তিৱা জাতি আৰু ঢোলবাদ্য- মুংছাজ বৰ্ণালী আম্ফি মান্তা

নৃত্য-গীত প্ৰিয় তিৱাসকলৰ বিভিন্ন সামাজিক কৰ্ম, পূজা-পাতল, উৎসৱ-পাৰ্বন আদি প্ৰতিটো দিশতেই গীত-নৃত্য, ঢোলবাদ্য বা আন আন বাদ্যযন্ত্ৰৰ পয়োভৰ দেখা যায়৷

তিৱা ভাষাত ঢোলক খ্ৰাম বুলি কোৱা হয়৷ তিৱা লোক নৃত্য আৰু লোকসঙ্গীতত পৰম্পৰাগতভাৱে ব্যৱহাৰ হোৱা কেইবিধমান ঢোলবাদ্য হ’ল –

খ্ৰাম: – খ্ৰাম হ’ল সৰু আকৃতিৰ ঢোল৷ খ্ৰামৰ আকৃতি ঢোলতকৈ দীঘল আৰু খোলতকৈ চুটি৷ দেখাত অসমীয়া সমাজৰ খোলৰ দৰে৷ মাতটো ৰিঙা৷ খোল আৰু খ্ৰামৰ পাৰ্থক্য হ’ল খোলৰ বৰতী ঘন আৰু ঘূণ দিয়া, খ্ৰামৰ বৰতী পাতল আৰু ঘূণবিহীন৷ সেইবাবে মাতটো ৰিঙা হয়৷ প্ৰায় সকলো গীত-মাত, নৃত্য আদিত খ্ৰাম ব্যৱহাৰ কৰা হয়৷ সৰু খ্ৰামটোক জংখং খ্ৰাম বোলে৷

খ্ৰামবাৰ’: – খ্ৰামবাৰ’ক বৰঢোল বুলি ক’ব পাৰি৷ ইয়াৰ মাতটো গুৰু গম্ভীৰ৷ খ্ৰামবাৰ’ খ্ৰামতকৈ চুটি কিন্তু আকৃতিত ডাঙৰ৷ ইয়াক দুফালৰ পৰা দুডাল মাৰিৰে বজোৱা হয়৷ খ্ৰামবাৰ’ সকলো অনুষ্ঠানতে ব্যৱহাৰ নকৰে৷ কেতবোৰ বিশেষ বিশেষ অনুষ্ঠানৰ নৃত্য-গীত যেনে: -ছগ্ৰা-মিছাৱা, ৱ্যানছুৱা আদিতহে ব্যৱহাৰ কৰে৷

দগাৰা বা তুম্বাং: – দগাৰা বা তুম্বাঙৰ আকৃতি ৰঙা লাওৰ দৰে৷ দেখাত নাম প্ৰসঙ্গত ব্যৱহাৰ কৰা নাগাৰাৰ দৰে৷ দুহাতে দুডাল মাৰি লৈ বাদকে এই বাদ্য বজায়৷

পাতিঢোল: – তিৱাৰ পাতিঢোল উজনিৰ বিহু বা ওজা ঢোলৰ দৰে খোলা, মলোৱাৰ মাজত পাতি নাথাকে৷ সাধাৰণতে এই ঢোলৰ খোলাটো চাম বা কঁঠাল কাঠৰ হয়৷ খোলাটোৰ ওপৰৰ ভাগত লা, হেঙুল, নীল আৰু হৰিতাল মিহলাই বোলাই দিয়া হয়৷ ইয়াৰ মাত ঢিমা আৰু কোমল৷ তিৱাসকলৰ বিভিন্ন মাঙ্গলিক অনুষ্ঠানত পাতিঢোলৰ ব্যৱহাৰ অপৰিহাৰ্য৷

এই ঢোলবাদ্য কেইবিধৰ উপৰিও তিৱা সমাজৰ বিভিন্ন পূজা-পাৰ্বন, উৎসৱ -ছগ্ৰা, ইয়াংলি, লাংখুন ফূজা, মুইনাৰি কাণ্ঠী আদিত খ্ৰাম লুদাং, খ্ৰাম খুজুক, খ্ৰাম পাণ্ঠাই আদি আন আন ঢোল বাদ্যবোৰো বজোৱা হয়৷
এই ঢোলবাদ্যবোৰ তিৱা শিল্পী সকলে নিজে কাঠ, বাঁহ, ছাল-চামৰা আদিৰে সাজি উলিয়ায়৷ বাদ্যযন্ত্ৰবোৰ সাজোতে তেওঁলোকে কেতবোৰ ৰীতি-নীতি, আচাৰ-অনুষ্ঠান পালন কৰা দেখা যায়৷ এই বাদ্যযন্ত্ৰসমূহ তিৱাসকলে শ্ৰদ্ধা-ভক্তিৰে তিৱা সমাজৰ ডেকাচাং চামাদিত তুলি থোৱাৰ নিয়ম৷ ৷

ছাঁ লৈ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!