ভেলেণ্টাইন ডে’ আহিলত মনত পৰিছে… (আব্দুছ চাজিদ)

এক.
ভেলেণ্টাইন ডে’ আহিলত মোৰ মনত পৰিছে… যোৱাটো বছৰৰ এইটো সময়তে ‘অকব’ত এপ্ৰ’ভেল চিষ্টেমৰ সূচনা হৈছিল৷ কোনোবাই কৈছিল, এয়া ভেলেণ্টাইনৰ উপদ্ৰৱ ৰোধিবৰ বাবে কৰা হৈছে৷ তেতিয়াৰ পৰাই সেই ব্যৱস্থা আজিকোপতি বাহাল ৰখা হৈছে৷ কোনো কোনোৱে অৱশ্যে তাকে লৈ অসন্তুষ্টিও প্ৰকাশ কৰিছিল তেতিয়া৷ পিছলৈ যেনিবা সকলোটি স্থিৰ হ’ল৷ সেই দিন ধৰি আমাৰ প’ষ্টবোৰ ৱালত দৃশ্যমান হৈ উঠাৰ পূৰ্বে এপ্ৰ’ভেল নামৰ গে’ইটখনত কিছু সময়ৰ বাবে থমকিব লগা হৈ আহিছে৷ ষ্টপ, চেকিং এণ্ড এণ্ট্ৰি৷ ইয়াত আপত্তি কৰাৰ কোনো থল নেদেখোঁ৷ ফলাফল হিচাপে বৰং এতিয়া লক্ষ্য কৰোঁ, চুটি চুটি বা এশৰীয়া প’ষ্ট অন্তৰ্ধান হৈছে৷ ‘ৰোমান সেনা’ৰ বিলুপ্তি ঘটিছে৷ শেহতীয়াভাৱে অৱশ্যে এইটো মন কৰিছোঁ যে এপ্ৰ’ভেল গে’ইটৰ ষ্টপেজ টাইমটো দীঘলীয়া হৈ পৰিছে৷ ভেলেণ্টাইন ডে’ আকৌ আহি পালত কথাটো হঠাতে মনত খেলালে৷

দুই.
কিমান সঁচা, কিমান মিছা নাজানো৷ কিছুদিনৰ আগতে এটা ঘোষণা কাণত পৰিছিল৷ এইবাৰ হেনো ভেলেণ্টাইন ডে’ৰ দিনা একেলগে পালেই হ’ল৷ হালকে ধৰি নি বিয়া পাতি দিয়া হ’ব! কোনে ক’লে পাহৰিলোঁ যদিও দৃশ্যটো কল্পনা কৰি ভালেই লাগিল৷ এফালৰ পৰা চাবলৈ গ’লে এইটো দেখোন এটা খুবেই উৎসাহজনক কথা৷ যিসকল প্ৰেমিক-প্ৰেমিকাৰ মিলনত পিতৃ-মাতৃৰ বা ঘৰুৱা বাধা আছে, যিসকলৰ অভিভাৱকৰ সন্মতি থকা সত্ত্বেও সামাজিক প্ৰথানুযায়ী বিয়া পাতিবলৈ সাধ্যই নুকুলায়, তেনে যুটীয়ে গোপনে, ইচ্ছাকৃতভাৱে এই সুযোগটো ল’ব পাৰে দেখোন৷ প্ৰেমিক-প্ৰেমিকাহঁতেও অকণো লুক-ঢাক নকৰি, ধৰা পৰিলে বিয়া পাতি দিয়া হ’ব বুলি কোৱাসকলৰ দৃষ্টি আকৰ্ষণৰ চেষ্টাত ৰত হ’ব লাগে৷ কাৰণ ধৰা পৰিলেই বিয়া, জীৱনৰ বাবে এক হোৱা৷ প্ৰেম আৰু মিলনৰ বাবে আতুৰ প্ৰেমিক-প্ৰেমিকা এহালৰ বাবে তাতোকৈ আনন্দৰ কথা আৰু কি হ’ব পাৰে? গতিকে সাহসেৰে মুক্ত বিচৰণ কৰাটোৱেই ভাল কথা৷ ইচ্ছুক অভিভাৱকে সেইদিনা একেলগে পাৰ্ক-চাৰ্কলৈ যাবলৈ ঘৰৰ পৰাও তেওঁলোকক ফ্ৰী কৰি দিব লাগে৷

তিনি.
১৪ফেব্ৰুৱাৰীত বাৰু ভেলেণ্টাইন ডে’৷ তৎসত্ত্বেও কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শেষৰ দিনটো কোনোগুণে কম নহয়৷ প্ৰেম আৰু মিলনৰ আচল দিন সেইটো৷ কিয়নো বহুতে সেইদিনাই কামফেৰা সমাধা কৰি পেলায়৷ ছোৱালীজনীয়ে পৰীক্ষা দিবলৈ গৈ ঘৰলৈ ঘূৰি নাহে৷ ল’ৰাটোৱে এজনী লৈ নোহোৱা হয়৷ প্ৰেমিক-প্ৰেমিকাযুগল গুচি যায়গৈ কোনোবা অজান ঠাইলৈ৷ গোপনে বিয়াত বহে৷ গম পোৱাৰ পিছত ঘৰত বিচাৰ-খোঁচাৰ আৰম্ভ হয়৷ প্ৰথমে গভীৰ অসন্তুষ্টি, কোনো কোনোৰ সমৰ্থন, কোনো কোনোৰ বিদ্ৰোহ, হৈ-হাল্লা, গালি-গালাজ, কাটিম-মাৰিম, কেছ দিয়া-দিয়ি, ইটো-সিটো-বহুতো৷ লাহে লাহে সকলো চেঁচা পৰি যায়৷ ছোৱালীজনী এদিন মাক হয়৷ আইতাকহতোঁ তেতিয়া তেনেই পমি যায়! সচেতন অভিভাৱকসকলে অৱশ্যে পৰীক্ষাৰ এই অন্তিম দিনটোত সন্তানৰ ওপৰত কাঢ়া নজৰ ৰাখে৷ কোনেও ক’ব নোৱাৰাকৈ শক্তিশালী চোৰাংচোৱাও নিয়োগ কৰে৷ ইফালে প্ৰেমিক মানুহো সাত ঘাটৰ চেঙেলী৷ তেনে আৱেষ্টনী ফালি পলায়ুৰ্দ্ধং হৈ পৰে৷ গতিকে সদ্যহতে ভেলেণ্টাইন ডে’ চেলিব্ৰেট কৰিলেও মেট্ৰিক পৰীক্ষাৰ অন্তিম দিনটোৰ গুৰুত্ব কোনোপধ্যে নুই কৰিব নোৱাৰি৷

চাৰি.
প্ৰেমত ফেইল মাৰিলে আকৌ কথা বিষম হৈ পৰে৷ এই পৰাজয় আৰু পৰিস্থিতিৰ ব্যাখ্যা কোনেও আজিলৈ দিব পৰা নাই৷ জীৱনৰ বাবে হাৰি যোৱাৰ গ্লানিয়ে তিল তিলকৈ গ্ৰাস কৰে প্ৰেমিক-প্ৰেমিকা উভয়কে৷ ফলশ্ৰুতিত শেষ সিদ্ধান্ত হিচাপে আনকি আত্মহননৰ পন্থা পৰ্যন্ত অৱলম্বন কৰা দেখা যায়৷ গতিকে অভিভাৱক সাৱধান হোৱা উচিত৷ ঘৰত চিলিং ফেন আদি থাকিলে আগতীয়াকৈ খুলি ৰখাই শ্ৰেয়ঃ৷ চুৰ্ণি আদিও আঁতৰাই থ’ব লাগে৷ আজিকালি অৱশ্যে জিনচ, টি-চাৰ্টৰহে পয়োভৰ৷ চুৰ্ণিৰ ব্যৱহাৰ নোহোৱা হৈছে৷ যোগাত্মক দৃষ্টিৰে চাই সেইফালৰ পৰা চিন্তাটো অকণমান কমা বুলিয়ে ক’ব লাগিব৷ অন্ততঃ ঘপকৈ ওলমিব পৰা যতন এটা নাইকিয়া হৈ আহিছে৷ চুৰ্ণিয়ে যেন নিজেই কৈছে… প্ৰেম কৰা, ধ্বংস নকৰিবা৷ পিছে ঘৰবোৰ ওখকৈ বাঢ়িবলৈ লোৱাতহে বিপদ হৈছে৷ ভেলেণ্টাইন ডে’ আহিলত কথাটো মনলৈ আহিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!