উৎসৱৰ নামত আৰু কিমান অধ: গামী হ’ম আমি? (অৰুণজ্যোতি দাস)

আমাৰ দেশখনে যিসমূহ অন্তৰায় বা সমস্যাৰ সন্মুখীন হৈ অন্য উন্নত দেশসমূহৰ সতে ফেৰ মাৰিব পৰাকৈ প্ৰগতিশীল হ’ব পৰা নাই, সেইসমূহৰ ভিতৰত অন্যতম এটি হৈছে দাৰিদ্ৰতা৷ আজিও ভাৰতবৰ্ষৰ ২৪ কোটি মানুহে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে (ইং. ২০১২ চনৰ জৰীপ মতে)৷ এই সংখ্যা কে‌ৱল চৰকাৰী জৰীপ বা প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰিহে৷ কিন্তু প্ৰকৃততে ক’বলৈ গ’লে আমাৰ সমাজত ইয়াৰ প্ৰায় দুগুণ মানুহেই আৰ্থিকভা‌ৱে অতিশয়ে পিছপৰা৷ এই দুখীয়া-নিছলা মানুহখিনিয়েই ভাৰতৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক বা আন প্ৰতিটো ক্ষেত্ৰতে সক্ৰিয়ভা‌ৱে সিংহভাগ অৰিহণা যোগাই আহিছে৷ শিক্ষাৰ পোহৰে অতি কমসংখ্যককহে ঢুকি পো‌ৱা এইখিনি অঁকৰা-অজলা মানুহক লৈয়েই যুগ-যুগান্তৰৰপৰা যি শোষণ-নিপীড়ণ আৰু প্ৰতাৰণা চলি আহিছে, সেয়া আজিকোপতি ভাৰতবৰ্ষত অবাধে বৰ্তি আছে৷ ইয়াৰ ফলশ্ৰুতিতেই দেশখনৰ এচাম মানুহ, যিসকলে ইতিমধ্যেই আঢ্য‌ৱন্ত বুলি সমাজত স্বীকৃতি লাভ কৰিছে, তেওঁলোক দিনক দিনে অধিক ধনী আৰু আন এচাম মানুহ, যিসকলে বংশানুক্ৰমে সেই ‘দুখীয়া’ পৰিচিতি লৈয়েই জী‌ৱন কটাইছে, তেওঁল‌োকো দিনক দিনে অধিক দুখীয়া হৈ গৈ আছে৷ সমাজত সমতা আৰু ঐকতাৰ প্ৰতিশ্ৰুতি দিয়া প্ৰতিখন চৰকাৰেও কিন্তু প্ৰকৃতাৰ্থত এই বিষয়ত বিশেষ কাৰ্যকৰী কোনো পদক্ষেপ লৈ আগু‌ৱাই আহিছে বুলি ক’ব নো‌ৱাৰি৷ বৰঞ্চ খাটি খো‌ৱা মানুহখিনিৰ মাজত দৈন্য আৰু কুসংস্কাৰৰ প্ৰাচুৰ্যতা বৃদ্ধি কৰাটো কিছু ৰাজনীতিকৰ প্ৰধান অভিসন্ধি হৈ পৰিছে বুলি ক’ব পাৰি, যিয়ে নেকি তেওঁলোকৰ ৰাজনৈতিক মুনাফা লাভৰ সহায়ক হিচাপে বছৰৰ পাছত বছৰ প্ৰমাণিত হৈ আহিছে৷ আটাইতকৈ দু: খজনক কথা হৈছে এয়ে যে এই সমস্ত কাৰবাৰটোৰ একো ভু-ভা নোপো‌ৱাকৈয়ে আমাৰ অধিকাংশ সাধাৰণ মানুহেই আজিও কিন্তু সোঁতৰ দিশতে বাট বুলিব ধৰিছে৷ অৰ্থাৎ সহজ ভাষাৰে ক’বলৈ গ’লে, যি সময়ত নিজৰ কষ্টোপাৰ্জিত ধনৰ সৎ ব্য‌ৱহাৰ তথা মিতব্যয়িতাৰে এজন মানুহে দাৰিদ্ৰতাৰ কলংক নি: শেষ কৰি এটা মধ্যবিত্ত পৰিয়ালৰ ভেঁটি গঢ়ি তুলি দেশৰ অৰ্থনীতিত পোনপতীয়াভা‌ৱে অৰিহণা যোগাব পাৰিব লাগিছিল, সেই মুহূৰ্তত আমাৰ অধিকাংশ মানুহে কিছুমান বিশেষ অৰ্থহীন কথাত ধন আৰু সময়ৰ অপব্য‌ৱহাৰ কৰি নিজৰ মুৰ্খামীৰ পৰিচয় দিছে৷

বৰ্তমানে আমাৰ সমাজত ওচৰে-পাঁজৰে আন দহোজনে সততে যিটো কাম কৰা দেখিছো, সেইট‌োকেই আমি প্ৰত্যেকেই কৰিবলৈ উঠি পৰি লাগিছোহঁক৷ অ‌ৱশ্যে ক’ব লাগিব যে, এই অন্ধ অনুকৰণৰ ৰাগীটো হয়তো অন্য মানুহতকৈ অসমীয়াৰ গাত কিছু বেছিকৈয়ে লাগে নেকি! কাৰণ আমি দেখিবলৈ পাই আহিছো যে, আমাৰ মাজৰে কোনো এচামে কিছু বছৰৰ আগেয়ে পি.চি.অ’.ৰ ব্য‌ৱসায় কৰিছিলে৷ তাৰ পাছত সকল‌ো‌ৱেই সেই একে ব্য‌ৱসায়ত লাগি গ’ল৷ ইয়াৰ পাছত ধাবা-হোটেলৰ ব্য‌ৱসায়ত লাগিল৷ তাতো সকলো‌ৱেই হাত উজান দিলে৷ কণ্ট্ৰেক্টৰ হো‌ৱাৰ চখেও বহুতকে ভালকৈয়ে নচু‌ৱালে৷ সেইদৰে ব্ৰইলাৰ আৰু গাহৰি ফাৰ্মৰ ব্য‌ৱসায়ীসকলেও ঠিক তেনেকৈয়ে বিশেষ একো লাভালাভ কৰিব নো‌ৱাৰিলে৷ বৰ্তমানে আকৌ বহু গ্ৰামাঞ্চলত ‘মেজিক’ নামৰ যাত্ৰীবাহী গাড়ী কিনাৰ এটা ধুম উঠিছে৷ অ‌ৱশ্যে সেই জো‌ৱাৰৰো এতিয়া মাৰ যো‌ৱা অ‌ৱস্থা৷ ইয়াৰ অন্তৰ্নিহিত কাৰণটো হৈছে যে আমি কাহানিও নিজৰ বিবেক বা মগজুটো খটু‌ৱাই কোনো নতুন চিন্তা কৰিবলৈ কাহানিও শিকাই নাই৷ বৰঞ্চ, আমাৰ ওচৰৰে কোনো এজনে যদি তেনে কিবা এটা নতুনত্বৰে সফল হো‌ৱা যেন পাওঁ, তেন্তে সেইজনৰ সমানে সমানে ফেৰ মাৰি তেওঁক লাগিলে লেং মাৰি পেলাই থৈ হ’লেও নিজে কেনেকৈ তাৰদ্বাৰা অধিক লাভান্বিত হ’ব পাৰো সেই চিন্তাতহে উঠি-পৰি লাগি যাওঁহঁক৷ কিন্তু মাৰো‌ৱাৰী, বেংগালী আদিৰ দৰে উন্নত আৰু বুধিয়ক জাতিৰ মানুহে ইজনে সিজনক সহায় কৰি উদ্যোগটো বা সকামটো কেনেকৈ অধিক সফল বা অধিক ফলপ্ৰসূ কৰিব পাৰে, সেয়া নিজ অভিজ্ঞতাৰে দেখি-শুনিও আমি কামত লগাব নো‌ৱাৰো৷ সেয়েই হ’বলা অন্ধ অনুকৰণৰ সোঁচৰা বেমাৰে আমাক সহজেই কাবু কৰিবলৈ সাহস কৰিব পাৰিছে৷

দেখা যায় যে, বহু সময়ত আনৰ অনুকৰণ বা অনুসৰণ কৰি কামত আগবঢ়াটো নিসন্দেহে এক প্ৰশংসনীয় পদক্ষেপ হৈ পৰে৷ তাকে কৰিবলৈ যাওঁতে আমাৰ আদৰ্শবোৰ হো‌ৱা উচিত উন্নয়ণমুখী, সংস্কাৰমুখী আৰু শুভ-চিন্তা উদ্বেগকাৰী৷ কিন্তু বৰ্তমানে গোলকীকৰণৰ হা‌ৱা-বতাহ গাত লাগিলে বুলিয়েই যে আমি বিজতৰীয়া কোনো সংস্কৃতি, পশ্চিমীয়া জী‌ৱন-শৈলী, কোনো অজান্তি-মুলুকৰ কিবা এটা উৎস‌ৱ-পাৰ্বণ ইত্যাদিৰ অন্ধ অনুকৰণ কৰি আমাৰ সংস্কৃতিৰ লগত একাকাৰ কৰি দিম, সেয়া নিশ্চিতভা‌ৱে সমৰ্থনযোগ্য কাণ্ড-কলাপ হ’ব নো‌ৱাৰে৷ আমাৰ পৰি‌ৱেশ, সামাজিক স্তৰ, সংস্কৃতি আৰু মানসিকতাৰ লগত খাপখো‌ৱা কিবা এটাৰ লগতহে সহজতে এখন সমাজ আগবাঢ়ি যাব পাৰে৷ ইয়াৰ বিপৰীতে হঠাৎ কোনো এটা অচিনা আদৰ্শক আমি গ্ৰহণ কৰি পেলালে পাখি গুজি ম’ৰাৰ ৰূপ ল’বলৈ যো‌ৱা কাউৰীজনী অথবা শিয়ালৰ দৰে হ’বলৈ যো‌ৱা কুকুৰটোৰ দশাই হ’ব আমাৰো৷ কিন্তু এইধৰণৰ গ্ৰহণ কৰিব নো‌ৱাৰা কিছু অনুকৰণকেই বৰ্তমানে আমাৰ সমাজৰ শিক্ষিত-অশিক্ষিত, ধনী-দুখীয়া সকলো‌ৱেই এনে অন্ধভা‌ৱে গ্ৰহণ কৰি সনা-পিটিকা কৰি পেলাইছে যে ইয়েই দেশৰ পৰম্পৰাগত সংস্কৃতিৰ বিলোপনতো বাদেই, আমাৰ অৰ্থনীতিতো মাধমাৰ সোধাই সকলোকে কঙাল কৰিহে এৰিব৷

অসমৰ ক্ষেত্ৰতে যদি আমি চাওঁ, পূৰ্বতে দাক্ষিণাত্যৰ জনপ্ৰিয় গণেশ-পূজাৰ দৰে উৎস‌ৱসমূহ আমাৰ ৰাজ্যত বৰ এটা ধুম-ধামেৰে উদযাপন কৰা নহৈছিল৷ ঠিক সেইদৰে গাওঁ-ভুঁই বা নগৰ-চহৰতো বোল-বোম অথবা হোলিয়েও সিমান এটা হৈ-হাল্লাৰ সৃষ্টি কৰিব নো‌ৱাৰিছিল৷ কিন্তু আজি আমি দেখিবলৈ পাইছো যে, দাক্ষিনাত্যৰ গণেশ-পূজা বা স্পেইনৰ লা- টমাতিনা উৎস‌ৱক, কে‌ৱল দূৰদৰ্শনৰ পৰ্দাতে আবদ্ধ নাৰাখি আমাৰ চোতাললৈকো ঢোলে-দগৰে আদৰি অনা হৈছে৷ বোল-বোমৰ নামত কিমানখিনি উদ্ভণ্ডালি বা অসভ্যালি বহু ডেকাই কৰিবলৈ লৈছে সেয়া আমি চকু মুদা কুলিৰ দৰে দেখিও নেদেখাৰ ভাওঁ ধৰি বহি আছো৷ কোনো শিক্ষাৰ্থীৰ বিশেষ পৰীক্ষা-পাতি থাকিলেও কেৰেপ নকৰি বোল-বোম উদযাপনৰ নামত গোটেই ৰাতি উচ্চ স্বৰত মাইক বজাই মদ্যপান বা ভাং সে‌ৱন কৰি নাচি ফুৰাটো অসমৰ ভিন্ন ঠাইত আজিকালি এক সুলভ দৃশ্য হৈ পৰিছে৷ ঠিক একেদৰেই হোলীৰ সময়ত মদ্যপায়ী যু‌ৱকৰ কিম্ভুত-কিমাকাৰ দস্যুৰূপে মানুহৰ মনত আনন্দৰ জো‌ৱাৰ তোলাতকৈ অজানা আশংকা আৰু ক্ষোভৰহে সৃষ্টি কৰে৷ ৰেইন-ডেন্স আৰু স্পৰ্শাধিকাৰৰ সুযোগ লৈ বহুতেই আকৌ অসৎ যৌন কামনা পূৰ কৰাৰ চল-চাতুৰিও কৰে৷ এনে পৰিপেক্ষিতত এই পদ্ধতিৰ উদযাপনেৰে এটি উৎস‌ৱে আমাৰ পৰম্পৰা বা বিশ্বাসক উদ্ভাসিত কৰি সমাজত সংস্কাৰমুখী একতাৰ পৰি‌ৱেশ গঢ়ি তুলিব পাৰিব বুলি আমাৰ মনে নধৰে৷

কিছুদিনৰ আগেয়ে পাতি অহা এই দুৰ্গাপূজাটোতো বৰ্তমানে এচাম সুবিধাবাদী মানুহৰ ব্যক্তিগত মুনাফা লাভৰ বাদে কোনো প্ৰকৃত উপাসনা দেখা পো‌ৱা নাযায়৷ পূজাৰ নামতে, মাথো এটা সপ্তাহতে অসমৰ পৰা যে কোটি কোটি টকা ওলাই যায় সেই কথা সকলো‌ৱে দেখি-শুনি-বুজিও কিন্তু নিমাতে-নিশ্চুপে বছৰৰ পাছত বছৰ ধৰি দুৰ্গা পূজা পাতি অহা হৈছে৷ খবৰ-কাকতত প্ৰকাশ হৈ আছে কিমান টকাৰ সুৰা বিক্ৰী হৈছে পূজাৰ সময়ত৷ পূজাৰ মাংগলিক পৰ্বক একাষৰীয়া কৰি থৈ মণ্ডপতে আয়োজন কৰা হয় সাংস্কৃতিক সন্ধিয়াৰ নামত দেশী-বিদেশী ‘ফিউজন’ নৃত্য-গীত, ফেছন-শ্বো৷ আস্, দেৱী আৰাধনাৰো কি যে এক চৰম আধুনিকতা! আমাৰ গা‌ৱঁৰ চাৰিআলিটোতে, আগতে যদি এখনি পূজা হৈছিল, তেন্তে এতিয়া চাৰি-পাঁচখন পূজা হৈছে৷ নগৰ-চহৰত এনে প্ৰতিযোগিতাৰ হাৰ আৰু বেছি৷ কোনখন পূজা সমিতিয়ে কিমান ডাঙৰ পেণ্ডেল দিব, কোনখনে কলিকটীয়া শিল্পীক মাতি আনি কাৰুকাৰ্যৰে চমক দিয়াব তাৰেই প্ৰতিযোগিতা চলিছে৷ এনে প্ৰতিযোগিতাৰ আছে নে কিবা সামাজিক মূল্য? কিবা হিচাপ ৰখা হৈছে নে ইয়াৰদ্বাৰা প্ৰকৃতাৰ্থত কোন ধনী হৈছে আৰু কোন হৈছে দুখীয়া? এইবেলি ঘৰলৈ যাওঁতে ওচৰৰ দোকানীকেইজনে কথা পতা শুনি আহিছো- কেইশমান মানুহৰ আমাৰ সেই ক্ষুদ্ৰ গাওঁখনতেই হেনো মুঠ দেৰ লাখ টকাৰ বেলুন-পুতলা বিক্ৰী হৈছে৷ আৰু দিন-হাজিৰা কৰি খো‌ৱা আটাইতকৈ দুখীয়াজনেও হেনো পাঁচশ টকীয়া নোট দিহে বজাৰ কৰিছে৷ এনে পৰিসংখ্যাবোৰে আমি সামগ্ৰীকভা‌ৱে ধনী হো‌ৱাটোকে সঁচাকৈয়ে সূচাইছে নে? নিশ্চয়কে নহয়৷ বৰঞ্চ আমি ভা‌ৱোঁ, মানুহবোৰ যেন এক অজান মায়া আৰু ঢৌত উটি-ভাঁহিহে গৈছে, যাৰ মোহত বন্দী হৈ আমি কোনো এজনেও ভাল-বেয়াৰ বিচাৰ নকৰাকৈ কে‌ৱল অনুকৰণ কৰিবলৈ শিকিছো৷ সিজনে যদি বেলুন লৈছে, ময়ো বেলুন লৈছো৷ সিজনে যদি মেগজিন থকা বন্দুক লৈছে, ময়ো লৈছো৷ তাকে কৰিবলৈ মই বিক্ৰি কৰিছো মোৰ বিবেক আৰু সত্ত্বাক৷ পানীৰ দৰত বিক্ৰী কৰিছো হাড় ভঙা শ্ৰমৰ মূল্য৷ মই সমিল হৈ গৈছো চকুৰ আগত হঠাৎ ভুমুকি মৰা সমদলটোত৷ লক্ষ্য নজনাকৈ ক’ৰবালৈ গৈ আছো, কে‌ৱল গৈ আছো৷

দীপা‌ৱলী উৎ‌স‌ৱতো হাজাৰটা বিদ্যুৎ বাতি জ্বলিছে৷ দুৰাতিৰ ভিতৰতে কৌটি কৌটি টকাক পুৰি ছাঁই কৰি দিবলৈ কুণ্ঠাবোধ নকৰে আমাৰ কোনো এজনেও৷ আপুনি, মই, সকলো‌ৱে৷ নতুন ফটকা, নতুন ‘কলগছ-ৰকেটে’ আমাৰ মন মুহিছে আৰু ক্ষন্তেকৰ চকুৰ তৃপ্তীৰ বাবে পকেটৰ সাঁচতীয়া ধন ভাঙি সেইবোৰ কিনি দিবলৈ সাজু হৈছো প্ৰতিজনেই৷ এনেকৈয়ে এখন উদ্যমহীন দেশৰ মনোৰঞ্জন-প্ৰেমী জনতাই নিজৰ দায়িত্ব আৰু কৰ্তব্য বুজি নোপ‌ো‌ৱাকৈ এটা উৎস‌ৱৰ নামত স্বদেশক দে‌উলীয়া কৰিছে৷ উৎস‌ৱ উদযাপনত আমাৰ কোনো আপত্তি নাই – এটি সংস্কৃতি‌ৱান জাতিয়ে ঐক্য আৰু পৰম্পৰাৰ খাতিৰত নিসন্দেহে সকলো উৎস‌ৱেই পালন কৰিব পাৰে৷ কিন্তু, সেই তথাকথিত ‘উদযাপন’ৰ নামত ঐতিহ্য প্ৰসিদ্ধ সু-সংস্কৃতি গৈ কু-সংস্কৃতিলৈ পৰ্যবেসিত হৈছে নেকি, অত্যাধুনিকতা আৰু ব্য‌ৱসায়ে ইয়াৰ স্বকীয় সৌন্দৰ্যত কুটিল দাগ পেলাই ঘুণীয়া কৰিছে নেকি তালৈ মন দিয়াটোও প্ৰতিজন নাগৰিকৰে দায়িত্ব হ‌োৱা উচিত৷ মন কৰিব, যিসময়ত আপোনাৰ বা মোৰ সন্তানটিয়ে এখন ৰিমোট কণ্ট্ৰোল পুতলা গাড়ী কিনি আনন্দ লভিবলৈ হাবিয়াস কৰিছে, একে সময়তে কিন্তু আমাৰ চুবুৰীয়া চীন দেশত সমবয়সীয়া এটি সন্তানে সেই ৰিমোট গাড়ীখন সাজিবলৈ যত্ন কৰি আছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments