True And Untrue (সত্য আৰু অসত্য) – Sigrid Undset (ছাইগ্ৰিড আণ্ডছেট) অনুবাদ- জ্যোৎস্না ৰাণী দাস

    

  

   এসময়ত দুজন ভাই-ককাই আছিল; এজনৰ নাম আছিল সত্য, আনজনৰ অসত্য। সত্য সদায়েই সকলোৰে প্ৰতি সৎ আৰু ভাল আছিল, কিন্তু অসত্য বেয়া আৰু মিছাৰে পূৰ্ণ আছিল, যাতে কোনোৱে সি কোৱা কথা বিশ্বাস কৰিব নোৱাৰিছিল। তেওঁলোকৰ মাক বিধৱা আছিল, আৰু জীৱিকাৰ বাবে বিশেষ একো নাছিল; গতিকে যেতিয়া তেওঁৰ সন্তান দুটি ডাঙৰ হ’ল, তেওঁ পৃথিৱীত তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ বাবে দূৰলৈ পঠিয়াই দিলে। প্ৰত্যেকেই এখন সৰু মোনাত অলপমান খাদ্য ভৰাই ল’লে, আৰু তাৰপিছত তেওঁলোকৰ পথত গুচি গ’ল। 

  এতিয়া, যেতিয়া তেওঁলোকে সন্ধিয়ালৈকে খোজকাঢ়িছিল, তেওঁলোকে হাবিৰ মাজত এক জিৰজিৰিয়া বতাহ পৰি থকা ঠাইত বহি ল’লে, আৰু তেওঁলোকৰ সৰু মোনাবোৰ উলিয়ালে। তেওঁলোক গোটেই দিনটো খোজকঢ়া পিছত ভোকাতুৰ হৈ আছিল আৰু ভাবিছিল আহাৰৰ সৰু টুকুৰা এটি পালেও সুস্বাদু সুস্বাদু হ’ব। 

   “যদি তুমি মোৰ মনৰ শুনা, ” অসত্যই কৈছিল, “মই ভাবো আমি তোমাৰ মোনাখনৰখিনি আগতে খোৱা ভাল হ’ব, এইখনৰ ভিতৰত যেতিয়ালৈকে কিবা থাকে, আৰু তাৰপিছত আমি মোৰখনৰ পৰা ল’ব পাৰিম। 

  হয়! সত্য এইটোত যথেষ্ট আনন্দিত হৈছিল, গতিকে তেওঁলোকে খাবলৈ ধৰিলে, কিন্তু অসত্যই আটাইতকৈ ভাল টুকুৰাবোৰ ল’লে আৰু পেটভৰাই খালে, যেতিয়া সত্যই অকল জ্বলা পাপৰৰ দৰে টান অংশ আৰু এৰেহাখিনিহে পাইছিল। 

   পিছদিনা তেওঁলোকে ৰাতিপুৱা সত্যৰ খাদ্যৰে পুৱাৰ আহাৰ কৰিলে, আৰু দুপৰীয়াও খালে, আৰু তাৰপিছত তেওঁৰ মোনাখনত একোৱেই নাথাকিল। গতিকে যেতিয়া তেওঁলোকে নিশালৈকে খোজকাঢ়িলে, আৰু খাবলৈ পুনৰ সাজু হ’ল, সত্যই ভায়েকৰ মোনাখনৰ পৰা খাবলৈ বিচাৰিলে, কিন্ত অসত্যই ক’লে, “নহ’ব”, খাদ্যবোৰ তাৰ, আৰু অকল তাৰ বাবেহে আছে। 

   “নহ’ব! কিন্তু তুমি জানা তুমি মোৰ মোনাখনত কিবা থকালৈকে খাইছিলা”, সত্যই কৈছিল। 

   “সকলো বঢ়িয়া আছিল, মই সাহসেৰে কওঁ, ” উত্তৰ দিছিল অসত্যই; “কিন্তু যদি তুমি এনেকুৱা এজন মুৰ্খ যে তোমাৰ মুখৰ আগতে আনক নিজৰ আহাৰ খাবলৈ দিয়া, তুমি নিশ্চয় ইয়াৰ আটাইতকৈ ভাল বনাব লাগিব; এতিয়াৰ বাবে তুমি কৰিবলৈ এটাই কাম আছে ইয়াত বহা আৰু ভোকত মৰা। 

   “ভাল বাৰু”, কৈছিল সত্যই, “তুমি অসত্য নামেৰেও স্বভাৱেৰেও; গতিকে তুমি আছিলা আৰু তোমাৰ গোটেই জীৱনজুৰি থাকিবা।” 

   এতিয়া যেতিয়া অসত্যই এইটো শুনিলে,  খঙত টিঙিৰিতুলা হৈ পৰিল আৰু ভায়েকৰ ফালে দৌৰি আহিল, আৰু দুয়োটা চকু কাঢ়ি ল’লে। “এতিয়া, চাবলৈ চেষ্টা কৰচোন লোকবোৰ অসত্য হয় নে নহয়, অন্ধ শগুণ!” আৰু এইদৰে কৈ সি তাক এৰি পলাই গুচি গ’ল। 

   বেচেৰা সত্য! তাত সি ঘন হাবিৰ মাজেৰে পথ অনুসৰণ কৰি খোজকাঢ়ি গৈ আছিল। অন্ধ আৰু অকলশৰীয়া, হয়তোবা সি অলপহে জানিছিল ঘূৰা পথ, যেতিয়া হঠাতেই সি এডাল ডাঙৰ বনৰীয়া কাগজী নেমুগছৰ গা খেপিয়াই ধৰিলে। সি ভাবিছিল ইয়াৰ ওপৰত সি উঠিব আৰু বনৰীয়া জন্তুৰ ভয়ৰ বাবেই ৰাতিটো পাৰ নোহোৱালৈকে তাত কটাব। 

   “যেতিয়া চৰাইবোৰে গান গাবলৈ আৰম্ভ কৰে, ” সি নিজকে নিজে কৈছিল, “তেতিয়া, মই জানিম যে দিন হ’ল, আৰু মই মোৰ পথ খেপিয়াই যাবলৈ চেষ্টা কৰিম আগলৈ।” গতিকে সি নেমুগছডালৰ ওপৰলৈ উঠিল। তাৰপিছত তাত অলপ সময় বহাৰ পিছতেই, সি কোনোবাই গছৰ তলত আলোড়ন কৰা আৰু হাততালি শুনিলে, আৰু অলপ পিছতে আনবোৰ আহিছিল; আৰু যেতিয়া তেওঁলোকে এজনে আনজনক সম্ভাষণ জনাইছিল, সি গম পাইছিল যে এয়া ব্ৰুইন, ভালুকটো, আৰু গ্ৰেলেগছ, ৰাং কুকুৰটো, আৰু শ্লাইবুটছ, শিয়ালটো, আৰু লংগিয়াৰ, শহাটো, যিবোৰে গছৰ তলত ছেইণ্ট জনৰ সন্ধিয়াৰ উছৱ পালন কৰিবলৈ আহিছে। গতিকে তেওঁলোকে খাবলৈ আৰু পিবলৈ আৰম্ভ কৰিলে, তেওঁলোকে একেলগে গল্প কৰাত লাগিল। শেষত শিয়ালে ক’লে: 

 “ আমি, আমাৰ প্ৰত্যেকেই, ইয়াত বহি থকা সময়ত একোটা সৰু কাহিনী ক’ব নোৱাৰোনে?” 

   ভাল! অন্যবোৰৰ সেইটোৰ বিৰুদ্ধে ক’বলৈ একোৱেই নাছিল। এয়া বঢ়িয়া জমিব, তেওঁলোকে কৈছিল, আৰু ভালুকে আৰম্ভ কৰিছিল; আপোনাৰ বাবে অভিনৱ হ’ব পাৰে যে তেওঁ সঙ্গবোৰৰ মাজৰ ৰজা আছিল। 

   “ইংলেণ্ডৰ ৰজা”, ব্ৰুইনে কৈছিল, এনেকুৱা বেয়া 

দৃষ্টিশক্তি আছিল, তেওঁ কেনেবাকৈ মাত্ৰ তেওঁৰ সমুখৰ এগজমানলৈ হে দেখিছিল; কিন্তু যদি তেওঁ মাত্ৰ এই নেমুডালৰ ওচৰলৈ ৰাতিপুৱা আহে, যেতিয়ালৈকে পাতবোৰত নিয়ৰকণা লাগি থাকে, আৰু নিয়ৰকণাৰে চকু মোহাৰিলে, তেওঁ তেওঁৰ ভাল দৃষ্টিশক্তি চিৰদিনৰ বাবে ঘূৰাই পাব।” 

   “একেবাৰে সত্য!” কৈছিল গ্ৰেলেগছে। “ইংলেণ্ডৰ ৰজাৰ এগৰাকী কলা আৰু বোবা ছোৱালীও আছে; কিন্তু যদি তেওঁ কেৱল জানিলেহেঁতেন যিটো মই জানো, তেওঁ সোনকালেই তাইক আৰোগ্য কৰিলেহেঁতেন। যোৱা বছৰ তাই বৈঠকলৈ গৈছিল। তাইৰ মুখৰ পৰা এটুকুৰা ৰুটী ওলাই পৰিছিল, আৰু এটা ডাঙৰ বেঙে আহি এইটো গিলি পেলাইছিল; কিন্তু যদি তেওঁলোকে মাত্ৰ বেদীৰ মজিয়া খান্দি পেলায়, তেওঁলোকে বেংটো বেদীৰ ডাং গড়ৰ তলত বহি থকা পাব, ৰুটীৰ টুকুৰাটো তাৰ ডিঙিত আঁট খাই লাগি থকা। যদি তেওঁলোকে বেংটো কাটি দিয়ে আৰু ৰুটী টুকুৰা ৰাজকুমাৰীক দিয়ে, তাই অন্যলোকৰ দৰে কথা ক’ব আৰু শুনিব পাৰিব।” 

   “সেই সকলোবোৰ ভাল বাৰু, ” কৈছিল শিয়ালে; “কিন্তু যদি ইংলেণ্ডৰ ৰজাই জানিলেহেঁতেন যিটো মই জানো, তেওঁ ৰাজমহলত পানীৰ বাবে হাঁহাকাৰ কৰিব নালাগিলহেঁতেন; তলত থকা ডাঙৰ শিলটোৰ বাবে, তেওঁৰ ৰাজপ্ৰসাদৰ অংগনত, কোনোৱে আকাংক্ষা কৰা আটাইতকৈ পৰিষ্কাৰ পানীৰ প্ৰসৱণ আছে, যদি তেওঁ জানিলেহেঁতেন তাত ইয়াৰ বাবে খান্দিবলৈ।” 

   “আস্‌!” কৈছিল শহাই এটা সৰু মাতেৰে; “ইংলেণ্ডৰ ৰজাৰ আছে দেশৰ ভিতৰতে আটাইতকৈ উত্তম ফলৰ বাগান, কিন্তু কেঁকোৰাৰ দৰে তাত বেছি ফল নধৰে, তাত বাগানৰ চাৰিওপিনে তিনিগুণকৈ ভাৰী সোণৰ শৃংখলৰ বাবে। যদি তেওঁ সেয়া খান্দি উলিয়ায়, এনেধৰণৰ ফলধৰা বাগান ক’তোৱেই পোৱা নাযাব, তেওঁৰ দেশৰ ভিতৰতেই।” 

  “একেবাৰে সত্য, মই সাহসেৰে কওঁ, ” কৈছিল শিয়ালে; “কিন্তু এতিয়া বহুত দেৰি হৈ আহিছে, আৰু আমি ঘৰলৈ যাব লাগে।” 

   গতিকে তেওঁলোক আটায়ে একেলগে ঘৰাঘৰি গুচি গ’ল। 

   তেওঁলোক যোৱাৰ পিছত, সত্য গছডালতে টোপনি গ’ল; কিন্তু যেতিয়া দোকমোকালিতে চৰাইবোৰে গান গাবলৈ ধৰিলে, সি সাৰ পালে, আৰু পাতৰ পৰা নিয়ৰকণা ল’লে, আৰু চকুত মোহাৰি দিলে, আৰু তেনেকৈয়ে তাৰ দৃষ্টিশক্তি অসত্যই তাৰ চকু ঘুঁকুটিয়াই অনাৰ আগৰ দৰে ঘূৰাই পালে। 

  তেতিয়া সি চিধাই ইংলেণ্ডৰ ৰজাৰ ৰাজপ্ৰসাদ অভিমুখে গ’ল আৰু কামত ৰাখিবলৈ প্ৰাৰ্থনা কৰিলে আৰু ঠিতাতে পালেও। তাৰপাছত এদিনাখন ৰজা ৰাজমহলৰ অংগনলৈ আহিল, আৰু যেতিয়া তেওঁ অকণমান খোজ কাঢ়িলে, তেওঁ দমকলৰ পৰা পানী খাবলৈ বিচাৰিলে; উল্লেখ কৰা ভাল যে দিনটো আছিল বৰ গৰম, আৰু ৰজা আছিল তৃষ্ণাতুৰ; কিন্ত এগিলাচ পানী তেওঁক বাকি দিলে, এইটো বোকাময় আছিল, আৰু কদৰ্য, আৰু অপৱিত্ৰ, সেইটোৱে ৰজাক খুবেই বিৰক্ত কৰিছিল। 

   “মই নাভাবোঁ মোৰ দেশৰ ভিতৰতে কোনো এজনো মানুহ নাই যাৰ মোৰ দৰে এনে চোতাল আছে, আৰু এতিয়ালৈকে মই পাইপেৰে এইটো দূৰৰ পৰাও আনিছো, পাহাৰ- উপত্যকাৰ ওপৰেৰে, ” চিঞৰি উঠিছিল ৰজাই। 

  “খুব ভাল, হে মহান, ” কৈছিল সত্যই, “কিন্তু যদি মোক আপুনি সহায়ৰ বাবে কিছু মানুহ দিয়ে চোতালৰ তলত থকা প্ৰকাণ্ড শিলটো খান্দি উলিয়াবলৈ, যিটো আপোনাৰ চোতালৰ মাজতে আছে, আপুনি খুব সোনকালেই ভাল পানী দেখা পাব, আৰু যথেষ্ট পৰিমাণে পাব। 

   “ভাল!” ৰজা যথেষ্ট আগ্ৰহান্বিত হৈছিল; আৰু তেওঁলোকে কেনেবাকৈ শিলটো উলিয়াই আনিব পাৰিলে, আৰু ইয়াৰ তলত কিছুক্ষণ খান্দিলে, আগত বায়ুৰ ওপৰলৈ পানীৰ ফিচকাৰি মাৰিলে, চাফা আৰু নলীৰ পৰা ওলাই অহাৰ দৰে, আৰু গোটেই ইংলেণ্ডতে নোপোৱা চাফা পানী। 

   অলপ সময় পিছত ৰজা পুনৰ অংগনলৈ ওলাই আহিছিল, আৰু তেতিয়াই এটা ডাঙৰ বাজ উৰি আহিছিল তেওঁৰ কুকুৰা পোৱালিবোৰ ধৰিবলৈ, আৰু ৰজাৰ মানুহবোৰে হাতচাপৰি আৰু পাত্ৰবোৰ বজাবলৈ ধৰিলে, “সৌৱা সেইটো উৰিছে!” “সৌৱা সেইটো উৰিছে!” ৰজাই তেওঁৰ বন্দুকটো ল’লে আৰু বাজটো গুলীয়াবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ বেছি দূৰলৈ দেখা পোৱা নাছিল, গতিকে তেওঁ বৰ দুখত ভাগি পৰিল। 

  “স্বৰ্গলৈ হ’ব”, তেওঁ কৈছিল, “কোনোবাই যদি মোৰ চকুকেইটাৰ আৰোগ্যৰ উপায় দিলেহেঁতেন; মই ভাবোঁ মই সোনকালেই ভালদৰে অন্ধ হ’ম!” 

  “মই আপোনাক এটা উপায় ক’ব পাৰো, ” কৈছিল সত্যই; আৰু তাৰপিছত সি ৰজাক সি কেনেদৰে নিজৰ চকুদুটা ভাল কৰিছিল কৈ দিছিল, আৰু ৰজাই সেই আবেলিয়ে সেই নেমুগছজোপা অভিমুখে যাত্ৰাৰম্ভ কৰিছিল, আৰু আপুনি অভিভূত হ’ব যে তেওঁ ৰাতিপুৱা পাতৰ পৰা নিয়ৰকণা চকুত মোহাৰি দিয়াৰ পিছতেই চকুযুৰি আৰোগ্য হৈছিল। সেই সময়ৰ পৰাই এনে কোনো নাছিল যাক ৰজাই ইমান মৰমেৰে ৰাখিছিল, আৰু সি তেওঁৰ লগত থাকিব লাগিছিল তেওঁ য’লৈকে নাযাওঁক, ঘৰত আৰু বিদেশত উভয়তে। 

   এদিনাখন, তেওঁলোকে একেলগে বাগিচাত খোজকাঢ়ি আছিল, ৰজাই ক’লে, “ ইংলেণ্ডত এনে এজন লোক নাই যিয়ে তেওঁৰ বাগিচাত মোৰ দৰে ইমান সময় খটুৱায় আৰু এতিয়ালৈকে মই এডাল গছত কেঁকোৰাৰ দৰে বেছি ফল লগাব পৰা নাই।” 

   “ভাল, ভাল!” ক’লে সত্যই; “যদি মই পাব পাৰো সিবোৰ, যিবোৰ তলত পৰি আছে আপোনাৰ বাগিচাৰ চাৰিওফালে তিনিগুণকৈ, আৰু কিছু মানহু এইবোৰ খান্দিবলৈ, আপোনাৰ বাগিচাত ফল যথেষ্ট লাগিব।” 

   হয়, ৰজা যথেষ্ট আগ্ৰহী আছিল, গতিকে সত্যই মানুহবোৰ ল’লে আৰু খান্দিবলৈ ধৰিলে, আৰু শেষত সি গোটেই সোণৰ শৃংখলটো খান্দি উলিয়ালে। এতিয়া সত্য এজন ধনী মানুহ হৈ পৰিল। দৰাচলতে ৰজাতকৈও বেছি ধনী হৈ পৰিল। কিন্তু তেতিয়াও ৰজা যথেষ্ট আনন্দিত, বাগিচাৰ খননৰ বাবে, গছৰ ডালবোৰ ফলৰ ভৰত মাটিলৈ হাউলি পৰিছিল, আৰু এনে সুস্বাদু আপেল আৰু আৰু নাচপতি কোনেও কেতিয়াও জুতি পোৱা নাছিল। 

   অন্য এদিন, আকৌ, ৰজা আৰু সত্যই খোজকাঢ়ি আছিল, আৰু একেলগে কথাপাতি আছিল, যেতিয়া ৰাজকুমাৰীয়ে আগেৰে পাৰহৈ গ’ল, আৰু ৰজাই যেতিয়া তাইক দেখিলে তলমূৰ কৰিলে। 

  “এইটো পুতৌৰ কথা নহয়নে, এতিয়া, যে ইমান মৰমলগা মোৰ এগৰাকী ৰাজকুমাৰীয়ে ক’বলৈ আৰু শুনিবলৈ বিচাৰিব লগা হৈছে?” তেওঁ কৈছিল সত্যক। 

  “অস্‌, কিন্তু তাৰ বাবেও এক চিকিৎসা আছে, ” কৈছিল সত্যই। 

   যেতিয়া ৰজাই এয়া শুনিলে, তেওঁ ইমান আনন্দিত হ’ল যে তাক প্ৰতিশ্ৰুতি দিলে যে ৰাজকুমাৰীক তাৰ পত্নীৰূপে গতাব, আৰু চুক্তিমতে তেওঁৰ ৰাজ্যৰ অৰ্ধেক দিব, যদি সি তাইক পুনৰ ঠিক কৰিব পাৰে। গতিকে সত্যই কিছু মানুহ ল’লে, আৰু গীৰ্জালৈ গ’ল আৰু খান্দি বেংটো উলিয়াই আনিলে যিটো বেদীৰ তলৰ গড়ত বহি আছিল। তাৰপিছত বেংটো কাটি উলিয়ালে, আৰু ৰুটী টুকুৰা বাহিৰ কৰি লৈ ৰজাৰ জীয়েকক দিলেগৈ; আৰু সেই ঘণ্টাৰ পিছতেই তাইৰ কণ্ঠ ঘূৰাই পালে আৰু আন মানুহৰ দৰে কথা ক’ব পৰা হ’ল। 

  এতিয়া সত্যই ৰাজকুমাৰীক লাভ কৰিছিল, আৰু তেওঁলোকে বিবাহৰ ভোজৰ বাবে সাজু হৈছিল।  এনেকুৱা এক ভোজ যিটো কেতিয়াও আগতে দেখা নাই; এয়া সমগ্ৰ দেশৰে কথন আছিল। ঠিক তেওঁলোকে বিবাহৰ নৃত্যৰ মাজত নাচি আছিল, এজন ভিক্ষাৰী ল’ৰা আহিছিল আৰু এটুকুৰা ৰুটীৰ বাবে ভিক্ষা মাগিছিল, আৰু সি খুব কৰ্কশ আছিল আৰু ঘৃণা কৰিছিল যে প্ৰত্যেকেই তাক পাৰ হৈ গৈছিল যেতিয়া তেওঁলোকে তাক দেখিছিল; কিন্তু সত্যই তৎক্ষণাৎ তাক চিনি পাইছিল, আৰু দেখিছিল যে এয়া আছিল অসত্য, তাৰ ভায়েক। 

   “তুমি মোক চিনি পাইছানে আকৌ?” কৈছিল সত্যই। 

   “অহ! ক’তনো মোৰ দৰে এজন ইমান ডাঙৰ মালিক হ’ব পাৰিম?” কৈছিল অসত্যই। 

   “এতিয়াও, তুমি মোক আগতে দেখিছা, ” কৈছিল সত্যই। “এয়া মই যাৰ চকু তুমি ঘুঁকুটি আনিছিলা এই দিনটোতেই। অসত্য নামেৰেও, আৰু অসত্য স্বভাৱেৰেও; সেয়া আগতেও কৈছিলোঁ, আৰু সেয়া মই এতিয়াও কওঁ। কিন্তু তুমি এতিয়াও মোৰ ভাই, আৰু সেয়ে তুমি কিছু আহাৰ লোৱা। তাৰ পিছত, তুমি নেমুগছজোপাৰ তাত যাব পাৰা য’ত মই যোৱাবছৰ বহিছিলোঁ; যদি তুমি কিবা শুনা সেয়ে তোমাৰ ভাল কৰিব, তুমি সৌভাগ্যৱান হ’বা।” 

   তেতিয়া অসত্যই আৰু কিবা ক’বলৈ অপেক্ষা নকৰিলে। “যদি সত্যই নেমুগছজোপাত বহিয়েই ইমানবোৰ বস্তু পালে, যে এবছৰতে আধা ইংলেণ্ডৰ ৰজা হ’ল, মইনো কি বস্তু পাব নোৱাৰো?” সি ভাবিছিল। গতিকে সি যাত্ৰা কৰিলে আৰু নেমুগছজোপাত উঠিল। সি তাত বেছি সময় নবহিলে, আটাইবোৰ জন্তু আগৰ দৰে আহিছিল, খোৱা-পিয়া কৰিছিল আৰু গছডালৰ তলত ছেইণ্ট জনৰ সন্ধিয়া পাৰ কৰিছিল। যেতিয়া তেওঁলোকৰ খোৱা শেষ হৈছিল, শিয়ালটোৱে আশা কৰিছিল যে তেওঁলোকে কাহিনী ক’ব, আৰু অসত্য সাজু হৈছিল সমগ্ৰ শক্তিৰে, তাৰ কাণ দুখন প্ৰায় লগাই দিছিল। কিন্তু ব্ৰুইন নামৰ ভালুকটো, ৰুক্ষ আছিল আৰু গৰ্জন কৰি কৈছিলঃ

  “কোনো এজনে কৈ ফুৰিছে যিবোৰ আমি যোৱা বছৰ কৈছিলোঁ আৰু সেয়ে এতিয়া আমি আমাৰ কথাবোৰ ৰাখি থ’ম যিবোৰ আমি জানোঁ।” সেইদৰেই জন্তুবোৰে ইজনে সিজনক শুভৰাত্ৰি জনাই বিদায় ল’লে আৰু অসত্য থাকিল ঠিক আগৰ দৰেই বুদ্ধিমান হৈ, কাৰণটো আছিল যে তাৰ নাম আছিল অসত্য, আৰু তাৰ স্বভাৱো আছিল অসত্যই। 

ছাইগ্ৰিড আণ্ডছেট—- নৰৱে’(১৮৮২-১৯৪৯)ঃ তেখেত আছিল ১৯২৮ চনত ন’বেল বঁটাৰে সন্মানিত হোৱা নৰৱেৰ প্ৰথম লেখিকা। তেখেতে ন’বেল বঁটা লাভ কৰিছিল “ মূখ্যতঃ তেখেতৰ মধ্যযুগৰ সময়ত উত্তৰদিশৰ জীৱনৰ সম্পৰ্কে শক্তিশালী বিৱৰণ।” 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক