সানমিহলি পাচলিৰে আলুৰ টিক্কি: (-মিতালী বৰ্মন )

 

জাৰৰ দিনকেইটাত জলা-ভজা-পোৰা খাই বৰ ভাল লাগে৷ কালি সন্ধিয়া চাহৰ লগত খাবলৈ সানমিহলি পাচলিৰে আলুৰ টিক্কিকেইটামান ভাজিছিলোঁ৷ এই টিক্কিৰ বাবে উপকৰণসমূহ হ’ল:

আলু: মজলীয়া আকাৰৰ ৫টা (সিজোৱা)
ব্ৰেড: চাৰিখন
গাজৰ: এবাটি (ৰুকি লোৱা)
মটৰ: এবাটি (পিহনাত পিহি লোৱা)
পাত পিঁয়াজ: দুডাল (মিহিকৈ কাটি লোৱা)
ধনিয়া: এবাটি (মিহিকৈ কাটি লোৱা)
কেঁচা জলকীয়া: চাৰিটা (মিহিকৈ কাটি লোৱা)
নেমুৰ ৰস: দুই চাহ চামোচ
জিৰাৰ গুৰি: এক চাহ চামোচ
ধনিয়াৰ গুৰি: এক চাহ চামোচ
গৰম মচলা: চাহ চামোচৰ চাৰি ভাগৰ এভাগ
হালধি: আধা চাহ চামোচ
নিমখ: সোৱাদ অনুযায়ী
ৰিফাইন্দ তেল

aloo tikki

প্ৰণালী: ব্ৰেড চাৰিখন পানীত তিয়াই পানী টুকি সিজোৱা আলু আৰু আন আটাইবোৰ উপকৰণৰ সৈতে মিহিকৈ পিতিকি লওক৷ পিতিকা হ’লে অলপ অলপকৈ লৈ প্ৰথমে লাড়ুৰ দৰে কৰি পিছত লাড়ুটো এখন হাতৰ তলুৱাত লৈ আনখন হাতেৰে চাপ দি সামান্য চেপেটা কৰি দিয়ক৷ তাৰ পাছত কেৰাহিত তেল গৰম কৰি মচমচীয়া হোৱাকৈ ভাজক আৰু গৰমে গৰমে চাহৰ লগত পৰিবেশন কৰক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!