তোৰে মোৰে আলোকৰে যাত্ৰা – অগ্নিভ দত্ত

agniv“দেউতা, এইয়া অবিনাশ দা। মই যে কৈ থাকোঁ আমাৰ কলেজৰ, বিৰাট ভাল গান গাই বুলি!” – জয়ন্ত মাধৱ বৰুৱাৰ জীয়ৰী মেঘনাই কৈ উঠিল। জয়ন্ত মাধৱ বৰুৱা চহৰখনৰ অতি প্ৰভাৱশালী ব্যক্তি। কয়লাৰ বেপাৰৰ পৰা চাহবাগানলৈ সকলো ফালেই তেখেতৰ ব্যৱসায়ে শিপাই আছে।
“অ অ তোমাৰ কথা মেঘনাই কৈয়ে থাকে বুজিছা আৰু তোমালোকৰ সমাজ সেৱাৰ সেই NGO ৰ কথাও শুনি আছোঁ। খুব ভাল কাম কৰি আছা।” – বৰুৱাই জীয়েকৰ কথাৰ লগতেই তাল মিলাই ক’লে।
“নাই নাই খুৰাদেউ, সৰু-সুৰা চেষ্টা কিছুমান এইবোৰ সমাজখনৰ কাৰণে”- অবিনাশে লাহে কৈ ক’লে।
“পিছে অবিনাশ, তোমাৰ ঘৰনো কোন ঠাইতহে?”- বৰুৱাই চাহৰ পিয়লাত চুমুক এটা মাৰি আকৌ মাত দিলে।
“শিৱসাগৰৰ কালুগাঁওত মোৰ ঘৰ খুৰাদেউ” –অবিনাশে এই বুলি কোৱাৰ লগে লগে বৰুৱাৰ মনতো হঠাৎ ত্ৰিশ/ পইত্ৰিছ বছৰৰ আগৰ দিনবোৰলৈ মন উৰা মাৰিলে।
“আই, জয়ন্তও আহিছে। ভাতকেইটা বাঢ়ি দে সোনকালে।” তেনেকৈয়ে হয়তো চিঞৰি উঠিছিল ৰাতুল মানে কালুগাঁৱৰ ৰাতুল চলিহাই।
জয়ন্তই কোঁৱৰপুৰৰ পৰা আহি বৰপাত্ৰ দলত মোমায়েকৰ ঘৰত থাকি বৰপাত্ৰ দল হাইস্কুলত পঢ়িছিল। তেনেকৈয়ে জয়ন্ত আৰু ৰাতুলৰ বন্ধুত্ব গঢ়ি উঠিছিল একেখন স্কুলত একেলগে পঢ়াৰ সূত্ৰে। জয়ন্তৰ স্কুলীয়া জীৱনৰ আধা সময় হয়তো ৰাতুলৰ ঘৰতেই পাৰ হৈছিল।
“জয়ন্ত, এইখিনি গৰৈ মাছৰ পিতিকা তয়ে খা।” –ৰাতুলৰ মাকে জয়ন্তলৈ আগ্ৰহেৰে কিবা অকনমান বেলেগ বস্তু থাকিলেই থৈ দিয়ে।
“অ’ আই, তোৰ পিতেৰ মই নে ই জয়ন্ত, খোৱা খোৱা ইয়াকে খোৱা” বুলি পাকঘৰত পিৰাখন পাৰি বহিলৈ ৰাতুলে হাঁহি হাঁহি মাকক জোকায়।
“অই জয়ন্ত কাইলৈ বৰ পিতায়ে হাঁহ মাৰিব। তই ঘৰত ইয়াতে থাকিম বুলি কৈ আহিবি দেই!” বুলি ৰাতুলৰ মাকে জয়ন্তৰ থালত ভাত বাঢ়ি মাত দিয়ে।
এনেকৈয়ে দিনবোৰ গৈ আছিল সহজ-সৰল সুন্দৰ জীৱন এটা। কিন্তু সময়ৰ লগে লগে সলনি হৈ গ’ল বহুতো। আন্দোলনটোৰ লগে লগে সিহঁতৰ কালুগাঁওখনৰ লগতে ওচৰৰ অঞ্চলবোৰলৈও কিছুমান নতুন নতুন ধাৰণাৰ আগমন ঘটিল। বিশ্ববিদ্যালয়ত পঢ়ি থকা মোহন কাইটিৰ নিচিনা ডেকা সমাজলৈ নতুনত্ব আনিবৰ কাৰণে ঘৰৰ পৰা নোহোৱা হ’ল। মোহন কাইটি কেৱল কালুগাঁৱৰে নহয় সমস্ত অঞ্চলটোৰে কাৰণে আদৰ্শ আছিল।
“অই মোহন কাইটি আৰু লগৰকেইটা মান আহি চেতিয়া গাঁৱত আছেহি বোলে! আৰু আজি ৰাতি ভদ্ৰকাইহঁতৰ ঘৰত কিবা মিটিং পাতিছে। যাবি নেকি?”বুলি ৰাতুলে জয়ন্তক সোধাৰ দিনাৰ পৰাই হয়তো সিহঁতৰ জীৱনে এক বেলেগ গতি ল’লে। কি উদ্দীপ্ত ভাষণ দিছিল মোহন কাইটিৰ লগত অহা হিতেন শৰ্ম্মা নামৰ ল’ৰাজনে সেই ৰাতি। মাটিৰ কথা, সমাজৰ কথা সমাজখনক নতুনকৈ সজোৱাৰ সপোনৰ কথা অনৰ্গল কৈ গৈছিল তেঁও। লগতে নিজে লিখা দুই-এটা কবিতাও আবৃতি কৰি গৈছিল। শিঁহৰিত হৈ উঠিছিল সিহঁতৰ মনবোৰ। নতুন সমাজ এখনৰ সপোনত। ৰাতুল আৰু জয়ন্তই খুব ভাল গান গাইছিল। সেইকাৰণে মোহন কাইটিয়ে সিহঁত দুটাক গান এটা গাবলৈ ক’লে। মিটিঙৰ শেষত দুয়ো জ্যোতি প্ৰসাদৰ ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ গাইছিল। হিতেন শৰ্ম্মা উঠি আহি দুইটাৰে কান্ধত থপৰিয়াই ভাল হোৱা বুলি কৈছিল। দুয়োৰে মন পুলকিত হৈ পৰিছিল সেই দিনা।
“এই তহঁতে এইবোৰ কিহতনো লাগিছ? বৰপিতায়েৰে ভাল পোৱা নাই দেখোন!” বুলি এদিন ৰাতুলৰ মাকে কোৱাত জয়ন্তই বুজাইছিল কেনেকৈ সিহঁতে এখন নতুন সমাজ গঢ়াৰ সপোন দেখিছে যত গাঁৱৰ মানুহে আৰু ধনবৰ কাইটিৰ আধি মাটিত কৰা খেতিৰে পেটৰ ভোক গুচাব নালাগিব। গাঁৱৰ মানুহৰ সৰু বেমাৰ এটা হ’লেই ডাক্টৰ বিচাৰি হাবাথুৰি খাব নেলাগিব, সমাজত কোনো শ্ৰেণী নাথাকিব, বৈজ্ঞানিক সমাজবাদ প্ৰতিষ্ঠা হ’ব। ৰাতুলৰ মাকে কথাবোৰ ভালদৰে নুবুজিলেও আৰ্শীবাদ দিছিল সিহঁতৰ আশাবোৰ পুৰণ হওঁক বুলি।
“আই, তই চিন্তা নকৰিবি আমি সোনকালেই ঘূৰি আহিম।” বুলি কোনোবা এটা ধলপুৱাতে ৰাতুলৰ মাকক সেৱা কৰি সিহঁত নতুন সমাজ গঢ়িবলৈ যাত্ৰা কৰিছিল এক অচিন ঠাইলৈ। সেই যাত্ৰাতে সিহঁতৰ একেলগৰ দিগন্তক আদ বাটতে হেৰুৱাইছিল। মখলঙ বেমাৰত চকুৰ আগতে চটফটাই জীৱন যুদ্ধত হাৰ মনা দিগন্তক হাবিৰ মাজত চিৰকাললৈ শুৱাই দিছিল নিজ হাতেৰেই সিহঁতে। ৰাতুলে গোটেই ৰাতি ফেঁকুৰি ফেঁকুৰি কান্দিছিল সেইদিনা। তথাপি দুচকুৰ তেজাল সপোন শেষ হোৱা নাছিল সিহঁতৰ।
স্বদেশৰ সপোনত এদিন জয়ন্তই নিজ হাতেৰে ধনবৰ কাইটিৰ বুকুত গুজি দিছিল তিনিটাকৈ শীতল বুলেট। লাহে লাহে আকৌ সময়বোৰ সলনি হ’বলৈ ধৰিলে। আপোনজনৰ তেজৰ দাগবোৰ য’তে ত’তে লাগিবলৈ ধৰিলে।এদিন জয়ন্তহঁতক বচাবৰ কাৰণে মোহন কাইটিয়ে শত্ৰুৰ গুলি বুকুত পাতি ল’লে হাঁহি হাঁহি। জয়ন্তই নিজৰ যোগ্যতাৰেই জিলাখনৰ দায়িত্ব লৈ মোহনকাইৰ স্থান ল’বলৈ সাজু হৈ উঠিল। কিন্তু ৰাতুল কেৱল বন্দুকৰ ঝন-ঝননিতে সীমাবদ্ধ নাথাকিল ,বন্দুকতকৈও তেজাল আছিল ৰাতুলৰ কলম।
লাহে লাহে হয়তো সলনি হ’ব ধৰিছিল ৰাতুল আৰু জয়ন্তৰ মনবোৰ আৰু এদিন জয়ন্তই নিজৰ লগতে লগৰ কেইবাজনকো লৈ জীৱন যুঁজত হৰাৰ কথা ঘোষণা কৰি সংগঠনৰ পৰা ওলাই আহিল। জীৱনে অন্য এক গতি লোৱা আৰম্ভ কৰিলে জয়ন্তৰ। ধন-পইচা সোঁ-সোৱাই ব’ব ধৰিলে। এসময়ত গাঁৱৰ পঁজাত এসাজ পালে খাই ৰাতিটো কটোৱা দিনবোৰৰ ঠাই ফাইভ ষ্টাৰ হোটেলৰ কোঠালিয়ে ল’লে। লাহে লাহে তোৰে মোৰে আলোকৰে যাত্ৰাৰ ঠাই দালালৰ লগৰ যাত্ৰাৰে শেষ হোৱা হ’ল। ইমানৰ পাছতো কিন্তু ৰাতুলহঁতৰ ভূতে খেদিয়েই থাকিল।
আবেলিৰ শেৱালি কোমল বতাহজাকেও কেঁচা তেজৰ গোন্ধ কঢ়িয়াই অনা হ’ল। আন্ধাৰত পোহৰ বিচাৰি খেপিয়াই ফুৰোঁতে, কেৱল বুৰ গ’ল ভ্ৰাতৃৰ জবকা জবক তেজত।
এনেতে এদিন ফোনটোত খবৰ আহিল ৰাতুল আহিছে। ৰাতুল আহিছে শয্যাগত মাকক এবাৰ পাৰিলে শেষ দেখা কৰিবলৈ ঘূৰি যোৱাৰ প্ৰতিশ্ৰুতিৰে। কিন্তু মাকৰ মুখ দেখাৰ আগতেই জাঁজীমুখত নিশাটো কটোৱা অৱস্থাতেই ৰাং কুকুৰে ধৰাৰ দৰেই জপটিয়াই ধৰিলেগৈ জয়ন্তৰ বাহিনীয়ে ৰাতুলক। পত্নী আৰু তিনিমহীয়া সন্তানৰ বুকুৰ পৰা চোঁচৰাই আনিলে গোটেই দেশখনকেই ঘৰ কৰি লোৱা ৰাতুলক। ইমানেই ভয় সুদা হাতেৰে অহা ৰাতুলহঁতলৈ মুখ ঢাকি অহা জয়ন্তহঁতৰ।
“অই চাল্লা, কি কৰিব আহিছিলি ইয়ালৈ?” –জয়ন্তই ক’লা কাপোৰেৰে ঢকা মুখৰ মাজেদি ভগ্ন দেহৰ ৰাতুলক উদেশ্য কৰি বন্দুকটো টোৱাই চিঞৰি উঠিল।
জয়ন্তই মন কৰিলে ৰাতুলৰ ভগ্ন দেহাটোলৈ, তথাপিও যেন মুখখনত এতিয়াও জিলিকি আছে সেই একেই উজ্জ্বলতা একেই দৃঢ়তা; সেই তোৰে মোৰে আলোকৰে যাত্ৰা গোৱাৰ সময়ৰ দৰেই।
আন্ধাৰ ৰাতিটো যেন ৰাতুলৰ নিৰৱতাই আৰু গভীৰ কৰি পেলাইছে।
“এতিয়াও তই যদি ইচ্ছা কৰ চাৰেণ্ডাৰ কৰি আৰামত জীৱন কটাব পাৰ, বুজিছ?” –জয়ন্তই মাত দিলে যদিও মন কৰিলে যাতে ৰাতুলে মাতটো ধৰিব নোৱাৰে তাৰ।
হঠাৎ ৰাতুলৰ মুখখন আৰু উজ্জ্বলি উঠিল –তহঁতৰদৰে কাপুৰুষৰ দৰে মুখত কাপোৰ বন্ধা জীৱনতকৈ ছহিদৰ জীৱনেই ভাল বুজিছ? লাগিলে অকলেই উৰাম মোৰ তেজৰ পতকা কিন্তু তহঁতৰ এই জীৱন ধিক।
ধাই ধাই ধাই কেৱল তিনিটা শব্দ।তাৰ পাছত পৰি ৰ’ল মাথোঁ ৰাতুলৰ নিথৰ দেহাটো।
“এহ: কালু গাঁৱৰ কাৰ ল’ৰাহে তুমি? হঠাৎ সম্বিত ঘূৰাই পোৱাৰ দৰে কৰি বৰুৱাই অবিনাশক সুধিলে।
“ছহিদ ৰাতুল চলিহাৰ ল’ৰা, খুৰাদেউ।”
উহ: একেই দৃঢ়তা একেই উজ্জল মুখখন। মুখৰ ভিতৰতে বিৰবিৰাই উঠিল বৰুৱাই। বৰুৱাৰ বুকুখনত হঠাৎ কিবা এটাই যেন হেচুকি ধৰাৰ দৰে লাগিল, মূৰটোও চোন আচন্দ্ৰাই কৰিছে! কাণত যেন বাজি উঠিছে-‘তোৰে মোৰে আলোকৰে যাত্ৰা’।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মুখলিছুৰ ৰহমান
6 years ago

এটা মনোগ্ৰাহী সংখ্যা ৷