তোলনি বিয়াখন আৰু কিছু কথা -(উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা)

উনৈশশ চৌৰানব্বৈ/ পঁচানব্বৈ মানৰ কথা হ’ব- ‘আউটলুক’ নে ‘ফ্ৰণ্টলাইন’ আলোচনী খনৰ এটি সংখ্যা কেনেবাকৈ মোৰ হাতত পৰিছিল৷ তেতিয়া সেইখন বৰ ডাঙৰ ডাঙৰ কথা থকা অতি উন্নত মানৰ আলোচনী বুলিয়ে জানিছিলোঁ৷ তাত এটা লিখনি আছিল য’ত অসমৰ তোলনি বিয়াৰ ওপৰত এটা নিবন্ধ আছিল৷ লিখনিটোত অসমৰ তোলনি বিয়া সম্পৰ্কে বিশদ বিৱৰণ আছিল, মোৰ যিমান মনত আছে ‘ এনেকুৱাও হয়’ জাতীয় শিৰোনামা এটা আছিল৷ আৰু প্ৰথমবাৰলৈ মোৰ মনলৈ আহিছিল ‘এনেকুৱা নহয়ো তাৰমানে !’

অসমৰ বাহিৰত থকা সময়ছোৱাত অসমীয়া সমাজৰ ‘ভালবোৰ’ বেছিকৈ দেখিবলৈ লৈছিলোঁ৷ আমাৰ সাম্প্ৰদায়িকতা নাই(!), জাতিভেদ তুলনামূলকভাৱে কম, যৌতুক নাই, লিংগবৈষম্য নাই, ছোৱালী ভ্ৰূণহত্যা নাই ( ‘নাই’ আটাইকেইটাই আছে, কিন্তু সেইবোৰ ঠাইৰ সৈতে তুলনা কৰিলে নাই যেনেই লাগে)৷ অসমখন অনুন্নত, উগ্ৰপন্থীৰে ভৰপূৰ, তহঁতে সাপ -ভেকুলী সৱ খাৱ’- ইত্যাদিবোৰ শুনি প্ৰত্যুত্তৰ দিবলৈ খুব উৎসাহেৰে ওপৰোক্ত আটাইকেইটা পইণ্ট কৈ তৰ্কত জিকি যাওঁ ( লাচিতে মোগলৰ পৰা অসমক আকৌ এবাৰ উদ্ধাৰ কৰা যেন লাগে)৷

পিছে এবাৰ এগৰাকীয়ে ক’ৰ পৰানো গম লৈ আহি সুধি পেলালে নহয় ” আপলোগোকে ৱঁহা এইচা ভী হোতা হেই!” নহয় বুলিনো কেনেকৈ কওঁ৷ কোনোবাই পৰম্পৰা, লোকসংস্কৃতি বুলি তোলনি বিয়াৰ সপক্ষে যুক্তি দৰ্শাব খোজে যদিও মই হ’লে লাজ পাইছিলোঁ ; অসমীয়া হিচাপে থকা অহংকাৰ খিনি ফুটুকাৰ ফেন হৈছিল৷( ডাইনী হত্যাৰ কথাবোৰ তেতিয়া বৰকৈ প্ৰচাৰ হোৱা নাছিল, আমি নিজেও ছেগা-চোৰেকাকৈহে জানিছিলোঁ ।) আমি সৰুৰে পৰাই জানিছিলোঁ তোলনি বিয়াখন ছোৱালী প্ৰথম ৰজস্বলা হ’লে পাতিবই লাগে, এয়া আমাৰ ধাৰ্মিক, সামাজিক কৰ্তব্য! কিন্তু সেই আলোচনীখনৰ লিখনিটোৱে ভবাই তোলে প্ৰায়ে৷ অকলে অসমীয়াবোৰেহে পাতে নেকি? যদি তোলনি বিয়াখন নাপাতিলে আমাৰ অপকাৰ হয়, বাকী নপতাবোৰৰ নহয় নেকি? সেই সময়ত অসমীয়া বাতৰি কাকতত তোলনি বিয়াক প্ৰশ্ন কৰি দুই এটা লেখা পাইছিলোঁ৷ তথাপি ই তেনেই তাকৰ আছিল৷

তোলনি বিয়াৰ সৈতে জড়িত নিয়মবোৰো অদ্ভুত- সূৰ্য্যৰ পোহৰ আৰু পুৰুষৰ পৰা তিনিদিনলৈ আঁতৰাই পঠোৱা হয়৷ সূৰ্য্যৰ পোহৰ নপৰা ঠাইডোখৰ বাৰু অস্বাস্থ্যকৰ নহয়নে? ই শাৰীৰিক ভাৱেই নহয়, মানসিকভাৱেও ক্ষতিকাৰক৷ মোৰ যিমান দূৰ মনত আছে, প্ৰথমদিনা হয়তো যিকোনো গোটা বস্তু খুওৱাৰ পৰা বিৰত ৰাখে৷ সঁচা কথা, – ৰজস্বলা হোৱা অৱস্থাত নাৰী পাচন ক্ৰিয়া দুৰ্বল হয়, কিন্তু একো নুখুৱাকে ৰাখিলে অথবা কেৱল ফল-মূল খুৱালে কি ধৰণৰ উপকাৰ কৰে বাৰু? ইমান খিনি বিজ্ঞান শিক্ষিত মানুহে নজনাটোহে আচৰিত! তথাপি ‘পায়’, ‘নাপায়’ৰ তাড়নাত এইবোৰ চলিয়েই আছে৷ আৰু পুৰুষ নোচোৱাৰ ফলত কি হ’ব বুলি প্ৰশ্ন এটাও উত্থাপন হোৱাটো হাস্যকৰ৷ যদি শাৰীৰিক আকৰ্ষণ হব বুলিয়ে এনে নিয়ম সৃষ্টি হৈছিল, তেন্তে গোটেই জীৱন জুৰি পৰপুৰুষ( পতিৰ বাহিৰে) চাব নোৱাৰাটোৱে আকাংক্ষিত দ্বিতীয় পদক্ষেপ৷

দুদিনমান আগতে সেই দিনকেইটাত ছোৱালীজনী কিয় আছুতীয়াকৈ ৰখা হয়, তাৰ সপক্ষে এনে এটা যুক্তিও পালোঁ যে -সেইকেইদিন নাৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম থাকে, সেয়ে হেনো আছুতীয়াকৈ ৰখা হয় ; মানে বৰমা, আইতা স্থানীয় মানুহবোৰে কোৱাৰ দৰে- ‘ নিজৰ ভালৰ কাৰণেই’৷ এয়া সত্য ; কিন্তু সূৰ্য্যৰ পোহৰ নোপোৱা ঠাইত, সুখাদ্যৰ অভাৱত ছোৱালীজনীৰ প্ৰতিৰক্ষা শক্তিৰ উন্নতি নিশ্চয় নহয়৷ তদুপৰি ‘তাইক নুচুবি’, ‘চুৱা’ , ‘নোৱাৰা ‘ আদি শব্দবোৰে এক মূহুৰ্তৰ বাবে হ’লেও চাগে নিজকে বেয়া পাবলৈ অথবা কিয়নো ছোৱালী হৈ জন্ম পাইছিলোঁ বুলি ভাৱিবলৈ বাধ্য কৰে৷ আৰু এয়া শাৰীৰিক পৰিৱৰ্তনৰ বাবে নহয়; কিন্তু ইয়াৰ সৈতে জড়িত সামাজিক কাৰবাৰবোৰৰ বাবে৷

তাৰপিছত তৃতীয় নে চতুৰ্থ দিনা ৰাইজক মাতি খুওৱাৰ ব্যৱস্থা৷ পুৰণি কালত হেনো কেৱল মহিলাসকলেহে ভাগ লৈছিল৷ পিছে এতিয়া পুৰুষ মহিলা নিৰ্বিশেষে নিমন্ত্ৰণ গ্ৰহণ কৰে৷ সেইদিনাই আকৌ উৰুলি-বাৰুলিৰে এজাক মহিলা নৈ/ পুখুৰী/ দমকল/ কুঁৱা/ মটৰৰ পানী তোলা নিয়ম আৰু সেই পানীৰে ছোৱালীজনীক নোওৱা অথবা গা ধোওৱা হয়৷ ইয়াৰ অৰ্থ, নিজৰ শৰীৰৰ পৰিৱৰ্তন এটাৰ বাবে অশুদ্ধ হোৱা ছোৱালীজনীক শুদ্ধ কৰোৱা হ’ল৷তাৰ পিছতো আকৌ প্ৰথম ৰজস্বলা হোৱা সময়, বাৰ, মাহ, পক্ষ ইত্যাদিক ভিত্তি কৰি একোটা যুগ পৰে; তাৰ ভিত্তিত ছোৱালীজনীয়ে সাতৰ পৰা পঞ্চল্লিশ দিনলৈকে ব্ৰত পালন কৰিবলগীয়া হ’ব পাৰে৷ ব্ৰত শেষ হোৱাৰ দিনাখন আকৌ পুৰোহিতে প্ৰায়শ্চিত্ত কৰোৱায়৷ আমি জনাত পাপ কৰিলেহে প্ৰায়শ্চিত্ত কৰিব লাগে৷ নাৰীৰ এন্দ’মেট্ৰিয়াম লাইনিং ভাঙি উৰ্বৰা হোৱাটো পাপ তেন্তে? আকৌ সেই পাপকে মানুহ-দুনুহ মাতি খুৱাই মেলি উদযাপনো কৰে ! আৰু অতীজতে হয়তো ছোৱালী বিয়াৰ উপযুক্ত হৈছে বুলি ভোজভাত পাতি বিজ্ঞাপন দিছিল, কিন্তু এতিয়াও জানো ইয়াৰ প্ৰয়োজন আছে? বাৰ/তেৰ(গড় বয়স) বছৰত ঋতুমতী হোৱা ছোৱালীজনী অন্ততঃ আইনীভাৱে বিবাহোপযুক্ত নহয়৷
ঋতুমতী হোৱা অথবা ৰজস্বলা হোৱা সম্পৰ্কীয় নিয়ম কানুন সমূহ ভাৰতৰ অইন ঠাইত একেবাৰে নাই বুলি কব নোৱাৰি৷ দক্ষিণ ভাৰতৰ কিছুমান ঠাইত তোলনি বিয়া(তেনে জাতীয়) এতিয়াও প্ৰচলিত৷ কিন্তু চৌৰানব্বৈ/ পঁচানব্বৈ চনত আলোচনীখনত প্ৰকাশিত হোৱা নিবন্ধটিয়ে আৰু অসংখ্য ব্যক্তিগত অভিজ্ঞতাই ইয়াকে সূচায় যে অসমৰ দৰে বহুল প্ৰচাৰ নিশ্চয় অইন ঠাইত নহয়৷ কথাই প্ৰতি অইনক অনুসৰণ কৰা অসমীয়া মানুহ এই ক্ষেত্ৰত কিন্তু বেলেগ; ‘নিজৰ পৰম্পৰা মানিহে এৰিম ধৰণৰ মনোভাৱ’৷ আৰু হাস্যকৰ এয়ে যে তোলনি বিয়াকলৈও আমাৰ মধ্যবিত্ত অসমীয়া প্ৰতিযোগিতাত নামি গৈছে৷আৰু তথাকথিত নিম্নবিত্তৰ মানুহখিনিয়েও নগৰীয়া, মফচলীয়া মধ্যবিত্তীয় মানুহখিনিকে অনুসৰণ কৰে৷সেয়ে এনে এটা পৰম্পৰাৰ বিলুপ্তি ঘটক, চাৰি সুদূৰ (অদূৰ) ভৱিষ্যতে ই অসমীয়া সমাজৰ ব’ব নোৱাৰা social liabilities ৰ অন্তৰ্ভূক্ত হ’ব পাৰে বুলি হোৱা শংকা সুধীজনে মন কৰে যাতে৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
6 years ago

Well written ..

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক