ভ্ৰমণত কি কি ঔষধ লগত নিব? (ডা০ ভূপেন শইকীয়া)

‘ভ্ৰমণত কি কি ঔষধ লগত নিব’ ? – কেইবাবছৰ আগতে শাৰদীয় সংখ্যাৰ বাতৰি কাকতত প্ৰকাশিত লিখাৰ একেটা বিষয়কে পুনৰ অকবৰ পাঠকৰ বাবে বাচি লৈছোঁ৷ কাৰণটো হ’ল সাহিত্য ডট অৰ্গৰ আগন্তুক সংখ্যাৰ বাবে নিৰ্বাচিত বিষয়টো ভ্ৰমণ সম্পৰ্কীয়৷ ভ্ৰমণ আমাৰ বহুতৰে হবী বা নিয়মীয়া চখ৷ ভ্ৰমণৰ লগত ওতঃপ্ৰোতভাবে জড়িত বিষয়টো হ’ল ফটোগ্ৰাফি৷ ফটোৰ সংকলনে ভ্ৰমণৰ মধুৰ স্মৃতিবোৰক দীৰ্ঘম্যাদী কৰি ৰখাত সহায়ক হয়৷ দেশ বা বিদেশ য’তেই হওক বছৰত এবাৰ পৰিয়াল বা বন্ধুবৰ্গৰ লগত ভ্ৰমণ কৰিলে দৈনন্দিন জীৱন যাত্ৰাত সতেজতাৰ অনুভৱ হয় আৰু কৰ্মৰ বাবে নতুন উদ্যম লাভ কৰা যায়৷ সঠিক আঁচনিলৈ আগতীয়াকৈ ভ্ৰমণৰ পৰিকল্পনা কৰিলে ভ্ৰমণ সুখদায়ক আৰু মিতব্যয়ী হয়৷ এতিয়া প্ৰশ্ন হয় অসুখীয়া দেহাৰে ভ্ৰমণ কৰা উচিত নে অনুচিত?  উত্তৰটো তেনেই সহজ : যি কোনো একিউট বা ততালিকে হোৱা অসুখ বা দুৰ্ঘটনাৰ ফলত হোৱা আঘাত লৈ ভ্ৰমণ কৰা অনুচিত৷ যেনে মেলেৰিয়া, টাইফয়েড, ভাইৰেল হেপাটাইটিচ জণ্ডিচ, যি কোনো হাঁড়ৰ ফ্ৰেকচাৰ,এপেণ্ডিচাইটিচ, কলিচিষ্টাইটিচ, কিডনিৰ পাথৰে কৰা ৰেনেল ক’লিক আদি অৱস্থাৰে ভ্ৰমণৰ পৰিকল্পনা নকৰাই ভাল৷ ভ্ৰমণকালত পৰিয়ালৰ এজন অসুস্থ হলেই সকলোৰে ভ্ৰমণৰ আনন্দত চেঁচা পানী ঢলা হব আৰু সকলো পৰিকল্পনা ওলটপালট হৈ পৰিব৷ আন পুৰণি ব্যাধিত ভোগি থকাসকলে ভ্ৰমণৰ আঁচনি খাটাং কৰাৰ আগতে নিজৰ শৰীৰটো এবাৰ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই লোৱাটো বাঞ্চনীয়৷ বাত বিষ, হৃদৰোগৰ আৰু হাঁপানীৰ ৰোগীসকলে হিল-ষ্টেচন বা বেচি খোজকাঢ়ি ফুৰিলগীয়া ঠাই ভ্ৰমণৰ বাবে বাচি নলব৷ গেষ্ট্ৰাইটিচ, ডাযেবেটিজ, উচ্চ ৰক্তচাপ, গাউট, ডিচলিপিডেমিয়া (তেজত চৰ্বিৰ আধিক্য) , থাইৰয়ডৰ ৰোগ থকাসকলে নিজৰ নিয়মীয়া দৰব লগত লৈ নিৰাপদে যাত্ৰা কৰিব পাৰিব৷ লগত ডিজিটেল ব্লাড প্ৰেচাৰ জোখাযন্ত্ৰ আৰু গ্লুকোমিটাৰ নিবলৈ নাপাহৰে যেন৷ সোঁৱৰাই দিওঁ এই সকল ক্ৰনিক ব্যাধিত আক্ৰান্ত লোকে কোনো কাৰণতে নিজৰ নিয়মীয়া খাদ্য তালিকাৰ ব্যতিৰেকে আচৰণ নকৰে যেন৷ এতিয়া আন সুস্থ লোকসকলৰ কথালৈ আহোঁ৷ যিকোনো সৰুসুৰা আঘাত বা দূৰ্ঘটনাৰ প্ৰাথমিক কেইটিমান সা-সজুলি পৰাপক্ষত লগত নিব৷ সেইকেইটা হ’ল : কেইটামান বেণ্ডএইড (ট্ৰান্সপেৰেন্ট, ৱাটাৰপ্ৰুফ হলে ভাল), ২৷৩টা ৰ’ল বেণ্ডেজ, অলপ কপাহ, এখন সৰু কেঁচি, এটা সৰু এডেচিভ টেপ, দুটা বা তিনিটা সৰু আৰু মজলীয়া চাইজৰ ক্ৰেপ বেণ্ডেজ (কেনেবাকৈ মোচোকা খালে বান্ধিবলৈ কামত আহিব), এটা সৰু এন্টিবায়টিক ক্ৰিম যেনে নিয়স্পৰিন বা পভিবিন-মেট্ৰনিডাজল ক্ৰিম আৰু এটা ডাইক্লফেনেক বা আয়োডেস্ক জাতীয় মলম৷ এটা সৰু মূৰৰ বিষৰ বামো লগত লব পাৰে৷ খৰ-খজুৱতিৰ অসুখ থকাসকলে নিজৰ ব্যৱহাৰ কৰি থকা মলম নিবলৈ নাপাহৰে যেন৷ এন্টিবায়টিক মলম কটা চিঙা,খহু,ঘা, গৰম পানী বা জুইয়ে পুৰিলে নিৰ্দিষ্ট ঠাইত লগাব পাৰিব৷ যাত্ৰা আৰু ভ্ৰমণত সাধাৰণতে খোৱা লোৱাৰ অসময় বা বিচৰামতে পৰিচ্ছন্ন খাদ্য খাবলৈ নোপোৱাৰ ফলত পেটৰ নানাবিধ উপসৰ্গ দেখা দিব পাৰে৷ সেইবিলাক হ’ল – বদ-হজমি, বমি, উকালি, পেটফুলা, উগাৰ অহা, টেঙাপানী বা এচিডিটি, ভোক নলগা, হাগনি বা ডায়েৰিয়া, পেটৰ বিষ৷ গতিকে লগত নিবলগীয়া সেই বিষয়ৰ জৰুৰী দৰববিলাকৰ নাম হ’ল : ডমপেৰিডন নহলে অনডেনচেট্ৰন টেবলেট – বমি,ওকালি,পেটফুলাৰ বাবে – এটাকৈ দিনে ৩বাৰ পৰ্যন্ত খাব পাৰিব৷ এভমিন টেবলেট-বাচত যাত্ৰা কৰোতে বমি হোৱাসকলে বাচত বহাৰ আগতেই খাই লব৷ ফেষ্টেল নহলে ইউনি এনজাইম টেবলেট – হজম নোহোৱা, পেটফুলা, আভোকৰ বাবে -এটাকৈ দিনে ৩বাৰ পৰ্যন্ত খাব পাৰিব৷ অমিপ্ৰাজল,পেন্টপ্ৰাজল নাইবা ৰেনিটিডিন টেবলেট – বুকুজ্বলা,এচিডিটি, গেষ্ট্ৰাইটিচৰ বাবে- এটাকৈ দিনে ২বাৰ খাব ৷ ইয়াৰ ওপৰিও ডাইজিন জাতীয় চুহি খোৱা এন্টাচিডৰ পিল কেইটামানো নিব পাৰে৷ ল’পেৰামাইড টেবলেট – হাগনিৰ সংখ্যা কমাবলৈ দিনে ৪৷৫টা পিল খাব পাৰিব৷ নৰ-মেট্ৰজিল বা চিপ্ৰ-টিনিডাজল টেবলেট – পেটৰ অসুখ বা ডায়েৰিয়াত এটাকৈ দিনে ৩বাৰ কমেও ৩দিনলৈ খাব ৷ বুস্কপান টেবলেট-পেটৰ বিষৰ বাবে প্ৰয়োজন অনুসৰি এটা বা দুটা পিল খাব৷ ইলেকট্ৰেল বা অ’ আৰ এচ কেইপেকেটমান নিলে ডায়েৰিয়া হলে কামত আহিব৷ হেক্সিজেল মলম- গৰম খাদ্য বা খোৱাৰ অনিয়মৰ ফলত মুখত,জিভাত ঘা হলে লগোৱা মলম৷ ডালক’লেক্স টেবলেট- শৌচকচা হলে এটা বা দুটা পিল খাব৷ জ্বৰ, মূৰৰ বিষ,গাৰ বিষ,মাইগ্ৰেইন আদিৰ বাবে লগত নিবলগীয়া ঔষধ : পেৰাচেফ বা ক্ৰচিন ৫০০ – জ্বৰ, মূৰৰ বিষৰ বাবে প্ৰয়োজন অনুসৰি এটা বা দুটা পিল খাব৷ ভেচগ্ৰেইন টেবলেট-এফাল বা এটা প্ৰয়োজন অনুসৰি মাইগ্ৰেইনৰ বাবে মূৰৰ বিষ হলে খাব৷ ভভেৰান বা ডাইক্ল’ফেনক ৫০মিলিগ্ৰামৰ টেবলেট – গাৰ, পিঠি,ককাঁলৰ,দাঁতৰ বিষ হলে,কৰবাত খুন্দা খাই দুখ পালে এটাকৈ দিনে ২বা ৩বাৰ খাব৷ এইবিধ বিষৰ দৰব কেতিয়াও খালি পেটত নাখাব৷ দাঁতৰ বিষ থকাসকলে লং তেলৰ সৰু বটল এটা লগত নিয়া ভাল৷ চেট্ৰিজিন বা লিভচেট্ৰিজিন টেবলেট – যি কোনো এলাৰ্জি, পোকে কামোৰা, বিছাই ডকা, খজুৱতিৰ উপশম ঘটাবলৈ এটাকৈ দিনে দুবাৰ খাব৷ কেলামিন লোচন -এলাৰ্জিৰ ঠাইত ঘঁহিবলৈ ব্যৱহাৰ কৰিব৷ অতিপাত ৰ’দে ছাল ডেই পুৰি নিলেও কেলামিন লোচন লগালে আৰাম পাব৷ অট্ৰিভিন বা নেজিভিয়ন নামৰ নাকৰ ড্ৰপ বা স্প্ৰে লগত নিলে নাক বন্ধ হলে ব্যৱহাৰ কৰিব পাৰিব৷ চাইনাচ ভেপোকেপ বুলা এবিধ দৰব ৰুমালত সানিও শুঙিব পাৰে৷ সুৰসুৰনিৰ বাবে হোৱা কাহৰ উপশমৰ বাবে কেইটামান চুহি খোৱা লজেন্স লগত নিব৷ জেন্টামাইচিন চকুৰ মলম নাইবা চিপ্ৰফ্লস্কেচিন আই ড্ৰপ- চকুৰ অসুখ কনজাংটিভাইটিচ হলে নাইবা চকুত ধূলি বালি, পোক আদি পৰিলে লগাবলৈ অৱশ্যই লগত নিব৷ ষ্টিমেটিল ৫মিলিগ্ৰাম নাইবা চিনাৰেজিন ২৫মিলিগ্ৰামৰ টেবলেট – মুৰঘূৰণি, কাণত হো-হোঁৱনি শব্দ হলে এটাকৈ দিনে ২৷৩বাৰ খাবলৈ লগত নিব পাৰে৷ অলপ মেন্ঠল পাউদাৰ লগত নিলে হোটেলত গৰম পানীত মিহলাই ভাপ ললে বন্ধ নাক খুলিবলৈ সহায়ক হব ৷ ভিক্স ভেপোৰাব আৰু ভিক্সৰ ইনহেলাৰ – ভ্ৰমণত লগত নিলে পানীলগা, চৰ্দি হলে ব্যৱহাৰ কৰিলে উপশম পাব৷ ইয়াৰ উপৰি বতৰ, ধূলি, এ চি আদিৰ প্ৰভাৱত কাৰোবাৰ ভ্ৰমণকালত ডিঙিৰ বিষ হব পাৰে নাইবা মাত ভঙিব পাৰে৷ তেনেস্থলত হোটেলৰ পৰা গৰম পানী আৰু নিমখ লৈ মিহলাই দিনে অন্ততঃ দুবাৰ কুলকুলি কৰিব৷ পৰিয়ালৰ কোনোবা সদস্য যদি চিকিৎসাবৃত্তিৰ লগত জড়িত থাকে তেতিয়াহলে কেইবিধমান এন্টিবায়টিক দৰবো ডাক্তৰক সুধি লগত নিব পাৰিব৷ থুলমুলকৈ ইমানখিনি যোগাৰ হলে লাগতিয়াল প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা নিজেই সুচাৰুৰূপে কৰি ভ্ৰমণ সম্পন্ন কৰিব পাৰিব৷ যি কোনো অলপ ডাঙৰ শাৰীৰিক অসুবিধা হোৱা যেন অনুভৱ কৰিলে আপোনাৰ ফেমিলি ডাক্তৰৰ সৈতে ম’বাইলত সম্পৰ্ক কৰিবলৈ সংকোচ নকৰিব৷ ‘বাচি খাবা, জাগি শুবা’ নীতিটো ভ্ৰমণত অতি প্ৰযোজ্য৷ থকা খোৱা হোটেল বাচনি কৰোতে সদায় সতৰ্কতা অৱলম্বন কৰিব৷ পৰাপক্ষত চিল বন্ধ বটলৰ পানীহে খাব৷ সস্তাত উপলব্ধ বুলি অপৰিস্কাৰ হোটেলৰ খাদ্য খাই বিপদ চপাই নলব৷ সকলোৰে ভ্ৰমণ নিৰাপদ আৰু আনন্দদায়ক হওক ইয়াকে কামনা কৰিলোঁ৷ এই বিষয়ে এতিয়ালৈ ইমানেই৷ আৰু এটা কথা – ওপৰত উল্লেখিত ব্যৱস্থাপনাখিনি ভ্ৰমণ নকৰা সময়তো ঘৰত সাজু ৰখাটো পৰিয়ালৰ বাবে মংগলজনক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!