The Shawshank Redemption-আশা, বন্ধুত্ব আৰু স্বাধীনতাৰ এক সৰৱ আখ্যান (- ৰিতুপৰ্ণ বৰা)


এখন মহান চলচ্চিত্ৰৰ সংজ্ঞা কি বাৰু? মোৰ মতে যি ছবিয়ে জীৱনৰ প্ৰতিখোজত প্ৰেৰণা যোগায়, মনত এৰি যায় এক পাহৰিব নোৱাৰা অনুভূতি, যিখন ছবি বাৰে বাৰে চোৱাৰ এক হেঁপাহ জাগি উঠে সেয়ে মহান ছবি। সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে The Shawshank Redemption ক সৰ্বকালৰ শ্ৰেষ্ঠ ছবিৰ অন্যতম বুলি অভিহিত কৰিব পাৰি। আশা, বন্ধুত্ব আৰু স্বাধীনতাৰ প্ৰতি থকা এক দুৰ্বাৰ হেঁপাহক খুব সুন্দৰ ভাৱে চিত্ৰায়িত কৰা হৈছে এই কালজয়ী ছবি খনত। ফ্ৰেন্ক দাৰাবোন্টৰ ১৯৯৪ চনৰ এই কথাছবিখনক সুবিখ্যাত IMDB ৰ পৃথিৱীৰ ২৫০ খন শ্ৰেষ্ঠ ছবিৰ তালিকাত শ্ৰেষ্ঠতম স্হান দিয়া হৈছে।

“আশাবাদী হোৱাটো ভাল, হয়তো আশাই হৈছে জীয়াই থকাৰ শ্ৰেষ্ঠতম সঁজুলি” এই বাক্যশাৰীকে মূলমন্ত্ৰ হিচাবে লৈ নিৰ্মিত এই ছবিখনত দেখুওৱা হৈছে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত দুজন অভিযুক্ত এণ্ডি আৰু ৰেডৰ মাজত গঢ়লৈ উঠা বন্ধুত্বক। ষ্টিফেন কিংৰ একে নামৰ উপন্যাসৰ ওপৰত আধাৰিত কথাছবিখন আৰম্ভ হয় নিজৰ পত্নী আৰু পত্নীৰ প্ৰেমিকক হত্যা কৰা অপৰাধত অভিযুক্ত এণ্ডিৰ আদালতত হোৱা বিচাৰেৰে। বিচাৰত যাৱজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত এণ্ডিক প্ৰেৰণ কৰা হয় কুখ্যাত Shawshank কাৰাগাৰলৈ। হঠাতে কাৰাগাৰৰ যন্ত্ৰণাময় জীৱনৰ সন্মুখীন হব লগা হোৱা এণ্ডিৰ বন্ধুত্ব হয় আন এজন কয়দী ৰেডৰ সৈতে। কাৰাগাৰৰ চাৰিবেৰৰ ভিতৰত চলি থকা নানা অপৰাধ আৰু অত্যাচাৰৰ স্বত্বেও কেনেকৈ এক ধনাত্মক চিন্তাৰে জীৱন পৰিচালিত কৰিব পাৰি সেই কথা শিকোৱা এণ্ডি লাহে লাহে কাৰাগাৰৰ অন্যান্য কয়দীসকলৰ মাজতো জনপ্ৰিয় হৈ পৰে। বছৰ অতিবাহিত হোৱাৰ লগে লগে এণ্ডিৰ বিচক্ষণতাত মুগ্ধহৈ কাৰাগাৰৰ ৱাৰ্ডেনে তেওঁৰ হিচাপৰক্ষণৰ কামত নিযুক্ত কৰে। এই কাম কৰি থাকোতে কাৰাগাৰৰ ভিতৰত দুৰ্নীতিয়ে কি দৰে শিপাইছে সেই কথা এণ্ডিৰ চকুত পৰে। কেইবছৰ মানৰ পাছত এণ্ডি আৰু ৰেডৰ লগত বন্ধুত্ব হয় টমী নামৰ আন এজন কয়দীৰ। টমীয়েই এণ্ডিক কয় যে হত্যাৰ যি অভিযোগৰ বাবে এণ্ডিয়ে কাৰাগাৰত দিন কটাব লগীয়া হৈছে ইতিমধ্যে সেই অপৰাধ আন এখন কাৰাগাৰৰ কয়দী এজনে স্বীকাৰ কৰি লৈছে। এই কথা যেতিয়া এণ্ডিয়ে ৱাৰ্ডেনক কয় তেওঁ এণ্ডিক মুক্ত কৰাৰ সলনি ২ মাহৰ বাবে অকলশৰীয়া এটা কোঠাত বন্দীহে কৰি ৰাখে। ইমানবোৰ অত্যাচাৰৰ সন্মুখীন হোৱাৰ পাছতো কিন্তু এণ্ডিয়ে এদিন মুক্ত হোৱাৰ যি সপোন তাক বাদ দিয়া নাছিল। এইবোৰ ঘটনাৰ মাজতে এদিন ৰাতিপুৱা সকলোৱে গম পায় যে এণ্ডিয়ে কাৰাগাৰৰ পৰা পলায়ন কৰিছে। এণ্ডিৰ এই পদক্ষেপে ৰেডকো মুক্তিৰ সপোনত বিশ্বাস কৰিবলৈ প্ৰেৰণা যোগায়। নিজৰ কাৰাবাসৰ অন্তত ৰেড এখন মুক্ত পৃথিৱীলৈ ওলায় আহে আৰু বিচাৰি যায় সদায় জীয়াই থাকিবলে প্ৰেৰণা যোগোৱা অন্তৰঙ্গ বন্ধু এণ্ডিক। অৱশেষত এখন মুক্ত নীলা আকাশে আৱৰি ৰখা সাগৰৰ পাৰত দুই বন্ধুৰ পুনঃ মিলনেৰে চিনেমাখন সামৰা হৈছে।

চলচ্চিত্ৰখনৰ চিত্ৰনাট্য ৰচনাত ফ্ৰেন্ক দাৰাবোন্টে মানৱীয় আবেদনসমূহৰ ৰূপায়ণ অতি স্পৰ্শকাতৰ আৰু বিশ্বাসযোগ্যকৈ ফুটাই তুলিছে। ছবিখনৰ সংলাপবোৰ যিমান মনোগ্ৰাহী সিমানেই সুন্দৰ থমাছ নিউমেনৰ আৱহ সংগীত। সংলাপ নথকা কিছুমান দৃশ্যত সংগীতেই যেন কথা কয়।

অভিনয়ৰ ক্ষেত্ৰত সকলো অভিনেতাৰ অনবদ্য অভিনয়ে চলচ্চিত্ৰখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। এণ্ডি আৰু ৰেডৰ চৰিত্ৰত ক্ৰমে টীম ৰবিন্স আৰু মৰ্গান ফ্ৰীমেনে প্ৰাণ ঢ়ালি দিছে। সহ অভিনেতাসকলৰ ভিতৰত বৃদ্ধ ব্ৰুক হাল্টেনৰ ৰুপত জেমছ হোৱাইটমোৰে সুদক্ষ অভিনয় আগবঢ়াইছে।

ছবিখনৰ বিষয়ে আমোদজনক কথাটো হৈছে শ্ৰেষ্ঠ কথাছবি আৰু শ্ৰেষ্ঠ অভিনেতাৰ লগতে আন ৫ টা শিতানত অস্কাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰা এই চিনেমাখন কিন্তু মুক্তিৰ সময়ত বিশেষ ব্যৱসায়িক সফলতা লাভ কৰা নাছিল। ইয়াৰ বাবে ছবিখনৰ দুৰ্বল ব্যৱসায় কৌশলকে দোষাৰোপ কৰা যায়। কিন্তু লাহে লাহে দৰ্শকৰ মাজত ছবিখন জনপ্ৰিয় হবলৈ লয় আৰু ক্ৰমে পৰিগণিত হয় সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ চিনেমা হিচাবে।

জীৱনৰ যিকোনো কঠিন পৰিস্হিতিতে নিৰাশ নহ’বলৈ শিকোৱা এই চলচ্চিত্ৰখনে আশা, বন্ধুত্ব আৰু স্বাধীনতাৰ এক অনবদ্য কাহিনীক যিমান মনোগ্ৰাহীকৈ উপস্থাপন কৰিছে তাতেই চলচ্চিত্ৰখনৰ মূল কৃতকাৰ্য্যতা নিহিত হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!