বিশিষ্ট ভাষাবিদ, ভাষাবিজ্ঞানৰ অধ্যাপক, গৱেষক ড° উপেন ৰাভা হাকাচাম চাৰৰ সৈতে সাক্ষাৎকাৰ

সাহিত্য ডট অৰ্গৰ ’লোকভাষা বিশেষ’ সংখ্যাৰ বাবে এই সম্পৰ্কে দুআষাৰ জানিবলৈ আমি কাষ চাপিছিলো বিশিষ্ট ভাষাবিদ, ভাষাবিজ্ঞানৰ অধ্যাপক, গৱেষক ড° উপেন ৰাভা হাকাচাম চাৰৰ৷ ৮ জানুৱাৰী, ১৯৬৩ চনত গোৱালপাৰাত জন্ম গ্ৰহণ কৰা হাকাচাম ডাঙৰীয়া বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত শিক্ষকতাত ব্ৰতী৷

ছাত্ৰ জীৱনৰ পৰাই হাকাচাম ডাঙৰীয়াই লিখা মেলা কৰি আহিছে৷ লোকভাষা সম্পৰ্কীয় বিভিন্ন প্ৰৱন্ধ, আলোচনা, চেমিনাৰ আদিত হাকাচাম চাৰৰ প্ৰচেষ্টা শলাগ ল’বলগীয়া৷ প্ৰচাৰবিমুখ চাৰৰ বিভিন্ন লেখা মেলাই লোকজীৱনৰ বিভিন্ন স্তৰত লোকভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এক শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে৷

আগতে কৈ থোৱা সময় অনুসৰি আমি উপস্থিত হৈছিলো বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগস্থিত চাৰৰ কক্ষত৷ যথেষ্ট ব্যস্ততাৰ মাজতো, অধ্যাপনাৰ ব্যস্ত সময় সূচীৰ মাজেৰেই তেখেতে এঘণ্টাৰো অধিক সময় আমাৰ লগত লোকভাষা সম্পৰ্কে কথা পাতে৷ সেই কথোপকথনৰেই সম্পাদিত ৰূপ তলত দাঙি ধৰা হ’ল৷
আহকচোন, হাকাচাম চাৰৰ চকুৰে লোকভাষাৰ মনোমোহা জগতখনত এভূমুকি মাৰোঁ৷

সাহিত্য ডট্ অৰ্গ:
প্ৰথমে আপোনাৰ পৰাই আপোনাৰ বিষয়ে কিছু কথা জানিব বিচাৰিম৷ লোকভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত ভাষাবিদসকলৰ বুজন অংশ উদাসীন৷ আপুনি কেনেকৈ এই বিষয়টোৰ প্ৰতি আগ্ৰহী হ’ল?

উপেন্দ্ৰ ৰাভা হাকাচাম: আমি ভাষাবিজ্ঞানৰ ছাত্ৰ৷ লগতে আমি অসমীয়া বিভাগৰ বুৰজ্ঞী পঢ়িছিলো৷ পাঠ্যপুথিৰ পঢ়া শুনাৰ লগে লগে বিশেষ কিছুমান বিষয়ত বেছিকৈ ৰাপ বহিছিল৷ মোৰ বাবে লোকভাষা এনে এক প্ৰিয় বিষয় আছিল৷ ভাষাবিজ্ঞানৰ লোকভাষা পৰিষদটো অলপ বিশ্লেষণ কৰিব হ’লে বা ছাত্ৰ ছাত্ৰীক এই সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ দিব যাওঁতে লোকভাষাৰ এটাৰ পৰা আন এটাৰ সমল আহি পৰে৷ আৰু এনেকুৱা অনুভৱ হয় যে, মান্য ৰূপত যিটো ভুল বুলি ধৰা হয়; মানুহ এজনৰ লগত কিন্তু কথা পাতোতে লোকভাষাৰ ৰূপটো ক’লেহে বেছিকৈ স্পষ্ট হয়৷ বা গীত মাততো লোকভাষাৰ সমল ব্যৱহাৰ কৰিলেহে শুনিবলৈ বেছি শুৱনি হয়৷ গতিকেই আমি অধ্যয়নৰ তাড়নাতেই হওক বা ব্যক্তিগত কৌতূহলপূৰ্ণ কাৰণতেই হওক, এই বিষয়টোৰ প্ৰতি এটা ’টান’ অনুভৱ কৰিছিলো আৰু ইয়েই আমাক লোকভাষাৰ জগতখনলৈ আকৃষ্ট কৰিলে৷

সাহিত্যঃ ছাৰ, লোকভাষা সম্পৰ্কে সাধাৰণ মানুহৰ ধাৰণা বৰ এটা পৰিষ্কাৰ নহয়৷ পোনপ্ৰথমেই আপোনাৰ পৰা এই বিষয়ে সম্যক ধাৰণা এটা ল’ব বিচাৰিম৷

উপেন্দ্ৰ ৰাভা হাকাচামঃ সাধাৰণ মানুহ বুলি নহয় আচলতে বহুত পণ্ডিত বা বিদ্বান লোকৰো লোকভাষাৰ ধাৰণা পৰিষ্কাৰ নহয়৷ লোকভাষা, লোকসংস্কৃতি অধ্যয়নৰ এটা বিষয়, ইংৰাজীত ই folk speech৷ কিন্তু ভাষাবিজ্ঞানত (linguistic) লোকভাষাটোক বেছি গুৰুত্ব দিয়া নহয়, তাৰ পৰিৱৰ্তে সমাজ ভাষা বিজ্ঞান (social) বা উপভাষা (dialectic)ক গুৰুত্ব দিয়া দেখা যায়৷ কিন্তু অনান্য দিশত; যেনেকৈ গীতৰ এটা দিশ লোকগীত, সাহিত্যৰ এটা ৰূপ লোকসাহিত্য, নৃত্যৰ এটা দিশ লোকনৃত্য, তেনেকৈ ভাষাৰ এটা ৰূপ লোকভাষা৷ তেনেকৈ ধাৰণা কৰি লৈয়ে লোকভাষাৰ উদ্ধৃতি দি আহিছো৷ আচলতে লোকভাষাটো কোনো পূৰ্ণ পৰ্য্যায়ৰ ভাষা নহয়৷ লোকভাষা আচলতে মান্য ভাষাই হওক বা উপভাষাই হওক, মানুহৰ মুখে মুখে বাগৰি লোকজীৱনত প্ৰয়োগ কৰা; গাৱঁলীয়া বা নগৰীয়াই হওক, ডেকাই হওক বুঢ়াই হওক, ক’ব নোৱাৰৈকে হেৰাই যোৱা বা লিখিত ৰূপত অভিধানত নোহোৱা কিছু দৈনন্দিন জীৱনৰ সমলেই হ’ল লোকভাষা৷ বহুতে ভাবি লয়, লোকভাষাই কথিত ভাষা৷ সেইটো নহয়, লোকভাষা আৰু উপভাষাৰ মাজত পাৰ্থক্য আছে৷ মান্যভাষাৰো যেনেকৈ লোকভাষা থাকিব পাৰে, উপভাষাৰো তেনেকৈ থাকিব পাৰে লোকভাষা৷ ই যেন ভাষাৰ টুকুৰা টুকুৰ এটা সমল৷
লোকভাষাটো মান্য ভাষা আৰু উপভাষাৰ ’’ক’ম’ন ইলিমেণ্ট“ এটা হ’ব পাৰে৷ সাধাৰণতে মুখে মুখে চলি অহা গীত-মাত, সাধুকথা আদিত লোকভাষাৰ প্ৰয়োগ বেছিকৈ দেখা যায়৷

সাহিত্য ডট্ অৰ্গ: মান্যভাষাৰ তুলনাত লোকভাষা আৰু উপভাষাৰ লগতে পুৰণি বজ্ৰাৱলী ভাষাটোক বহু ক্ষেত্ৰত কৃত্ৰিম আখ্যা দিয়া হয়৷ এই বিষয়ত আপোনাৰ মত আমি জানিবলৈ বিছাৰিম৷

উপেন্দ্ৰ ৰাভা হাকাচাম: আচলতে কোনো মানুহে মান্যভাষাটো দৈনন্দিক জীৱনত নকয়৷ উপভাষাহে কয়৷ উপভাষা সমূহৰে কোনো কোনোটোৱে ৰাজনৈতিক কাৰনতে হওক বা সামাজিক কাৰনতে হওক, মান্যভাষালৈ স্বীকৃত হয়৷ যেনেকৈ অৰুণোদয় কালত শিৱসাগৰৰ উপভাষাটো অসমীয়া মান্যভাষালৈ উন্নীত হ’ল৷ অথচ প্ৰাক শংকৰী বা গুৰু চৰিত আদি পুথিত কামৰূপ বা দৰঙীয়া অঞ্চলৰ ভাষাটোৱেহে প্ৰাধান্য পাইছে৷ কিন্তু ভাষাবিদসকলৰ বহুতে এই ভাষাটোক কৃত্ৰিম বুলি কৈছে৷ অলপতে ধুবুৰীত অনুষ্ঠিত এখন সভাত ছাত্ৰ ছাত্ৰী সকলে আমাক এই প্ৰশ্নটো কৰিছিল যে এই ভাষাটো কেনেকৈ কৃত্ৰিম হ’ল৷ প্ৰাচীন ৰাজবংশী বা গোৱালপাৰীয়া যিটো দেশী ভাষা সেই ভাষাটোৰ লগত সেই তেতিয়াৰ ব্ৰজাৱলী ভাষাটোৰ মিল আছে৷ গতিকে এই মিল থকা ভাষাটো কেনেকৈ কৃত্ৰিম হ’ব পাৰে? শংকৰদেৱে গোটেই প্ৰাচীন কামৰূপ বা মিথিলা ধাম বা ব্ৰজ ধাম, উৰিষ্যা আৰু বংগ– এই গোটেইবোৰকে মিলাই এটা ভাষা সৃষ্টি কৰি লৈছিল আৰু সেই ভাষাটোৱে ব্ৰজাৱলী৷ কিন্তু এতিয়া ৰাজবংশী বা নামনিৰ ভাষাৰ আলমত আমি যিটো কথা কওঁ, সেই অঞ্চলৰ ভাষাটোক হয়তো তেখেতে কিছু মাৰ্জিত কৰি লৈছিল৷ আৰু এই মাৰ্জিত কৰি লোৱা ভাষাটো সম্পূৰ্নৰূপে কৃত্ৰিম ভাষা কেতিয়াও হ’ব নোৱাৰে৷

সাহিত্য ডট্ অৰ্গ: আপুনি উল্লেখ কৰা ধৰণে বা ইতিহাস খুঁচৰি চালে দেখা যায় প্ৰাক শংকৰী যুগত লোকভাষাৰ প্ৰভাৱ স্পষ্ট৷ বৰ্তমানৰ মান্যভাষাই কি প্ৰক্ৰিয়াৰে সেই স্থান ল’লে অলপ জনাব নেকি?

উপেন্দ্ৰ ৰাভা হাকাচাম: সাহিত্যৰ বুৰঞ্জী চালে শংকৰদেৱৰ ৰচনাসমূহৰো আগৰ কালৰ সাহিত্যসমূহত লোকভাষাটো খুব সুন্দৰকৈ প্ৰয়োগ কৰা দেখা যায়৷ সংঘাতটো এনেকৈয়ো ভাৱিব পাৰি, মিশ্যনেৰী সকলে অৰুনোদয় প্ৰকাশৰ দিহা কৰোঁতে শিৱসাগৰ অঞ্চলত তেওঁলোকে থিতাপি ল’লে৷ তেতিয়ালৈ আমাৰ সমাজত ছপা আখৰৰ প্ৰচলন নাছিলেই৷ সাঁচিপাতৰ পুথিতেই গুৰু দুজনাই লিখি যোৱা সাহিত্যৰ সম্ভাৰবোৰ উপযুক্ত সংৰক্ষণ ব্যৱস্থাৰ অভাৱত অ’ত ত’ত সিঁচৰিত হৈ আছিল৷ মিশ্যনেৰী সকলে ছপাশাল আনিলে৷ ছপা আখৰ উলিয়ালে৷ সেই সময়তেই শিৱসাগৰৰ উপভাষাৰ উত্থান ঘটিল৷ আধুনিক ছপাশাল, উন্নত সঁজুলি আদিৰ তুলনাত সাঁচিপাতৰ পুথি; যন্ত্ৰৰ তল পৰিল৷ ছপাআখৰ আৰু সাঁচিপাতৰ আখৰৰ সংঘাতৰ মাজতেই ওপৰোক্ত ভাষাটো মান্যভাষালৈ উন্নীত হোৱাৰ লগে লগে স্বতঃফূৰ্তভাৱে সেই ভাষাটোৱেই প্ৰাধান্য বিস্তাৰ কৰিলে৷ সমাজব্যৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে লোকভাষাৰ তুলনাত এই পৰিমাৰ্জিত ভাষাটোৱে সাহিত্যত নিগাজীকৈ বহি ৰ’ল৷

সাহিত্য ডট্ অৰ্গ: এটা লোকভাষাৰ কোনো ধৰণৰ সময়সীমা থাকে নেকি?

উপেন্দ্ৰ ৰাভা হাকাচাম: লোকভাষাৰ কোনো টাইম পিৰিয়ড নাই, সময়ে সময়ে ইয়াৰ সমল সলনি হ’ব পাৰে, প্ৰত্যেক জন ব্যক্তিৰ কথাত বা লিখকৰ লিখাত লোকভাষাৰ সমল সোমাই আছে৷ কোনোৱেই লোকভাষাৰ ব্যৱহাৰ নকৰো বুলি ক’ব নোৱাৰে৷ ব্যাকৰণিক দিশেৰে হয়কো ইয়াক জুখিব নোৱাৰি, ভুলেই হওক শুদ্ধই হওক লোকভাষা চিৰপ্ৰৱহমান৷ অৱশ্যে বিভিন্ন সময়ত বিভিন্ন কাৰকে ইয়াক প্ৰভাৱিত কৰে৷

সাহিত্য ডট্ অৰ্গ: ভৌগোলিক স্থিতি অনুসৰি ভাষাৰ পৰিৱৰ্তন সম্বন্ধে আপোনাৰ মতামত?

উপেন্দ্ৰ ৰাভা হাকাচাম: হয় প্ৰভাৱ পৰে৷ উজনিৰ পুৰনি জনগোষ্ঠীয়ে সাধাৰণতে দুটা ’আ’ থাকিলে ’এ’ ব্যৱহাৰ কৰে, এদা, ৰজা, চফা ইত্যাদি৷ এইটো আজিকালি মোটামুটি মান্যভাষাত পৰে৷ কিন্তু এতিয়াও বহু জনগোষ্ঠী, আহোম/মৰাণ/মটক মাজত ’এ’ কোৱাৰ প্ৰৱনতা ইমানেই বেছি; ’চাদা’টো ’চেদা’, ’গামোচা’টো ’গেমোচা’, ’নাৰায়ণ’টো ’নেৰায়ণ’ গ্ৰহণ কৰা দেখা যায়৷ ঠিক তেনেকৈ নামনিত ’খাইছো’ৰ ঠাইত ’খাইছো’, ’গৈছো’ৰ ঠাইত ’গৈছোং/গেচু’ আদি মহাপ্ৰান্ধনী বেছিকৈ ব্যৱহাৰ হয়৷ একেটা শব্দই কেতিয়াবা ঠাই অনুসৰি মিচিংৰ মুখত বেলেগ, বড়োৰ মুখত বেলেগ৷ গতিকে লোকভাষাই ভৌগোলিক স্থিতি উলাই কৰিব নোৱাৰে৷

সাহিত্য ডট্ অৰ্গ: চাৰ, লোকভাষা প্ৰয়োগৰ ক্ষেত্ৰত কিবা ব্যাকৰণিক নিয়মৰ প্ৰয়োজন আছে নেকি?

উপেন্দ্ৰ ৰাভা হাকাচাম: লোকভাষাৰ প্ৰয়োগটো আচলতে মুখে মুখে৷ সেয়ে লিখিতভাৱে নহ’লেওঁ কথিত অৱস্থাতেই মানুহে নিজৰ নিজৰ সুবিধা বা প্ৰচলিত ধ্যান ধাৰণামতে লোকভাষাক এক নিৰ্দ্দিষ্ট নিয়মৰ আধাৰত ব্যৱহাৰ কৰে৷

আমি ব্যাকৰণত এটা নিয়ম লক্ষ্য কৰো যে, যথেষ্টসংখ্যক পুলিংগ শব্দ স্ত্ৰীলিংগ ৰূপত ’ঈ’কাৰান্ত হয়৷ যেনে- মহা-মাহী, পেহা-পেহী আদি৷ ঠিক তেনেকৈ আকৌ অকল পুলিংগহীন স্ত্ৰীবাচক শব্দকিছুমানো আছে৷ যেনে- লাহৰী, আয়তী, ৰাংঢালী আদি৷ কিন্তু লোকজীৱনত এনেবোৰ শব্দ কিছুমানক লোকভাষীয়ে নিজৰ নিজৰ সুবিধামতে গঢ় দি লোৱা দেখা যায়৷ যেনে, তিৱাসকলে ব্যৱহাৰ কৰা শব্দ, ’লাহৰা-লাহৰী’৷ লোকজীৱনত এনেধৰণে মান্যভাষাৰ পুলিংগহীন শব্দবোৰকো পুলিংগ ৰূপ দি লোৱা দেখা যায়৷ যেনে- শাখিনীৰ পুলিংগ ৰূপ দি ’শাখিনা’ শব্দটো গঢ়ি লোৱা হৈছে৷ সৰু উদাহৰণ এটা দিলো- নামনি অসমৰ বহু ঠাইত ’মাছ’ (উভয়লিংগ) শব্দটোৰ আগত ’এটা’ শব্দটো ব্যৱহাৰ হোৱা দেখা যায়৷ (যেনে- এটা মাগুৰ, এটা কাৱৈ, এটা শ’ল আদি) কিন্তু উজনিৰ ফালে আকৌ সেই একেটা শব্দই ’এজনী কাৱৈ’, ’এজনী পুঠি’, ’এটা মাগুৰ’ হিচাপে কোৱা দেখা যায়৷ এনেবোৰ নিয়ম মান্যভাষাত লিখিত কিন্তু লোকভাষাত অলিখিত অথচ যথেষ্ট বিস্তৃত৷

সাহিত্য ডট্ অৰ্গ: বিভিন্ন সময়ত সাহিত্য সৃষ্টিত লোকভাষাই অলংকাৰৰ ৰূপত আত্মপ্ৰকাশ কৰে৷ অন্য কিছুক্ষেত্ৰত কিন্তু ই অশ্ৰাব্য বা অগ্ৰহণযোগ্য৷ লোকভাষা প্ৰয়োগৰ এই বিপৰীতমুখী বৈশিষ্ট্যৰ বিষয়ে আপুনি কি ক’ব?

উপেন্দ্ৰ ৰাভা হাকাচাম: লোকভাষা সাধাৰণতে বেছিকৈ শাও শপনিত দেখা যায়, আৰু ই স্বতঃফূৰ্ত ভাৱে পৰিৱেশৰ হেঁচাত নিৰ্গত হয়৷ ইয়াৰ চোক বেছি৷ ই মান্যভাষাত একপ্ৰকাৰ নিষিদ্ধৰূপ লাভ কৰে৷ আকৌ লোকভাষাৰ প্ৰয়োগে সাহিত্যৰ আলংকৰিক দিশত সঞ্জীৱনীৰ কাম কৰে৷ এইখিনি বৈশিষ্ট্যই লোকভাষাক এক অন্য মাত্ৰা প্ৰদান কৰে৷

লোকভাষা প্ৰয়োগৰ ভিন্নতাৰ বিষয়ে ক’ব গ’লে, এটা জনগোষ্ঠীয়ে যিটো উদ্দেশ্যত ভাষাটো ব্যৱহাৰ কৰে কেতিয়াবা সেইটো বুজি পোৱাত অইন ৰাইজৰ অলপ অসুবিধাৰ সৃষ্টি হ’ব পাৰে৷ মই এনেকুৱাও ভাবিছো কিছুমান ক্ষেত্ৰত, লোকভাষাবিলাক জাতীয় বা জনগোষ্ঠীয় কাৰণত তথাকথিত যিবোৰ মান্যৰূপ, তাতকৈ অলপ বিসংগতিপূৰ্ণ৷ বিসংগতিপূৰ্ণ হ’লেওঁ যিহেতু আমি প্ৰতিটো জনগোষ্ঠীক শ্ৰদ্ধা কৰিবলৈ শিকিছো, গতিকে বড়ো, ৰাভা, মিছিং, মৈমনসিঙীয়া আদি সকলোৱে কোৱা ভাষাটোক সন্মান কৰিবলৈ শিকা উচিত৷

এইখিনিতে ঘটনা এটা মনত পৰিছে৷ অসম আন্দোলনৰ সময়তে মৈমনসিঙীয়া এজনক আন্দোলনৰ কৰ্মীসকলে সাত উচ্চাৰণ কৰিবলৈ দিছিল৷ তেওঁলোকে সাতটো ’চাট’ বুলি উচ্চাৰণ কৰে৷ ফলত মানুহজনক বাংলাদেশী বুলি অপমান কৰা হৈছিল৷ এইটো দৰাচলতে ভুল৷ তেওঁ ভাষাটোক অশ্ৰদ্ধা কৰি ’চাট’ বুলি কোৱা নাই৷

এতিয়াও বহুতো জনজাতীয় লোকে আপুনি, তই আৰু তুমিৰ ব্যৱহাৰ নাজানে৷ নগাসকলেওঁ আপুনি আহিবি, তুমি খাবি এনেদৰে কথাবোৰ কয়৷ সেই একেটা কথাৰে এটা উদাহৰণ দিব বিছাৰিছো৷ গুৰু চৰিতত উল্লেখ থকা মতে শংকৰদেৱৰ যুগত ’আপুনি’ শব্দৰ প্ৰয়োগ নাছিল৷ তাৰ ঠাইত ’তুমি’ বা ’তোম্‌ৰা’ শব্দ ব্যৱহৃত হৈছিল৷ কিন্তু শংকৰদেৱৰ শিষ্য গাৰো গোবিন্দই ’তুমি’ বা ’তোমৰা’ৰ প্ৰয়োগ নাজানি গুৰু হোৱা স্বত্তেও শংকৰদেৱক ’তই’ বুলিয়েই সম্বোধন কৰিছিল৷ পৰৱৰ্তী কালত এজনে গোবিন্দক ক’লে যে জ্যেষ্ঠজনক ’তুমি’ বা ’তোমৰা’ বুলিহে সম্বোধন কৰিব লাগে, তই বুলি নহয়৷ তেওঁ এই কথাটো শুনি বৰ দুখ পালে আৰু ঘৰৰ পৰা আকৌ এসপ্তাহ পিছতে গুৰুক লগ কৰিবলৈ গৈ ওলালগৈ৷ গোবিন্দক দেখি গুৰুৱে সুধিলে, “গোবিন্দ তুমি দেখোন আকৌ আহি ওলালা? “ তেতিয়া গোবিন্দই ক’লে, “তোকে ’তুমি’ বুলিবলৈ আহিছো“৷ তেতিয়া শংকৰদেৱে গাৰোক সাৱটি ধৰি ক’লে, “ অন্য লোকে তুমি- তোমৰা ক’লে যিমান সন্তোষ পাওঁ, তই মোক ’তই’ বুলি ক’লে তাতকৈ বেছি সন্তোষ পাওঁ“৷

শংকৰদেৱৰ লোকভাষাৰ জ্ঞান আছিল৷ লোকজীৱনত যে মান্য তুচ্ছৰ ভেদাভেদ নাই সেইটো জানিছিল৷ কিন্তু আমাৰ মাজৰে বহুত ডাঙৰ মানুহে আপুনিৰ পৰিবৰ্তে ’তুমি’, ’তই’ বুলি ক’লে একেবাৰে গাত লাগি যায়৷ আছলতে এই লোকভাষাবোৰ কি ক্ষেত্ৰত প্ৰয়োগ কৰিছে সেয়া নজনাৰ বাবে খেলিমেলিবোৰ হয়৷ গতিকে লোকভাষাৰ এই বৈপৰীত্যমূলক প্ৰয়োগৰ বিষয়ে জানিবলৈ লোকভাষাৰ অধ্যয়ন আৰু প্ৰসাৰ খুব জৰুৰী৷

সাহিত্য ডট্ অৰ্গ: চাৰ এটা কথা লক্ষণীয় যে, সাহিত্যৰ যি নটা ৰস; তাৰ মাজত লোকভাষাৰ ক্ষেত্ৰত হাস্যৰসটো কৌতুক অভিনেতাসকলে খুব সুন্দৰকৈ ব্যৱহাৰ কৰিছে৷ তাৰমাজতে ক’ৰবাত ই বহুৱালিৰ ৰূপ লোৱাও দেখা গৈছে৷ এইক্ষেত্ৰত অন্য শিল্পী, সাহিত্যিক সকলৰ দায়বদ্ধতা থকা বুলি আপুনি ভাবেনে? তেওঁলোকেওঁ নিজৰ নিজৰ ক্ষেত্ৰত ইয়াৰ প্ৰসাৰৰ বাবে কাম কৰা উচিত নহয়ে?

উপেন্দ্ৰ ৰাভা হাকাচাম: নিশ্চয় উচিত৷ মই সাধাৰণ কথা এটা কৈছো৷ আমাৰ অঞ্চলত আমি সকলোৱে একধৰণৰ লোকভাষা শুনিছো৷ এই লোকভাষা প্ৰয়োগৰ এটা উদাহৰণ দিওঁ-
ভীমে ভাওনাত দুৰ্যোধনৰ সৈতে কাজিয়া কৰিছিল, সেই সময়ত ভাওনাৰ সংলাপত ব্ৰজাৱলী বা পুৰণি অসমীয়া আদি ভাষাৰেহে সংলাপ নিক্ষেপণ কৰিছিল৷ এই যে কয়, “ভীম ভীম নকৰিবি ভীমৰ আগত, হাড়া মূৰা ভাঙি দিম গদাৰ কোবত“৷ এই “হাড়া মূৰা’, এইবোৰ হ’ল লোকভাষা৷ এইক্ষেত্ৰত লোকভাষাটো বীৰৰস নহৈ অকণমান হাস্যৰসহে হৈছে৷ হয়তো ইয়াক কেতিয়াবা কোনো কৌতুক অভিনেতাই হাস্যৰসৰ বাবে ব্যৱহাৰ কৰিছিল৷ গতিকে এইক্ষেত্ৰত আমি ইয়াৰ যথেষ্ট অপব্যয় হোৱা বুলি ক’ব লাগিব৷ সাধাৰণতে লোকজীৱনত হাঁহি ধেমালিৰ পয়োভৰ বেছি৷ হয়তো সেইবাবেই গম্ভীৰ, খং উঠা বা দুখ লগা কথা এটাকো তেওঁলোকে হাঁহি ধেমালিৰে প্ৰকাশ কৰিব পাৰে৷ সেইকাৰণেই আমাৰ কৌতুক অভিনেতা সকলে এই কাৰকটো বেছিকৈ ব্যৱহাৰ কৰে চাগৈ৷ সেইবুলি অবাধে ইয়াৰ প্ৰয়োগ হোৱা উচিত নহয়৷

আকৌ, এটা কথা মনলৈ আহিছে৷ বৰপেটা অঞ্চলত এটা সময়ত গালি শপনিৰ পৰিমাণ বৰ বেছি আছিল৷ নামনি অসমৰ দুটা কথা মনলৈ আহিছে৷ হীৰা সম্প্ৰদায়ৰ তিৰোতাসকলে গীত গাই গাই গালি পাৰে৷ হাজো অঞ্চলত প্ৰফুল্লদত্ত গোস্বামীয়ে এই কথা আৱিষ্কাৰ কৰিছিল৷ এতিয়া এই গালিবোৰ পৰিবেশন কৰোতে হাঁহি উঠিব নে খঙ বা কৰুণ ৰসৰ উদ্ৰেক হ’ব সেয়া উপস্থাপনৰ ক্ষেত্ৰত আমি অতি সাৱধান হ’ব লাগে৷ তেনেদৰে বৰপেটা অঞ্চলত (পাচি)সাফাৰ দিয়া বুলি এক ধৰণৰ গালিৰ প্ৰচলন আছে৷ তিৰোতাসকলৰ মাজত এই গালিৰ প্ৰয়োগ দেখা যায়৷ তিৰোতা সকলে নিজৰ মাজত কাজিয়া লাগি থাকিলে মাজতে ঘৰৰ পুৰুষ সকল আহিলে কাজিয়া বন্ধ কৰে৷ কাজিয়া বন্ধ কৰিবলৈ তেওঁলোকে এক অভিনৱ পদ্ধতি প্ৰয়োগ কৰে৷ তিৰোতাসকলে কাজিয়া বন্ধ কৰিবলৈ বাহিৰত পাচি এটা ওলোটাকৈ থৈ দিয়ে৷ পিছত গৃহস্থ সকল কামে কাজে ওলাই গ’লে আকৌ পাচিটো ওলোটাই কাজিয়া কৰে৷ এতিয়া এনেকুৱা কাজিয়া এখন নাটকত দেখুৱাবলৈ গ’লে ই হাস্যৰসৰহে সৃষ্টি কৰিব৷ কাৰণ বাস্তৱ জীৱনৰ এই চিত্ৰখন আমাৰ বেছিভাগেই দেখা নাই৷ এনেকৈয়ো যে কাজিয়া লাগিব পাৰে সেয়া আমি ভাবিবও নোৱাৰো৷
সেইবাবেই লোকভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আমি সাৱধান হ’ব লাগে৷ কেৱল হাস্যৰসৰ ক্ষেত্ৰত প্ৰয়োগ নকৰি খং, দুখ বা অন্য ক্ষেত্ৰটো লোকভাষাৰ প্ৰচাৰ হোৱাটো জৰুৰী৷ এনে কৰিলে লোকভাষাটো বেছি জনপ্ৰিয় হব বুলি মই ভাবো৷

সাহিত্য ডট্ অৰ্গ: আধুনিকতাৰ গৰাহত লোকভাষাবোৰ বিপন্ন হোৱা বুলি আপুনি ভাবে নেকি? ভাষাৰ বিস্তাৰৰ লগে লগে লোকভাষায়ো ৰূপ সলায় নেকি?

উপেন্দ্ৰ ৰাভা হাকাচাম: বিপন্নৰ কথাটো ঠিক এনেকুৱা নহয়৷ লোকভাষাটো যুগসাপেক্ষ৷ আধুনিক ভাষাতো লোকভাষা সোমাই থাকে৷ পুৰণি কালত ব্যৱহাৰ কৰা, ভাষাত প্ৰয়োগ হোৱা লোকভাষাবোৰ আমি ব্ৰজাৱলী ৰূপত পাইছো৷ এতিয়াৰবোৰৰ প্ৰয়োগ সামান্য urhবেলেগ৷ উদাহৰণস্বৰুপে এতিয়াৰ গালি শপনি বোৰত নতুন কিছুমান শব্দৰ প্ৰচলন হোৱা দেখা যায়৷ কিছুমান ইংৰাজী শব্দও আহি যোৱা দেখা যায়৷

হয়, ই ৰূপ সলায়৷ এটা শব্দৰ উদাহৰণ দিওঁ৷ এই আজিকালি ব্যৱহাৰ হোৱা “আব্বে“ শব্দটো৷ সত্তৰ বা আশীৰ দশকত ইয়াৰ তেনেকৈ ব্যৱহাৰ নাছিল৷ সেই সময়ত আমি বেলেগ শব্দ ব্যৱহাৰ কৰিছিলো৷ তেনেকৈ ’চাল্লা’ বা ’চালা’ শব্দটো৷ এইটো গালি হিচাপেও ব্যৱহাৰ হয়৷ হিন্দীভাষী সকলে খুলশালীয়েকক বুজাবলৈও ব্যৱহাৰ কৰে৷ এটা সময়ত এইটো পপুলাৰ নাছিল, আজিকালি আহি গৈছে৷ গতিকে সময়ে সময়ে কিছুমান পুৰণি বস্তু আকৌ উভতি আহে, নতুনৰ মাজত পুৰণি বস্তু সোমাই যায়৷ গালি, শপনি আদি বিভিন্ন মাধ্যমৰ জৰিয়তে এই লোকভাষাবোৰ প্ৰচাৰ হয়৷ কিছুমান জনপ্ৰিয় নাট্যকাৰ, লিখক আদিয়ে ব্যৱহাৰ কৰাৰ ফলত কিছুমান বিশেষ লোকভাষা বেছি জনপ্ৰিয় হৈ পৰে৷ কেতিয়াবা কিছুমান বিশেষ শব্দ মিডিয়া বা এনে মাধ্যমত পৰি বেছি জনপ্ৰিয় হৈ পৰে৷ এনেধৰণে লোকভাষাৰ ৰূপ পৰিৱৰ্তন হৈ থাকে৷

সাহিত্য ডট্ অৰ্গ: এইক্ষেত্ৰত আমি ধৰ্মীয় কাৰকেও প্ৰভাৱ পেলাই বুলি ক’ব পাৰো নেকি?

উপেন্দ্ৰ ৰাভা হাকাচাম: ধৰ্মীয় কাৰকে নিশ্চযকৈ প্ৰভাৱ পেলায়৷ অভিবাদন, শাপ দিয়া আদিৰ ক্ষেত্ৰত লোকভাষাৰ প্ৰয়োগ দেখা যায়৷ কিছুমান জনগোষ্ঠীয় ক্ষেত্ৰত বধ শপত দিয়া দেখা যায়৷ আমি কোৱা মনত পৰে “মহাদেৱৰ মূৰত ধৰি শপত খা, পাৰ্বতীৰ মূৰত ধৰি শপত খা“– এইবোৰো লোকভাষা, আৰু এইবোৰ এনেকৈয়ে কিছুমান জনগোষ্ঠীৰ মাজত সোমাই থা ’’গৃহস্থৰ মঙ্গল হওক, গৃহস্থৰ কুশলাৰ্থে হৰিবোল… “ এয়া একদম সুন্দৰ লোকভাষা৷ তেনেকৈ নকৈ আমি যদি আধুনিক ধৰণে ক’বলৈ যাওঁ তেন্তে ই চাগে আচল অৰ্থটো প্ৰকাশ নকৰিব৷ এনে কৰিলে ভাষাটোৰ মাদকতা আৰু আচল ’সোৱাদ’টো নোহোৱা হৈ যাব৷

সাহিত্য ডট্ অৰ্গ: চাৰ, স্বতঃস্ফুৰ্ত নহ’লে কেৱল লিখা মেলা বা আলোচনাৰ মাধ্যমেৰে লোকভষা এটা জীয়াই ৰখাটো কিমানদুৰ সম্ভৱ?

উপেন্দ্ৰ ৰাভা হাকাচাম: লোকভাষাৰ বিষয়ে আলোচনা নহ’লেও লোকজীৱনত ইয়াৰ ব্যৱহাৰ হ’বই৷ লোকভাষাৰ ব্যৱহাৰ মানুহে কৰি আছেই আৰু কৰি থাকিব৷ কিন্তু ব্যৱহাৰ কৰা ভাষাটো লোকভাষা হয়নে নাই তাক নিৰূপণ কৰাটোহে অত্যন্ত জটিল৷ সেই বাবেই আমাক ভাল অধ্যয়ন বা গৱেষণা লাগে৷ আমি জানিব লাগিব কোনটো লোকভাষাত পৰিব আৰু কোনটো নপৰিব৷ আমি ভাষা বা বাক্যবোৰ প্ৰয়োগ কৰোতে নাজানো কোনটো লোকভাষা আৰু কোনটো মান্যভাষা৷ এজন সাধাৰণ মানুহে দৈনন্দিন জীৱনৰ কাম কাজৰ মাজত ভাষাবোৰ কৈ গৈছে৷ কিন্তু ভাষাবিদ বা গৱেষকসকলে এই বিষয়ে কৰিবলগীয়া বহুখিনি আছে৷ কেতিয়াবা এনেকুৱা হৈছে যে লোকভাষাৰ গালি শপনি লৈ কোৰ্ট কাছাৰীত কোনোবাই কেছো দিয়ে৷

এনেকুৱা কাৰণতেই লোকভাষাৰ ক্ষেত্ৰত কেতিয়াবা ভুল বুজাবুজিৰ সৃষ্টি হয়৷ এটা জনগোষ্ঠীৰ মানুহে আন এটা জনগোষ্ঠীক ক’লে সেয়া ভাল অৰ্থতে ক’লেনে গালিয়েই পাৰিলে সেয়া কেতিয়াবা অনুবাদ কৰিলে আচল কথা নোলায়৷ গতিকে ভালকৈ লোকভাষা আয়ত্ত কৰিব নোৱাৰাটো কেতিয়াবা আইন কানুন, জনগোষ্ঠীয় সংঘাতৰ কাৰণ হৈ পৰিব পাৰে৷ আমাৰ কৰিবলগীয়া বহুত আছে৷ কেতিয়াবা আধাতে শুনি আমি পিছৰখিনিলৈ নাযাওঁৱেই৷ ফলত খেলিমেলি হৈ পৰে৷

ভাষাবিদসকলে লোকভাষাৰ সম্যক ধাৰণা এটা ৰাইজক দিয়াৰ লগতে নিজেও এই সম্পৰ্কে সচেতন হোৱা উচিত৷

সাহিত্য ডট্ অৰ্গ: চাৰ, লোকভাষা সম্পৰ্কীয় নজনা কথাবোৰ জানি ভাল লাগিল৷ আমাক দিয়া আপোনাৰ মূল্যৱান সময়খিনিৰ বাবে অশেষ ধন্যবাদ৷ ভাষা সম্পৰ্কীয় আপোনাৰ গৱেষণাবোৰ আৰু প্ৰকাশৰ পথত থকা আপোনাৰ “লোকভাষাৰ প্ৰকৃতি বিচাৰ“ কিতাপখনলৈ অশেষ শুভকামনা আৰু অভিনন্দন৷ আশাকৰোঁ কিতাপখনে লোকভাষা সম্পৰ্কীয় বহু কথা পৰিষ্কাৰ কৰি তুলিব৷ আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ৷

উপেন্দ্ৰ ৰাভা হাকাচাম: তোমালোকলৈওঁ ধন্যবাদ আৰু শুভাশীষ যাচিলোঁ৷ সাহিত্য ডট্ অৰ্গলৈ শুভকামনা থাকিল৷

(সাক্ষাৎকাৰ গ্ৰহণকাৰী- প্ৰিয়ংকা দাস)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments