এগৰাকী মহিলা ড্ৰাইভাৰৰ ইতিবৃত্ত – উৎপলা কৌৰ

সৰুৰে পৰা বৰ ইচ্ছা আছিল গাড়ী এখন চলাবলৈ শিকিম৷ ষ্টাইল কৰি ক’লা ছান গ্লাছ পিন্ধি ৰাস্তাৰে গহীন হৈ চলাই যাম৷ সৰুতে চিনেমাবোৰত দেখা নায়িকাবোৰ যেনে পাৰবীন বাবী, জিন্নত আমন, হেমা মালিনী আদিক গাড়ী চলাই য়োৱা দেখি এই ইচ্ছা পুহি ৰাখিছিলো৷ তেতিয়া বৃহস্পতিবাৰ আৰু দেওবাৰে দিয়া চিনেমাবোৰত নায়িকাই গাড়ী চলোৱা দৃশ্যবোৰ য়েতিয়া দেখুৱাই মনুহঁতে, মানে আমাৰ গৰখীয়াটো আৰু লগৰবোৰে কৈছিল, “ইহ! ক’ত চলাব? এনেই বহি ষ্টিয়েৰিঙত ধৰি আছে৷ যেতিয়া গাড়ীখন নায়িকাৰে সৈতে দেখুৱাই সিহঁতে চিঞৰে, “ই..চা চা কেমেৰাৰ বাহাদুৰি৷ মাইকী মানুহে গাড়ী চলোৱা দেখুৱাইছে৷ একদম তাই চলোৱাৰ দৰে লাগিছে ভাই৷“ মুঠতে ছোৱালী, মহিলাই গাড়ী চলাব নোৱাৰে৷ এইটো এটা গছত গৰু উঠাৰ দৰে কথা৷ লাগিলে তাই বলীউডৰ নায়িকাই নহওক কিয়!

সৰুতে ভাবিছিলো যদিও ডাঙৰ হৈ অহাৰ পাছত দিনে দিনে ৰাস্তাত বাঢ়ি অহা গাড়ীৰ সংখ্যা দেখি ভয় এটা সোমালে মনত৷ বিশেষকৈ গুৱাহাটীত পিলিঙা ল’ৰাই চলোৱা প্ৰকাণ্ড চিটি বাছবোৰৰ কাষে কাষে কেনেকৈ নিজে গাড়ীখন চলাই যাম ভাবিয়েই পেটতে হাত-ভৰি লুকাল৷ তেনেকৈয়ে চলি আছিল৷ বাছে অটোৱে জীৱনটো টানি লৈ ফুৰিছিলোঁ৷ এবাৰ সৰুজনী ছোৱালীৰ জ্বৰ-বমি হ’ল৷ বহাগৰ বিহুৰ বতৰ৷ গুৱাহাটীৰ ৰাস্তাবোৰত ’প্ৰি-বিহু’ ট্ৰেফিক জামবোৰ আৰম্ভ হৈছেহে৷ অ’টো এখন লৈ ছয়মাইলৰ তাইক সৰুৰে পৰা দেখুৱাই থকা ডাক্টৰজনৰ ওচৰলৈ গ’লোঁ৷ কৈছো নহয়, বিহুৰ বতৰ তাতে আকৌ অন্য ঠাইত অচিনাকি অটোৱালাই পালে ভাৰাৰ নামত মোটামোটি ডিঙিটো কাটিয়েই দিয়ে৷ সেয়ে ঘৰৰ ওচৰৰ পৰা লৈ যোৱা অটোখনকে ৰখাই থলোঁ৷ ডাক্টৰজন আমাৰ পুৰণা বন্ধু৷ ৰোগী বহুত৷ কিছুমান পানী কেঁচুৱা, অহৰহ টেৱাঁ টেঁৱা সুৰেৰে সমবেত সংগীত গাই আছে৷ লগত অহা অভিভাৱক সদৃশ মানুহবোৰে পাল পাতি লৈ লৈ নিচুকাব বৃথা চেষ্টা কৰি আছে৷ সেয়ে সোনকালে আমাক ভিতৰলৈ মাতি নিয়াৰ পৰিবেশ নাছিল সেইদিনা৷ এনেও চিনাকি বুলি আগৰ পৰা ৰৈ থকা কণ কণসকলক বঞ্চিত কৰি দেৰিকৈ গৈ আগতে সোমাবলৈ ভাল নাপাওঁ মই৷ প্ৰায় ডেৰঘণ্টাৰ মূৰত ডাক্টৰক দেখুৱাই ওলাই আহি মোৰ ঘৰৰ সন্মুখত আটোৰ পৰা নামি কিমান দিম সুধিলো৷ অটোচালকে ক’লে বোলে বাইদেউ বেলেগৰ পৰা হাজাৰ টকা ললো হয়৷ আপোনাৰ পৰা কি ল’ম আৰু আঠশ টকা দিয়ক! চকু কপলাত উঠিছিল যদিও দিলোঁ, পুৰণা চিনাকি অটো এইখন৷ বিপদে-আপদে লাগে৷ তথাপি মনটো চেকচেকাই থাকিল বহু দিনলৈ৷ গাড়ী কিনাৰ আইদিয়াটোক মনৰ একোণত ভয়ৰ কম্বল জাপি শুই থকাৰ পৰা জগালোঁ৷ দুই এক বন্ধু বান্ধৱ আৰু পৰিয়ালৰ মানুহৰ আগত ইচ্ছাটো ব্যক্ত কৰিলোঁ৷ ক’ত অকণ সাহস-উৎসাহ দিব, সকলোৰে চকুত অবিশ্বাস আৰু ভয়হে দেখিলোঁ! “ইস! পাৰিবহে যেন!“ কোনো কোনোৱে আকৌ গাজা শুনাৰ দৰে শুনি হাঁহি উৰুৱাই দিলে কথাটো৷

“কিয় নোৱাৰিম আকৌ? অমুকে চলাই, তমুকে চলাব পাৰিলে মই কিয় নোৱাৰিম আকৌ?“ এনেকৈ ক’লোঁ যদিও মানুহবোৰৰ কথা-বতৰা দেখি ইচ্ছাটো পুনৰ তাপ মাৰো মাৰো হ’ল৷ এদিন আদাবাৰীৰ কাষেৰে বাইদেউহঁতৰ লগত ক’ৰবাৰ পৰা আহোঁতে বাইদেউ আৰু ভাগিনটোক ক’লো বোলো ব’লচোন চেকেণ্ডহেণ্ড গাড়ী চাওঁ৷ সোমালোঁ তাত থকা প্ৰকাণ্ড গাড়ীৰ শ্ব’ৰূমটোত৷ আমাক দেখি কেইবাজনো ইউনিফৰ্ম পৰিহিত সুদৰ্শন ডেকা আগবাঢ়ি আহিল আৰু অত্যন্ত সন্মান-সহকাৰে আমাৰ লগত কথা পাতিবলৈ ধৰিলে৷ এপ্ৰ’ন পিন্ধা মহিলা এগৰাকীয়ে আইনাৰ গিলাছত প্ৰথমে পানী আৰু অলপ পাছত ধুনীয়া বগা কাপত কফি দি গ’ল৷ পানী আৰু কফি খাই উঠাৰ পাছত ডেকা এজনে শ্বো ৰূমৰ পিছফালৰ ডাঙৰ ঠাই এখনলৈ লৈ গ’ল৷ প্ৰকাণ্ড টিনৰ গুদামৰ নিচিনা ঘৰ এটাত শাৰী শাৰীকৈ পুৰণা মাৰুটি অল্ট’, পুৰণা মডেলৰ জেন, ৱাগন-আৰ, জেন এষ্টিলো আদি মডেলৰ গাড়ীবোৰ ৰাখি থোৱা আছে৷ কোনোবাখন দেখিবলৈ নতুনেই হৈ আছে কিন্তু দুবছৰত মাত্ৰ(!) চল্লিশ হেজাৰ কিলোমিটাৰ চলিছে৷ কোনোবাখন দহ-এঘাৰবছৰ পুৰণি৷ জেন এষ্টিলোখন দুইফালৰ পৰা তুলনামূলক ভাবে ভালেই আছিল৷ তিনিবছৰত মাত্ৰ পঁয়ত্ৰিশ হাজাৰ কিলোমিটাৰ চলিছে! আমাক দেখুৱাই থকা ল’ৰাজনে ক’লে ’এইখন টিপ টপ গাড়ী৷ কমফ’ৰ্টেবল আৰু ’লেডিজ’ৰ কাৰণে ’বেষ্ট’ গাড়ী আৰু আমি ল’লে বোলে দামটোও চাই-ছিতি দিব৷ কিন্তু সন্মুখৰ ভাগৰ ডিজাইনটো দেখিবলৈ ভাল নালাগিল৷ তথাপি ল’ৰাজনৰ ব্যৱহাৰত আৰু আদৰ-সাদৰত ’ফিদা’ হৈ গৈছিলোঁ৷ ’না’ ক’বলৈ বেয়া লাগি তেওঁৰ মন ৰাখিবলৈয়ে মোটামুটি কিনিম বুলি কথা দি গুচি আহিলোঁ৷

কথাটো ঘৰৰ মানুহে আৰু বন্ধুগণে গম পোৱাৰ পাছত আকৌ এবাৰ হাহাকাৰ লাগিল৷ ’মাইকী’ মানুহজনী হৈ চেকেণ্ডহেণ্ড গাড়ী ল’বলৈ ওলাইছ? ক’ৰবাত ৰাতি-বিয়লি বেয়া হ’লে কি কৰিবি? কোনোৱে ক’লে বোলে ভালে থাকিলে গাড়ী বেচিব নে কোনোবাই? এক্সিডেণ্ট হৈ কোনোবা মৰিছে কিজানি সেইখনত৷ ’কুফা’ গাড়ী বুলি বেচি দিছে৷ কথাবোৰ অমূলক নহয়৷ এনেই মই ভূতলৈ ভয় নকৰোঁ৷ কিন্তু কোনোবা ঢুকালে কেইদিনমানলৈ অকলশৰে থকা অৱস্থাত সেই ’আত্মা’ বোলা বস্তুটোলৈ ভয় লাগে মোৰ৷

সেইবোৰ কথা মই ভবাই নাছিলোঁ৷ গতিকে চেকেণ্ডহেণ্ড গাড়ী লোৱাৰ সিদ্ধান্ত ’কেঞ্চেল’ হ’ল৷ মুঙ্গেৰিলালৰ দৰে সেইকেদিন গুৱাহাটীৰ ৰাস্তাত গাড়ী চলাই ফুৰিছিলোঁ৷ মাহঁতৰ ঘৰলৈ গৈছিলোঁ৷ ঘৰৰ পৰা দুই কিলোমিটাৰ দূৰৰ সৰু টাউনখনত বজাৰ কৰি উইংগাৰ, অ’টোলৈ ৰৈ থকা ঘৰৰ কাষৰ খুৰা, পেহীহঁতক গাড়ীত বহুৱাই আনি তেওঁলোকৰ ঘৰৰ পদূলিত মিচিকিয়াই হাঁহি নমাই দিছিলোঁ, আশ্চৰ্যচকিত মুখেৰে তেওঁলোকে ’কেইদিন থাকিবি? ল’ৰা-ছোৱালী দুটা লৈ আমাৰ ফালে এপাক মাৰিবি’ জাতীয় কথাৰে বিদায় লৈ আছিল মোৰ পৰা৷ সেয়ে গাড়ী লোৱা সিদ্ধান্তটো এইবাৰ নাকচ কৰিবলৈ একেবাৰে ভাল নালাগিল৷ মনত বহি ল’লে সপোনবোৰে৷ গাড়ী চলোৱা মহিলাৰ সম্ভাৱ্য গ্লেমাৰে! সেয়ে এইবাৰ শ্ব’ৰূম কিছুমানলৈ গৈ নতুন গাড়ী চোৱা আৰম্ভ কৰিলোঁ৷

গাড়ী ল’মেই বুলি শেষ সিদ্ধান্ত লোৱাৰ পাছত সকলো শুভাকাংক্ষীৰে চিন্তা এইবাৰ গাড়ীৰ নাকটো অৰ্থাৎ সন্মুখৰ অংশত গৈ থিতাপি ল’লেগৈ৷ মানে গাড়ীখনৰ সন্মুখৰ অংশ যদি ড্ৰাইভিং ছীটৰ পৰা ভালকৈ দেখা নাপাওঁ, তেনেহ’লে বৰ ’ৰিস্ক’ৰ কথা৷ কাৰণ পাৰ্কিং কৰিলে সন্মুখৰ গাড়ীত খুন্দা নমৰাকৈ কিমান দূৰত ৰাখিব লাগিব বা সন্মূখে ৰে চলি থকা গাড়ীখনৰ সৈতে কিমান ব্যৱধান ৰাখি চলাব লাগিব সেয়া বোলে ’আইডিয়া’ নাপাম৷ আকৌ কোনখনৰ ছীটবোৰ আৰামী, সেয়াও চাব লাগিব কাৰণ ’মাইকী’ মানুহ, কেতিয়াবা কঁকালৰ বিষ-চিষ হ’ব পাৰে৷ মোৰ বাজেটে ঢুকি পোৱা গাড়ীখন আকৌ চাপৰ (গুৱাহাটীত অলপ বৰষুণ দিলেই যি বান পানী হয়!) আৰু ’কমন’ মানে বেছিভাগ মোৰ সমান পইছা থকা মানুহৰ সেইখন গাড়ীয়েই আছে৷ মুঠতে ঢেৰ সমস্যা৷ শেষত গৈ এখন মোৰ পচণ্ড হ’ল৷ ওখ, মাটিৰ পৰাও আৰু হুডটোও ওখ৷ এচিও খুব ভাল, পটকৈ ঠাণ্ডা হয়৷ সৰু, য’তে ত’তে পাৰ্কিং কৰিব পাৰি৷ পাৱাৰ ষ্টিয়াৰিং৷ কোমলাংগী মানুহ অৰ্থাৎ মহিলাৰ কাৰণে ভাল কাৰণ ঘূৰাওঁতে পকাওঁতে বেছি জোৰ দিব নালাগে৷ দামটো সেই ’কমন’ আৰু চাপৰ গাড়ীখনতকৈ দামটো এক লাখমান বেছি৷ নতুন, চিকচিকিয়া গাড়ী দেখি বেংকৰ একাউণ্টটোৰ কথা পাহৰি থাকিলো সাময়িকভাবে আৰু সকলোৰে উপদেশ অমান্য কৰি সেইখনকে বুক কৰি থৈ আহিলোঁ৷ গাড়ী আহি পাওঁতে এসপ্তাহমান লাগিব বুলি ক’লে, মানে ’অলৰেডী’ আহিয়েই আছে৷ গতিকে সোনকালে বুকিং নকৰিলে নাপাবও পাৰোঁ বোলে, বেলেগ কাষ্টমাৰে খবৰ লৈ আছে৷

বুক কৰাৰ পাছতহে আচল কথাটো ভৱা হ’ল মানে গাড়ীখনতো মই চলাবলৈ শিকিব লাগিব৷ নহ’লে কোনে চলাব? ড্ৰাইভাৰ ৰাখিলে কেৰেলাতকৈ গুটি দীঘল হ’ব৷ অসমৰ আটাইতকৈ আগশাৰীৰ মহিলা প্ৰশিক্ষকগৰাকীৰ লগত গাড়ী শিকাটো ঠিক হ’ল৷ গাড়ীৰ এ, বি, চি শিকিলোঁ৷ এ মানে এক্সিলেটৰ, বি মানে ব্ৰেক আৰু চি মানে ক্লাটচ্৷ ভিৰ থকা মূল ৰাস্তাবোৰত দিনে এঘণ্টাকৈ তেওঁৰ তত্ত্বাৱধানত গাড়ী চলালোঁ৷ ছয় দিনমানতে পৰা হলোঁ৷ তেওঁৰ তাত শিকাতো খৰচী কাৰবাৰ৷ ইতিমধ্যে বেংকৰ একাউণ্টটো গাড়ী কিনাৰ বাবে জামৰি পৰিছিল মোৰ৷ ছয়দিনৰ পাছত তেওঁক এৰি দিলোঁ৷ কিন্তু অকলে ৰাস্তাত চলাবলৈ ভয় লাগে৷ তাতে ’নতুন গাড়ী’ বুলি কথাষাৰ মনত সোমাই আছে৷ ক’ৰবাত অকণমান আচোঁৰ খালেও কমখন দুখ লাগিব নে? এদিন ভয়ে ভয়ে গাড়ীখন ঘৰতে আগুওৱা-পিছোৱা কৰি চালোঁ৷ তেতিয়াহে আচল সমস্যাত পৰিলোঁ৷ হে হৰি! ছীটবোৰ ইমান দ! বহিলে মোৰ পাঁচ ফুট দুই ইঞ্চিয়া শৰীৰটো আধামান ছীটৰ ভিতৰত সোমাই যোৱা যেন লাগে৷ এইখন কিনাৰ আগতে ছীটত বহি চাওঁতেও কিয় এবাৰো কথাষাৰ ভাবি নাচালোঁ বুলি ধিক্কাৰ জন্মিল নিজৰ ওপৰত৷ হিচাপত খাই-চলি-খৰচ কৰি জমা কৰা পইছাকিটা এনেই গ’ল যেন লাগিল মোৰ! দুখে-শোকে কান্দি পেলালোঁ গাড়ীৰ ভিতৰতে৷ কন্দাৰ পাছত মগজটো অকণ ঠাণ্ডা হ’লতহে মূৰত খেলালে দুটা সৰু কুশ্বন তলত আৰু পিঠিৰ ফালে দি ল’লে সমস্যাটোৰ পৰা ৰক্ষা পাম বুলি৷

এদিন দুদিনকৈ বহুদিন নিজৰ গাড়ীখনত হাত নিদিয়াকৈ পাৰ হ’ল মোৰ৷ কি হ’ব এনেকৈ? কিয় ললোঁ গাড়ীখন? কি হ’ব মোৰ এতিয়া?
এদিন মৰসাহ কৰি ৰাতিপুৱাৰ ভাগত দেওবাৰ এটা চাই ওলাই গলোঁ৷ উজান বজাৰৰ পৰা নুনমাটি হৈ গীতানগৰেদি জুৰোডৰ বাইদেউৰ ঘৰ পালোগৈ৷ তাতে পুৱাৰ আহাৰ খাই তাৰ পৰা চান্দমাৰী হৈ ঘৰ সোমালোহি৷ কেইবা কিলোমিটাৰ একেলগে মুকলি ৰাস্তাত চলাই বেচ আত্মবিশ্বাস আহিল মোৰ৷ সেয়ে দিনটোৰ অইন সময়তো গাড়ী লৈ ওলাই যোৱা কৰিলোঁ৷ যোৱাত যাওঁ, কিন্তু ঘূৰি অহাৰ সময়তহে সমস্যাটো হ’ল৷ ইউ টাৰ্ণ লোৱাৰ সময়ত আকৌ হাত-ভৰিত কঁপনি উঠে৷ গাড়ীৰ ওচৰত ৰৈ থাকি অইন গাড়ী চলোৱা মানুহ বিচাৰি থাকোঁ, দেখিলে কাকূতি-মিনতি কৰোঁ৷ দাদা, গাড়ীখন ঘূৰাই দিয়কনা! কোনোৱে কিন্তু না নকলে দেই! ওলোটাই সহায় কৰিবলৈ পাই সাংঘাতিক দায়িত্বপূৰ্ণ কাম কৰিছে যেন ভাৱ এটা মুখত ফুটাই গাড়ীখন ৰাস্তাৰ পাৰ কৰাই দিয়ে৷ মই আগৰ সিটো ছীটত বহি লওঁ৷ আশ্চৰ্যপূৰ্ণ দৃষ্টিৰে মানুহজনক চাই থাকোঁ৷ ৰাস্তাৰ সিটো পাৰে মই নামি চকুত মোলৈ মৰম-চেনেহ লৈ থকা মানুহজনৰ পৰা ছাবিটো লওঁ, ধন্যবাদ দিওঁ আৰু ঘৰলৈ ওভটো৷ আগৰ পৰা গাড়ী, স্কুটাৰ চলাই ফুৰা ভণ্টি এজনীয়ে এদিন ক’লে বোলে আপুনি ভয় কৰা নেদেখুৱাব৷ গপচত লাহে লাহে গাড়ীৰ নাকটো আগবঢ়াই নি থাকিব, তেতিয়া সিফালৰ পৰা আহি থকা গাড়ীৰ বেগ এনেও কমিব৷ নহলে ড্ৰাইভিং ছীটত মহিলা দেখিলে ’নাৰ্ভাচ’ কৰাই দিবলৈ চান্স বিচাৰি থাকে ড্ৰাইভাৰবোৰে৷ হয়ো, বুদ্ধিটোৱে কাম দিলে৷

ভালকৈ চলাবলৈ পৰা হোৱাৰ পাছত কথাবোৰ বদলিল৷ মহিলা হোৱাৰ বাবে এইবাৰ সুবিধাই সুবিধা৷ তাকো নিজে নিবিচৰাকৈ৷ ক’ৰবাত পাৰ্ক কৰিবলৈ গাড়ী ৰখাম, ওচৰে-পাজৰে থকা পুৰুষ দুই-তিনিজন নিজে নিজে আগবাঢ়ি আহে আৰু হাতেৰে নিজৰ ফাললৈ গাড়ী আগুৱাই নিবলৈ ’ইছাৰা’ দিবলৈ আৰম্ভ কৰে৷ হাতৰ সৰু গাঁঠিৰ পৰা তলুৱাখন এক বিশেষ ভংগীমাত লৰচৰ কৰে, ঠিক বিহু নাচনীবোৰৰ নিচিনা৷ যেন তলুৱাৰে নিজৰ ফাললৈ বতাহ ঠেলি দি আছে৷ সেইবোৰৰ অৰ্থ হ’ল ’আৰু আগুৱাব পাৰিব, আহক আহকআহি থাকক৷’ যি বুজিলোঁ নিজৰ ঘৰত পানী এগিলাচো লৈ খাবলৈ বেয়া পোৱা মানুহে বাটৰ মহিলা ড্ৰাইভাৰক সহায় কৰিবলৈ সদা তৎপৰ হৈ থাকে৷

ৰাস্তাত আকৌ কেতিয়াবা বিচিত্ৰ অভিজ্ঞতা হয়৷ হৰ্ণ মাৰিলেও আগৰ ড্ৰাইভাৰবোৰে ইচ্ছা কৰিয়েই ৰাস্তা এৰি নিদিয়ে৷ নিজে পিছ পৰি মহিলাক আগুৱাই যাবলৈ দিবনে? তাৰ ভিতৰত বহু শিক্ষিত ভদ্ৰলোক যেন দেখা মানুহো থাকে! তেওঁলোকক কেনেবাকৈ পিছ পেলাই যাব পাৰিলে সমান্তৰাল হ’লে ঘোপা চাৱনি এটা দি যাওঁ বুলি ভাবিলেও ভুলতেও তেওঁলোকে আমাৰ মুখলৈ নাচায়৷ মুঠতে এনেকুৱা এটিট্যুড যে আমাক ৰাস্তাত গাড়ী চলোৱা চাই থাকি বৰ ডাঙৰ উপকাৰহে কৰিছে!

যেতিয়া ক’ৰবাত এজাকমান মহিলা গোট খাওঁ তেতিয়া বহুতে সগৌৰেৱেৰে ঘোষণা কৰে, “তেওঁ হেনো গাড়ী চলাবলৈ শিকাৰ কোনো প্ৰয়োজন নাই৷ মানুহজনে ড্ৰাইভাৰ ৰাখি দিবলৈ সক্ষম৷ কি দৰকাৰ ইমান টেনচন ল’বলৈ?’ যিকি নহওক গাড়ীখন শিকাৰ পাছত বহু কাম সহজ হ’ল৷ গাঁৱৰ ঘৰলৈ গ’লে ইটো সিটোক উঠাই বজাৰলৈ নি বা বজাৰৰ পৰা ঘূৰাই ঘৰলৈ আনি অনাবিল আনন্দ পোৱা হলোঁ৷ এবাৰ নগাৱঁলৈ বিয়া এখন খাবলৈ যাওঁতে নিৰ্মিয়মান ফ’ৰ লেনৰ খেলিমেলিৰ বাবে ডাঙৰ দুৰ্ঘটনা এটাৰ পৰা কোনোমতে ৰক্ষা পৰিলোঁ৷ যাত্ৰীসকলৰ কাৰো একো নহ’ল যদিও গাড়ীখন সন্মুখৰ ফালে চেপেটা হোৱাত স্থানীয় থানাত জমা দি অন্য এখন বাহন ভাৰাত লৈ বিয়াঘৰ পালোগৈ৷ আমাতকৈ আগতে দুৰ্ঘটনাৰ খবৰ বিয়াঘৰ পাইছিলগৈ৷ গৈ পোৱাৰ লগে লগে সকলোৱে দুৰ্ঘটনাৰ কথা সুধিছে আমাক৷ তেনেতে মোক বৰ মৰম কৰা মাহী এগৰাকীয়ে উধাতু খাই আহি ক’লে বোলে তই মাইকী মানুহজনীয়ে অতখন গাড়ী অকলে চলাই আনিব লাগে নে? মই বোলো আগে পিছেও আহোঁতো! আজিহে! কৈছে হ’লেও আজিৰ পৰা নাহিবি কিন্তু৷ উফ! যেন কোনো পুৰুষে আজিলৈকে দুৰ্ঘটনা সংঘটিত কৰাই নাই৷

গুৱাহাটীত গাড়ী চলোৱাৰ চখ পুৰা হৈ চলোৱা কামটো আমনিদায়ক হ’লগৈ এতিয়া৷ পৰাপক্ষত উবেৰ-অ’লাৰে কাম চলাবলৈ চেষ্টা কৰোঁ৷ ৰাস্তাৰ ভিৰ আৰু পাৰ্কিঙৰ জেগাৰ নাটনিৰ কাৰণে৷

এবাৰ মোৰ জ্বৰ হওঁতে ডাক্টৰৰ তালৈ চিনাকি ড্ৰাইভাৰ এজন লৈ গৈছিলোঁ৷ ৰাস্তাত জাম লাগিছিল৷ কিন্তু আমাৰ অকণ দৌৰা-দৌৰি লাগিছিল কাৰণ ডাক্টৰে আমাক দিয়া সময় প্ৰায় হওঁ হওঁ হৈছিল৷ আমাৰ আগে আগে এজন মানুহে গাড়ী চলায় মোবাইলত কথা পাতি একদম লাহে লাহে গৈ আছিল৷ আমি তেওঁক অভাৰটেক কৰিব পৰাগৈ নাই৷ টেক্সি গাড়ী চলোৱা ড্ৰাইভাৰজনে তেওঁক দেখি ক’লে, আজিকালি মাইকী মানুহেই যি স্পীডত গাড়ী চলায়৷ আমাকেই পিছপেলাই থৈ যায় কেতিয়াবা৷ আমি একো নকওঁ বুলিহে! যা বোলো মাইকী মানুহ! চলাব মন গৈছে চলা আৰু!“

’দেহি ঐ! কিমান দয়া কৰিছ’ বুলি ক’বলৈ বৰ মন আছিল৷ একো নকলোঁ, জ্বৰৰ বাবে মূৰ বিষাই আছিল৷ কথাবতৰা বন্ধ কৰি চকু দুটা মুদি দি শোৱাৰ ভাও ধৰিলো যাতে সি একো নকয় আৰু! ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!