কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি (অধ্যায়– ২): সত্যকাম দত্ত

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি

অধ্যায় – ২: অসামৰিক সেৱাৰ অন্তৰ্গত বিভিন্ন সেৱাসমূহ

 

(যোৱা অধ্যায়ত আমি এই অধ্যায়ত সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰস্তুতিৰ সম্পৰ্কে আলোচনা কৰিম বুলি উল্লেখ কৰিছিলো| কিন্তু তেনে আলোচনাৰ আগেয়ে আমি এই পৰীক্ষাৰ জৰিয়তে কি কি সৰ্বভাৰতীয় তথা কেন্দ্ৰীয় সেৱাত যোগদান কৰিব পাৰি তাৰে এটা চমু আভাষ দিবলৈ যত্ন কৰিব বিচাৰিছোঁ| প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰস্তুতিৰ সম্পৰ্কে আলোচনা আমি অহা অধ্যায়ত কৰিম)
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষা হৈছে ভাৰত চৰকাৰৰ বাবে দেশৰ শাসনতন্ত্ৰ চলাবলৈ জৰুৰী বিষয়া সকলৰ নিযুক্তিৰ এটি অন্যতম পথ| এই পৰীক্ষাৰ জৰিয়তে বিভিন্ন সৰ্বভাৰতীয় আৰু কেন্দ্ৰীয় সেৱাৰ বাবে নিযুক্তি লাভ কৰা হয়| বৰ্তমান সময়্ত কেইটিমান সেৱাৰ বিষয়ে জনমানসত সজাগতা আছে যদিও এক বৃহ‍ত শতাংশ পৰীক্ষাৰ্থীৰ আন সেৱা সমূহৰ বিষয়ে জ্ঞান নিচেই সামান্য| ম‍ইওঁ প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হওঁতে কেৱল ভাৰতীয় প্ৰশাসনীয় সেৱা, ভাৰতীয় আৰক্ষী সেৱা আৰু ভাৰতীয় বিদেশ সেৱাৰ বিষয়ে হে শুনিছিলোঁ| এই পৰীক্ষাত প্ৰায় ৩০-৩৫ শতাংশমানহে পদবী উল্লিখিত তিনিটি সেৱাৰ বাবে থাকে| আন সফল পৰীক্ষাৰ্থীসকলক আন বিভিন্ন সেৱালৈ বাচনি কৰা হয়| মূল লিখিত পৰীক্ষাৰ আগেয়েই প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থী সকলে তেওঁলোকৰ বিভিন্ন কেডাৰ আৰু সেৱাসমূহৰ এক নিজাববিয়া অগ্ৰাধিকাৰ সূচিত তালিকা দাখিল কৰিব লাগে| কিন্তু প্ৰায় সকলো পৰীক্ষাৰ্থীয়ে এই দিশটো অৱজ্ঞা কৰাৰ হেতুকে মূল ফলাফলত যদি পাছৰফালে কাৰোবাৰ স্থান আহে, তেওঁ এক অজ্ঞাত সেৱা লাভ কৰাটো ধুৰূপ| মূল ফলাফল তালিকাত আগৰফালে স্থান লাভ কৰা সকলেহে মনপুতঃ সেৱা লাভ কৰে| এই অধ্যায়ৰ মাজেৰে আমি বিভিন্ন সেৱাৰ বিষয়ে আলোচনা আগবঢ়াম যাতে মূল পৰীক্ষাৰ আগতে নিজাববিয়া অগ্ৰাধিকাৰ তালিকা দাখিল কৰোঁতে পৰীক্ষাৰ্থী সকলে এক তথ্যভিত্তিক সিদ্ধান্তত উপনিত হয়|
ভাৰতীয় প্ৰশাসনীয় সেৱা (Indian Administrative Service) : এই সেৱা সৰ্বজনবিদিত| আমাৰ সকলোৰে জীৱনত চৰকাৰী কাম-কাজৰ প্ৰভাৱ চিৰবিৰাজমান| একোখন জিলাৰ সৰ্বোচ্চ চৰকাৰী বিষয়া সাধাৰণতে এজন ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া হয়| পদোন্নতি লাভ কৰি ৰাজ্যিক সেৱাসমূহৰ পৰাওঁ ভাৰতীয় প্ৰশাসনীয় সেৱালৈ বিষয়াসকল উন্নিত হয়| IAS অফিচাৰ বুলিলে সন্মান আৰু শ্ৰদ্ধাৰ বন্যা বয়| সমগ্ৰ ভাৰতবৰ্ষৰে শাসনতন্ত্ৰৰ বাঘজৰি এই সেৱাৰ বিষয়াসকলৰ হাততে থাকে| কেৱল জিলাতেই নহয়, এই বিষয়াসকল ৰাজ্যৰ সচিবালয় তথা দিল্লীত অৱস্থিত বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগ সমূহতো উপস্থিত| দেশ তথা ৰাজ্যৰ উচ্চস্তৰীয় অসামৰিক পদবী সমূহ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াসকলেহে শোভিত কৰে| ভাৰত চৰকাৰৰ সচিব (Secretary) পদলৈ সকলো সৰ্বভাৰতীয় সেৱাৰ বিষয়া উন্নীত হ’ব পাৰে যদিও ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াসকলেহে এনে পদৰ বাবে অগ্ৰাধিকাৰ লাভ কৰে| এখন ৰাজ্যত একোজন নৱনিযুক্ত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া প্ৰথমে অতিৰিক্ত উপায়ুক্ত, তাৰপাছত ক্ৰমান্বয়ে উপায়ুক্ত, উপ-সচিব, অতিৰিক্ত সচিব, সচিবহৈ শেষত মূখ্য সচিবহৈ অৱসৰ লাভ কৰে| ভাৰতীয় প্ৰশাসনীয় সেৱাৰ প্ৰশিক্ষণ মছৌৰিৰ লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনীয় অকাডেমিত অনুষ্ঠিত হয়|
ভাৰতীয় আৰক্ষী সেৱা (Indian Police Service) : এই সেৱাৰ বিষয়ে সাধাৰণ ৰাইজ অলপ হলেওঁ অৱগত| ভাৰতৰ বিভিন্ন ৰাজ্য সমূহত জিলাবিলাকৰ আৰক্ষী মুৰব্বী সাধাৰণতে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াই হয়| অসমত সেই বিষয়াক আৰক্ষী অধীক্ষক বোলা হয়| ভাৰতীয় প্ৰশাসনীয় সেৱাৰ দৰে এই সেৱাটো পদোন্নতি লাভ কৰি ৰাজ্যিক সেৱাসমূহৰ পৰাওঁ ভাৰতীয় আৰক্ষী সেৱালৈ বিষয়াসকল উন্নিত হয়| এখন ৰাজ্যত একোজন নৱনিযুক্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া প্ৰথমে সহ আৰক্ষী অধীক্ষক, আৰক্ষী অধীক্ষক, আৰক্ষীৰ ইন্সপেক্টৰ জেনেৰেল, সহ আৰক্ষী প্ৰধানহৈ শেষত আৰক্ষী প্ৰধানহৈ অৱসৰ লাভ কৰে| ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰশিক্ষণ হায়দেৰাবাদৰ ৰাষ্ট্ৰীয় আৰক্ষী অকাডেমিত অনুষ্ঠিত হয়| প্ৰায় সকলো পৰীক্ষাৰ্থীয়ে নিজৰ অগ্ৰাধিকাৰ তালিকাত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ পাছতেই ভাৰতীয় আৰক্ষী সেৱা দিয়ে| সেয়ে যি সকল সফল পৰীক্ষাৰ্থীয়ে অলপৰ বাবে ভাৰতীয় প্ৰশাসনীয় সেৱা প্ৰাপ্তিৰ পৰা বঞ্চিত হয় সেইসকলে ভাৰতীয় আৰক্ষী সেৱাত নিযুক্তি লাভ কৰে|
ভাৰতীয় বিদেশ সেৱা (Indian Foreign Service) : ভাৰতীয় বিদেশ সেৱা হৈছে অসামৰিক সেৱা সমূহৰ ভিতৰত আটাইতকৈ অভিজাত সেৱা| কৰ্মজীৱনৰ অধিকাংশ সময় এই সেৱাৰ বিষয়াসকলে বিদেশতে কটায়| সাধাৰণতে কুটনীতিত ৰাপ থকা পৰীক্ষাৰ্থী সকল এই সেৱাৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় বিদেশ সেৱাক অগ্ৰাধিকাৰ বাচনি তালিকাত যথেষ্ঠ ওপৰত স্থান দিয়ে| আনকি কিছু পৰীক্ষাৰ্থীয়ে IASৰ ওপৰত IFS ৰাখে| এই সেৱাৰ প্ৰশিক্ষণ দিল্লীৰ বিদেশ সেৱা প্ৰতিষ্ঠানত অনুষ্ঠিত হয়| চাকৰি জীৱনৰ প্ৰথম কেইবছৰ বিষয়াসকল ভাৰততে (দিল্লীত) থাকিব লগীয়া হয় যদিও পাছলৈ বিদেশী ৰাষ্ট্ৰৰ দূতহৈ বিভিন্ন পদবীত নিযুক্ত প্ৰাপ্ত কৰে|
ভাৰতীয় বন সেৱা (Indian Forest Service): ভাৰতৰ বনাঞ্চলৰ প্ৰশাসনব্যৱস্থা সুচল ৰখাৰ হেতুকে প্ৰতিষ্ঠিত কৰা ভাৰতীয় বন সেৱাৰ গুৰুত্ব যথেষ্ঠ অধিক| অসমৰ নিচিনা বনজ সম্পদেৰে ভৰপূৰ এখন ৰাজ্যৰ বনজ ভাৰসাম্য ৰক্ষা কৰাটো হৈছে আমাৰ নৈতিক কৰ্তব্য| সেই দিশৰ পৰা অৱলোকন কৰিলে আমি দেখো যে প্ৰত্যেক বছৰে অসমৰ ১-২ জন পৰীক্ষাৰ্থীয়ে ভাৰতীয় বন সেৱাৰ বাবে বাচনিভুক্ত হয়| এই সংখ্যা তাকৰ যদিও ভৱিষ্যতে ই অধিক হ’ব বুলি আশা কৰাৰ থল আছে| ভাৰতীয় বন সেৱাৰ প্ৰশিক্ষণ ডেহৰাদুনৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন অকাডেমিত অনুষ্ঠিত হয়| এই সেৱাৰ বিষয়াসকলে নৱনিযুক্তি লাভ কৰি সহ-বন সংৰক্ষক, উপ-বন সংৰক্ষক, বন সংৰক্ষকহৈ চাকৰি জীৱনৰ শেষৰ ফাললৈ মূখ্য বন সংৰক্ষকহৈ অৱসৰ লাভ কৰে| যি সকল বিষয়া কম বয়সতে সেৱাত অন্তৰ্ভূক্ত হয়, তেওঁলোক আগলৈ ভাৰত চৰকাৰৰ সচিব পদলৈও পদোন্নতি লাভ কৰিব পাৰে|
ওপৰোক্ত আটাইকেইটি সেৱাক (ভাৰতীয় বিদেশ সেৱাৰ বাহিৰে) সৰ্বভাৰতীয় সেৱা (All India Service) বুলি জনা যায়| সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ আন সেৱা সমূহক কেন্দ্ৰীয় সেৱা (Central Service)  বা আনুষংগিক সেৱা (Allied Service) বুলি কোৱা হয়| এই গোটেইকেইটি সেৱাই (সৰ্বভাৰতীয় সেৱা আৰু কেন্দ্ৰীয় সেৱা) ভাৰত চৰকাৰৰ Group A সেৱা বুলি শ্ৰেণীভূক্ত কৰা হৈছে| কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাহিৰে আন মাধ্যেমেৰে নিযুক্তি লাভ কৰা বিষয়াসকল প্ৰথমে Group B বা Group Cত অন্তৰ্ভূক্তহৈ পদোন্নতি লাভ কৰি চাকৰি জীৱনৰ শেষছোৱা সময়ত Group Aত অন্তৰ্ভূক্ত হয়|  তলত এই পৰীক্ষাৰ জৰিয়তে নিযুক্তি লাভ কৰা আন সকলো সেৱাৰ বিষয়ে থুলমূলকৈ আলোচনা আগবঢ়োৱা হৈছে|
ভাৰতীয় ৰাজহ সেৱা (আয়্কৰ) (Indian Revenue Service (Income Tax)): IAS, IPS, IFS আদিৰ পাছতেই পৰীক্ষাৰ্থী সকলৰ মাজত অন্যতম চাহিদা থকাৰ সেৱা হৈছে ভাৰতীয় ৰাজহ সেৱা (আয়্কৰ)| এই সেৱাৰ দ্বাৰা ভাৰত চৰকাৰে সকলো ধৰণৰ প্ৰত্যক্ষ ব্যক্তিগত আৰু প্ৰতিষ্ঠান কৰ সংগ্ৰহ কৰে| চাকৰি জীৱনৰ আৰম্ভনিতে বিষয়াসকলে সহ-কৰআয়ুক্তহৈ পাছলৈ কৰ-উপায়ুক্ত, সংযুক্ত কৰ-আয়ুক্ত, কৰ-আয়ুক্ত আৰু শেষলৈ মূখ্য কৰ-আয়ুক্তহৈ অৱসৰ লাভ কৰে| আন সেৱাৰ দৰে এই সেৱাটো যি সকল বিষয়া কম বয়সতে সেৱাত অন্তৰ্ভূক্ত হয়, তেওঁলোক আগলৈ ভাৰত চৰকাৰৰ সচিব পদলৈও পদোন্নতি লাভ কৰিব পাৰে| এই সেৱাৰ প্ৰশিক্ষণ নাগপুৰৰ ৰাষ্ট্ৰীয় প্ৰত্যক্ষ কৰ অকাডেমিত অনুষ্ঠিত হয়| অহা কেইবছৰমানৰ ভিতৰত DTC (Direct Tax Code) প্ৰযোজ্য হোৱাৰ পাছত এই সেৱাৰ চাহিদা আৰু বৃদ্ধি পাব বুলি আশা কৰা হৈছে|
ভাৰতীয় ৰাজহ সেৱা (ৰপ্তানি কৰ আৰু কেন্দ্ৰীয় আবকাৰী শুল্ক) (Indian Revenue Service (Customs and Central Excise)): ভাৰতীয় ৰাজহ সেৱা (আয়্কৰ)ৰ দৰেই ৰপ্তানি কৰ আৰু কেন্দ্ৰীয় আবকাৰী শুল্ক সেৱাও IAS, IPS, IFS আদিৰ পাছতেই পৰীক্ষাৰ্থী সকলৰ মাজত ভালেমান চাহিদা থকা সেৱা| ভাৰতীয় আৰক্ষী সেৱাৰ দৰেই এই সেৱাও “ইউনিফৰ্ম” সেৱা| এই সেৱাৰ প’ষ্টিং সমূহ সাধাৰণতে বন্দৰ, বিমানবন্দৰ আদি থকা ঠাইত বেছিকৈ হয়| অহা কেইবছৰমানৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষজুৰি GST (Goods and Services Tax) প্ৰযোজ্য হোৱাৰ পাছৰে পৰা এই সেৱাৰ প্ৰাসংগিকতা যথেষ্ঠ বৃদ্ধি পাব বুলি আশা কৰা হৈছে| এই সেৱাৰ প্ৰশিক্ষণ ফৰিদাবাদৰ ৰাষ্ট্ৰীয় ৰপ্তানি কৰ আৰু আবকাৰী শুল্ক অকাডেমিত অনুষ্ঠিত হয়|
ভাৰতীয় ডাক সেৱা (Indian Postal Service): ভাৰতবৰ্ষৰ ডাক সেৱা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এই সেৱা গঠন কৰা হৈছিল| লগতে সময়ৰ খোজত খোজ মিলাই ভাৰতীয় ডাক সেৱাই সঞ্চয় আৰু বীমা ক্ষেত্ৰটো ১০০ বছৰ আগৰে পৰাই সেৱা আগবঢ়াই এই বছৰ পূৰ্ণাংগ বেংকিং সেৱাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা লাইচেঞ্চ বিছাৰিছে| এই সেৱাৰ বিষয়াসকলে নৱনিযুক্তি লাভ কৰিয়ে এটি বিশাল অঞ্চলৰ জ্যেষ্ঠ ডাক অধিক্ষক হোৱা্ৰ সৌভাগ্য লাভ কৰে| প্ৰথম প’ষ্টিঙতে প্ৰায় ২০০০ কৰ্মচাৰীৰ মুৰব্বী হোৱাটো আন কোনো কেন্দ্ৰীয় সেৱাতে সম্ভৱ নহয়| এই ক্ষেত্ৰত ৰেইল সেৱাহে ব্যতিক্ৰম হ’ব বোধকৰোঁ| ভাৰতীয় ডাক সেৱাৰ প্ৰশিক্ষণ গাজিয়াবদস্থিত ৰাষ্ট্ৰীয় ডাক অকাডেমিত অনুষ্ঠিত হয়|
ভাৰতীয় ৰেইল সেৱাৰ বিভিন্ন সেৱা সমূহ: য়াতায়াত সেৱা, লেখা সেৱা আৰু মানৱসম্পদ সেৱা (Indian Railway Traffic Service, Indian Railway Account Service, Indian Railway Personnel Service)  এই সেৱা সমূহো সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ মাজত যথেষ্ঠ জনপ্ৰিয়| এই সেৱা সমূহৰ প্ৰশিক্ষণ বৰোদাৰ ৰাষ্ট্ৰীয় ৰেইলৱে প্ৰশিক্ষণ অকাডেমিত অনুষ্ঠিত হয়| ভাৰতীয় ৰেইল সেৱাৰ আভিযান্ত্ৰিক সেৱা সমূহৰ বাবে আছুতীয়াকৈ পৰীক্ষা অনুষ্ঠিত হয়| কেৱল অভিযন্তা সকলেহে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে| ভাৰতৰ সবাটোকৈ বৃহ‍‍ত ৰাজহুৱা প্ৰতিষ্ঠান ভাৰতীয় ৰেইল বিভাগত বহুটো অসমীয়া লোক নিযুক্ত যদিও বিষয়া স্তৰত অসমীয়া বিষয়া তেনেই নগন্য|  সেয়ে আমাৰ বাবে এই সেৱাত অসমীয়া বিষয়াই নিযুক্তি পোৱাটো অতি গুৰুত্বপূৰ্ণ|
ভাৰতীয় তথ্য সেৱা (Indian Information Service): এই সেৱাৰ বিষয়াসকলে আকাশবাণী, দূৰদৰ্শন, প্ৰচাৰ ভাৰতী আদিত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে| লগতে চৰকাৰৰ বিভিন্ন তথ্য, খবৰ, বাৰ্তা আদি সম্প্ৰচাৰৰ দায়িত্ব বহন কৰে| চিনেমা, সংগীত আদি জগতৰ লগত নিজকে জড়িত কৰি ৰখাৰ মন থকা পৰীক্ষাৰ্থীসকলে এই সেৱাক অগ্ৰাধিকাৰ দিয়ে| এই সেৱাৰ বিষয়াসকল আকাশবাণী, দূৰদৰ্শন আদিৰ ৰাজ্যিক মুৰব্বী হোৱাৰ লগতে বিভিন্ন সৃষ্টিমূলক কৰ্য্যত নিজকে নিয়োগ কৰে|
ভাৰতীয় প্ৰতিৰক্ষা সেৱাৰ লেখা সেৱা আৰু ভূমিখণ্ড সেৱা (Indian Defence Accounts Service, Indian Defence Estate Service): ভাৰতীয় প্ৰতিৰক্ষা সেৱাৰ সকলো হিচাপ আদি ৰক্ষা কৰাৰ বাবে ভাৰতীয় প্ৰতিৰক্ষা লেখা সেৱা গঠন কৰা হৈছিল| লগতে ভাৰতীয় প্ৰতিৰক্ষা সেৱাৰ অন্তৰ্গত বিশাল ভূমিখণ্ড সমূহৰ পৰিচালনাৰ হকে ভাৰতীয় প্ৰতিৰক্ষা ভূমিখণ্ড সেৱাও সমসাময়িক ভাৱে আৰম্ভ কৰা হৈছিল| ভাৰতীয় প্ৰতিৰক্ষা ভূমিখণ্ড সেৱাৰ বিষয়াসকল এটি প্ৰতিৰক্ষা বেষ্টনীৰ (Cantonment) মূখ্য পৰিচালন বিষয়া (Chief Executive Officer) হিচাবে কৰ্মনিযুক্ত হয়| ভাৰতীয় প্ৰতিৰক্ষা ভূমিখণ্ড সেৱাৰ প্ৰশিক্ষণ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা ভূমিখণ্ড প্ৰৱন্ধন প্ৰতিষ্ঠান, দিল্লীত অনুষ্ঠিত হয়| ঠিক তেনেদৰেই ভাৰতীয় প্ৰতিৰক্ষা লেখা সেৱাৰ প্ৰশিক্ষণ ৰাষ্ট্ৰীয় বিত্ত প্ৰৱন্ধন প্ৰতিষ্ঠান, ফৰিদাবাদত অনুষ্ঠিত হয়|
ভাৰতীয় লেখাপৰীক্ষক আৰু লেখা সেৱা (Indian Audit and Accounts Service): এই সেৱাই বৰ্তমান সময়ত যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিছে| যোৱা দুবছৰে ধৰি আমি CAGৰ বিষয়ে সংবাদ মধ্যমত বহু আলোচনা পঢ়িছোঁ-দেখিছোঁ| CAGৰ অফিচৰ বাবে কাম কৰা উচ্চপদস্থ বিষয়াসকলেই হৈছে ভাৰতীয় লেখাপৰীক্ষক আৰু লেখা সেৱাৰ বিষয়া| এই সেৱাৰ প্ৰশিক্ষণ ছিমলাৰ ৰাষ্ট্ৰীয় লেখাপৰীক্ষক আৰু লেখা অকাডেমিত অনুষ্ঠিত হয়| আজিকালি ৰাজহ সেৱাৰ পাছতেই পৰীক্ষাৰ্থী সকলে এই সেৱাক অগ্ৰাধিকাৰ দিয়ে|
ভাৰতীয় বানিজ্য সেৱা (Indian Trade Service): ভাৰতীয় বানিজ্য সেৱা ভাৰতীয় অসামৰিক সেৱা সমূহৰ ভিতৰতে এটি নতুন সেৱা| গোলকিকৰণৰ পাছৰে পৰা হোৱা নৱ-বানিজ্যিক আন্দোলনে সমগ্ৰ বিশ্বকে ওচৰলৈ আনিছে| পৰিৱৰ্তিত বিশ্বায়ণিক পৃষ্ঠভূমিত ভাৰতবৰ্ষত বানিজ্যিক দিশত আগুওৱাই নিবলৈ ভাৰতীয় বানিজ্য সেৱাৰ গঠন কৰা হৈছে|
ভাৰতীয় অসামৰিক লেখা সেৱা (Indian Civil Accounts Service): এই সেৱাৰ বিষয়া সকলে ভাৰত চৰকাৰৰ বিত্ত প্ৰৱন্ধনৰ দিশটো সুষম কৰে| ভাৰতীৰ ৰাজহ সেৱাই কেৱল বিভিন্ন ধৰণৰ কৰ আৰু শুল্ক সংগ্ৰহ কৰে| এনেদৰে সংগ্ৰহ হোৱা ধনৰ লেখা ৰাখে ভাৰতীয় অসামৰিক লেখা সেৱাৰ বিষয়াসকলে| এই সেৱাৰ প্ৰশিক্ষণ ৰাষ্ট্ৰীয় বিত্ত প্ৰৱন্ধন প্ৰতিষ্ঠান, ফৰিদাবাদত অনুষ্ঠিত হয়|
ভাৰতীয় কৰ্পোৰেট আইন সেৱা (Indian Corporate Law Service): আগেয়ে উল্লেখ কৰাৰ দৰে গোলকিকৰণৰ পাছৰে পৰা হোৱা নৱ-বানিজ্যিক আন্দোলনৰ আগভাগ লোৱা বহুজাতিক প্ৰতিষ্ঠান সকল আৰু চৰকাৰৰ মাজৰ সম্পৰ্কটো সুষম ভাৱে ৰখাৰ উদ্দেশ্যেই ভাৰতীয় কৰ্পোৰেট আইন সেৱাৰ গঠন কৰা হয়| এই সেৱাৰ প্ৰশিক্ষণ দিল্লীৰ কাষৰ মানেচৰ, গুড়গাৱঁত থকা ভাৰতীয় কৰ্পোৰেট এফেইৰ অকাডেমিত অনুষ্ঠিত হয়|
ওপৰোক্ত সেৱা সমূহৰ উপৰিও সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ জৰিয়তে দিল্লী, আন্দামান, লক্ষ্যদ্বীপ, দাদ্ৰা আৰু নগৰ হাৱেলী আৰু পণ্ডিচেৰীৰ প্ৰশাসনীয় তথা আৰক্ষী সেৱাৰ বাবে প্ৰাৰ্থী বাচনি কৰা হয়| পঢ়োতা সকলৰ জ্ঞাতাৰ্থে তলত এই পৰীক্ষাত অন্তৰ্ভূক্ত সকলো সেৱাৰ তালিকা এখন দিয়া হৈছে|

1 Indian Administrative Service
2 Indian Foreign Service
3 Indian Police Service
4 Indian P&T Accounts & Finance Service, Group ‘A’
5 Indian Audit & Accounts Service, Group ‘A’
6 Indian Customs & Central Excise Service, Group ‘A’
7 Indian Defence Accounts Service, Group ‘A’
8 Indian Revenue Service, Group ‘A’
9 Indian Ordnance Factories Service, Group ‘A’
10 Indian Postal Service, Group ‘A’
11 Indian Civil Accounts Service, Group ‘A’
12 Indian Railway Traffic Service, Group ‘A’
13 Indian Railway Accounts Service, Group ‘A’
14 Indian Railway Personnel Service, Group ‘A’
15 Posts of Assistant Security Officer in Railway Protection Force, Group ‘A’
16 Indian Defence Estates Service, Group ‘A’
17 Indian Information Service, (Junior Grade), Group ‘A’
18 Indian Trade Service, Group ‘A’
19 Armed Forces Headquarters Civil Service, Group ‘B’
20 Delhi, Andaman & Nicobar Islands, Lakshadweep, D D & NH Civil Service, Group ‘B’
21 Delhi, Andaman & Nicobar Islands, Lakshadweep, D D & NH Police Service, Group ‘B’
22 Pondicherry Civil Service, Group ‘B’
23 Pondicherry Police Service, Group ‘B’
24 Indian Corporate Law Service, Group ‘A’

 
(অহা অধ্যায়ত আমি প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে প্ৰস্তুতি কেনেদৰে কৰিব লাগে পৰ্য্যালোচনা কৰিম)
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!