদবয়সতে মানুহটো ঢুকাল। কালুবাইৰ ডাঙৰটো ল’ৰা নিৰ্মালীৰ ডাঙৰ ল’ৰাটোতকৈ প্ৰায় দুবছৰ ডাঙৰ। মাজু ছোৱালীজনী নিৰ্মালীৰ মাজু ল’ৰাটোতকৈ প্ৰায় এবছৰ ডাঙৰ আৰু নিৰ্মালীৰ ছোৱালীজনী আৰু কালুবাইটিৰ সৰুটো ল’ৰা একে বছৰৰ। নিৰ্মালীহঁত গাঁৱৰ পৰা উঠি অহাৰ পাছত সদায় লগ পোৱা কালুবাইটিৰ লগত সম্পৰ্কটো ছিগি গ’ল। এই ৬ বছৰ তেনেকৈ কালুবাইক আৰু লগপোৱা, মনত নপৰে। মাত্ৰ দুবাৰ মান ইয়াত নামগোৱা পাতোতে গাড়ী পঠাই গাঁৱৰ মানুহ অনাওতে কালুবাই আহিছিল। গতিকে নিৰ্মালীয়ে সিদিনাহে গম পায় যে কালুবাইটিহঁতেও ইয়াতে ঘৰ সাজিছে….। বাইটিৰ ডাঙৰটো ল’ৰাই গাড়ী চলায়। যোৱাবছৰৰ পৰা কোনোবা কোম্পানীৰ টেংকাৰ চলাবলৈ লৈছে। সৰুটোৱেও সৰুকৈ হোটেল এখন খুলি লৈছে। দুইটাৰে হেনো চহৰত থাকিবৰ মন। গতিকে ইয়াতেই সৰুকৈ আচাম টাইপৰ এটা ঘৰ দুইটাই মিলি সাজিছে। গাঁৱৰ মাটিডোখৰত বাগানকে খুলিলে। ডাঙৰটো ল’ৰাই ছোৱালীও আনিলে এজনী। কালুবায়ে সেইদিনা হাঁহি হাঁহি কৈছিল বুইছা ন-চালি এতিয়া আৰু ইহঁতৰ হে কথা। চহৰত থাকিব খুজিছে, থাকক আমাৰনো আৰু কি? থাকিমনো কেইটা দিন? ইহঁতৰ মতেই হওক।

নিৰ্মালীয়ে আলেঙে আলেঙে কালুবাইলৈ চাইছিল। গাৰ ৰংটো আগতকৈ উজ্জ্বল হৈ পৰিছে। হয়টো কাম বনৰ বোজা অলপ কমিছে। বোৱাৰী হেনো বেছ কামিলা। মানুহজনী আগতকৈ ৰঙীন হৈ পৰিছে। বহু দিনৰ মূৰত লগ পাই বাইটিয়ে সেইদিনা ঢেৰ কথা পাতিলে। নিৰ্মালীৰো ভাল লাগিল। আগতে যেনেকৈ আদবয়সতে মানুহজনীক বুঢ়ী বুলি মতা কাৰণে তেওঁৰ কোনো আক্ষেপ নাছিল। এতিয়াও যেন মানুহজনীৰ জীৱনটোক লৈ কোনো আক্ষেপ নাই। নিৰ্মালী বাইটিৰ নিছিনা হ’ব নোৱাৰে কিয়?

(৭)

অ’…. বাইটি চোন। ক’ৰ পৰা ওলালাহি? আহা আহা……

আচলতে আজিকালি নিৰ্মালীৰ কোনোবা আলহী আহিলে ভালেই পায়। অন্ততঃ কথা পাতিবলৈকে লগ এটা হয়। তাতে বাইটিক দেখি উলাহতে মাতটো অলপ ডাঙৰকৈয়ে ওলাইছিল।

এএ তোমাৰ ওচৰলৈকে আহিলোঁ বুইছা ন-চালি। তোমাৰহে ভাল আৰু। পোনাহঁতে ইমান ধুনীয়াকৈ ঘৰ সাজি দিছে। তোমাৰ আৰু কাম-বন নাই এতিয়া আৰামৰ বহি বহি থকাৰহে কথা নে কি কোৱা?

ঘৰটো চাই চাই আপোনমনে বাইটিয়ে কৈ গ’ল।

কিয় জানো প্ৰথম কথাকেইটা শুনিয়েই আজি নিৰ্মালীৰ প্ৰথম বাৰৰ বাবে বাইটিৰ গালত ঠাঁচকৈ চৰ এটা বহুৱাই দিবৰ মন গ’ল। বায়ে আপোন পাহৰাহৈ অনৰ্গল কথা কৈ গৈছে। আগৰ নিচিনাকৈ। কৈ কৈ মানুহজনী উজ্জ্বল হৈ পৰিছে। প্ৰথম নাতিৰ জন্মদিন পাতিছে। মাতিবলৈ আহিছে। অলপ ডাঙৰকৈ নাম এষাৰ গোৱাব। নাতি ল’ৰাটোৱে হেনো বাইটিক এৰি থাকিবই নোৱাৰে। বুঢ়ীয়ে নিজৰ থুৰীয়াযোৰ ভাঙি তালৈ চেইন এডাল গঢ়াইছে। বায়ে কৈ গৈছে একেৰাহে। নিৰ্মালী সন্মুখলৈ চাই ৰৈ আছে। কথাবোৰ ভালকৈ মূৰত সোমোৱা নাই। নিৰ্মালীয়ে হাতৰ আঙুঠিটোলৈ চালে। নিজৰ প্ৰথম জী নাতিটোলৈ এই আঙুঠিটো ভাঙি চেইন এডাল দিম বুলি নিৰ্মালীয়ে ভাবি থৈছিল। পিছে জোৱাইয়ে শকতকৈ চেইন এডাল আগতেই গঢ়ালে। নিৰ্মালীৰ আদৰৰ আঙুঠিটোৰ সোণকনত সিহঁতৰ কোনো হেঁপাহ নাই।

ন-চালি তোমাৰ কিবা হৈছে নেকি? কিয় মন মাৰি আছা? আমাৰ বুবুকে পঠাই দিওঁ নেকি বৰপোনাৰ ওচৰত থৈ আহিবগৈ। হে?

হঠাৎ বাইটিয়ে সুধি দিয়াত নিৰ্মালী অলপ অপ্ৰস্তুত হৈ পৰিল।

নাই নালাগে দিয়া বাইটি। তুমি যোৱাগৈ। মই পাক এটা মাৰিম বাৰু।

বাইটি যোৱালৈ চাই চাই নিৰ্মালী বহাতে বহি থাকিল। সঁচাকৈয়ে মানুহজনীৰ কোনো আক্ষেপ নাই। নিৰ্মালীয়ে জীয়েকলৈ ফোন লগালে। একেই গতানুগতিক উত্তৰ।

ৰাতি ফোন কৰিম। এতিয়া ৰাখা।

পুতেকহঁতলৈটো ফোন এইসময়ত নকৰাই ভাল। কিমান দিন যে হৈ গ’ল সকলোৱে একেলগে বহি ভাত এসাঁজ খোৱা নাই, কথা এষাৰ পতা নাই। কিমান বিহু গ’ল তিনিতাই ভালপোৱা তিনিবিধ পিঠা পুৰি বৈয়ামতে লেৰেলি যোৱা। কিমান যে ৰাতি পাৰ হৈ গ’ল পুতেকহঁত আহিব বুলি ভাত বাঢ়ি সাৰ পাই সাৰ পাই ৰাতি পুৱাই যোৱা। বাইটিয়ে কৈ যোৱাৰ দৰে সচাঁকৈয়ে বাৰু নিৰ্মালীৰ কাম নাইকিয়া হৈ আহিছে নেকি? বৰ মন গ’ল নিৰ্মালীৰ বাইটিৰ নিচিনাকৈ তাইক নেদেখিলে থাকিব নোৱাৰা নাতি এটি পাবলৈ। আনৰ আগত তাকে জহ মাৰিবলৈ। তাক মৰম কৰি দুহাতে সাৱটি থাকিবলৈ। এনেদৰে জন্মদিন পাতি মানুহ মাতিবলৈ। কালুবাইটিলৈ নিৰ্মালীৰ এক অহেতুক ঈৰ্ষা জাগি উঠিল।

নিৰ্মালীৰ পুতেকহঁতে সাজি দিয়া প্ৰসাদসম আটকধুনীয়া এটা ঘৰ আছে। শিল বালি, লো আৰু কংক্ৰিটৰ। কালুবাইৰো ল’ৰাহঁতে সাজি দিয়া এটা সৰু আচাম টাইপৰ ঘৰ আছে। কিন্তু তেজ আৰু মঙহৰ…..।।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments