ভ্ৰাম্যমানৰ পিতামহ অচ্যুত লহকৰৰ লগত আছুতীয়া সাক্ষাৎকাৰ

অচ্যুত লহকৰ– ভ্ৰাম্যমানৰ পিতামহ তথা অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ- ‘নটৰাজ থিয়েটাৰ’ৰ জন্মদাতা। অসমৰ নাট জগতত এক বিপ্লৱৰ সৃষ্টি কৰি নাটকৰ দ্বাৰা মনোৰঞ্জন দিয়াৰ লগতে শিল্পীৰ আৰ্থিক দিশটোৰ নিৰাপত্তাৰ স্বাৰ্থত আৰম্ভ কৰিলে সমগ্ৰ বিশ্বতে বিৰল – ভ্ৰাম্যমান থিয়েটাৰ।

সাহিত্য  ডট অৰ্গৰ হৈ  সাক্ষাৎগ্ৰহণ কৰিছে – অনন্ত মোহন শৰ্মাই

Achyut Lahkar

.: আপুনি অসমবাসীৰ কাৰণে বা ভাৰতবাসীৰ কাৰণে বা বিশ্ববাসীৰ কাৰণে এটা নতুন নাট্যৰীতি বা নাট্যধাৰা প্ৰৱৰ্তন কৰিলে যাক আজি সকলোৱে স্বীকাৰ কৰি লৈছে আৰু আপুনি ইয়াৰ স্ৰষ্টা, সৃষ্টিকৰ্ত্তা। আপোনাক সকলোৱে ভ্ৰাম্যমানৰ জনক বুলি স্বীকাৰ কৰি লৈছে….. কিন্তু নটৰাজৰ কিবা-কিবি বস্তু, স্মৃতিচিহ্ন আপোনাৰ হাতত সংৰক্ষিত হৈ আছে নেকি?

::  একোৱেই নাই। কালৰ গতি তথা কিছুমান প্ৰাকৃতিক ঘটনাৰ বাবে আৰু আগতে এইবিলাক মানে মিউজিয়াম-চিউজিয়াম নাছিল নহয়; এটা নতুন বস্তু পুৰণি হ’ল, পেলাই দিলোঁ। এনেবোৰ বস্তু যে এদিন মিউজিয়ামত থব লাগিব তেনেধৰণৰ চিন্তাধাৰাও নাছিল। মোৰ ঘৰটো আছিল এচবেষ্টজৰ,  তাৰ পিছত এবাৰ শিল-বৰষুণত এচবেষ্টজ ফাটি কিছু বস্তু ষ্টক আছিল, বৰষুণতে বেয়া হৈ গ’ল। তেনেকুৱাকৈ সংৰক্ষিত নহ’ল আৰু।সেইটো মোৰ ডাঙৰ দোষ।

::  আপুনিকৈছেযেআপুনি অতীতৰ কোনো স্মৃতিচিহ্ন সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলে কিন্তু আপোনাৰ সময়ত যিবিলাক নাটক মঞ্চস্থ কৰা হৈছিল, সেইবিলাকৰ কপিবোৰ কৰবাত সংৰক্ষিত হৈ আছে নেকি?

::  সেই বস্তুবোৰৰ লগতে কেইখনমান নাটক একেলগে আছিলে, বৰষুণতে তিতি পচি গ’ল। কৰবাত দুই-এখন থাকিব পাৰে অৱশ্যে।

:: অসমীয়া নাট্য-সাহিত্য আৰু ভ্ৰাম্যমান থিয়েটাৰ – এই সম্পৰ্কে অলপ কথা ক’ব নেকি?

::  মনোৰঞ্জনৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰাটোৱেই নাটকৰ উদ্দেশ্য। নাটকো এটা সাহিত্যৰ অংগ। ইয়াৰ এক ৰুচিসন্মত দৰ্শক আছে। ভ্ৰাম্যমান থিয়েটাৰৰ নাটকেও অসমীয়া নাট্য-সাহিত্য সমৃদ্ধ কৰিছে।

:: আপুনি মঞ্চক লৈ যিমান পৰীক্ষা-নীৰীক্ষা কৰিছে, অইনে কৰিছে বুলি আপুনি ভাৱেনে?

:: নাজানো। কিন্তু মই যেতিয়া ভ্ৰাম্যমান থিয়েটাৰ কৰিছিলোঁ তেতিয়া বিভিন্ন কমিটিৰ মানুহে মোক নাটক নিবেদন কৰিবলৈ আমন্ত্ৰণ কৰিছিল প্ৰতি বছৰে মঞ্চক লৈ কৰা পৰীক্ষা-নীৰীক্ষাৰ বাবেহে।

অ:শ: শ্ৰীযুত লহকৰ ডাঙৰীয়া, অতীতলৈ আমি অলপ আগবাঢ়ি যাব খুজিছোঁ। ১৯৬৩ চন ২ অক্টোবৰ, পাঠশালা হৰিমন্দিৰ প্ৰাঙ্গণ, ফণী শৰ্ম্মাৰ ভোগজৰা নাটকৰ মঞ্চায়ন হব-সেই সন্ধিয়াৰ মূহুৰ্তটো আজি আপুনি অলপমান ৰোমন্থন কৰিব পাৰেনে-দিনটোৰ ব্যস্ততা, প্ৰথম নাটকৰ শ্বো আৰম্ভ….।

অ:ল:  সিদিনা, বৰ ব্যস্ত দিন আছিল। ঘড়ী চাবৰো সময় নাই। ইটোৰ পাচত সিটোৰ অভাৱ, কৰবাত লাইট ঠিক হ’লনে, কৰবাত মেকাপ ঠিক হ’লনে, কৰবাত দৰ্শকসকল বহা ঠাইখিনিৰ কিবা অসুবিধা হ’ল নেকি! মুঠতে চবতে ম‍ই মুৰব্বী আছিলোঁ। তেতিয়া যে ম‍ই কাৰোবাৰ হিণ্টচ পাম বা কাৰোবাক অৰ্ডাৰ দিম, কোনো এটা মানুহেই নাই। ম‍ইআস্তে আস্তে আৰম্ভ কৰিলোঁ, গতিকে চবতে ময়ে নজৰ দিব লাগে, অতি ব্যস্ত। সেইদিনা মোৰ এটা বিশেষ স্মৰনীয় দিন। কিয়নো সেই সকল দৰ্শকে জানে ম‍ই ঠেলা ষ্টেজেৰে ভ্ৰাম্যমান থিয়েটাৰ আৰম্ভ কৰিছোঁ। টায়াৰৰ চকাৰ ওপৰত ষ্টেজ বনাই, এটা নতুন কায়দাৰে ষ্টেজখন বনাইছিলোঁ। টায়াৰৰ ষ্টেজখনযে বনাইছিলোঁ, তেতিয়া তাত অলপ অসুবিধা আহিছিল আৰু তেতিয়া ম‍ই এটা এনাউন্সমেন্ট দিছিলোঁ, যিটো চিনৰ আগত আগুৱাই আনিম সেই চিনটোৰ আগত, যে দৰ্শকসকল কিছুমান অসুবিধাৰ কাৰণে দুদিনমান আমি নাটক বন্ধ ৰাখিম আৰু দুদিনমান পিছত পুনৰ আৰম্ভ কৰিম-এনেকৈ এটা ঘোষণা দিছিলোঁ। ঠিক তেনেতেদুজনমান দৰ্শকে সৈতে শুভাকাংক্ষী এজনে আহি ক’লে নাটকআপুনি বন্ধ নকৰিব, বন্ধ নকৰিব। ম‍ই বোলো দেখা নাই কি অসুবিধা হৈছে। তেওঁ বোলো আপুনি গমেই পোৱা নাই মানুহবোৰ নাটকচাইযে কিমান আনন্দ পাইছে। চাই থাকিব আৰু কিমান মানুহ হয়। ইয়াত কোনো মানুহ ক্ষুব্ধ হোৱা নাই।

অ:শ: প্ৰথমদিনাখন প্ৰেক্ষাগৃহত কিমান মান দৰ্শক আছে বুলি আপোনাৰ মনত পৰে?

অ:ল:  গোটেই প্ৰেক্ষাগৃহ ভৰ্তি আছিল।

অ:শ: কিমানমান আসন আছিল? তেতিয়াও চকীৰ ব্যৱস্থা আছিলনে?

অ:ল: আগতে দৰ্শকে মাটিত বহি অপেৰা চাইছিল। কিন্তু তেতিয়া সকলোখিনি চকীয়েই আছিল। গেলাৰীহে অহা নাছিল। কাঠৰ চকী আছিল, ফ’ল্ডিং চকী। সেইবোৰ আজিকালি উঠিগ’ল।

অ:শ: এতিয়া সুধিব খুজিছোঁ, আপোনাৰ নাটক মঞ্চস্থ কৰা শেষ হ’ল আৰু অসমৰ ভ্ৰাম্যমানৰ এটা নতুন ইতিহাস আৰম্ভহ’ল।নাটক শেষ হোৱাৰ পিছত মানুহে নিশ্চয় আপোনাক বেৰি ধৰিছিল, বেৰি ধৰি বুলি নিশ্চয় প্ৰশংসা কৰিছিল। সেই মুহূৰ্তটো আপুনি ৰোমন্থন কৰিব পাৰে নেকি?

অ:ল: আগতে মানুহে অপেৰা বা যাত্ৰা হে চাব পাইছিল স্থায়ী মঞ্চত। বৈদ্যুতিক যুগ অহাৰ পিছত তাৰ সুবিধা গ্ৰহণ কৰি ম‍ই অসমৰ মানুহৰ বাবে সুবিধা কৰিলোঁ। এপ্লিফায়াৰৰ ব্যৱস্থা কৰিলোঁ। আগৰ যাত্ৰাত মাইকৰ ব্যৱস্থা নাছিল; সেয়েহে অভিনেতাৰ চিঞৰ যিমান মানুহে শুনা পায়, সেইখিনি মানুহেহে নাটক চাব পাৰিছিল। দ্বিতীয়তে অভিনেতাজন ‘গলা থকা’ চিঞৰিব পৰা হব লাগিছিল। ম‍ই মাইকৰ ব্যৱস্থা কৰিলোঁ। ফলত দৰ্শকৰ সংখ্যা বঢ়াব পৰা হ’ল। আগৰ পাঁচশৰ ঠাইত দুহেজাৰ মানুহক বহাব পৰা হ’ল। মোৰ তেতিয়া অৱশ্যে এহাজাৰমান আছিল চাগে’।

অ:শ: যদিও আপোনাৰ আগতেও অসমত নাটকত নাৰী চৰিত্ৰৰ দ্বাৰা অভিনয় কৰোৱা হৈছিল, তথাপিও আপোনাৰ সেই সময়ত বছৰযোৰা বন্দোবস্তৰে অভিনেত্ৰীসকলক ভ্ৰাম্যমানৰ বাবে চুক্তি কৰোৱাত কিবা অসুবিধা হৈছিল নেকি বা অভিনেত্ৰী পোৱাৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি?

অ:ল: অভিনেত্ৰীৰ বাবে ম‍ই পেপাৰত বিজ্ঞাপন দিছিলোঁ। পেপাৰৰ জৰিয়তে প্ৰচাৰ কৰা ফলত ম‍ই দুগৰাকীমান অভিনেত্ৰী পাইছিলোঁ। আৰু এগৰাকী টিহু হাৰিভাঙ্গাৰ সেইফালৰ, বীনা দাস মান্না নামৰ, জ্যোত্স্না, ল’ৰা ছোৱালী আছিলে গুৱাহাটিতে, বৰ ভাল অভিনেত্ৰী আছিল। বাকী দুগৰাকীমান (শোনিতপুৰৰ) গজেন বৰুৱাৰ মাধ্যমেৰে পাইছিলোঁ। গজেন বৰুৱাৰ মাধ্যমেৰে বহুকেইজন বলিষ্ট অভিনেতা, গায়ক, বিশেষকৈ গ্লেমাৰ আৰ্টিষ্ট অনুপমা ভট্টাচাৰ্যক চিনেমা জগতৰ পৰা থিয়েটাৰ জগতলৈ আনি দিছিল। এই ক্ষেত্ৰত গজেন বৰুৱাৰ অৱদান পাহৰিব নোৱাৰোঁ। গজেন বৰুৱাই সেইখিনি সহায় নকৰা হ’লে বৰ অসুবিধাত পৰিলোহেঁতেন।

অ:শ: আমাক আপোনাৰ নাটকৰ পৰিচালনাৰ দিশটোৰ বিষয়ে অলপ কওঁক। আপুনি যিকেইখন নাটক নিৰ্বাচন কৰিলে, হাইদৰ আলি, ভোগজৰা, সেই নাটকবিলাক পৰিচালনাৰ ক্ষেত্ৰত আপুনি ধৰনীধৰ গোস্বামীদেৱৰ আৰু চন্দ্ৰ চৌধুৰীদেৱক দায়িত্ব দিছিল।

অ:ল:  চন্দ্ৰ চৌধুৰী প্ৰথম আছিল। ধৰনীধৰ গোস্বামী পৰিচালক নাছিল, ইয়াৰে লোকেল মানুহ আছিল, জনা মানুহ আছিল।পৰিচালক হিচাপে তেওঁক ৰখা হোৱা নাছিল, এনেই তেওঁ আহিছিল, মৰম কৰিছিল, নাট্যপ্ৰেমী মানুহ আছিল।বহুত সময়ত পৰামৰ্শ দিছিল। অৱশ্যে তেওঁ যিমান সহায় কৰিছিল, সেয়া স্বীকাৰ কৰিব‍ই লাগিব।

অ:শ: আপুনি মঞ্চত লৈ যিমান গৱেষণা কৰিছে, পৰৱৰ্তী পৰ্য্যায়ত মঞ্চক লৈ কিবা বিশেষ এটা গৱেষনা হোৱা বুলি আপুনি ভাবেনে?

অ:ল:  নাই। একো অহা নাই। আৰু দৰকাৰো নোহোৱা যেন হৈ পৰিছে। মঞ্চ পাইছোঁ যেতিয়া নাটক কৰিলেই হ’ল। হয়, সেইটো‍ও এটা ডাঙৰ কথা। মোৰ তাত কমিটি যেতিয়া আহে কয়, আজিকালি বহুত নাট্যদল ওলাইছে, তথাপিও কিন্তু আমি আপোনাৰ ওচৰতহে আহিছোঁ। ম‍ই বোলো কেলেই… বাকীসকলে নাটক দিছে, বেলেগ বেলেগ নাট্যকাৰৰ নটক দিছে, কিন্তু আপুনিযে প্ৰতি বছৰে একোখন নতুন নতুন মঞ্চ দিয়ে, আপোনাৰ এই যে এটা বিশেষত্ব আছে, আমি সেইবাবেহে আপোনাৰ ওচৰলৈ আহিছোঁ।

::  আপুনি আগতেএবাৰ কৈছিল যে এদিন মই য’ত গৈছিলোঁ তাতে চহৰ হৈছিল। এতিয়া?

অ:ল:  হয় , এদিন মই য’ত গৈছিলোঁ তাতে চহৰ হৈছিল। ইয়াৰ অৰ্থ এইটোৱে যে মানুহে মোক বেৰি বেৰি ধৰিছিল। মই কি কৰিছোঁ, কি ভাবিছোঁ তাৰ খবৰ ৰাখিছিল। সন্ধিয়াৰ পৰা মোৰ ব্যস্ততা বাঢ়িছিল। জ্ঞানী মানুহ সকলে আহি মোৰ ওচৰত বহে আৰু আলাপ আলোচনা কৰে। এটা আনন্দময় জীৱন কটাই আহি আহি আজি এটা মানুহো নাই, সেই সময়ো নাই। আজি সেইবোৰ নাই। উদং ঘৰটোত অকলশৰীয়া মই। কোনো নাহে। সেই সময়ত মোৰ গধূলিবোৰ আছিল মধুৰ কিন্তু আজি গধুৰ। আজি মই নিসংগ, অকলশৰীয়া। হ’লেও মোৰ দুখ নাই। মাজে মাজে মানুহ আহে, মোৰ খবৰ লয়, ভাল লাগে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!