টিভি: দিগন্ত চহৰিয়া

দেউতাই টিভি আনিব গৈছে৷ আমাৰ গাত তৎ নাই৷ দেউতাক টিভি লৈ আহি থকা দেখো নেকি বুলি পাকে পাকে ৰাস্তাৰ কাষলৈ দৌৰো৷ অকল ময়েই নহয়, আমাৰ চুবুৰীৰ প্ৰতিগৰাকী লৰা ছোৱালীৰ গাত তৎ নাই৷

অৱশেষত দেউতাই ৰিস্কাত উঠি ব্লেক এণ্ড হোৱাইট টিভি লৈ অহাৰ পিছতহে আমাৰ মুখলৈ পানী আহিল৷ আমাক আৰু কোনে পায়। মহাভাৰত, চিত্ৰহাৰ, চন্দ্ৰকান্তা, জাংগল বুক আৰু শনিবাৰে দেওবাৰে চিনেমাৰ আমেজত বুৰ গলো৷ এয়া 1992 মানৰ কথা৷

ইয়াৰ চাৰি বছৰ মান আগৰ কথা৷ এদিন খাল সিচি আছিলো৷ লগত মোৰ মাজু দাদা আৰু প্ৰমোদ নামৰ লৰা এজন৷ খাল সিচি থকাৰ সময়তে এজনে কলে ৰামায়ণ চাব নোযোৱা নেকি৷ প্ৰথমতে একো আওভাও পোৱা নাছিলো৷ পিছত কিবা টিভিৰ কথা কোৱাত আমাৰ ওচৰৰে দুই নম্বৰ বেজপাৰাৰ ৰূপ মাষ্টৰৰ ঘৰত ৰামায়ণ চাবলৈ দৌৰি গলো৷ খাল আধা সিচা কৰি যে ৰামায়ণ চাব গলো তাৰ পাছত টিভি নোচোৱাকৈ থাকিব নোৱাৰিলো৷ লাহে লাহে দেওবাৰে ঘৰত নাথাকা হলো৷ পুৱাই ভাত খাই ওলাই গৈ টিভিৰ সন্মুখত বহো৷ ছিগমা, ছুপাৰ ছিক্স, হিমেনৰ প্ৰেমত পৰিলো৷

আমাৰ চুবুৰীত কাৰেণ্ট নাছিল৷ মানে সেইসময়ত আমাৰ চুবুৰীলৈ লাইটৰ তাঁৰ যোৱা নাছিল৷ কিন্তুু আমাৰ চুবুৰীৰ এঘৰ মানুহে টিভি এটা আনিলে৷ বেটেৰীৰে চলায়৷ গতিকে বেলেগ গাঁৱত টিভি চাবলৈ যাব বাদ দিলো৷ দেওবাৰে যিহেতু ৰামায়ণ, সেয়ে শুকুৰবাৰে দিনটো বেটেৰী চাৰ্জ দিয়া হয়৷ চাৰ্জ দিয়া বেটেৰী অনাৰ সময়ত যি উথপথপ৷ ঠেলাৰে বেটেৰী লৈ অহাৰ সময়ত এটা সমদল হয়৷ সেই সময়ত আমি খাৱন শোৱন সকলো পাহৰা যাও৷ এদিনৰ কথা৷ মাজতে টিভিটো বেয়া হৈছিল৷ আমাৰ দুখৰ সীমা নাই৷ অধৈৰ্য হৈ পৰিছিলো৷ বেলেগৰ কথা নাজানো৷ মই টিভিৰ নামত পাগল আছিলো৷ সেয়ে টিভিটো ভাল কৰি অনা বুলি শুনা পাই কৃষ্ণ পক্ষৰ ঘোপ মৰা ৰাতি চিত্ৰহাৰ চাবলৈ দৌৰি গৈছিলো৷ টিভি চাবৰ বাবে এদিন মই ভাতেই খোৱা নাছিলো৷ এটা সময়ত চুবাৰ মানুহ ঘৰত টিভি চাব গলে তেওঁলোকে বেছি কৰা যেন অনুভৱ হল৷ সেয়ে ক্ষোভতে আকৌ বেলেগ গাৱত টিভি চাবলৈ যোৱা কৰিলো৷ সেয়ে 1992 ৰ কোনোবা এটা দিনত দেউতাই ব্লেক এণ্ড হোৱাইট টিভিটো আনিছিল৷ সেইদিনা আমি টিভিটো অনাৰ আনন্দত কি যে কৰা নাছিলো৷

এইখিনি কথা মনত পৰিল দূৰদৰ্শন এক যন্ত্ৰ নামৰ চিনেমাখন চোৱাৰ পিছত৷ হিমাংশু প্ৰসাদ দাসৰ নাটকৰ আধাৰত ৰাজেশ ভূঞাই পৰিচালনা কৰা চিনেমাখনত টিভি অনাৰ পিছত শান্তিপুৰ নামৰ গাওঁ এখনত সৃষ্টি হোৱা অনাকাংক্ষিত ঘটনাৰাজি দেখুওৱা হৈছে৷ আশীৰ দশকত টেলিভিছনে অসমৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত এক পৰিবৰ্তন কঢ়িয়াই আনিছিল৷ টেলিভিছনৰ অপব্যৱহাৰে সমাজত নেতিবাচক প্ৰভাৱ পেলাইছিল৷ দূৰদৰ্শন এক যন্ত্ৰ নামৰ চিনেমাখনত ইয়াৰ সুন্দৰ প্ৰতিফলন ঘটিছে৷ টেলিভিছন বেয়া নহয়৷ কিন্তুু ভাল ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে শান্তিপুৰ গাওঁখনত যথেষ্ট অশান্তিৰ সৃষ্টি হয়৷ এনে এক সুন্দৰ আৰু বলিষ্ঠ কাহিনী থকা স্বত্বেও চিনেমাখনৰ প্ৰধান drawback হৈছে নাটকীয় অভিনয়৷ অতিনাটকীয় অভিনয় আৰু অতিৰঞ্জনে চিনেমাখনৰ সৌন্দৰ্য হানি কৰিছে৷ অৱশ্যে সামগ্ৰিকভাৱে দূৰদৰ্শন এক যন্ত্ৰ চাবলগীয়া চিনেমা৷ অসমীয়া চিনেমা হিচাপে এইখন এখন ভাল চিনেমা৷ বিশেষকৈ কাহিনীৰ দিশৰ পৰা শক্তিশালী চিনেমা৷ টেলিভিছন নামৰ বাংলাদেশী চিনেমা এখনে দেশ বিদেশত সমাদৰ লাভ কৰিছে৷ অৱশ্যে দূৰদৰ্শন এক যন্ত্ৰ চিনেমাৰ কাহিনী টেলিভিছনত কৈ সম্পূৰ্ণ পৃথক৷

দূৰদৰ্শন এক যন্ত্ৰ নামৰ চিনেমাখন আমাৰ চামৰ দৰ্শকৰ বাবে নষ্টালজিয়া কঢ়িয়াই আনিব৷ শনিবাৰে সন্ধিয়া চিনেমা চাবৰ বাবে সকলো কাম পেলাই তৰা নৰা ছিঙি দৌৰি যোৱা, দেওবাৰে দিনটো ভোক পাহৰি টিভিৰ সন্মুখত বহি থকা আদি সোণোৱালী স্মৃতি সজীৱ হৈ পৰিব দূৰদৰ্শন এক যন্ত্ৰ চায়।

দিগন্ত চহৰিয়া

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments