‘টাইটানিক’ আৰু সাম্প্ৰতিক সময়ৰ ভ্ৰাম্যমান থিয়েটাৰ (- নয়নমণি হালৈ )

অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জগতখনক ‘উদ্যোগ’ বুলি কোৱা হয়, কিয়নো ইয়াৰ লগত জড়িত হৈ থাকে শত-সহস্ৰজনৰ জীৱন আৰু জীৱিকা। প্ৰযোজক, পৰিচালক আৰু অভিনেতাৰ উপৰিও লাইটমেন, মেকআপমেন, কাঠমিস্ত্ৰী, ৰান্ধনী আদিকে ধৰি বিভিন্নটা বৃত্তিৰ মানুহৰ আয়ৰ উত্স এই ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগ। গতিকে উদ্যোগ এটা চলি থাকিবলৈ প্ৰথম প্ৰয়োজন এখন বজাৰৰ। দৰ্শকসকল হৈছে গ্ৰাহক। গতিকে যিধৰণৰ বস্তু গ্ৰাহকে বিচাৰে তেনে বস্তুৰ নিৰ্মাণ উদ্যোগ এটাই কৰিবলৈ বাধ্য। বজাৰত নচলা বস্তু উত্পাদন কৰিলে উদ্যোগ বন্ধ হোৱাৰ আশংকা থাকে। সদা লহকৰ আৰু অচ্যুত লহকৰ নামৰ দুগৰাকী সোঁতৰ বিপৰীতে যোৱা মানুহে পাঠশালা চহৰত আৰম্ভ কৰা এই উদ্যোগৰ শিপাটোৱে কালক্ৰমত পুলি-পোখা মেলি সম্প্ৰতি এক ‘বৃহৎ উদ্যোগ’লৈ ৰূপান্তৰিত হৈ পৰিছে। বছৰি নতুন নতুন নাট্যদলৰ জন্ম হৈয়ে আছে। বহু ধনাঢ্য মানুহে এতিয়া ভ্ৰাম্যমান থিয়েটাৰ দল খুলিবলৈ আগ্ৰহ কৰিছে। ইয়াৰ কাৰণ নিশ্চয় অভাবনীয় লাভ। দৰ্শকৰ সংখ্যা কমা নাই, বৰং বাঢ়িছেহে। দ্বিতীয় দৰ্শনীৰ টিকট নাপাই দৰ্শক উভটি যাব লগা হৈছে। বহু ঠাইত তৃতীয় দৰ্শনীও মঞ্চস্থ হৈছে।

lg-home-theatre-titanic-small-58386

কিন্তু সমান্তৰালভাৱে যোৱা দুটা দশকত বহু ভ্ৰাম্যমান নাট্যদলৰ অকাল মৃত্যু ঘটিছে, এয়াও সঁচা। অকাল মৃত্যু ঘটা বহু দলৰ নাম থাউকতে আমাৰ মুখলৈ নাহে। কাৰণ এনে নাট্যদলে ‘অভূতপূৰ্ব’ জনপ্ৰিয়তা আদায় কৰিব নোঁৱাৰে। আনহাতে জনপ্ৰিয় (শীৰ্ষস্থানীয়!) হোৱা নাট্যদল সমূহেও একাংশ দৰ্শক, আলোচকৰ বিৰূপ সমালোচনাৰ মুখামুখি হব লগা হৈছে। একাংশই ভ্ৰাম্যমানৰ নাটকৰ মানদণ্ডক লৈ হা-হুতাশত ভুগিছে! এখোপ আগুৱাই গৈ একাংশ লোকে ভ্ৰাম্যমানৰ অস্তিত্বক লৈয়ে শংকিত হৈ পৰিছে! তেন্তে তেওঁলোকৰ এই শংকা, সমালোচনা, হা-হুতাশ অমূলক নেকি! কেতিয়াৰ পৰা এইধৰণৰ হতাশাৰ আৰম্ভনি হ’ল! এই কথা কবলৈ হ’লে আমি ১৯৯৮ চনলৈ এবাৰ ঘূৰি যোৱা উচিত।

১৯৯৮ চনত ৰতন লহকৰৰ প্ৰযোজনাত কহিনুৰ থিয়েটাৰে এক বৃহত্প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল। সেই প্ৰত্যাহ্বান আছিল ভ্ৰাম্যমানৰ মঞ্চত বিশাল ‘টাইটানিক’ ডুবাই পেলোৱা। প্ৰত্যাহ্বান গ্ৰহণ কৰি ‘ৰতন লহকৰ’ হৈ পৰিল অতি সফল এজন প্ৰযোজক। সেই বৰ্ষৰ কহিনুৰৰ নাটক ‘টাইটানিক’ৰ ব্যৱসায়িক লাভালাভে আন প্ৰযোজকসকলৰ চকু কপালত তুলিলে। সমগ্ৰ ভ্ৰাম্যমান জগতখনৰ চৰিত্ৰ সলাই পেলাবলৈ এইবাৰ যেন সকলোৱে উঠি-পৰি লাগিল। মৌলিক, কাহিনীপ্ৰধান, দায়বদ্ধ আৰু মননশীল নাটবোৰৰ পৰিৱৰ্তে সকলো ভ্ৰাম্যমান দলেই যেন কাৰিকৰী চমক, বিদ্যুতৰ কাৰচাজি আৰু ভেল্কিবাজী দেখুৱাবলৈ উদগ্ৰীৱ হৈ পৰিল। ‘টাইটানিক’ৰ পৰৱৰ্তী বৰ্ষৰ পৰাই আৰম্ভ হ’ল এই অশুভ প্ৰতিযোগিতা। তাৰ উদাহৰণ ‘হাইজেক (ভাগ্যদেৱী), লেডী ডায়েনা (আৱাহন), জুৰাচিক পাৰ্ক (?), বেণ্ডিট কুইন (হেঙুল), বিন লাডেন (শ্ৰীমন্ত শংকৰদেৱ) ইত্যাদি ইত্যাদি। ইয়াৰ লগে-লগে স্থূল মনোৰঞ্জনৰ সকলো উপাদান আহি ভ্ৰাম্যমানত ভীৰ কৰিলেহি। আৰম্ভ হ’ল ‘চমক’ নাটকৰ এটা নতুন ধাৰা। সাম্প্ৰতিক সময়ৰ ‘ব্যৱসায়সফল’ নাটকসমূহলৈ চালে সেই ধাৰা যে আজিও ভংগ হোৱা নাই তাক অনায়াসে বুজিব পাৰি।

কথা হ’ল ‘টাইটানিক’ৰ আগতে ভ্ৰাম্যমানৰ মঞ্চত কাৰিকৰী চমক নাছিল নেকি! উত্তৰ ‘আছিল’। মঞ্চত চলন্ত মাৰুটি ভেন, ট্ৰাক, ট্ৰেইন, জুই লগা, বোমা বিস্ফোৰণ আদি দেখুওৱা হৈছিল। আকৌ ‘টাইটানিক’ৰ আগতে বিদেশৰ পটভূমিত জনপ্ৰিয় অথবা ধ্ৰুপদী কাহিনীৰ মঞ্চায়ন হোৱা নাছিল নেকি! উত্তৰ ‘হৈছিল’। জুলিয়াছ ছিজাৰ, হেমলেট, মেকবেথ, অথেল’, আদি নাটক ভ্ৰাম্যমানৰ মঞ্চত জনপ্ৰিয়ই নহয়, ভ্ৰাম্যমান জগতখনকে সন্মানীয় পৰ্যায়লৈ লৈ গৈছিল। কিন্তু ‘টাইটানিকে’ যেন এইধৰণৰ চমকৰ সকলো সীমা অতিক্ৰম কৰি গ’ল। ‘টাইটানিক’ কাহিনীপ্ৰধান নাটকৰ পৰিৱৰ্তে ‘চমকসৰ্বস্ব’ নাটকত পৰিণত হ’ল। ‘টাইটানিক’ৰ কাহিনী সমসাময়িক প্ৰায় সকলো দৰ্শকেই জানিছিল, তেওলোকে প্ৰেক্ষাগৃহত ভীৰ কৰিছিল কেৱল ‘চমক’ উপভোগ কৰাৰ বাবেহে। ‘টাইটানিক’ৰ আগতে কাহিনীৰ খাতিৰত মানুহক চমক লগোৱা দুই-এটা দৃশ্য দেখুওৱা হৈছিল, কিন্তু ‘টাইটানিক’ কেৱল মানুহক চমক লগাবলৈয়ে মঞ্চৰ বাবে বাচি লোৱা হৈছিল। ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত ‘সঁচা অৰ্থত ভাল নাটক’ মঞ্চস্থ কৰি সাধাৰণ মানুহৰ ৰুচিবোধ উন্নত কৰা আৰু নব্য চিন্তাৰ খোৰাক দিয়াৰ বাবে ‘ৰতন লহকৰ’ যেনেকৈ শ্ৰদ্ধেয়, ঠিক তেনেকৈ সেইসকল ৰুচিশীল দৰ্শকক আওকান কৰি কেৱল ‘চমক’ সৃষ্টি কৰি ভ্ৰাম্যমানক চাকাৰ্চৰ পৰ্যায়লৈ লৈ যোৱা বাবে সেইজন ‘ৰতন লহকৰে’ই দায়ী।

‘নাটক’ সাহিত্যৰে এটা অংগ। জানিবলৈ পোৱা মতে অসমত এতিয়া ৪০ টাতকৈও অধিক নাট্যদলে নাট মঞ্চস্থ কৰি আছে। গড়ে তিনিখনকৈ ধৰিলেও এবছৰত তাৰমানে ১২০ খন নাটক ৰছিত হয়। এই ১২০ খন নাটকৰ কিমানখন ‘সাহিত্য’ৰ অংগ বুলি বিবেচনা কৰিব পাৰি? উত্তৰ নিৰাশাজনক। অথচ ‘টিকেন্দ্ৰজিত্’ ‘জেৰেঙাৰ সতী’ ‘চিৰাজ’ ‘শৰাগুৰিৰ চাপৰি’ ‘মগৰীবৰ আজান’ জানো ভ্ৰাম্যমানৰ নাটকেই নাছিল! ‘টাইটানিক’ৰ আগৰ নাটক গুণগত দিশেৰে ‘সাহিত্য’ৰ সমপৰ্যায়ৰ আছিল (ভবেন্দ্ৰনাথ শইকীয়া সেই পৰ্যায়টোৰ উজ্জল নক্ষত্ৰ), যাক ‘টাইটানিকে’ অস্পৃশ্য কৰি তুলিলে। ফলত ভ্ৰাম্যমানত সৃষ্টি হ’ল অন্য এক ধাৰা। দৰ্শকৰ মন, মেজাজ সলনি হ’ল। গেলাৰীৰ ফালৰ পৰা হেলিকপ্তাৰ উৰি অহা, দ্বৈত অভিনয়ৰ ‘মেজিক’, বাওনা মানুহ, নায়কৰ প্ৰহাৰত খলনায়ক চিটিকি পৰা, মূৰত কাঁচৰ বটল ভাঙি দিয়া, টাটা চুম’ৰ ওপৰত উঠি নায়কে ভিলেইনক মাৰধৰ কৰা, এইবোৰ চাবলৈ দৰ্শক উদগ্ৰীৱ হৈ পৰিল। এই সকলোবোৰৰ আৰম্ভণি কিন্তু ‘টাইটানিক’।

‘টাইটানিকে’ পৰিৱৰ্তন কৰা ভ্ৰাম্যমানৰ জগতখনৰ আন এটা দিশ হৈছে দুখীয়া প্ৰযোজকৰ মৃত্যু। সাংঘাতিক কাৰিকৰী চমক দেখুৱাবলৈ প্ৰযোজকে নিশ্চয় উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব। অকল কাৰিকৰী দিশতে নহয়, ‘গ্লেমাৰ থকা শিল্পী’ (যিসকলক সচৰাচৰ ভিচিডি শিল্পী বুলিও কোৱা হয়)ক মঞ্চলৈ আমন্ত্ৰণ জনোৱাটো চমকৰে আন এটা অংগ। এই দুয়োটা চমকৰ বাবে প্ৰয়োজন অপৰিসীম অৰ্থ। (সাম্প্ৰতিক সময়ত টিভি, বাতৰি কাকতত বিজ্ঞাপন দিয়া, ‘ট্ৰেইলাৰ’ মুকলি কৰা, গানৰ ভিডিঅ’ আগতিয়াকৈ মুক্তি দিয়া.. এই বিষয়বোৰো ধনী প্ৰযোজক সকলৰ বাবে অত্যাৱশ্যকীয় হৈ উঠিছে) | যিসকল প্ৰযোজকে কেৱল গুণগত দিশেৰে ‘ভাল নাটক’ দেখুৱাম বুলি ভাবিছে, কাৰিকৰী ‘চমক’ৰ সহায় নলৈ কেৱল ‘অভিনয়’ৰ চমক দেখুওৱাৰ কথা ভাবিছে, তেনে প্ৰযোজকে আজিৰ তাৰিখত হয় হতাশাত ভুগিছে, নহয় নাট্যদলৰ মৃত্যু ঘোষণা কৰিছে। এই লেখা লিখি থকা সময়ত আগশাৰীৰ এখন বাতৰি কাকতত পঢ়িবলৈ পালোঁ যে নতুনকৈ খোলা নাট্যদল এটিৰ শিল্পীসকলৰ দৰমহা দূৰৰ কথা, খোৱা খাদ্যৰ অভাৱত নাট প্ৰদৰ্শণ কৰিব পৰা নাই। আনপিনে প্ৰযোজকৰ ‘মবাইলৰ চুইচ অফ’।

যোৱা এটা দশকত দ্ৰুত গতিত আমাৰ জীৱনধাৰা সলনি হৈছে। সলনি হৈছে মানুহৰ চিন্তাৰ জগতখনো। ঘৰৰ মজিয়াত ‘ৰিমট’টো হাতত লৈয়ে দেশ-বিদেশৰ চিনেমা চাব পৰা অৱস্থা হৈছে। হাতৰ মুঠিতে মনোৰঞ্জনৰ সকলো উপাদান লুকাই ৰাখিব পৰা হৈছে। ইন্টাৰনেটে মানুহৰ মনৰ চৰিত্ৰও সলনি কৰিছে। এই পৰিৱৰ্তনৰ প্ৰভাৱ ভ্ৰাম্যমানৰ ওপৰতো পৰাটো স্বাভাৱিক। কিন্তু এই পৰিৱৰ্তন হব লাগিব ইতিবাচক। মহাত্মা গান্ধীৰ প্ৰতি কোনো আগ্ৰহ নথকা দেশৰ লক্ষ-লক্ষ ডেকা-গাভৰুৰ মনত গান্ধীৰ আদৰ্শৰ বিষয়ে সামান্যতম হলেও চিন্তা কৰিবলৈ বাধ্য কৰাইছিল এখন কমেডি চিনেমাই। নাম ‘লাগে ৰহো মুন্নাভাই’। ‘মুন্নাভাই’ জনপ্ৰিয়তাৰ দিশৰ পৰাও সফল, ব্যৱসায়ৰ দিশৰ পৰাও সফল। ভ্ৰাম্যমানৰ নাটকেও এনে কৌশল অবলম্বন কৰা দৰকাৰ। ইয়াৰ বাবে প্ৰয়োজন মাথোঁ প্ৰযোজকৰ সাহস আৰু সদিচ্ছাৰ।

যোৱা বছৰ ৰতন লহকৰৰ সাক্ষাত্কাৰ এটা চাইছিলোঁ। তেওঁ অতি ক্ষোভেৰে কৈছিল যে ‘ভাল নাটক দৰ্শকে নাচালে আমি কি কৰিম’। হয়, এয়া ৰতন লহকৰৰ অসহায়তা। ‘টাইটানিক’ৰ পিছতো কহিনুৰে মঞ্চস্থ কৰিছে ‘অসীমত যাৰ হেৰাল সীমা’, ‘বিষ্ণুপ্ৰসাদ’, ‘মুক্তি’ ইত্যাদি। কিন্তু এই নাটকবোৰত দৰ্শকৰ ভীৰ নাই। কিন্তু ইয়াৰ বাবে দায়ী কোন! ভাল নাটক চোৱা দৰ্শকসকল ক’লৈ গ’ল! আকৌ চাৰি পাঁচটা গান, ঘুচিয়া-ঘুচি, লাইট-মিউজিকৰ কোৰ্হাল আৰু হিন্দী চিৰিয়েল, চিনেমাৰ নকল চায় চায় ইয়াকেই ‘নাটক’ বুলি ভবা নতুন দৰ্শকসকলক ‘আচল নাটক’ চাবলৈ শিকাব কোনে! ভাল নাটকৰ দৰ্শক নাই বুলি ক’লেই জানো প্ৰযোজক এজন দায়মুক্ত হৈ যায়!

প্ৰযোজক, পৰিচালক আৰু নাট্যকাৰসকলে এই কথাবোৰ ভাবি চাবৰ হ’ল। দৰ্শকক ভেল্কি লগোৱাতকৈ চিন্তাশীল কৰি তুলিবৰ হ’ল। নাট্যকাৰৰ নামতকৈ নাটকৰ মানদণ্ড জুখি চাবৰ হ’ল, গ্লেমাৰতকৈ ‘প্ৰতিভা’ক আগস্থান দিবৰ হ’ল। আৰু এটা কথা, ‘ভাল নাটক চোৱা দৰ্শকৰ অভাৱ’ বুলি কৈ দায় সাৰিলে নহ’ব, ভাল দৰ্শক সৃষ্টি কৰাৰ দায়িত্বও কিন্তু প্ৰযোজক আৰু পৰিচালকৰেই।

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!