লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিভা (সাহিত্যাচাৰ্য মহিম বৰা)

         Mahaim Borah_Article_Bez কৃপাবৰ বৰবৰুৱা ডাঙৰীয়া এদিন আকাশ-পাতাল ভাবি চ’ৰাত বহি আছিল হেলনীয়া চকীত৷ এনেতে কঁহকহীয়া চৌখিন ডেকা ল’ৰা এটাই দুৱাৰ মুখত থিয় হৈ নমস্কাৰ দিলে৷ বৰবৰুৱাই মূৰ জোকাৰি সোমাই আহিবলৈ কৈ তেওঁৰ সন্মুখৰ মেজখনৰ বিপৰীতে থকা চকী এখন দেখুৱাই বহিবলৈ ক’লে৷ ডেকাজনে মিচিককৈ হাঁহি তেওঁৰ ফালে চাই চকীত বহিল৷ বৰবৰুৱাই তেওঁক চিনি পোৱা নাই বা চিন পাহৰিলে৷ সুধিলে- ‘কোৱাচোন কি সকামত আহিলা?’ ডেকাৰ মুখৰ মিচিকীয়া হাঁহিৰ মাজেদিয়েই তেওঁ ক’লে- ‘ডাঙৰীয়াই মোক চিনি পোৱা নাই নেকি?’ বৰবৰুৱা বিমোৰত – তেখেতৰ এনে ভুল হৈয়েই থাকে৷ ডেকাই কৈ গ’ল কিয় আপোনাৰ লগত সদায় থাকোঁ, য’লওকে যায় মোকো লৈ যায়…৷

  • বাৰু কোৱাচোন, বুঢ়া বয়সত মানুহে বহুকথাই পাহৰে. তোমাৰ নামটো কোৱা’
  • ‘আপুনি তেনেহ’লে মোক কোৱা কথাবোৰ পাহৰিলে’ এইযে আপুনি কৈছিল মোক ধুনিয়া ঘৰ এটা সাজি দিব – এখন সেউজীয়া লন থাকিব – ফুলনি থাকিব, – এখন ঘোঁৰাবাগী – এখন দামী গাড়ী…

বৰবৰুৱাই বাধা দি ক’লে – ‘ওহো তুমি ভুল কৰিছা৷ মই কেতিয়াও কাকো এনে কথা

দিয়া নাই৷’ ডেকাই মিচমিচকৈ হাঁহিয়েই থাকিল৷ হাঁহিৰ মাজতেই আৰু কি কি দিব বুলি কৈছিল তাৰ তালিকা দি শেষত ক’লে, – ‘কিয় ডাঙৰীয়া, আপুনি যে ধুনীয়া ছোৱালী দেখিলে আঁতৰৰ পৰা চাইছিল, তেনে এজনী ধুনীয়া ছোৱালী মোলৈ বিয়া কৰাই আনিম বুলি কৈছিল…!’

          এই বৰবৰুৱা ডাঙৰীয়াই চোঁচা লৈ তাক পিছফালৰ পৰা দুই বাহুত হেঁচি ধৰি ক’লে – ‘মোৰ দৰে ভব্য-গব্য লোকক তই অপমান কৰিছ, মোক সকলোৱে সন্মান কৰে আৰু তই..’

          বৰবৰুৱাৰ হেঁচাত সি চকীৰ দৰে চেপেটা হৈ গ’ল – তথাপি কৈ গ’ল – ‘মোক আপুনি মাৰিব নোৱাৰে, চেপেটা কৰিবহে পাৰিব৷ মোক আপুনি চিনি নাপালে, ময়ে আপোনাৰ মনটো৷’

          মোৰ এই কথাখিনি খহটা আৰু মনৰ পৰা লিখা – কমৰসিক৷ শ্ৰদ্ধেয় ৰাইজে কৃপাবৰৰ ‘মোৰ সৈতে মনাইৰ দন্দ’ ৰচনাখন পঢ়িছেই – যিসকলে পঢ়া নাই – বুজিব পাৰিব কৃপাবৰী হাস্যৰসৰ সোৱাদ কেনেকুৱা৷

          মই চতুৰ্থ-পঞ্চম শ্ৰেণীতেই কৃপাবৰৰ এনে ৰচনা পুৰণা বাঁহীত দুই-এখন পঢ়ি কৃপাবৰক চাবলৈ উত্ৰাৱল হৈছিলোঁ৷ আমাৰ বংশৰ স্বৰ্গীয় শ্ৰেদ্ধেয় ডিম্বেশ্বৰ বৰা, স্বৰ্গীয় ভোগেশ্বৰ বৰা ককাইদেউ দুজনে বুজালে- ‘ডাঙৰ হ’লে পঢ়িবি কৃপাবৰ কোন৷ কৃপাবৰ বৰবৰুৱা লক্ষ্মীনাথৰ ছদ্মনাম৷’ ‘তেওঁৰ সঁচাকৈয়ে কোটটো ডাঙৰনে? মূৰৰ পিছফালে টিকনি আছেনে, কেনেকৈ ক’ত কৃপাবৰক লগ পাম’ – এনেবোৰ গোপনীয় চিন্তাত মন ব্যাকুল হৈ পৰিছিল৷ অলপ বয়স বঢ়াৰ লগে লগে বেজবৰুৱাতকৈ কৃপাবৰহে বেছি ভাল লগা হৈছিল৷ কলেজলৈ অহাৰ লগে লগে বেজবৰুৱাৰ কিতাপ বিচাৰি-খোচাৰি পঢ়িবলৈ ল’লো যদিও সেই সময়ত বেজবৰুৱাৰ কিতাপ পঢ়িবলৈ নাছিল৷ অসমীয়া এম. এ. ক্লাছত নাম লগাই (সাহিত্য বিভাগ) বিশেষ পাঠ্যক্ৰম হিচাপে বেজবৰুৱা আৰু গোহাঞি বৰুৱাক লৈছিলোঁ৷ তেতিয়াও বেজবৰুৱাৰ গ্ৰন্থাৱলী ওলোৱা নাই (১৯৫২ চন)৷ স্বৰ্গীয় ডঃ নেওগ ছাৰ আৰু সত্যেন্দ্ৰনাথ শৰ্মা ছাৰে দিয়া বক্তৃতাৰ আধাৰত অধ্যয়ন শেষ কৰিছিলোঁ৷ শেহতীয়াকৈ বেজবৰুৱাৰ ৰচনাৱলী ওলালেও মোৰ পঢ়াৰ সৌভাগ্য নহ’ল৷ কৃপাবৰৰ ৰচনাভংগীয়ে মোক বৰকৈ আকৰ্ষণ কৰিছিল আৰু তেনেকুৱা ভাষা ময়ো লিখিবলৈ চেষ্টা কৰিম বুলি মনতে ভাবিছিলোঁ৷ অলপ জ্ঞান হোৱাত বুজিলোঁ- কৃপাবৰী ৰচনাৰ ঠাঁচ অননুকৰণীয়৷ ইয়াত ইংৰাজী হাস্যৰসিকসকলৰ প্ৰভাৱ নিশ্চয় আছে, কিন্তু সেইটো তেওঁ সম্পূৰ্ণকৈ হজম কৰি নিজস্ব এটা ধাৰা সৃষ্টি কৰিছে৷

          কৃপাবৰ বৰুৱা দুজন নে একেজনেই৷ আমি একেজনেই বুলি জানো – কিন্তু প্ৰমাণ কি? কৃপাবৰী হাঁহিৰ সঁফুৰাত নিজকলৈয়ো হাঁহিলে আৰু আনক লৈয়ো হাঁহিলে৷ গোটেই জীৱন হাঁহিয়েই কটাই গ’ল৷ তেওঁ কেতিয়াও কন্দা নাছিলনে? এম এ. পঢ়ি থকা অৱস্থাত মই এই চিন্তাবিলাক কৰিছিলোঁ৷ এই খিনিতে মই কৃপাবৰৰ আন দুখন ৰচনাৰ কথা উল্লেখ কৰোঁ – ‘বিৰহ’ আৰু ‘মিলন’৷ কৃপাবৰৰ পানীলগা – বৰবৰুৱানী নাই, দেশ ফুৰিবলৈ গৈছে৷ বৰবৰুৱাই পোষ্টকাৰ্ড ভেজিলে – “প্ৰিয়ে, সোনকালে আঁহা, তোমাৰ বিৰহত মই আঁতুৰ৷” চিঠি পাই বৰবৰুৱানীয়ে ভ্ৰমণ আধাতে সামৰি বৰবৰুৱাৰ ওচৰ পালেহি৷ দেখিলে – সৰ্বনাশ, নাকে-মুখে পানী, গোটেই মানুহটো ওফন্দি পৰিছে৷ লগে লগে তেওঁ তালাপিত লাগি গ’ল৷ তেল-নহৰুৰ মালিছ, গৰম পানীৰ সেঁক, ঔষধ-পত্ৰ আদি দিয়াত ব্যস্ত হ’ল৷ বৰবৰুৱাই ক’লে- ‘প্ৰিয়ে, যিমানেই চেষ্টা নকৰা হিন্দুৰ পানীলগা সোনকালে ভাল নহয়৷ ভাৰতলৈ অহা হিন্দুৰ পূৰ্বপুৰুষসকলে পিণ্ডখোৱাৰ যি ব্যৱস্থা কৰি গ’ল তাৰ ফলত আমাৰ এই দশা৷ আমাৰ আগৰ জন্মৰ পো-নাতি বিলাক বছৰি বছৰি পিণ্ড দিবই লাগিছে আৰু সেই পানী আমাৰ গাত পৰিয়েই আছে৷ গতিকে হিন্দুৰ পানীলগা কেনেকৈ ভাল হ’ব৷ সেয়েহে এইবাৰ ভৱিষ্যতে এই বিপদৰ পৰা হাত সৰাৰ ব্যৱস্থা লৈছোঁ৷’ এইটোৱেই কৃপাবৰৰ কাণ্ড৷ বেজবৰুৱাৰ পুত্ৰ সন্তান না, কৃপাবৰৰো পুত্ৰ সন্তান নাই৷ দুয়োজন যে একেজনেই তাৰ এটা আমোঘ প্ৰমাণ আমি এই ৰচনা দুখনত পাওঁ৷

          কৃপাবৰৰ কান্দোন এই হাঁহিৰ মাজেদিয়েই প্ৰকাশ পাইছে৷ বেজবৰুৱাৰ কান্দোন আমি আৰু এঠাইত স্পষ্টকৈ দেখিছোঁ – বীণ বৰাগী কবিতাটোত৷ কবিয়ে বৰাগীক কৈছে-

                             “একণি হৃদয় এফেৰি সমল / কতনো সহিব খুন্দা

                             ভাগিচিগি যায় অলপ আঘাতে / কিয় তই মোক কন্দা”

          হাঁহিৰ সঁফুৰাত বেজবৰুৱাই নিজৰ কান্দোন লুকুৱাই আমাক হাঁহিখিনি বিলাই গ’ল৷ ব্যঙ্গ আৰু বিদ্ৰুপাত্মক হাস্যৰসো বেজবৰুৱাৰ ৰচনাত আছে৷ অৱশ্যে আমি তেওঁৰ ৰচনাত হিউমাৰ বেছি পাওঁ৷

          বীণ বৰাগী কবিতাটো- এটি আচৰিত কবিতা বুলি এখন সভাত কৈছিলোঁ৷ বেজবৰুৱাৰ গভীৰ দেশপ্ৰেম আৰু জীৱন দৰ্শন এই কবিতাটিত প্ৰকাশ পাইছে৷ কাৰণ সুৰটো জন্ম জন্মান্তৰে শুনা৷ জন্মান্তৰবাদতো কবিৰ বিশ্বাস গভীৰ৷ এই বিশ্বাস কেৱল আধ্যাত্মিক স্তৰতে কবিয়ে ৰখা নাই৷ ইয়াত দেশপ্ৰেমৰ গভীৰতাহে সাঙোৰ খাই আছে৷ আগৰ জন্মবিলাকত কবি ক’ত উপজিছিল? – এই দেশত, এই ভাৰতভূমিত, এই কামৰূপ, প্ৰাগজ্যোতিষপুৰ, এই অসমত৷ সেই কাৰণেই আগৰ জন্মৰ ভাৰতৰ, অসমৰ গৌৰৱৰ দিনবোৰৰ কথা আওঁপকীয়াকৈ উল্লেখ কৰিবৰ সুৰুঙা পাইছে৷ ভাৰতৰ জাতি-গোষ্ঠীৰ মহীয়সী নাৰীসকলৰ কেইগৰাকীমানৰ নাম উল্লেখ কৰি লগতে মহাসতী জয়মতীক স্থান দি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিছে কবিতাটিত৷ মহাবীৰ চিলাৰায়, লাচিত বৰফুকন, মহাৰাজ নৰনাৰায়ণ, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ নাম উল্লেখেৰে অসমৰ কামৰূপৰ ৰাজনৈতিক বুৰঞ্জী, সৰ্বভাৰতীয় বুৰঞ্জীৰ অংগীভূত কৰিছে৷ ফলত জনজাতীয় আহোম শাসন ভাৰত বুৰঞ্জীৰ বিশেষ অংগ হৈ পৰিল৷ ‘অ’ মোৰ আপোনাৰ দেশ’ৰ গীতিকাৰ বেজবৰুৱাই ‘অ’ মোৰ অসমী আই’ বোলোতে ‘অ’ মোৰ ভাৰত আই’ ধাৰণাটো ব্যক্ত কৰিব পাৰিছে৷ যি কোনো দেশে অসমীৰ ঠাইত নিজৰ দেশৰ নাম, নিজ নিজ মাত কথা বা ভাষাক ‘সুৰীয়া মাত’ বিশেষণেৰে বিভূষিত কৰি জাতীয় সংগীত কৰি গোৱাৰ সুৰুঙা বেজবৰুৱাই ৰাখি থৈ গৈছে৷ কবিতাটোত গভীৰ দেশপ্ৰেমৰ লগতে গভীৰ আশাবাদ প্ৰকাশ পাইছে৷ বৰাগীৰ অমৃত সংগীতে পৰাধীনতাৰ নাগ পাশত শুকাই যোৱা দেশখন কুঁহিপাতেৰে উপচি পৰিব বুলি প্ৰকাশ কৰিছে৷ দেশৰ নতুন পুৰুষে অতীত বুৰঞ্জীৰ প্ৰেৰণা লৈ আকৌ এই দেশ স্বাধীন কৰিব – এই গভীৰ আশাবাদ কবিতাটোত প্ৰকাশ পাইছে৷

                             “নতুন প্ৰাণৰ ন-চকুজুৰি

                             দীপ্তি ঢালিদে তাত

                             পুৰণি পৃথিৱী নকৈ চাই লওঁ

                             হে বীণ এষাৰি মাত৷”

          পুৰণি পৃথিৱীখনত কবিৰ নতুন প্ৰাণ হ’ল – নতুন পুৰুষ৷ কবিৰ জীৱিত কালতে দেশ স্বাধীন হোৱাৰ কামনাৰে কবিতাটো শেষ কৰিছে৷ কবিতাটিত ‘ইপুৰী-সিপুৰী’ৰ উল্লেখৰ দ্বাৰা জীৱন-মৃত্যুৰ কথা কোৱা নাই, পৰাধীন দেশ আৰু স্বাধীন দেশৰ কথাহে প্ৰতীকী ৰূপত প্ৰকাশ পাইছে৷ আধ্যাত্মিক অৰ্থ কৰিলে কবি পলায়নবাদী হৈ পৰিব৷ যিজন কবিয়ে বীণৰ সুৰটো নুশুনাকৈ আঁতৰি যাবলৈ শকতি নাপায়৷ তেওঁ মৃত্যুৰ পিছত সিপুৰীত গৈ বুজিব বুলি অৰ্থ কৰিলে কবিতাটোৰ প্ৰতি, কবিৰ প্ৰতি ঘোৰ অন্যায় কৰা হ’ব৷

                             “শোকৰ সুৰটি নুশুনি নোৱাৰো

                                      বাঘমোৰে ধৰে মোক

                             আঁতৰি যাবৰ শকতি নাপাওঁ

                                      বেজাৰে পীড়িছে বুকু৷”

          মোৰ নিজা ধাৰণা এই যে ৱৰ্ডচৱৰ্থৰ ‘চ’লিটাৰী ৰীপাৰ’ কবিটাটোৱে কবিক ‘বীণ বৰাগী’ৰ প্ৰেৰণা দিছিল৷ ৱৰ্ডচৱৰ্থেও দাৱনীৰ ভাষা বুজা নাছিল, সুৰটোৱেহে টানি নিছিল৷ বেজবৰুৱাৰ প্ৰেমৰ কবিতাত ইংৰাজ কবিৰ প্ৰভাৱ আছে৷ জৰ্জ ডাৰ্লিৰ কবিতাৰ অসমীয়া ভাষান্তৰ এই কবিতাটো৷ নাৰীৰ বাহিৰৰ ৰূপ-লাৱণ্যই প্ৰেমিকক সাধাৰণতে আকৰ্ষণ কৰিলেও বেজবৰুৱাৰ প্ৰেমৰ সংজ্ঞা সুকীয়া – ‘কামগন্ধ নাহি তায়’ – ধৰণৰ৷ এই প্ৰেম গভীৰ, বিশাল, অনন্ত – যাৰ বিন্দু এটাই মৰুভূমিক বুৰাই, শিলক পমায়৷ এনে নিভাঁজ প্ৰেম তেওঁ প্ৰেমিকাৰ পৰা বিচাৰে৷ তেওঁৰ প্ৰেমিকা ‘মালতী’ যেনেকৈ অম্বিকাগিৰী ৰায়চৌধুৰীৰ ‘ৰাণী’, দেৱকান্ত বৰুৱাৰ তাঁতশালৰ শিপিনীজনী (নাম দিয়া নাই), দুৱৰাৰ, বৰকাকতীৰ প্ৰেমিকাৰ নাম নাই৷ দুৱৰা, বৰুৱাৰ জীৱনত অনন্তৰূপ বা জন্মান্তৰবাদত বিশ্বাস নাই, মৃত্যুৱেই সকলো শেষ৷ ‘বাহুতোলা মৰণৰ শেষ আলিঙ্গনে চিনচাব নাৰাখে সমূলি’- দুৱৰা আৰু বৰুৱাৰ – ‘তুমি আৰু মই গঢ়া মাটিৰ পৃথিৱী এয়া মৃত্যু তাৰ সীমা৷’ এইসকলৰ প্ৰেমৰ মৃত্যুতে সীমাবদ্ধ, উত্তৰণ নাই৷ ৰায়চৌধুৰীৰ ‘তন্দ্ৰাভঙ্গ কবিতাত ‘ৰাণী’ৰ উত্তৰণ হৈছে – ‘ইবাৰ ওঁঠত নহয় পদত – অমৰ সুধা পিলোঁ৷’ তন্দ্ৰাভঙ্গ এই কণমানি কবিতাটোত তেওঁৰ প্ৰেমৰ দৰ্শন প্ৰকাশিত হৈছে৷

          বৰকাকতীৰ প্ৰেম চিৰসুন্দৰৰ প্ৰেমৰ লগত লীন গৈছে৷

          প্ৰেমিকা মালতীৰ প্ৰেমো সীমাবদ্ধ –

                             “নিষ্ঠুৰ এই পৃথিৱীত

                             মেলানি মাগি ল’ম

                             ঢুকাব সকলো বাধা৷”

‘মালতী’ – কবিতাটোৰ এই সামৰণিটোৱে মোক সদায় আমনি কৰি আহিছে – মনৰ ভিতৰত গুৰি পৰুৱা এটা বগাই ফুৰাৰ দৰে৷ জন্মান্তৰবাদী কবি নিভাঁজ প্ৰেমৰ সাগৰত বুৰিয়াই থাকিও এই ক্ষেত্ৰত তেওঁ সীমা ঠেক কৰিলে কিয়?

          চন্দ্ৰকুমাৰৰ মাধুৰীৰ মাধুৰী নিভাঁজ প্ৰেমৰ প্ৰতীক – ‘কামগন্ধ নাহি তায়’৷ মালতীকো পাঠকে তেনেৰূপত থকাটো বিচাৰিছিল৷ যোৱা কেইদিনমানৰ পৰা মোৰ চিন্তাই এটা ব্যাখ্যা বিচাৰি পাইছে; ভয়ে ভয়ে আগবঢ়ালোঁ৷ প্ৰেমৰ কবিতাত কবিয়ে প্ৰেমৰ যি সূত্ৰ দিছে – সেই নিভাঁজ নিষ্কাম প্ৰেমৰ মূৰ্তিমতী ৰূপ হ’ল ‘মালতী’ – যি ‘মাধুৰী’ৰে এটা ৰূপ হোৱাত বাধা নাই৷ মালতীৰ দেহৰ পৰশ কবিয়ে গোটেই জীৱন পাই আহিছে৷ এই প্ৰেম, এই প্ৰেমিকা কোনো জন্মতে লগ পোৱাৰ আশা নাই৷ ইমানেই পবিত্ৰ, স্বৰ্গীয় এই প্ৰেম৷ এই জন্মতেই সকলো শেষ৷ ‘কবিৰ অহৈতুকী প্ৰীতি’ ৰচনাখনত শ্ৰদ্ধেয় স্বৰ্গীয় ডঃ কাকতি ছাৰে এনে নিঃস্বাৰ্থ প্ৰেমৰ উদাহৰণসহ আলোচনা কৰি গৈছে৷ মই ভাবোঁ কামভস্ম আৰু হৰ-গৌৰীৰ প্ৰেমো নিষ্কাম প্ৰেমৰ ৰূপাত্মক প্ৰকাশ হিচাপে গণ্য কৰিব পাৰি৷ কামদেৱক ভষ্ম কৰাৰ পিছতহে শিৱ পাৰ্বতীৰ মিলন হৈছে৷ বেজবৰুৱাই তেনে প্ৰেমক ‘মহাশক্তি জগত প্ৰকাশে’ বুলি কৈছে৷

          চুটিগল্পৰ ক্ষেত্ৰত বেজবৰুৱা চিৰকাল আমাৰ আদৰণীয়৷ পাশ্চাত্যৰ প্ৰভাৱত সৃষ্টি হোৱা আমাৰ সাহিত্যত এই প্ৰথম চুটিগল্পৰ অৱতাৰণা৷ এই ক্ষেত্ৰত বেজবৰুৱাই পাশ্চাত্য প্ৰভাৱক জীন নিয়াই এই দেশৰ মাটি পানী, বতাহৰ সৃষ্ট চৰিত্ৰ কাহিনীৰ সৃষ্টি কৰি গৈছে৷ যোৱা এশ, ছকুৰি বছৰ ধৰি পঢ়ি অহা এনে কেইটামান গল্প আমাৰ সাহিত্যত অমৰ হৈ থাকিব৷ একমাত্ৰ সাহসী গল্প ‘পাতমুগী’ত সেই সময়ৰ পাশ্চাত্য সাহিত্যত তোলপাৰ সৃষ্টি কৰা ফ্ৰয়েডৰ চিন্তাৰ পোনপটীয়া প্ৰকাশ এই পৰীক্ষামূলক গল্পটোৰ আকৰ্ষণ চিৰনতুন৷

          বেজবৰুৱাৰ আত্মজীৱনী সকলো দিশতে সাহিত্যৰ সোৱাদযুক্ত হোৱাৰ উপৰিও আমাৰ জাতীয় জীৱন, ধৰ্ম, সংস্কৃতিৰ এখন দলিল হৈছে৷ অকল ৰসাল ভংগীৰ এইখন এখন আমনি নলগাকৈ পঢ়িব পৰা জীৱনী, কাহিনী, বুৰঞ্জী৷

          ভকততে সীমাবদ্ধ হৈ থকা গুৰুদুজনাক আধুনিক শিক্ষিত সমাজৰ মাজলৈ বেজবৰুৱাই প্ৰথম আনিলে৷ এই ক্ষেত্ৰত ডঃ কাকৰি ছাৰৰো নাম জড়িত হৈ থাকিব৷ বৈষ্ণৱ সাহিত্যৰ অমূল্য ৰত্নৰাজিয়ে আমাৰ সাহিত্যৰ ভঁৰাল মেটমৰা কৰাত কিমান সহায় কৰিলে বা কৰিছে সেই আলোচনাৰ ঠাই মোৰ এই আলোচনাত নাই৷ বৈষ্ণৱ ভক্ত বেজবৰুৱাৰ শংকৰ মাধৱ চৰিত পুথি দুখনৰ উপৰিও, কৃষ্ণকথা, তত্ত্বকথা আদি, বৰোদাত দিয়া বক্তৃতাত যি বিশাল জ্ঞান, অধ্যয়ন আৰু ভগৱৎ ভক্তি প্ৰকাশ পাইছে – ভৱিষ্যতে তাৰ সুকীয়া আলোচনা কৰা পণ্ডিত আমাৰ মাজত ওলাব৷

          আজি ডেৰশ বছৰীয়া অনুষ্ঠানটোৱে আমাকো এই আশা দিছে যে অসমীয়া জাতি জীয়াই থকালৈকে বেজবৰুৱা ৰাইজৰ সেৱাৰ পাত্ৰ হৈ থাকিব – সেই ধূলিকণা এটা হ’লেও মূৰত তুলি ল’ব৷

                             “দূবৰি বনতকৈ সৰু তই লক্ষ্মীনাথ

                                      ধূলিৰো তলৰ তই ধূলি

                             তাকো নাপাহৰে প্ৰিয়তকৈ প্ৰিয় তোৰ

                                       আদৰি ল’বহি তুলি৷”

          মোৰ বেজবৰুৱাৰ সাহিত্য-জ্ঞান সীমাবদ্ধ৷ তেতিয়া তেখেতৰ সকলোবিলাক ৰচনা প্ৰকাশ হোৱা নাছিল৷ এতিয়া প্ৰকাশিত হ’ল যদিও যোৱা ১২/১৫ বছৰ ধৰি চকু আৰু মূৰৰ আচৰিত ধৰণৰ বিষত লিখা-পঢ়া সম্পূৰ্ণ বন্ধ৷ কৈ যোৱা কথা আনে লিপিবদ্ধ কৰি যায়৷ বৰ্তমান লিপিকাৰৰো অভাৱ৷ আচৰিত কথা এই প্ৰথম কেইটামান পাত নিজে মনৰ পৰাই লিখি যাব পাৰিলোঁ৷ দোষ-ত্ৰুটী, ভুল-ভ্ৰান্তি সুধীজনে আঙুলিয়াই দিব এই আশাৰে৷

          ‘কৃষ্ণ যেন দিলে মতি,… … যেন ৰৰৈ সৰস্বতী’ মাত্ৰ লিখি গ’লোঁ৷ ভাষাৰ গাঁথনি শব্দৰ গাঁথনিলৈ চকু দিয়াৰ সময় নাই৷ সকলোলৈ সেৱা জনালোঁ৷ সাহিত্য সম্ৰাটজনলৈ শতকোটি সেৱা৷ সুধী সমাজলৈ সেৱা৷

                                      ‘নতুন প্ৰাণৰ ন-চকুযুৰি

                                      দীপিতি ঢালি দে তাত

                                      পুৰণি পৃথিৱী নকৈ চাই লও

                                      হে বীণ এষাৰি মাত৷’

                   ‘অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল৷’

(বিঃদ্ৰঃ – এই লেখাটো ‘যোৱা ২৬ মাৰ্চ, ২০১৪ তাৰিখে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উদ্‌যাপনৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন বিদ্যায়তনিক ভৱনৰ সন্মুখত উন্মোচন কৰা বেজবৰুৱাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি আৰু গ্ৰন্থ উন্মোচনী সভাত পাঠ কৰা অভিভাষণটোৰ সম্পূৰ্ণ পাঠ৷ লেখকৰ অনুমতি মৰ্মে ইয়াত পুনৰ প্ৰকাশ কৰা হ’ল৷ – সম্পাদক: সাহিত্য ডট্ অৰ্গ৷)                     

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক