ভাৰতৰত্ন ড° এ পি জে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি

কালাম ছাৰলৈ শ্ৰদ্ধাৰে…….

AbdulKalambyTrinayanBora
আমাক আৰু শক্তি দিয়া হে পিতা…  (ত্ৰিনয়ন বৰাৰ তুলিকাত)

প্ৰাঞ্জল দেউৰী:
অলপ ব্যক্তিগতঃ- দেশৰ সৰ্বকালৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰপতিজন—–
আজিও মনত আছে, কলেজত স্নাতক তৃতীয় বাৰ্ষিকৰ কেইবাজনী ছোৱালী আৰু এজন ল’ৰাই অচিনাকি ছোৱালী এগালৰ লগত বহুৱাই মোক ৰেগিং কৰিছিল। মোক সোধা হৈছিল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিজনৰ নাম। ড° এ পি জে আব্দুল কালাম বুলি কোৱাৰ লগে লগে মোক ক’বলৈ কোৱা হৈছিল তেওঁৰ সম্পূৰ্ণ নাম। বুকু ফুলাই মই তেওঁৰ নাম কৈ গৰ্ব অনুভৱ কৰিছিলোঁ। কিহে মোক গৰ্ব অনুভৱ কৰাইছিল মই বুজি পোৱা নাছিলোঁ। পাছত ভাবিছিলোঁ, তেওঁৰ ব্যক্তিত্বই এনে আছিল যে কোনো যুৱকে তেওঁৰ নাম ফুটাই ক’বলৈ পালে গৰ্বিত হৈ উঠে। ৰেগিং শেষ কৰাৰ পাছত মই তেওঁলোকক ধন্যবাদ জনাইছিলোঁ, ৰেগিঙত ৰাষ্ট্ৰপতিজনৰ বিষয়ে মোক সোধাৰ বাবে।

যোৱাবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত তেওঁৰ নাম পুনৰ উচ্চাৰিত হৈছিল। তেতিয়া মই ভীষণভাৱে আহ্লাদিত হৈ উঠিছিলোঁ। মনে প্ৰাণে বিচাৰিছিলোঁ তেওঁ আকৌ এবাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হওঁক। লক্ষ লক্ষ ভাৰতবৰ্ষৰ নৱ-প্ৰজন্মক(প্ৰথম কাৰ্যকালত যিসকলৰ জন্ম হোৱা নাছিল বা শিশু আছিল) পুনৰ এবাৰ দেশ নিৰ্মাণৰ বাবে উদ্বেলিত কৰক। মই আজিও বিশ্বাস কৰোঁ, তেওঁ দ্বিতীয়বাৰ দেশৰ ৰাষ্ট্ৰপতি হোৱা হ’লে দেশৰ কৌটি কৌটি নৱ-প্ৰজন্মই দেশ নিৰ্মাণৰ তেওঁৰ সপোনক সাকাৰ ৰূপ দিলেহেঁতেন। কিন্তু আমাৰেই দুৰ্ভাগ্য যে সেই সুযোগ আমাৰ দেশৰ ৰাজনৈতিক মতানৈক্যই নিদিলে।

দেশে তেওঁক ৰাষ্ট্ৰপতি ৰূপে লাভ কৰাত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অৱদান আছে বুলি মই বিশ্বাস কৰি আহিছোঁ। যদি মোৰ বিশ্বাস শুদ্ধ হয় তেন্তে বাজপেয়ীৰ দুৰদৰ্শিতাৰ শলাগ ল’বই লাগিব। যিটো মই অন্তৰেৰে কৰি আহিছোঁ।

আজি মোৰ মনত এই বিশ্বাসটো অতি গাঢ় হৈ পৰিছে যে বুকু ফুলাই ৰাষ্ট্ৰপ্ৰধানজনৰ নাম কৈ গৰ্বিত হোৱাৰ সুযোগ মোৰ জীৱনলৈ আৰু কোনোদিন নাহে, তেনে ব্যক্তিত্বশালী ব্যক্তিও সতকাই নোলায়। সমগ্ৰ দেশৰ যুৱসমাজক সন্মোহন কৰিব পৰা ব্যক্তিত্ব দেশত আকৌ ওলাব বুলি মোৰ বিশ্বাস নহয়।

ৰঞ্জন বৰ্মন:

সপোন দেখুৱা মানুহজন
যাওঁ বুলিয়েই গুচি গ’লা তুমি
কোনো দিনেই উভতি নহাৰ বাটেদি
তোমাৰ অবিহনে আজি
শূন্য আকাশ
শূন্য বতাহ
শূন্য বিহংগৰ মাত
শূন্য শব্দ ব্যঞ্জনা
কান্দোন আৰু পংগুত্বৰে আজি
ভাৰাক্ৰান্ত চৌপাশ
অনাথ ভাৰতবৰ্ষ
শূন্যতাৰ বুকুৰে তোমালৈ কবিতা লিখা
বৰ কষ্ট
যন্ত্ৰণাত ছটফটাই হৃদয়
থমকি ৰয় কলম
আজি বৰ বেসুৰা হ’ল অ’
তুমি বজোৱা বেহেলাৰ জয়ৰ সংগীত
তোমাৰ অবিহনে আজি কোনে গজাব লঠঙা ডালত
সেউজীয়া পাত
কোনে দেখাব সপোনৰ ভাৰতবৰ্ষৰ সপোন
দাপোনত দেখিছোঁ আজি
মোৰ উকা নিসংগতাৰ ছবি
তোমাৰ অবিহনে আজি বৰ নিঠৰুৱা অ’ আমি
বৰ নিঠৰুৱা….
(ড° এ পি জে আব্দুল কালামৰ চৰণত একাঁজলি শ্ৰদ্ধাঞ্জলি…)

দীপাঙ্কৰ দত্ত: বুজা-নুবুজা দিনৰে কথা সেয়া। মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ সময়ত স্থানপ্ৰাপ্ত দাদা-বাইদেউসকলৰ বার্তালাপ পঢ়িছিলোঁ কাকতত। ‘অগ্নিৰ ডেউকা’, ‘তেজস্বী মন’ আছিল অধিকৰেই প্ৰিয় গ্ৰন্থ। সেই তেতিয়াই এই মহান মানুহগৰাকীৰ প্ৰতি গঢ়ি উঠিছিল এক অনামী শ্ৰদ্ধা কিম্বা আকর্ষণ। এ পি জে আব্দুল কালাম- মানুহগৰাকীক জানিবলৈ ভিতৰি ইচ্ছুক হৈ পৰিছিলোঁ তেতিয়াই। আজি মনত পৰিছে ২০০৩ চনত নলবাৰী গর্ডন ফিল্ডত হোৱা ৰাষ্ট্ৰীয় গ্ৰন্থমেলাখনৰ কথা। তেতিয়া মই দ্বিতীয় শ্ৰেণীত। এদিন তাত দেখি আহিলোঁ জনৈক ড° চন্দ্ৰমোহন শর্মা ৰচিত ‘বিজ্ঞানী ৰাষ্ট্ৰপতি আব্দুল কালাম’ শীর্ষক এখন সৰু জীৱনীপুথি। সেইখন আনি দিবলৈ ঘৰত খাটনি। আনি দিলে। পঢ়িলোঁ। (আজি তেওঁৰ বিয়োগ সংবাদ শুনি সেইখন বাৰবছৰৰ মূৰত বিচাৰি উলিয়ালোঁ)। পিছলৈ অগ্নিৰ ডেউকা, তেজস্বী মন, মোৰ সপোনৰ ভাৰত আৰু অন্যান্য গ্ৰন্থ পঢ়িছিলোঁ; যদিও কেতিয়াবা বুজিও পোৱা নাছিলোঁ। মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী ৰাজনীতিজ্ঞ হিচাপে তেওঁৰ ৰাষ্ট্ৰ পৰিচালনাও আমি দেখিলোঁ। দেখিলোঁ ‘ভাৰত-২০২০’ তেওঁৰ সেই শানিত পণ ! ক্ৰমে, আগ্ৰহী হৈ উঠিছিলোঁ সেই ব্যক্তিত্বৰ প্ৰতি। সঁচা অর্থত- HE IS THE REAL JEWEL . আজি সেই মহামানৱৰ মহাপ্ৰয়াণত আমি মর্মাহত ! কুশলে থাকক নৱ জাগৰিত ভাৰতৰ সপোন দেখা মানৱদৰদী মানুহজনৰ বিদেহ আত্মা ..

জয়ন্ত কুমাৰ ডেকা:

এহাল স্বপ্নাতুৰ চকু
এজন সপোনৰ সদাগৰ
যিয়ে হৃদয়ৰ জোলোঙাত লৈ ফুৰে এটি যুগৰ বতৰা
এখন নিস্কলুষ পৃথিৱীৰ….এখন অখণ্ড সমাজৰ…প্ৰেৰণাস্ৰোত জীৱনৰ…
তেওঁৰ জোলোঙাৰে নিগৰি আহে এক স্নিগ্ধ আভা
প্ৰজ্ঞাপথৰ এক ক্লান্তিহীন পথিক আজি চিৰনিদ্ৰাৰত সময়ৰ কোলাত
মাথোঁ খোদিত কৰিব মন যায় তেওঁৰ সমাধিত …..
” ইয়াত এজন প্ৰকৃত মানুহ শুই আছে, যিয়ে স্বপ্ন ৰচিছিল দুচকু মেলি ”

ধনঞ্জয় নাথ: কোকৰাঝাৰ জিলাৰ বনৰগাঁৱত অনুষ্ঠিত হোৱা এবছুৰ সভাত খুব ওচৰৰ পৰা লগ পাইছিলোঁ মিছাইল মেন কালাম ছাৰক। লক্ষ্য কৰিছিলোঁ তেখেতে পিন্ধা জোতা দুপাত সিমান চিকচিকিয়া নাছিল। আশ্চৰ্যবোধ কৰিছিলোঁ, যেতিয়া দেখিলোঁ তেখেতে পিন্ধা মোজা দুপাতৰ “ইলাষ্টিক” দুডালো ঢিলা ! এপাত মোজাত “ইলাষ্টিক” নাই বুলিয়েই ক’ব পাৰি। মোজাপাত একেবাৰে তললৈ নামি আহিছে। অতি বিখ্যাত ব্যাক্তি হোৱাৰ পিছতো কি সাধাৰণ আছিল কালাম ছাৰ। হয়তো কিছু পৰিমাণে খেয়ালী আছিল মহান বিজ্ঞানী ড° কালাম ছাৰ। আৰু শিশুৰ প্ৰতি যি মৰম সেয়া ওচৰৰ পৰা নেদেখিলে বিশ্বাস কৰিব নোৱাৰি।

নিবিড় অনুৰাগ মানস:

শ্রদ্ধার্ঘ : ড° এ পি জে আব্দুল কালাম
অগ্নিৰ ডেউকাত
তেজস্বী মনৰ সোণপতীয়া চিত্রত
ভাৰতবর্ষ ২০২০ৰ সপোন অঁকা
মানুহজন আৰু নাই
শাৰদীয় কুঁৱলীৰ দৰেই তেওঁ গলগৈ
কোনোবা নিয়ৰসনা অজান দেশলৈ
বিৱর্তনৰ সোণালী সূতাৰ
সেউজীয়া হাতেৰে
নবীনৰ দুচকুত বিজ্ঞানৰ বৰষুণ নমোৱা মানুহজন গ’লগৈ
সপোনত নেদেখা সপোনৰ
কোনোবা অজান দেশলৈ
থমকি ৰল মাথোঁ
সময়ৰ কাঁইট
অতীত, বর্তমান আৰু ভবিষ্যতৰ ।

চন্দন কাকতি: আজি সেই মহান বিজ্ঞানীগৰাকী যিয়ে আমাক সপোন দেখিবলৈ কৈছিল তেওঁ কাষত নাই। বিদেহী আত্মাৰ সদ্গতি কামনা কৰিও আমি আজি সংগোপনে আন এক প্ৰাৰ্থনাও কৰোঁ আহক “হে মহামানব, তুমি পুনৰাই ভাৰতবৰ্ষতে আব্দুল কালাম হৈয়ে জন্ম গ্ৰহণ কৰি মাতৃভূমিক ধন্য কৰা।”

মিণ্টু শৰ্মা: ড° এ পি জে আব্দুল কালাম (জন্ম ১৫-১০-১৯৩৩ মৃত্যু ২৭-৭-২০১৫)। এগৰাকী চিৰ নমস্য ব্যক্তি নামেই যাৰ পৰিচয়। ভাৰত মাতৃৰ সুযোগ্য সন্তান। নিজে অগ্নিস্নান কৰি বিশ্ববাসীৰ সন্মুখত ভাৰতক তুলি ধৰিছিল এখন শক্তিশালী দেশ ৰূপে। তেখেতে লিখিছিল সূৰ্য্যৰ নিচিনা পোহৰ দিব লাগিলে প্রথমে সূৰ্য্যৰ নিচিনা জ্বলিব লাগিব।
নিজৰ কামৰ ওপৰত তেখেতৰ অটুত বিশ্বাস আছিল। কৰ্মই ধৰ্ম এয়ে আছিল তেখেতৰ জীবন দৰ্শন। বিশ্ব বিখ্যাত বিজ্ঞানী হোৱাৰ উপৰি তেখেত আছিল এগৰাকী লিখক, চেতাৰ বাদক আৰু ভাল শিক্ষক। নিজকে এগৰাকী শিক্ষক হিচাপে পৰিচয় দিবলৈ তেখেতে ভাল পাইছিল।
“মিচাইল মেন” হিচাপে ভাৰত বিখ্যাত হোৱা এই মহান বিজ্ঞানীগৰাকীক ১৯৯৭ চনত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছিল। দেশৰ ১১তম ৰাষ্ট্রপতি হোৱা কালামে সৰু সৰু ল’ৰা-ছোৱালীক অতি মৰম কৰিছিল। অন্যৰ দুখত দুখী হোৱা কালামে অতি সাধাৰণভাবে জীৱন কটাইছিল। ৰাষ্ট্রপতিৰ চকীখন সাধাৰণ চকীত কৈ ডাঙৰ হোৱা বাবে চকীখনত বহিবলৈ তেখেত অমান্তি হৈছিল। ৰাজনীতিৰ পৰা আঁতৰি থকা এই মহান পুৰুষগৰাকীক অটল বিহাৰী বাছপায়ী ডাঙৰীয়াই ভাৰতৰ সৰ্বোচ্ছ অসামৰিক সন্মান জনোৱাত আগভাগ লৈছিল। কালামৰ মতে….
IF YOU FAIL, NEVER GIVE UP BECAUSE…
F.A.I.L means First Attempt IN Learning
END IS NOT THE END IN FACT E.N.D Means Effort Never Dies
IF YOU GET NO AS AN ANSWER, REMEMBER…
N.O. MEANS… Next Opportunity
So let’s be positive

বৈকুণ্ঠ এম জে শইকীয়া:
ড° এ পি জে আব্দুল কালামৰ মহাপ্ৰয়াণ আৰু তেওঁৰ জীৱনৰপৰা পোৱা কিছু অনুভৱ—-
ড° এ পি জে আব্দুল কালাম, নিজ কৰ্মৰে, গুণেৰে জাতিষ্কাৰ হোৱা এটি নাম৷ তেখেতৰ কৰ্মৰাজিৰ মূল্যায়নৰ ধৃষ্টতা এই অভাজনে কৰিব খোজা নাই কিন্তু জীৱনকালত অনুভৱ হ’ল এজন মানুহৰ মৃত্যু আৰু মহাপ্ৰয়াণৰ মাজৰ পাৰ্থক্য আচলতে কি? কিদৰে শত-সহস্ৰজনে শোক পালিব পাৰে এইগৰাকী মহামানৱৰ মৃত্যুত বাৰুকৈয়ে অনুভৱ হ’ল৷
এক পবিত্ৰ আত্মা আছিল তেখেত, সেয়ে ধুলিকণাৰ পৰা পৰ্বতসম ব্যক্তিত্বৰ অধিকাৰী প্ৰত্যেকেই এবাৰলৈ হ’লেও তেখেতৰ মৃত্যুত শোকবাৰ্তা প্ৰেৰণ কৰিবলৈ নাপাহৰিলে৷
হয়তো তেখেতৰ যোগাত্মক ভাৱধাৰাৰ প্ৰসাৰতা ইমানেই বেছি আছিল যে তেখেতৰ উপস্থিতি আৰু অনুপস্থিতি উভয়েই চুই গ’ল প্ৰত্যেকৰ হৃদয় ৷
তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ।

মিতালী বৰ্মন: সমগ্ৰ পৃথিৱীয়ে খুব কম মানুহকহে ভাল পাব পাৰে। অতি কম সংখ্যকেহে যোৱাৰ বেলা সমগ্ৰ মানৱ জাতিৰ বুকু উৰুঙা কৰিব পাৰে। তাৰো কম সংখ্যকেহে ভবিষ্যতৰ শিশুৰ বাবে নিজৰ বৰ্তমানৰ বলিদান দিব পাৰে, সপোন খেদি ফুৰিবলৈ সাহস-প্ৰেৰণা দিব পাৰে। অতি কম সংখ্যক মানুহে নিজৰ কথাৰে, কামেৰে মৃত্যুক জিনিব পাৰে! খুব কম মানুহে মৃত্যুক শিল্পলৈ ৰূপান্তৰ কৰিব পাৰে।
কালাম ছাৰলৈ শ্ৰদ্ধাৰে…

কল্যাণী বৰ্মন:
এজনা আশাবাদী মানুহ আৰু ন-চিন্তাৰ বাহক এ পি জে আব্দুল কালামৰ স্মৃতিত—–
দুখত হাউলি নপৰিবা
হতাশ নহ’বা
ধুমুহা আহিবই
অহংকাৰ নাশিবলৈ
ধুমুহাও যে প্ৰয়োজন
যুঁজিবলৈ
আগবাঢ়িবলৈ
বুজিবলৈ
নতুনৰ আৱিষ্কাৰ কৰিবলৈ
নাকান্দিবা
সকলো মষিমূৰ হ’ল বুলি
আকৌ সেউজীয় হ’ব জীৱন
আশাৰ ডেউকাত
মাথোঁ তোমাৰ মন বান্ধি লোৱা ।।।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments