“টোকোৰা বাহৰ সোণৰ বেজী”-অৰূপা পটঙ্গীয়া কলিতাৰ এখন সুখপাঠ্য উপন্যাস ( -চন্দামিতা দেৱী )

—–অৰূপা পটঙ্গীয়া কলিতা মোৰ এগৰাকী অন্যতম প্ৰিয় লেখিকা । তেখেতৰ সকলোবোৰ গল্প, উপন্যাস পঢ়া নাই যদিও পঢ়াখিনিৰ মাজত “অয়নান্ত” আৰু “ফেলানি” এই দুখন বৰ ভাল লাগে । তেখেতৰ শেহতীয়া উপন্যাস (প্ৰথম প্ৰকাশ: ডিচেম্বৰ ২০১৪) “টোকোৰা বাহৰ সোণৰ বেজী”খন পঢ়িলো । বেলেগ বেলেগ শিৰোনামাৰে, “(১)অন্য এক দীপাৱলী, (২)দাৰুমাৰ চকুৰ পতা চাহগছ হ’ল ,(৩)ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী (৪)- – -” এনেকৈ, পঞ্চাছ(৫০)টা অধ্যায়ত লিখা ৪৩০ পৃষ্ঠাৰ উপন্যাসখনে সামৰি লৈছে বৃটিছৰ শাসনৰ পৰা স্বাধীনতা লৈকে, স্বাধীনতাৰ পৰা প্ৰায় আজিৰ সময়লৈকে এক দীঘলীয়া সময়ত হোৱা সামাজিক, অৰ্থনৈতিক, প্ৰাকৃতিক পৰিৱৰ্তনৰ কাহিনী । তেখেতৰ উপন্যাসৰ কাহিনী আগ বাঢ়িছে এখন সৰু অনগ্রসৰ ঠাইৰ পৰিৱৰ্তনৰ ইতিহাসক লৈ । সেই ঠাইৰ কাহিনীভাগৰ মাজেৰেই যেন বৰ্ণিত হৈছে গোটেই অসমৰ কাহিনী । কোনখিনিত কৰা কাৰ কি ভুলৰ পাৰিণতিত তাহানিৰ মানুহে মানুহক ভয় কৰিব নজনা, অবিশ্বাস নকৰা সমাজখনৰ পৰিবৰ্তন হৈ কোনেও কাকো নমনা, নসহা, ইজনে সিজনক সন্দেহৰ চকুৰে চোৱা আজিৰ কন্দলপূৰ্ণ অসমৰ সৃষ্টি হ’ল তাৰো কাৰণবোৰ এই উপন্যাসৰ কাহিনীভাগতেই সন্নিবিষ্ট হৈ আছে ।tukura

—–বৃটিছৰ অধীনত থকা মৌসৰা মৌজাৰ মৌজাদাৰ চৌধুৰী পৰিয়ালৰ তিনিটা পুৰুষক সামৰি আগবঢ়া কাহিনীভাগে সেই অনুন্নত, পিছপৰা অঞ্চলৰ সাধাৰণ মানুহখিনিৰ ক্রমান্বয়ে পৰিবৰ্তিত জীবন আৰু জীবন সংগ্ৰামৰ ছবিখন দাঙি ধৰে । মৌসৰা মৌজা আৰু ইয়াৰ আশ-পাশৰ ঠাইবোৰ নদী-নিজৰা, গছ-গছনি, অটব্য হাবি, হাতী, বাঘ, ভালুক আদি কৰি নানান প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ আছিল । সময়ৰ সতে মানুহৰ হাতত হোৱা প্ৰকৃতিৰ অবাধ লুণ্ঠনে এই সম্পন্ন আৰু সমৃদ্ধ প্ৰকৃতি ক্ৰমান্বয়ে নিঃস্ব হৈ পৰিছিল । মৌজাদাৰ বনমালী চৌধুৰীৰ ককাকে দহ টকা চিকাৰূপ দি বগা চাহাবৰ পৰা মৌসৰা মৌজাৰ দায়িত্ব লৈছিল । উপন্যাসখনত মৌজাদাৰ পৰিয়ালৰ কাহিনীৰ লগে লগে গতি লাভ কৰিছে ইয়াত বাস কৰা মানুহখিনিৰো কাহিনীবোৰে । বৃটিছ চৰকাৰে ক্ৰমাগতভাৱে বৃদ্ধি কৰা কৰ-কাটলৰ চাপত পৰি সাধাৰণ মানুহখিনিৰ দুৰ্ভোগ আৰু অসহায় অৱস্থাৰ বাস্তৱিক চিত্ৰ এখনি অঙ্কিত হৈছে উপন্যাসখনত । সেই সময়ত সমগ্ৰ ভাৰতবৰ্ষ জুৰি চলা স্বাধীনতা আন্দোলনৰ প্ৰভাব সমগ্ৰ অসমৰ লগতে মৌসৰা মৌজাতো পৰিছিল । মৌজাদাৰ বনমালী চৌধুৰীৰ প্ৰথমা পত্নীৰ যমজ সন্তান প্ৰিয়নাথ আৰু চন্দ্ৰনাথৰ স্বাধীনতা সংগ্ৰামত কৰা যোগদানে জোকাৰি গৈছিল মৌজাদাৰৰ হাউলীকো । স্বাধীনতা প্ৰাপ্তিৰ লগে লগে আৰম্ভ হোৱা নানান সামাজিক পৰিৱৰ্তন আৰু লগে লগে বাঢ়ি অহা অন্যান্য সমস্যা আৰু বৈষম্যবোৰে সৃষ্টি কৰা সংঘাতে ক্ৰমান্বয়ে সংগ্রামৰ ৰূপ লোৱাৰ নিৰ্ভুল চিত্ৰও স্পষ্টভাৱে ফুটি উঠিছে উপন্যাসখনৰ কাহিনীভাগৰ মাজেৰে । চীনৰ অসম আক্ৰমণ, বড়ো আন্দোল, আলফা, ছালফা, হিংস, বিদ্ৰোহ, অসন্তুষ্টি সকলোবোৰেই সন্নিবিষ্ট হৈ আছে উপন্যাসখনত । এইখন যেন মাত্ৰ এখন উপন্যাস নহয়, যেন সামাজিক পৰিৱৰ্তনৰ ইতিহাসহে ।

—-উপন্যাসখনৰ আটাইতকৈ ভাল লগা দিশটো হৈছে বৰ্ণনা কৰাৰ ধৰণ । শব্দ আৰু ভাষা অতুলনীয় । প্ৰতিটো দৃশ্য, মানুহ, ঠাই, ঘটনাক বৰ্ণাবলৈ প্ৰয়োগ কৰা শব্দ আৰু বাক্যবোৰে উপন্যাসখনক অনন্য মাত্ৰা প্ৰদান কৰিছে । প্ৰতিটো বৰ্ণনাই যেন লৈ যায় সেই সময়লৈ আৰু প্ৰতিটো দৃশ্য চকুৰ আগত জীৱন্ত কৰি তুলি ধৰে । যেনে —–“সোৱা পাহাৰৰ মাজৰ পৰা বেলিটো ওলাই আহিছে, কুৱঁলীৰ ধূসৰ ৰঙৰ তাঁত এখনত যেন কোনোবাই সোনালী সূতাৰ মহুৰা এটা ৰাচ এখনত ভৰাই চলাইহে দিলে । ধূসৰ আৰু সোনালী দীঘে বাণিয়ে মিলি কোমল ৰেচমৰ কাপোৰ এখনহে যেন কেউফালে মেল খাই গ’ল ।“— “বগা চাহাব আহি গোটেইখন পিত পিতাই ক’ত কি আছে চুলিৰ মাজত ওকণি বছা দি বাছি পেলালে ।“—“ভলুকা বাঁহৰ দৰে ডেকা ল’ৰাটো কম সময়তে বৰফান্দী হ’ল, লতাৰে মেৰাই ধৰা গছ এজোপাৰ দৰে হ’ল ।“

—-মৌজাদাৰৰ ঘৰৰ লগত হাতীৰ ওতপ্ৰোত সম্বন্ধ । এই উপন্যাসখনত মৌজাদাৰৰ হাউলীত হাতী মহল বা ডিপো আৰম্ভ হোৱাৰ সময়ত হোৱা পূজাৰে পৰা আদি কৰি হাতী চিকাৰ,হাতী পোহ মনোৱাৰ কৌশল,হাতীৰ চিকিৎসা আৰু পৰিচৰ্য্যা আদিৰ বিষয়ে মনোগ্ৰাহীকে বৰ্ণোৱা আছে । মাউতে গোৱা বিভিন্ন হাতীৰ গীতৰ লগতে অন্যান্য লোকগীতো সন্নিবিষ্ট আছে। যেনে হাতীৰ গান—

“আগেত যাৰে বেটা 
আস্তে আস্তে আগেত যা, 
পৰ্বতত আছিলি বেটা লতা লুহৰি খাই 
ভৈয়ামত আছিলি তই ৰচীৰ বান্ধ খাই । 
লালৰে লাল দুৰ্গাপুৰি লাল 
তই হবি মহাজনৰ মাল —-“

হাতীক শিকোৱাৰ সময়ত গোৱা গান—

“হয় হয় বেটা 
ইয়াকে বোলে ধাত 
চাব্বাচ বেটা চাব্বাচ । 
ইয়াকে বোলে আগেত—–“

ৰাতি হাতী ধুৰাত জুইত ধুনা গছৰ ঠানি সুমুৱাই দি জুইৰ চাৰিওকাষে বহি মাউতে গোৱা গানবোৰে প্ৰকাশ কৰে নিজ নিজ ঘৰত ন-বিবাহিতা পত্নী , মাক-বাপেক,ভায়েক-ভনীয়েককে ধৰি খেতি-খোলাৰে এৰি অহা ঘৰখনৰ বিচ্ছেদ বেদনা —-

“আই চাৰিলং বাপ চাৰিলং 
চাৰিলং সোনাৰ বাৰী 
বিবাহ কৰিয়া চাৰিয়া চাৰি আহিলুং
অল্প বয়চেৰ নাৰীৰে
হায়,হায়ৰে
কাৰ ঘৰেনো ৰঙ্গাল বিলাই ঐ ।“

—-সমগ্ৰ উপন্যাস জুৰি সিচঁৰতি হৈ আছে নানান লোক কাহিনী, জনবিশ্বাস, জাত জাত সাধুকথা আৰু লোক জীৱনত চলিত গীত-পদবোৰ । প্ৰতিখন ঠাইৰ নামৰ সৃষ্টিৰ আঁৰত কাহিনী, নদীৰ নামৰ আঁৰত কাহিনী, ডফলা পোতা টিলাৰ কাহিনী, বৰফান্দীৰ শিহৰণকাৰী হাতী চিকাৰৰ কাহিনী, মৰগান চাহাব আৰু অপ্সৰাৰ কাহিনী, সৰু পুখুৰীৰ পাৰত ওলোৱা জোনাকী পৰুৱাবোৰ তেজৰ টোপালৰ দৰে ৰং লোৱাৰ কাহিনী । প্ৰতিজন মানুহৰ মাজতো যেন ঠাহ খাই আছে অজস্ৰ কাহিনী । চীনা মিস্ত্ৰী এমং বুঢ়াৰ ভিতৰতো আছিল ‘নাচন ডুবিত’ মৰগান বাহাবে গঢ়া চাহ বাগিচাৰ আৰম্ভণিৰ কাহিনী । এমং বুঢ়াই মৌজাদাৰক কৈছিল ‘দাৰুমা’ নামৰ চীন দেশৰ ধৰ্মগুৰুৰ কাটি পেলোৱা চকুৰ পতাৰ পৰা সৃষ্টি হোৱা সেউজীয়া লহপহীয়া চাহ গছৰ চীনদেশীয় কাহিনী । এই কাহিনীবোৰ বাগৰে ইজনৰ পৰা সিজনলৈ । লাহে লাহে সেই মানুহবোৰো হৈ পৰে অইন কাৰোবাৰ বাবে কাহিনী । কাহিনীবোৰৰ মাজেৰেই আগুৱাই যায় উপন্যাসৰ কাহিনীভাগ ।

—-উপন্যাসখনৰ নামটো ,“টোকোৰা বাহৰ সোণৰ বেজী”, ইও এটা লোক কাহিনীয়েই । টোকোৰা চৰাইৰ বাহ এটা কুটাবোৰ এটুকুৰাও নিছিগাকৈ খুলিব পাৰিলে তাত তেনেই অকণমানি খালী চকুৰে নেদেখা, হাতৰ তলুৱাত ললে ৰ’দত চিকমিকাই থকা সোণৰ বেজী পোৱা যায় । তেনে সোণৰ বেজী পোৱাটো এটা অসম্ভৱ কথা । কিন্তু তথাপি যেন সবেই নিজৰ হাতৰ তলুৱাত পাব খোজে সেই চিকমিকাই থকা বেজীটো । এয়াই চাগে আশাবাদ । আৰু এই আশবাদেই মানুহক হাতত ধৰি সকলো দুখ কষ্টক অতিক্ৰম কৰি আগুৱাই যোৱাত সহায় কৰে । এই উপন্যাসখনৰ চৰিত্ৰবোৰৰ চালিকা শক্তিও এই আশাবাদেই । সেয়ে চাগে উপন্যাসখনৰ নামো ,“টোকোৰা বাহৰ সোণৰ বেজী” ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!