ঢেঁকীয়াপটীয়া বাঘৰ আৱশ্যকতা…এটা চিকাৰৰ সন্দৰ্ভত ( কামাল আজাদ)


ঢেঁকীয়াপটীয়া বাঘে জংঘলৰ সুস্বাস্থ্যৰ পৰিচয় বহন কৰে৷ ই খাদ্যশৃংখলৰ শীৰ্ষৰ প্ৰাণী হিচাপে অৰণ্যতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে বুলি থূলমূলকৈ প্ৰায়বোৰ কিতাপ-পত্ৰ, প্ৰবন্ধ আদিত চমুকৈ উল্লেখ থাকে৷ ফলতঃ ঢেঁকীয়াপটীয়া বাঘৰ প্ৰকৃত আৱশ্যকতা সম্পৰ্কে জনসাধাৰণ অজ্ঞাত হৈ ৰয়৷ বাস্তৱ অভিজ্ঞতা তথা বাঘৰ বিষয়ে লিখা কিছুমান ক্লাছিকেল পুথি পঢ়িহে আমেজসহ সবিশেষ জ্ঞান আহৰণ কৰিব পাৰি৷ উদাহৰণ স্বৰূপে ষ্টিফেন মিল’ৰ ‘টাইগাৰ’ পুথিখন লেখত ল’বলগীয়া৷ পুথিখনত বাঘে কৰা চিকাৰক অভয়াৰণ্য এখনৰ ‘বিশেষ পৰিঘটনা’ বুলি উত্থাপন কৰিছে৷ এই বিশেষ পৰিঘটনাটো তিনিটা স্তৰত পৰ্য্যালোচনা কৰি অৰণ্যতন্ত্ৰত ঢেঁকীয়াপটীয়া বাঘৰ আৱশ্যকতা সম্পৰ্কে কিছু জ্ঞান আহৰণ কৰিব পাৰি৷
বাঘ অতি নিপুণ চিকাৰী হোৱা সত্বেও সিহঁতৰ চিকাৰৰ সফলতা তেনেই কম, অৰ্থাৎ চিকাৰৰ বাবে বহুবাৰ চেষ্টা কৰাৰ পিছতহে সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ বাঘে সিংহ বা বনৰীয়া কুকুৰৰ দৰে জাক পাতি চিকাৰ নকৰে অথবা চিতাবাঘ (Cheetah) ৰ দৰে খেদি খেদি চিকাৰ নকৰে৷ বাঘে সাধাৰণতে খাপ পাতি (Ambush) চিকাৰ কৰে, অৰ্থাৎ লুকাই থাকি আচম্বিতে চিকাৰৰ ওপৰত জঁপিয়াই পৰে৷ সেইবাবে সি জন্তুটোৰ বহু কাষ চাপিবলগীয়া হয়, প্ৰায় ১০/২০ মিটাৰ৷ আনহাতে অতি ক্ষীপ্ৰ ঘ্ৰাণশক্তিসম্পন্ন হৰিণা অথবা অন্য তৃণভোজী প্ৰাণীৰ বাবে বাঘৰ উৎকট গেলা গোন্ধ লুকুৱাই ৰখা যথেষ্ট কঠিন, ফলস্বৰূপে চিকাৰৰ বিফলতাৰ হাৰ খুব বেছি৷ বিভিন্ন বিশেষজ্ঞৰ গৱেষণা মতে বাঘে প্ৰায় ২০ টা চিকাৰৰ বাবে পৰিকল্পনা কৰি কেৱল এটাতহে সফল হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ তেনেকুৱা এটা বিফল প্ৰচেষ্টাৰ সাক্ষী হোৱাৰ ময়ো সুযোগ পাইছিলো৷
কাজিৰঙাৰ মেৰুদণ্ডস্বৰূপ ডিফলু নৈৰ পাৰৰ ঘটনা৷ ঠাইডোখৰ পৰ্যটকসকলৰ চিৰপৰিচিত ‘কাছ দেখা ঠাই’ৰ সমীপত৷ আন দিনবোৰৰ দৰে সিদিনাও বাঘ গণনাৰ বাবে বহুওৱা স্বয়ংক্ৰিয় কেমেৰাবোৰ পৰীক্ষা কৰি সেই স্থানত উপস্থিত হৈছিলো৷ নৈৰ সিটো পাৰে বাঘ এটাই অকলশৰীয়া গোনা ম’হ এটাক চিকাৰৰ বাবে চোপ লৈ আছিল৷ সি প্ৰায় ৫০ মিটাৰ আঁতৰৰ পৰা নীৰৱে অতি সজাগতাৰে মূৰটো দাঙি ম’হটো লক্ষ্য কৰি আছিল৷ তাৎক্ষণিক আক্ৰমণৰ বাবে সি খুব কৌশলেৰে অতিকমেও আৰু ৩০/৪০ মিটাৰ আগবাঢ়িব লাগিব৷ ইতিমধ্যেই ম’হটোৱে বাঘৰ উপস্থিতিৰ উমান পোৱা যেন মোৰ বোধ হ’ল৷ সি যথেষ্ট আতংকিত হোৱা যেন পৰিলক্ষিত হৈছিল আৰু মাজে মাজে হিচ্হিচাই আছিল৷ বাঘে যিমান একাগ্ৰতাৰে চিকাৰটো লক্ষ্য কৰিছিল, ম’হেও সিমান একাগ্ৰতাৰে বাঘৰ অৱস্থান নিৰূপণত মন দিছিল৷ নিশ্চিতভাৱে সি বাঘটো দেখা নাছিল, গোন্ধহে পাইছিল৷ সি বাঘৰ অৱস্থান কোন দিশত খাটাং কৰিব পাৰিলেই সেইপিনে মূৰপাতি থিয় দিব৷ গোনা ম’হৰ দীঘল জোঙা শিং আৰু দৈহিক শক্তিৰ লগত জানি-বুজি যুঁজ দিয়াৰ দুঃসাহস চতুৰ বনৰজাই কেতিয়াও নকৰে; যদিহে কেনেবাকৈ ঘূণীয়া হ’বলগীয়া হয় তেন্তে চোৱাচিতাৰ বাবে বা খাদ্য যোগান ধৰিবৰ বাবে সিংহৰ দৰে বাঘৰ কোনো পৰিচাৰিকা নাথাকে৷ বাঘ সাধাৰণতে অত্যন্ত অকলশৰীয়া প্ৰাণী৷
অৱশেষত দুয়োটাই আমাৰ উপস্থিতিৰ উমান পালে আৰু সিঁহতৰ একাগ্ৰতা বিনষ্ট হ’ল৷ সুযোগ বুজি ম’হে ভিৰাই ল’ৰ মাৰিলে আৰু বনৰজা টেঙা মনেৰে জংঘলৰ ভিতৰলৈ সোমাই পৰিল৷ দক্ষিণ ভাৰতৰ বাঘ বিশেষজ্ঞ ড° উল্লাছ কাৰান্থে বাঘৰ চিকাৰ সফলতাৰ হাৰ নিৰূপণ কৰাটো যথেষ্ট ধাৰণাত্মক (Guess work) আখ্যা দিছে৷ কাৰণ ৰাতিৰ ভাগত বাঘৰ চিকাৰ বিফলতাৰ কোনো চাক্ষুষ প্ৰমাণ নাথাকে, আনহাতে দিনৰ ভাগত চিকাৰৰ সফলতা নাইবা বিফলতাত পৰ্যবেক্ষকজনে বিৰূপ প্ৰভাৱ পেলায়৷ গতিকে বাঘৰ চিকাৰ সফলতাৰ হাৰ নিৰূপণ কৰাটো কঠিন হৈ পৰে৷ সফল বা বিফল যিয়ে নহওক, প্ৰজাতিৰ বিৱৰ্তনৰ দৃষ্টিৰে চালে এনেধৰণৰ পৰিঘটনাই চিকাৰ আৰু চিকাৰী দুয়োপক্ষকে অধিক অভিজ্ঞ আৰু পাৰদৰ্শী কৰি তোলে৷ ডাৰউইনৰ ভাষাৰে ‘ফিট্’ (Fit) কৰি তোলে৷
আশ্চৰ্যজনকভাৱে যেতিয়া বাঘে চিকাৰ কৰিবলৈ সক্ষম হয়, স্বতঃস্ফূৰ্তভাৱে গোটেই অৰণ্যখনত ই এক মহাভোজলৈ পৰিণত হৈ পৰে৷ ইক’লজিকেলি (পৰিস্থিতিতন্ত্ৰ বিজ্ঞান) যিটো খুব গুৰুত্ৱপূৰ্ণ৷ কাউৰী, শিয়াল, বনগাহৰি, ভালুক আদিৰ উপৰি হাজাৰ-বিজাৰ অমেৰুদণ্ডী প্ৰাণী যেনে, মাখি, পৰুৱা, কেঁচু আদিও মহাভোজৰ অতিথি হৈ পৰে৷ বাঘে চিকাৰ কৰা শৱ পালে আমি কেতিয়াবা তাত স্বয়ংক্ৰিয় ইন্ফ্ৰাৰেড্ কেমেৰা লগাই থওঁ, বাঘটোৰ ফটো তুলিবৰ বাবে৷ ফটোৰ পৰা আমি বাঘটোৰ পৰিচয় উলিয়াওঁ৷ তেনেবোৰ ফটোত আমি এন্দুৰ, মাটিগাহৰি (Hog badger), কিছুমান অচিনাক্ত নৈশ (Nocturnal) চৰাই আদিয়েও বাঘে চিকাৰ কৰা শৱ ভক্ষণ কৰিবলৈ অহা পৰিলক্ষিত হৈছে৷ তদুপৰি প্ৰক্ৰিয়াটোত বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰিত হৈ বেক্টেৰিয়া, ভেঁকুৰ আদিৰ দৰে সূক্ষ্ম অণুজীৱবোৰ; যিবোৰে অৱশিষ্ট হাড়, ছাল, নোম আদিক কেলচিয়াম, ফছফৰাছ আদি যৌগিক লৱণ হিচাপে মাটিত মিহলি হোৱাত সহায় কৰে৷ আৰম্ভ হৈ পৰে অবিৰত যাত্ৰা- খনিজ লৱণবোৰ উদ্ভিদলৈ, উদ্ভিদৰ পৰা তৃণভোজীলৈ আৰু তৃণভোজীৰ পৰা পুনৰ মাংসভোজীলৈ৷ ইয়েই জীৱজগতত খাদ্যচক্ৰ বুলি জনা যায়৷ গোটেই পৰিঘটনাটো বিভিন্ন ৰাজনৈতিক উদ্দেশ্যেৰে আহ্বান কৰা ৰাজকীয় মহাভোজৰ দৰে হৈ পৰে৷ উদ্যোগীকৰণ আৰু জনসংখ্যা বিস্ফোৰণে গ্ৰাস কৰা উন্নয়নশীল দেশবোৰত দৰিদ্ৰ জনতা ভীষণ খাদ্য সংকটত পৰিছে৷ ফলস্বৰূপে কোনো কাৰণবশতঃ মৃত্যু হোৱা গৰু-ছাগলী, কুকুৰ-মেকুৰী আদি মৰা জন্তুবোৰ বিভিন্ন ঠাইত খাদ্য হিচাপে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ তদুপৰি বায়ু প্ৰদুষণৰ পৰা মুক্ত হ’বলৈ শৱবোৰ পুতি পেলোৱা হয়৷ ফলত ভাৰতীয় উপ-মহাদেশত খাদ্য সংকটত পৰি শগুণ বিলুপ্তিৰ অন্তিম গৰাহত উপনীত হৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰজাতিৰ শগুণ কিছুসংখ্যক দেখিবলৈ পোৱা যায়৷ এই শগুণবোৰ বাঘৰ চিকাৰৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল৷
পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাত প্ৰতিটো প্ৰজাতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ বাঘে চিকাৰ কৰি তৃণভোজী প্ৰাণীৰ সংখ্যা প্ৰাকৃতিকভাৱে সন্তুলিত কৰি ৰাখে৷ কাজিৰঙাৰ বিশাল হাতী আৰু গঁড়ৰ সংখ্যাৰ প্ৰাকৃতিক সন্তুলনত বাঘৰ ভূমিকা কি বুলি নিশ্চয় প্ৰশ্ন হ’ব পাৰে৷ কিন্তু শত্ৰুপক্ষ যিমানেই শক্তিশালী নহওক কিয়, এজন দায়িত্বশীল ৰজাৰ দৰে বাঘে নিজ এলেকাত এই কৰ্তব্য সুচাৰুৰূপে পালন কৰে৷ কাজিৰঙাত প্ৰতিবছৰে ভালেমান হাতী আৰু গঁড়ৰ পোৱালি বাঘে চিকাৰ কৰে৷ গঁড়ৰ পোৱালি চিকাৰ কৰা অত্যন্ত মাৰাত্মক৷ পোৱালি ডাঙৰ নোহোৱা পৰ্যন্ত মাক প্ৰতি মুহূৰ্তে পোৱালিৰ সৈতে থাকে৷ মাক-পোৱালি গঁড় যথেষ্ট ভয়ানক, কাৰণ পোৱালিৰ ৰক্ষণাবেক্ষণত মাকজনী খুব হিংস্ৰ হয়৷ কাজিৰঙাত প্ৰতিবছৰে ২-৩ জন বনকৰ্মী মাক-পোৱালি গঁড়ৰ সন্মুখত পৰি মৃত্যুৰ মুখত পৰে৷
বাঘৰ চিকাৰ সন্দৰ্ভত মোৰ আন এক উল্লেখনীয় অভিজ্ঞতা হৈছিল কাজিৰঙাত৷ ২০০৯ চনৰ ঘটনা৷ কাজিৰঙাত মোৰ দ্বিতীয়টো বাঘ দৰ্শন৷ ঘটনাটো বাগৰি ৰেঞ্জৰ অধীনস্থ ডুঙা বিলৰ৷ ডুঙা বিল কাজিৰঙাৰ অন্যতম মনোমোহা স্থান৷ খৰালি কালত বিলখনৰ প্ৰায় আধাভাগ শুকাই মুকলি পথাৰৰ দৰে হৈ পৰে৷ তাত নতুনকৈ গজা কোমল, নিমজ ঘাঁহবোৰৰ বাবে শ শ পহু, অসংখ্য গঁড়, হাতী, ম’হ, গাহৰি, দুষ্প্ৰাপ্য দলহৰিণ আৰু হাজাৰ-বিজাৰ পৰিভ্ৰমী চৰাইৰে ভৰি পৰে৷ তদুপৰি বিলৰ পানীত কক্বকাই থকা চিতল মাছ আৰু উদৰ বাবে এই স্থান পৰ্যটকৰ অন্যতম আকৰ্ষণবিন্দু৷ সিদিনাও কেমেৰা পৰীক্ষা কৰি গৈ থাকোঁতে অসংখ্য জন্তুবোৰৰ মাজেৰে কিছু দূৰত্ব বজাই ৰাখি এজনী বাঘিনী বিলৰ মুকলি অংশৰে অতিক্ৰম কৰি থকা দেখিলো৷ সেই মুহূৰ্তত জাকৰ কেইটামান পহুৱে খুব জোৰে চিঞৰিছিল আৰু সকলোৱে বাঘিনীজনীৰ পিনে মুখ কৰি থিয় দিছিল৷ এনেদৰে চিঞৰাক পহুৰ বিপদৰ সংকেতধ্বনি (Alarm call) বোলে৷ সংকেতধ্বনি পহুৱে সাধাৰণতে জাকটোক সষ্টম কৰিবলৈ ব্যৱহাৰ কৰে৷ বিলখন অতিক্ৰম কৰোঁতে বাঘিনীজনীক প্ৰায় ১০ মিনিট লাগিছিল৷ তাই ঠিক অতিক্ৰম কৰাৰ পিছতেই সকলোৱে পুনৰ নিজ নিজ কৰ্মত ব্যস্ত হৈ পৰিল৷ আশ্চৰ্য্যকৰ ঘটনাটো ঘটিল প্ৰায় দুবছৰ পিছত, ২০১১ চনত৷ সাধাৰণ পৰ্যটকৰ দৰে মই মোৰ পৰিয়ালবৰ্গৰ সৈতে ডুঙা বিল চাবলৈ গৈছিলো৷ সিদিনাও অনুৰূপ ঘটনা ঘটিল আৰু বাঘিনীজনীও একে৷ তাই KZT_011_F৷ পহুবোৰৰ দৰে ময়ো নিশ্চিত হ’লো যে তাই আচলতে চিকাৰৰ সন্ধানত ঘূৰা নাই, তাই ঘূৰিছে নিজ এলেকাৰ (Territory, চোং) সীমা পৰীক্ষা কৰিবলৈ৷ বাঘে নিজৰ এলেকাত আন বাঘৰ উপস্থিতি গোন্ধ, মূত্ৰ, শৌচ আদি বিভিন্ন চিহ্নৰ দ্বাৰা উমান পায়৷ অনাৱশ্যক চিকাৰ নকৰি খাদ্যৰ লগতে নিজৰ শক্তিৰ অপচয় ৰোধ কৰা, এনে ধৰণৰ ৰাজনৈতিক বিষয়ত বনৰজা ভালকৈ অৱগত৷
বাঘৰ আৱশ্যকতা সম্পৰ্কে আৰু বহুতো আলোচনাত্মক দিশ বাকী ৰ’ল৷ বাঘৰ সংখ্যা ক্ষীপ্ৰ গতিত হ্ৰাস পোৱা বুলি আমি সকলোৱে জ্ঞাত৷ প্ৰকৃতিৰ অংশ হিচাপে সকলো প্ৰাণীৰ (মানুহকো অন্তৰ্ভুক্ত কৰি) দৰে বাঘৰো পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে৷ অৱশ্যে নুন্যতম মানৱ অধিকাৰৰ বাবে আন্দোলন কৰিবলগীয়া বৰ্তমান পৰিস্থিতিত ভাৰাক্ৰান্ত ৰাইজে আন প্ৰাণীৰ অধিকাৰ সম্পৰ্কে চিন্তা কৰিব আহৰিকে নোপোৱা হৈছে৷ কিন্তু তেনে কৰিলে জানো আমি নিজকে জীৱশ্ৰেষ্ঠ বুলি আখ্যা দিব পাৰিম!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!