তোমাৰ অবিহনে – চবিনা ইয়াচমিন

সুন্দৰ জীৱনৰ সুন্দৰ মূহুৰ্তবোৰ
কিয় বাৰু তোমাৰ অবিহনে
ইমান নিৰৱ ?
অস্ত আকাশৰ বেলিৰ ৰং
কিয় বাৰু হেঙুলীয়া ?
যান্ত্ৰিকতাৰ ৰঙেৰে ৰঙীন
এই সুৰাজগতৰ প্ৰতি
মাদকতা মোৰ নাই৷
মোৰ মাদকতা
ডাৱৰত,
জোনাকত,
আৰু জোনাকৰ ৰূপালী পোহৰত,
জিলিকি ৰোৱা গভীৰ আন্ধাৰ নিশাত ৷
প্ৰতি পল কিয় বাৰু মনত পৰে
সেই মধুৰ স্মৃতি ?
নোপোৱাৰ বেদনা
আৰু পাই হেৰুৱাৰ বেদনা ৷
হয়তো এয়াই জীৱন
আপোনজনক হেৰুৱাৰ আন এক নাম৷৷
■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!