ঊনসত্তৰ-নৱম খণ্ড — নাৰীমুক্তি (মৃদুল কুমাৰ শৰ্মা)

শৰ্মা: হেৰা ডাৰ্লিং৷ এনেকৈ জুপুকা মাৰি আছা যে? মূৰ বিষাইছে নেকি? অলপ ভিক্স লগাই পিটিকি দিওঁ?

শৰ্মানী: মূৰ নহয়হে, ভৰি দুখনহে বৰ বিষাইছে৷

শৰ্মা: হেৰা, অলপ সৰু সৰুকৈ কোৱাচোন৷ বেৰৰো কাণ থাকে নহয়৷

শৰ্মানী: আচলতে আজি আমাৰ গান্ধীকলনি মহিলা সমিতিৰ কামত বহুত খোজকঢ়া হ’ল৷ আম্ চ’ টায়াৰ্ড৷

শৰ্মা: ঔকেই৷ কিবা পাতিছে নেকি তোমাৰ কিটিপাৰ্টিয়ে?

শৰ্মানী: ধেই, তুমি কিযে কিটিপাৰ্টি কিটিপাৰ্টি কৰি থাকা৷ আমি কিমান ডাঙৰ কাম হাতত লৈছো এইবাৰ৷ আমি আন্দোলন কৰিম এইবাৰ বুজিছা৷

শৰ্মা: কিহৰ আন্দোলননো সোণজনী? বিদেশী খেদিবা নে নদীবান্ধ বন্ধ কৰিবা? খিক্ খিক্৷

শৰ্মানী: নহয়হে৷ বিদেশী আছুৱে খেদিয়েই আছে, নিখিলেও নদীবান্ধৰ পিছত লাগিয়েই আছে৷ আমি নাৰীমুক্তি আন্দোলন কৰিম৷

শৰ্মা: উৱা, তোমাক আকৌ কিহৰ মুক্তিডাল লাগে? যেতিয়াই খুচি শ্বপিং কৰা, যেতিয়াই মৰ্জি কিটিপাৰ্টি কৰা! মইনো কেতিয়া বাধা দিছোঁ বেবী, তোমাক যে আজি মুক্তি লগা হ’ল৷

শৰ্মানী: সোণটো, সেইখিনি ঠিকেই আছে কিন্তু তুমি কথাটো ব্ৰডাৰ হৰাইজনত চিন্তা কৰা নাই৷ আমি পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাটোৰ বিৰুদ্ধেহে আন্দোলন কৰিম৷ যিয়ে যুগে যুগে নাৰীক অপমান কৰি আহিছে৷

শৰ্মা: পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা! হুহ্, সেইটো কি বস্তুনো অলপ বুজাই দিয়াচোন৷ ৰ’বা, আগতে পেগ এটা বাকি লৈ আনো৷

শৰ্মানী: ফ্ৰিজত বীয়েৰ আছে৷ একেলগে মোৰ কাৰণেও এগিলাচ বাকি আনিবা৷ মই উঠি নাযাও আৰু৷

শৰ্মা: হৌৰা, লোৱা তোমাৰ বীয়েৰ৷ লাহে লাহে খাবা, অলপো পানী মিক্স কৰা নাই৷

শৰ্মানী: ঠাট্টা নকৰিবা৷ মোক বৰানী পাইছা নেকি যে এটা ব্ৰীয়েৰ খায়েই চেল্ খাই পৰিম৷ আচ্ছা শুনা এতিয়া৷ এটা উদাহৰণ দিছোঁ৷ ৰামায়ণত সীতা মাইনাই কিমান চান্স পায়ো ৰাৱণৰ লগত ফ্লাৰ্ট নকৰিলে আৰু সেই সীতাকে তোমালোকে বনবাস দিলা৷

শৰ্মা: তুমি খালী চব কথাতে মোকেই দোষ দি থাকা৷ কোৱাচোন মইনো কেতিয়া সীতাক বনবাস দিলো৷ ধেই কিবা!

শৰ্মানী: বনবাস তুমি দিয়া নাই, দিছিল ৰামে৷ হি ওৱাজ চ’ ক্ৰুৱেল৷ কিন্তু তেওঁ তোমালোকৰ পুৰুষতান্ত্ৰিক সমাজখনৰ এজন প্ৰতিনিধিহে৷ সেইকাৰণে তোমালোক বুলি কৈছিলোঁ৷ এতিয়া শুনা৷ আমাৰ আন্দোলন কেইবাটাও ফেজত হ’ব৷ এইবাৰ চবকে হিলাই দিম৷ অলৰেডি ফেচবুক পেইজ, টুইটাৰ একাউণ্ট চব খোলা হৈ গৈছে৷ ফিউজ লাইভেও এক্সক্লুচিভ কাভাৰেজ দিম বুলি কৈছে৷

শৰ্মা: বাৰু বাৰু, কোৱাচোন শুনো তোমালোকৰ ফাৰ্ষ্ট ফেজত কি আছে৷ অনশন কৰিবা নেকি?

শৰ্মানী: অনশন নকৰো দেই৷

শৰ্মা: হেঃ হেঃ, কিয়? অনশন কৰাৰ দম নাই নেকি? এইখিনি কষ্ট নকৰিলে তোমালোকে চ’ কল্ড মুক্তি কেনেকৈ পাবা?

শৰ্মানী: বাজে কথা নকবা৷ অনশন ইজ টুউউ কমন৷ আজিকালি টম, ডিক এণ্ড হেৰী চবেই অনশন কৰে৷ পুৱা পেট ভৰাই ভাত খাই গ’লে আঠঘণ্টা নোখোৱাকৈ চবেই থাকিব পাৰে৷ এনেয়ো আমি ডায়েটত থাকিলে তেনেকুৱা কৰোৱেই৷ বুজিছা, আমি অলপ আনকমন মেথড হাতত লৈছো৷ অলপ হাট্‌কে নহ’লে আজিকালি পাব্লিচিটি পাবলৈ দিগদাৰ৷

শৰ্মা: বুজলাম৷ বাৰু কোৱাচোন কি এনে হেৰি হাতত লৈছা৷

শৰ্মানী: প্ৰথমে আমি অহা পৰহি গান্ধীকলনিৰ সকলোৰে ঘৰৰ বাৰীত থকা লাওগছবোৰ কাটি খাস্তাং কৰিম৷

শৰ্মা: হেৰা, নাৰীমু্ক্তি আন্দোলনৰ লগতনো লাওৰ কি সম্বন্ধহে?

শৰ্মানী: কিয় তোমালোকেই জানো “লাও যিমান ডাঙৰ নহ’লেও সদায় পাতৰ তল” বুলি কৈ নাৰীক দুৰ্বল বুলি নুবুজোৱা? আমি সেইকাৰণেই লাওগছবোৰ কাটিম আগতে৷

শৰ্মা: কিন্তু সেইটো এটা ’মেটাফ’ৰ’হে৷ চিম্বলিক৷ সেইবুলিয়ে লাওগছবোৰ কাটিবানে? সোণজনী, প্লিজ কৈছো! বেলেগৰ ঘৰত যি কৰা কৰি থাকা, কিন্তু আমাৰ বাৰীৰ লাওজোপা কাটিবলৈ নিদিওঁ দেই৷ তুমিতো জানাই মই ৰঙালাও খাই কিমান ভাল পাওঁ৷ ডাৰৰৰৰৰলিং! মোৰ মইনাজনী! প্লিইইইইইজ!!!!

শৰ্মানী: চিন্তা নকৰিবা৷ মই তোমাক বজাৰৰ পৰা লাও আনি খুৱাম৷ কিন্তু এই মেটাফ’ৰটো ডেষ্ট্ৰয় কৰিবলৈ লাওগছবোৰ কাটিবই লাগিব৷ অৱশ্যে আমাৰ ঘৰৰজোপা শইকীয়ানীয়ে কাটিব, মই নাকাটো৷
আৰু এগিলাচ বীয়েৰ দিয়ানা৷ তাৰপিছত মই তোমাক নেক্সট ফেজৰ কথা কৈ আছো৷

শৰ্মা: হো, এয়া লোৱা আৰু কোৱা৷

শৰ্মানী: থেংকু, থেংকু! নেক্সট ফেজত আমি অসমৰ স্বাস্থ্যমন্ত্ৰীক এখন গোহাৰি দিম৷ “মাইকী এনোফিলিছ মহে কামুৰিলে মেলেৰিয়া হয়” কথাষাৰ এণ্টি মেলেৰিয়া কেম্পেইনৰ পৰা উঠাই দিব লাগে৷ মাইকী শব্দটো গুচাই কেৱল মহ শব্দটো ৰাখিলেই হয়৷

শৰ্মা: কেলেই, মতা মহে কামুৰিলেও হয় নেকি মেলেৰিয়া?

শৰ্মানী: নহয়হে, মাইকী শব্দটো ব্যৱহাৰ কৰি প্ৰকাৰান্তৰে নাৰীসমাজকে ভেঙুচালি কৰা হোৱা নাইনে?

শৰ্মা: হে হৰি! তাৰ পিছত?

শৰ্মানী: তাৰ পিছত কি কৰিম আমাৰ পৰৱৰ্তী মিটিংত ঠিক কৰিম৷

শৰ্মা: হেৰা তোমালোকে এইধৰণেৰে আন্দোলন কৰিলে মুঠেই সুফল নোপোৱা৷ মই দুটামান চাজেষ্ট কৰোনে?

শৰ্মানী: অ’, কোৱাচোন কোৱা৷ কলিতানীহঁতক ক’ব পাৰিম৷

শৰ্মা: তোমালোকে ’গান্ধীকলনি পুছী ৰায়’ট’ নামৰ বেণ্ড এটা খোলা৷

শৰ্মানী: ধেই, আমাক বেণ্ডপাৰ্টিহে খুলিবলৈ ক’লানে? ইমান ঠাট্টা?

শৰ্মা: হেৰা, তোমালোকে কিটিপাৰ্টিবোৰত এনেয়েহে কথাৰ মহলা মাৰি থাকা৷ অলপ দুনিয়াৰ খবৰ ৰাখিবাচোন৷ তিনিবছৰ আগতে ৰাছিয়াত এই পুছী ৰায়’ট বেণ্ডেই পুটিনৰ বেণ্ড বজাই দিছিল৷

শৰ্মানী: আই ছী!

শৰ্মা: ইমানেই নহয়৷ তিনিবছৰ আগতে কানাডাত ’শ্লাট ৱাক’ প্ৰটেষ্টে কিমান পাব্লিচিটি পাইছিল জানা?

শৰ্মানী: নাজানো নহয়৷

শৰ্মা: ’টপলেছ-বটমলেছ’ নামৰ মুভমেণ্টটো বিছ বছৰ মানেই পুৰণি হ’ল৷ এইবোৰৰ নামেই শুনা নাই চাগে৷

শৰ্মানী: হে ৰাম! বিদেশত নাৰীমুক্তি আন্দোলনবোৰ বহুত আগবাঢ়ি গ’ল দেখোন৷ আমিহে অসমত ’তেল নাপে ভখ্ৰি থাক্লু’!

শৰ্মা: ৰামৰ নাম কিয় ল’লা? চাবা তোমাকো বনবাস দি থৈ আহিব৷ অলপ পঢ়াশুনাও কৰিবাচোন তোমালোকে, কিটিপাৰ্টিত গৈ কেৱল পি.এন.পি.চি. কৰি থাকিলেই নহয়৷

শৰ্মানী: মই কাইলৈকে আমাৰ সমিতিৰ মিটিংত কথা কেইটা উলিয়াম৷ এই পাশুপাত অস্ত্ৰকেইটা দিলে এইবাৰ মোকেই যে সমিতিৰ প্ৰেছিডেণ্ট পাতিব ডেট্চ ফৰ চিউৰ৷ অহামাহত আমাৰ ইয়ালৈ তচমিল্লা বাইদেউ অহাৰ কথা আছে৷ ভাবিছোঁ তেওঁ অহাৰ দিনাই আমি টপলেছ হৈ শ্লাট ৱাক এটা কৰি দিও নেকি?

শৰ্মা: পাৰিবা পাৰিবা৷ কিয় নোৱাৰিবা? পিছে তচমিল্লা বাইদেউ অহাৰ দিনা চাগে আমি গান্ধীকলনিৰ পুৰুষসকলে তোমালোকৰ ভৰি পথানৰ ফালে শুব লাগিব৷ হয়নে? আফটাৰ অল বাইদেউকতো সন্মান দিবই লাগিব৷

শৰ্মানী: ধেইৎ, কি যে কোৱা! তেওঁৰ চব কথা আমি নামানো নহয়৷ তেওঁৰ কথা শুনি আমাৰ সংস্কাৰখিনি একেবাৰে এৰি দিব নোৱাৰোঁ নহয়৷

শৰ্মা: উহঃ ৰক্ষা৷ পিছে কথা এটা ভাবিছো, তুমি প্ৰেছিডেণ্ট হ’লেতো বিজি হৈ যাবা আৰু ভাত ৰন্ধা দ্বায়িত্ব মোৰ ওপৰতেই পৰিব৷ গতিকে কাম কৰা ছোৱালী এজনীকেই বিচাৰো নেকি?

শৰ্মানী: খবৰদাৰ৷ মোৰ কিট্চেনত মই কাকো সোমাবলৈ নিদিওঁ দেই৷ মোৰ নিচিনাকৈ বেলেগে জানো ৰান্ধি খুৱাব পাৰিব?

শৰ্মা: আলবৎ নোৱাৰে তোমাৰ দৰে ৰান্ধিবলৈ৷ আৰু তোমাৰ সমান ৰেচিপি কেইজনীয়ে জানেহে?

শৰ্মানী: থেংকু, থেংকু! এটা কথা দেই৷ আন্দোলন আমি ঘৰৰ বাহিৰতহে কৰিম৷ ঘৰত কিন্তু সমিলমিলেৰেই চলিম৷

শৰ্মা: এয়াহে কথা৷ মৰমেই লাগি গ’ল তোমাক৷

শৰ্মানী: উমমম…. লাইটটো নুমুৱাই দিয়ানা৷ ইমান চকুত ধৰিছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments