শ্ৰী অমৃতজ্যোতি মহন্তৰ Views and Reviews : এটি অৱলোকন

 

শ্ৰীঅমৃত জ্যোতি মহন্তৰ শেহতীয়া প্ৰৱন্ধ সংকলন Views and Reviews (Swarnagiri, 2014) অসমীয়া প্ৰৱন্ধ সাহিত্য লৈ এক উল্লেখনীয় অৱদান। নিৰ্মোহ বস্তুনিষ্ঠ সাহিত্য সমালোচনাৰ লগতে এই গ্ৰন্থই অনুবাদ সম্পৰ্কীয় চিন্তা-চৰ্চালৈ বহুখিনি মূল্যবান মতামত আগবঢ়াইছে। ভাৰতীয় সাহিত্যৰ প্ৰেক্ষাপটত অনুবাদ সম্পৰ্কীয় চিন্তা-চৰ্চা কিমান পুৰণি? ভাৰতীয় দুই মহাকাব্য আঞ্চলিক ভাষাসমূহলৈ অনুবাদ কৰোঁতে কোনবোৰ বিষয়ে প্ৰাধান্য পাইছিল, ইংৰাজ ঔপনিবেশিকতাবাদৰ বিস্তাৰে ইংৰাজী ভাষাৰপৰা আৰু ইংৰাজী ভাষালৈ ভাৰতীয় আঞ্চলিক ভাষাৰ সাহিত্যৰাজি অনুবাদ প্ৰক্ৰিয়াত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল – এনেধৰণৰ বহু প্ৰাসংগিক বিষয়ৰ অৱতাৰণা কৰিছে এই গ্ৰন্থখনে। শ্বেইক্সপিয়েৰৰ নাটকৰাজিৰ ভিন্ন ভিন্ন ভাষা আৰু পৰিস্থিতিগত অৱতাৰণে অনুবাদ সম্পৰ্কীয় সমস্যাসমূহ বহু বিস্তাৰিত ৰূপত দাঙি ধৰিছে আৰু ইয়াৰ ভালেখিনি সমাধানো আগবঢ়াইছে। Shakespeare and his Hamlet: An Assamese Experience নামৰ প্ৰৱন্ধটোৱেও অনুবাদ সম্পৰ্কীয় বহুখিনি দিশ সাঙুৰি পৰিস্থিতি সাপেক্ষে পৰিবৰ্তনৰ বাস্তৱিক প্ৰয়োজনীয়তাৰ যোগান ধৰিছে। Between Assamese and English: A Translator’s Monologue এই বিষয়ৰে অন্য এটি প্ৰৱন্ধ।
2015-03-16 14.01.01
অনুবাদ সম্পৰ্কীয় যিকোনো সিদ্ধান্তই মহন্তৰ মতে আপেক্ষিক আৰু পৰিস্থিতি সাপেক্ষ। তেখেতে মন্তব্য কৰিছে যে নৱকান্ত বৰুৱাৰ ‘সাগৰ দেখিছা?’ নামৰ বিখ্যাত কবিতাটোৰ “দেখা নাই কেতিয়াও ? ময়ো দেখা নাই” – এইফাকি মালয়ালমলৈ অনুবাদ কৰিলে “নিশ্চয় ! ময়ো দেখিছোঁ ” বুলি কৰাহে বাঞ্ছনীয় হ’ব। মহন্তদেৱৰ এই মতামতৰ লগত আমি সহমত হ’ব নোৱাৰিলোঁ, কিয়নো “শুনিছো তথাপি…” বুলি আৰম্ভ কৰা তাৰ পিছৰ পংক্তিটোৱে বক্তা-শ্ৰোতাৰ অচিন এক কল্পনা ৰাজ্যলৈ সহগমনহে অধিক সূচায়। গতিকে, ইয়াত সাগৰৰ নিত্য প্ৰাত্যহিকতাৰ প্ৰতি অনুবাদত অধিক গুৰুত্ব দিব লাগে নে অন্য এক অচিন কল্পনাৰাজ্যৰ সৃষ্টি কৰিব লাগে সেয়া নিঃসন্দেহে এক বিচাৰ্য্য বিষয়।

সাহিত্য একাদেমীৰ দ্বাৰা প্ৰকাশিত আলোচনী Indian Literatureৰ শ্ৰদ্ধাৰ্ঘ্য শিতানত পূৰ্ৱপ্ৰকাশিত নৱকান্ত বৰুৱা, সৌৰভ কুমাৰ চলিহা আৰু ইন্দিৰা গোস্বামীৰ ওপৰত লিখা তিনিটা প্ৰৱন্ধৰ অন্তৰ্ভূক্তিয়ে এই গ্ৰন্থৰ সৌষ্ঠৱ বঢ়াইছে। অসমীয়া সাহিত্যৰ তিনিজন বৰেণ্য সাহিত্যিকৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ লগতে তেখেতসকলৰ সাহিত্যৰ যথাযথ মূল্যাংকণো অধ্যয়নপুষ্ট সমালোচকগৰাকীয়ে মননশীলতাৰে আগবঢ়াইছে।

মামণি ৰয়ছম গোস্বামীৰ ওপৰত লিখা দুয়োটা প্ৰৱন্ধতে অন্য লেখকৰ সমধৰ্মী ৰচনা বা উপন্যাসৰ পৰিপ্ৰেক্ষিতত মামণি ৰয়ছমৰ ৰচনাশৈলী, বিষয়বস্তু, কথনভংগীৰ বিচাৰ আৰু মূল্যাংকনে মহন্তৰ সুন্দৰ সাৱলীল বিশ্লেষণ ক্ষমতাৰ পৰিচয় দাঙি ধৰিছে।

North East Literature: An Assamese Dissent নিঃসন্দেহে এটা অতি গুৰুত্বপূৰ্ণ প্ৰৱন্ধ। এই প্ৰৱন্ধৰ জৰিয়তে The Oxford Anthology of Writings from the North East India (ed. Tilottama Mishra, 2011) নামৰ দুটা খণ্ডৰ গ্ৰন্থখনৰ বহুতো গুৰুত্বপূৰ্ণ ত্ৰুটি মহন্তই পাঠকৰ আগত দাঙি ধৰিছে। অসমীয়া সাহিত্যৰ সমস্ত নিজস্ব ইতিহাস পাহৰি, কবি অপ্ৰমাদী মাধৱ কন্দলীৰ অৱদান পাহৰি, অসমীয়া ভাষা-সাহিত্যৰ ধ্বজাধাৰী সকলো মহান ব্যক্তিৰ অৱদানক ধুই মচি নিকা কৰিবলৈ কৰা উত্তৰ-পূৰ্বাঞ্চলী সাহিত্য সঞ্চয়নৰ প্ৰচেষ্টাক মহন্তই অকাট্য যুক্তি আৰু উদাহৰণেৰে সৈতে খণ্ডন কৰিছে। মহন্তৰ লগত আমি একমত যে সম্পাদিকাগৰাকীৰ “An intense sense of awareness of the cultural loss and recovery that came with negotiation with ‘other’ cultures is a recurrent feature of the literature of the seven North Eastern States.”- এনেধৰণৰ টুলুঙা আৰু ওপৰে ওপৰে ৰখা বক্তব্যই অসমীয়া সাহিত্যৰ বহুকেইটা যুগমীয়া সুঁতিক সম্পূৰ্ণ ৰূপে নিশ্চিহ্ন কৰি এক সস্তীয়া পাশ্চাত্যধৰ্মী মানসিকতাৰ খোৰাক যোগাইছে যেনহে আমাৰ অনূভৱ হয়। সঞ্চয়নখনত অন্তৰ্ভূক্ত সাহিত্য আৰু সাহিত্যিকৰ বাচনি অতিশয় অপৰিপক্কতা আৰু অধ্যয়নহীনতাৰ পৰিচায়ক বুলিও মহন্তই নিৰ্মোহ বিশ্লেষণেৰে প্ৰমাণ কৰি দেখুৱাইছে। আমাৰ বিচাৰত এই গ্ৰন্থৰ অধিক আলোচনা-সমালোচনা অসমীয়া সাহিত্য জগতত ইতিমধ্যে হ’ব লাগিছিল। মহন্তদেৱৰ প্ৰচেষ্টা নিঃসন্দেহে ধন্যবাদাৰ্হ্য।

অন্য এটি সুন্দৰ সমালোচনাৰ নিদৰ্শন হৈছে মহাপুৰুষ শঙ্কৰদেৱৰ জীৱনৰ ওপৰত আধাৰিত তিনিখন উপন্যাস – ধন্য নৰ তনু ভাল, যাকেৰি নাহিকে উপাম আৰু সৰ্বগুনাকৰ- ৰ তুলনামূলক সমালোচনা। তিনিওখন উপন্যাসৰে শলাগিবলগীয়া দিশবোৰ তথা সীমাবদ্ধতা যথাযথভাৱে বিশ্লেষণ কৰি দেখুৱাই মহন্তই মতামত ব্যক্ত কৰিছে যে সাম্প্ৰতিক পৰিস্থিতিত মহাপুৰুষজনৰ প্ৰাসংগিকতাৰ বিচাৰ নকৰি এই তিনিওখন উপন্যাসে তেৰাৰ জীৱনকাল আৰু তদনীন্তন সময়কে নিজস্ব বিচাৰধাৰা আৰু প্ৰকাশভংগীৰে প্ৰতিবিম্বিত কৰাৰ প্ৰয়াস কৰিছে। ফলশ্ৰুতিত তিনিখনকৈ উপন্যাস ৰচনা হোৱাৰ পাছতো মহাপুৰুষজনাৰ ওপৰত আৰু এক উপন্যাসৰ প্ৰয়োজনীয়তা ৰৈ গৈছে।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যদেৱৰ অমৰ সৃষ্টি ঈয়াৰুইঙ্গম আৰু ইয়াৰ ইংৰাজী অনুৱাদ Love in the Time of Insurgency এই গ্ৰন্থত অন্তৰ্ভূক্ত আন এক প্ৰৱন্ধৰ বিষয়বস্তু। অনুবাদ সম্বন্ধীয় অন্য এক দিশলৈ এই প্ৰৱন্ধই আলোকপাত কৰিছে। গ্ৰন্থ এখনৰ, বিশেষকৈ উপন্যাস এখনৰ নামকৰণ অনুবাদত সম্পূৰ্ণ ৰূপে সলনি কৰাটো কিমানদূৰ সমীচিন অথবা গ্ৰহণযোগ্য? Love in the Time of Insurgency-ৰ উন্মোচনী সভাত আলোচক হিচাপে উপস্থিত থকাৰ সৌভাগ্য আমাৰো হৈছিল। মহন্তই সেই সভাতে নামকৰণৰ এই সম্পূৰ্ণ সালসলনি, বিশেষকৈ ঈয়াৰুইঙ্গম-ৰ দৰে এখন উপন্যাসৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছিল। প্ৰকাশন গোষ্ঠীটোৰ তৰফৰ পৰা এই সন্দৰ্ভত আগবঢ়োৱা মৌখিক উত্তৰ আছিল যে সাম্প্ৰতিক ভাৰতৰ ইংৰাজীভাষী নৱপ্ৰজন্মৰ পঢ়ুৱৈ সমাজক সম্পূৰ্ণ অপৰিচিত এটা নামকৰণেৰে এনে এখন গুৰুত্বপূৰ্ণ উপন্যাস আগবঢ়াই দিয়াতকৈ পৰিচিত শব্দেৰে পৰিচিত বিষয়বস্তুৰ উপস্থাপনৰ প্ৰচেষ্টাৰে নামকৰণ সলনি কৰাৰ সিদ্ধান্ত লোৱা হয়। মহন্তই এই বিষয়ত সঠিকভাবে আঙুলিয়াই দিছে যে ঈয়াৰুইঙ্গম-ৰ ঔপন্যাসিকে নিজে ইংৰাজীলৈ কৰা অনুবাদ অথবা নামটোৰ ওপৰত থকা ঔপন্যাসিকৰ গুৰুত্ব Love in the Time of Insurgency-ত চকুত পৰাকৈয়ে অবৰ্ত্তমান।

Views and Reviews প্ৰকাশ কৰি উলিওৱাৰ বাবে শ্ৰীঅমৃতজ্যোতি মহন্ত আৰু নতুন দিল্লীস্থ স্বৰ্ণগিৰি প্ৰকাশন উভয়ে ধন্যবাদৰ পাত্ৰ। গ্ৰন্থখনত ছপাশালৰ ভূতৰ উপদ্ৰৱ কম। প্ৰচ্ছদ অধিক সুন্দৰ কৰাৰ থল আছে।

সামগ্ৰিকভাৱে, ই অসমীয়া প্ৰবন্ধ জগতলৈ এক লেখত লবলগীয়া অৱদান।
———–0————-

ড° দীপশিখা মহন্ত বৰতামুলী

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!