অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান) আইন, ২০১৫: বিশ্লেষণৰ প্ৰয়াস (উদ্দীপ তালুকদাৰ)

[vc_row][vc_column width=”1/1″][vc_column_text]

অসমৰ ডাইনী সমস্যা নিয়ন্ত্ৰণৰ বাবে অসম বিধানসভাত ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান) আইন, ২০১৫ গৃহীত হৈছে। ২০০২ চনৰপৰা অসমত ১৩০টা জীৱন ডাইনী সন্দেহত নিশ্চিহ্ন হোৱালৈ লক্ষ্য কৰি চৰকাৰৰ ফালৰপৰা কিবা এটা পদক্ষেপ লোৱাৰ বাবে এই আইনখনৰ বাবে অভিনন্দন জ্ঞাপন কৰিও মোৰ দুটামান কথাত আপত্তি আছে।

আপত্তিসমূহলৈ অহাৰ আগেয়ে আইনখনৰ মূল বিষয়কেইটা এবাৰ চাই লোৱা উচিত:

১. অন্ধবিশ্বাস সমাজৰপৰা নিৰ্মূল কৰাৰ স্বাৰ্থত অন্ধবিশ্বাস জনিত অপৰাধক এই আইনৰদ্বাৰা শাস্তিযোগ্য আৰু জামিনবিহীন কৰা হৈছে।

২. কোনো ব্যক্তিক ডাইনী বুলি যিকোনো প্ৰকাৰে অভিহিত কৰাটো নিষিদ্ধ কৰা হৈছে। Capture

৩. ডাইনী সম্বন্ধিত অপৰাধৰ লগত জড়িত ব্যক্তিৰ বাবে ৭ বছৰৰ জেল আৰু ৫ লাখ টকালৈ জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে।

৪. যিকোনো প্ৰাকৃতিক দুৰ্যোগ বা বেমাৰ-আজাৰ বা মৃত্যুৰ বাবে কোনো ব্যক্তিক জগৰীয়া কৰাজনক তিনি বছৰৰ কাৰাবাসৰ ব্যৱস্থা এই আইনত ৰখা হৈছে।

৫. প্ৰয়োজন অনুসৰি এনে ঘটনাৰ বিচাৰৰ বাবে উচ্চ আদালতৰ অধীনত বিশেষ আদালত স্থাপনৰ ব্যৱস্থা ৰখা হৈছে।

ভালদৰে মন কৰিলে দেখা যায়, আইনখনৰ প্ৰথমটো উদ্দেশ্য অন্ধবিশ্বাস সমাজৰপৰা নিৰ্মূল কৰাৰ ৰখা হৈছে যদিও পাছৰ গোটেইকেইটা পইণ্ট মূলতঃ ডাইনী সম্বন্ধিত অপৰাধৰ বাবেহে। সমাজৰপৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে পাছৰকেইটা কোনোপধ্যেই যথেষ্ট নহয়। যেনে, ডাইনী বুলি অভিহিত নকৰি কোনো ব্যক্তিক ভূতে ধৰা বা আন তেনে কিবা অপশক্তিয়ে ধৰা বুলি কোনো বেজে বিধান দিলে সেয়া কিবা অপৰাধ বুলি ধৰা হ’বনে সেইটো নিশ্চিত কৰা হোৱা নাই। ডাইনীজড়িত ঘটনাৰ বাতৰি পৰিৱেশনত মিডিয়াই কেনে আচৰণ কৰিব তাৰ কোনো বিধান দিয়া হোৱা নাই। সামগ্ৰিক ভাৱে অন্ধবিশ্বাস দূৰ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কোনো উপায় ৰখা হোৱা নাই। আৰু ভাবিলে আৰু ওলাব কিজানি। এই তিনিটা কিয় প্ৰয়োজন, তলত অলপ বহলাই লিখিছোঁ,

ডাইনী সন্দেহত হত্যা অন্ধবিশ্বাসৰ আটাইতকৈ ভয় লগা আৰু চৰম দিশহে। অন্ধবিশ্বাস কিন্তু আন বহুত সৰু সৰু দিশটো সোমাই আছে। আৰু এই সৰু সৰু দিশবোৰো একে সময়ত নিয়ন্ত্ৰণলৈ আনিলেহে সামগ্ৰিকভাৱে কিবা আশা কৰিব পাৰি। আমাৰ গাঁৱে-ভূঁয়ে প্ৰচলিত এটা অন্ধবিশ্বাস হ’ল, ঈৰ্ষাপৰায়ণ কোনোবা এঘৰ মানুহে আন এঘৰৰ হানি কৰিবলৈ ‘ঔষধ কৰা’। সাধাৰণতে বেজ আহি কোনো সমস্যাত পৰি থকা পৰিয়ালৰ মনত সোমাই থকা এনে ধাৰণাক দৃঢ় কৰে। আনকি ফাঁকি-বাজিৰে ঘৰৰ চৌহদৰ ক’ৰবাৰপৰা ৰঙা কাপোৰেৰে বন্ধা শিপা-চিপা কিবা-কিবি উলিয়াই আনি নিজৰ কথাৰ প্ৰমাণো প্ৰদান কৰে। এনে ধৰণৰ আন আন অন্ধবিশ্বাস বহু দূৰলৈ সোমাই আছে। গাড়ীৰ আগেৰে মেকুৰী পাৰ হোৱা আদি অন্ধবিশ্বাস বাৰু ইয়াৰ নিৰীহতাৰ বাবেই বাদ দি ৰাখিলো। কোনো ব্যক্তিক জগৰীয়া কৰিলে তাৰ বাবে ওপৰৰ চাৰি নম্বৰ বিধানটো আছে যদিও, ঠিক জগৰীয়া নকৰি সামগ্ৰিকভাৱে বেমাৰ-আজাৰ বা অন্যান্য অসুবিধা আদিৰ অন্তৰালত অতি-প্ৰাকৃতিক শক্তি সোমাই থকা বুলি ধাৰণা দিয়াটোক কোনো অপৰাধ বুলি এই আইনৰ জৰিয়তে গণ্য কৰা হোৱা নাই।

ডাইনী সম্বন্ধিত ঘটনাৰ বাতৰি কিদৰে পৰিৱেশন কৰা হয়, তাৰ ওপৰতো কিছু নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে বুলি মোৰ বিশ্বাস। মন কৰিছোঁ, আমাৰ টিভি চেনেলত যেতিয়া ডাইনী জড়িত অপৰাধৰ বাতৰি দিয়ে, তেন্তে আবহভাৱে অমানুষিক চিঞৰ, কাউৰীৰ ছবি, কেতিয়াবা আনকি বগা কাপোৰেৰে ঢকা ছয়-ময়া মূৰ্তি এটাৰ ছবিও লগাই দিয়ে। তেওঁলোকে সেয়ে বাতৰি পৰিৱেশনত অপৰাধৰ দিশটোৱেই মূলত আঙুলিয়ালেও তেওঁলোকে প্ৰদৰ্শন কৰা ছবি বা আৱহ সংগীতে কিন্তু ডাইনী মানে এনেকুৱাহে কিবা এটাৰ প্ৰতিচ্ছবি অৱচেতন মনত সুমুৱাই দিয়ে। ডাইনী সম্বন্ধীয় বাতৰি পৰিৱেশনত এই অতি-প্ৰাকৃতিক দিশটো সম্পূৰ্ণৰূপে পৰিহাৰ কৰি তাক অকল অপৰাধৰ বাতৰি হিচাপেই পৰিৱেশন কৰাটো আইনীভাৱে নিশ্চিত কৰাটো মোৰ বোধেৰে প্ৰয়োজনীয় আছিল। তেনেকৈয়ে অতি-প্ৰাকৃতিক ঘটনাৰ কাহিনী থকা ছিৰিয়েল আদিৰ আৰম্ভণিতে সেয়া যে কাহিনীহে, সেয়া নিশ্চিতকৈ উল্লেখ কৰা প্ৰয়োজন। সাধাৰণতে কাহিনীভিত্তিক হ’লে, দৰ্শকৰ বাবে সেয়া কাল্পনিক বুলি ধাৰণা কৰাত অসুবিধা নহয় যদিও এতিয়া কিছূমান ছিৰিয়েলত সঁচা কাহিনীৰ আধাৰত বুলিও প্ৰচাৰ কৰে। কিন্তু সেয়া যে সম্পূৰ্ণ সঁচা কাহিনী নহয়, বা হ’লেও যে তাৰ বৈজ্ঞানিক ভিত্তি ভালকৈ অনুসন্ধান নকৰাকৈ তাক সঁচা বুলি ধৰি লৈ প্ৰচাৰ কৰা হৈছে, সেয়া বুজিবলৈ অকণো অসুবিধা নহয়। অসমীয়া এখন ধাৰাবাহিকত তেনে এটা কাহিনীত সৰু ছোৱালী এজনীৰ এক্স-ৰে চাই ডাক্তৰ এজনে এক্স-ৰেত ‘বস্তু এটা’ দেখা পোৱা বুলি কোৱাও মই দেখিছোঁ। তেনে ‘বস্তু’ দেখা পালেও যে ডাক্তৰজনে মূৰ্খৰ দৰে ফচকৈ কৈ নিদিয়ে সেয়া মই নিশ্চিত। গতিকে সেইখিনি কাহিনীটোত মিছা সংযোজন কৰা হৈছে। গতিকে এনে ছিৰিয়েলৰ আৰম্ভণিতে কাহিনীৰ স্বাৰ্থত কিছুমান বস্তু বঢ়াই দেখুওৱা হৈছে বুলি প্ৰথমেই নিশ্চিত কৰি দিয়াটো জৰুৰী। এনে ব্যৱস্থা কিছুমান আইনখনত ৰাখিব লাগিছিল।

ডাইনী অপৰাধ নিয়ন্ত্ৰণৰ বাবে প্ৰথম আৰু আটাইতকৈ কৰণীয় দিশটো হৈছে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ দিশটো। আইনখনত এইটো দিশত বিশেষ গুৰুত্ব দিয়াটো পৰিলক্ষিত হোৱা নাই। (সম্পূৰ্ণ আইনখন এতিয়ালৈ মই পোৱা নাই, অকল মূল পইণ্টকেইটাহে কাকতত দেখিছোঁ, গতিকে থাকিলেও মই জ্ঞাত নহয়।) সজাগতা বৃদ্ধিৰ দীঘলীয়া আৰু ফলপ্ৰসূ আঁচনি গ্ৰহণ অত্যন্ত জৰুৰী। গাঁও এখনলৈ গৈ বছৰত এবাৰ এখন ডকুমেণ্টেৰী বা বাটৰ নাটক কৰি আহিলেই্ সজাগতা বৃদ্ধি নহয়। তাৰ বাবে পৰিকল্পিত দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰো সমানে প্ৰয়োজনীয়, ভিতৰুৱা গাঁওসমূহত চিকিৎসা, যাতায়ত আদিৰ সুব্যৱস্থা কৰাটো। কাৰণ বেমাৰ-আজাৰৰ বাবে ডাইনীক সন্দেহলৈ অনাটোৰ বাবে মূল দায়ী কাৰক হ’ল, ভিতৰুৱা গাঁও অঞ্চলত সুচিকিৎসাৰ অভাৱ, আৰু খৰচী চিকিৎসা ব্যৱস্থা। বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যিমানেই ম’বাইলৰ প্ৰসাৰ বা ফেচবুকৰ প্ৰসাৰৰ বাবে বাহ বাহ ল’ব নিবিচাৰক কিয়, প্ৰকৃত সত্যটো হ’ল সকলো ভিতৰুৱা গাঁৱতেই চিকিৎসা, যাতায়ত, খোৱা-পানী ইত্যাদিকে ধৰি অত্যন্ত মৌলিক বিধৰ হাজাৰ সমস্যা বিদ্যমান। সামগ্ৰিকভাৱে উন্নয়নৰ দিশটো নাচালে কোনো আইনেৰেই অন্ধবিশ্বাস দূৰ নহয়। মই মাজে মাজে কোকৰাঝাৰ জিলাৰ মানসিক ৰোগ চিকিৎসাৰ কেম্প এটালৈ যাওঁ। তাত, দেখিছোঁ, অলপ ভিতৰুৱা অঞ্চলৰ কিছুমান ব্যক্তিয়ে বিছ-পঁচিছ বছৰ ধৰি মৃগী ৰোগৰ ৰোগীয়ে কোনো চিকিৎসা লাভ নকৰাকৈ আছে। বেছিভাগ ক্ষেত্ৰতে মাত্ৰ এটা ঔষধতে নিয়ন্ত্ৰণ হ’বলগীয়া এই বেমাৰটো দুই দশক ধৰি চিকিৎসাই নোহোৱাকৈ থাকিবলগীয়া অৱস্থাটো দুখ লাগিবলগীয়া।

(ঠিক প্ৰাসংগিক নহয় যদিও কৈ থওঁ, এই চিকিৎসাৰ অভাৱৰ দিশটো আঙুলিয়াই দিলে চৰকাৰে তপৰাই ক’ব, ডাক্তৰসকল গাঁৱলৈ যাব নিবিচাৰে। চৰকাৰে এইটো নতুন কায়দা লৈছে যে নিজৰ অসমৰ্থতা ঢাকিবলৈ তেওঁলোকে কৰ্মচাৰীৰ গাত দোষ পেলাই সাৰি যাব খোজে। চৰকাৰী কাম কিয় নহয়? চৰকাৰী কৰ্মচাৰীয়ে কাম নকৰে। গাঁৱলৈ ডাক্তৰ কিয় নাযায়? ডাক্তৰ চহৰত পইচা ঘটাত ব্যস্ত। কিন্তু, আচল কথাটো হ’ল, চৰকাৰী কৰ্মচাৰীয়ে মনপুতি কাম কৰিলেও বা নকৰিলেও আচলতে তেওঁলোকৰ একো নাযায়। বৰং বহু সময়ত যিজনে মনপুতি কাম নকৰি ঘোঁচ খাই, সচিবালয়লৈ নিতৌ অহা-যোৱা কৰি সঠিক জেগাত তেল-তুল দি থাকে, তেওঁলোকে চৰকাৰৰ সকলো সুবিধা পায়, আৰু যিজনে মনপুতি কাম কৰে, তেওঁ আৰু ভিতৰুৱা গাঁৱত পোষ্টিং পাই গৈ থাকে। তেনেকৈ ডাক্তৰ এজনক গাঁৱলৈ যোৱা বুলি ক’লেই যাবনে? য’ত সৰু চহৰৰ জীয়ৰীগৰাকীয়ে গাঁৱলৈ বোৱাৰী হৈ যাব নোখোজে! য’ত ৰাস্তাই নাই, প্ৰাথমিক চিকিৎসা কেন্দ্ৰত এটা ঘৰেই নাই, থাকিলেও ঔষধ নাই, বহু ঠাইত আনকি নিৰাপত্তাও নাই, চিকিৎসাত গণ্ডগোল হ’লে মাৰ খোৱাৰ সম্ভাৱনা প্ৰৱল, কিছূমান জেগাত আপুনি দৰমহাৰ এটা অংশ উৎসতেই কোনোবা উগ্ৰপন্থী সংগঠনক দিব লাগিব, আকৌ এইবিলাক চব তুচ্ছ কৰি ডাক্তৰী এটা মহৎ বৃত্তি বুলি এজন ব্যক্তিয়ে যদি কাম কৰেও, বদলিৰ সময়ত দেখিব যিজনে এদিনো সেই গ্ৰাম্য চিকিৎসালয়ত ভৰি দিয়েই নাপালে, তেওঁ সুন্দৰকৈ নিজৰ পছন্দৰ জেগালৈ বদলি হৈ গ’ল, আৰু কাম কৰি থকাজনে প্ৰায় একে ধৰণৰ জেগা এখনলৈ বদলিৰ পুৰস্কাৰটো পালে। গতিকে সকলো চৰকাৰী কৰ্মচাৰীয়েই খুব সোনকালেই কামৰ স্পৃহা হেৰুৱাই পেলায়। কাৰণ প্ৰকৃত সত্যটো হ’ল, চৰকাৰী কাম ভালকৈ কৰিলে কোনো ধৰণৰ পুৰস্কাৰটো (পুৰস্কাৰ মানে আৰ্থিক বুলি বুজোৱা নাই, ওপৰৱালাৰপৰা এটা প্ৰশংসাসূচক বাক্যৰ কথা কৈছোঁ) নাপায়েই, বৰং আপুনি কামত ব্যস্ত থাকি দিছপুৰক পাত্তা নিদিয়াৰ বাবে কিব নহয় কিবা অসুবিধাহে পোৱাৰ সম্ভাৱনা বেছি। এইখিনি কিন্তু চৰকাৰে কেতিয়াও দেখা নাপায়। মাত্ৰ টিভিত ফচ্‌কৈ মাত দি দিয়ে, ‘কাম নকৰে।‘ আৰে ভাই, কামৰ সন্মান দিয়াচোন, ভালকৈ কাম কৰাক পুৰস্কাৰ, আৰু নকৰাজনক শাস্তি দিয়াৰ নিয়মটো পক্কা কৰি দিয়াচোন, বদলিৰ নামত টকা-পইচাৰ খেলবিলাক বন্ধ কৰি নিশ্চিত প্ৰণালীৰে বদলিৰ ব্যৱস্থা কৰাচোন, তাৰ পাছত কোৱা কাম নকৰে বুলি!)

আইনখনৰ সন্দৰ্ভত চৰকাৰীভাৱে খুব জোৰ দি কৈ থকা কথাটো হ’ল, কঠোৰ শাস্তিৰ বিধান ৰখা হৈছে, ডাইনী হত্যা জামিনবিহীন গোচৰ হিচাপে ধৰা হৈছে। এইটো চৰকাৰী আন এক কৌশল। কিবা এটা সমস্যা চৰকাৰৰ আগত তুলি ধৰক, ফচ্‌কৈ তেওঁলোকে সাত আঠ বছৰৰ কাৰাবাস, আৰু জামিনবিহীন গোচৰ কৰি আইন এখন পাছ কৰি বাহ বাহ লৈ বহি থাকে। পিছে, মই যিটো কথা আজিলৈ বুজি নাপালো, সেয়া হৈছে, ধৰি ল’লো, এজন ব্যক্তিক বেজে ডাইনী বুলি বিধান দিলে, আৰু মোৰ ল’ৰাটোৰ মৃত্যুৰ বাবে দায়ী বুলি খঙতে হিতাহিত জ্ঞান হেৰুৱাই মই সেই ডাইনীক হত্যা কৰিলো, আৰু আনজনক এনেয়ে স্ফূৰ্তিতে হত্যা কৰিলো, তাৰে প্ৰথমটোত মই জামিনবিহীন অপৰাধ কৰিলো, আৰু দ্বিতীয়টোত কিন্তু মোক জামিন দিয়াৰ সম্ভাৱনা আছে! এইটো কেনেকুৱা ন্যায়! ডাইনী হত্যাৰ গোচৰৰ বাবে ইতিমধ্যে প্ৰতিষ্ঠিত হত্যা সম্বন্ধীয় আইনেই যথেষ্ট নহয়জানো? আৰু এটা দিশ হ’ল এইটো যে যদি সঁচাসচি (সঁচা-সচি মানে বহু ক্ষেত্ৰত ডাইনী বুলি উচতাই কাৰোবাক হত্যা কৰাই মাটি-বাৰী দখলৰ ঘটনাও আছে বহুত) ডাইনী সন্দেহত কোনোবাই কাৰোবাক হত্যা কৰিছে, সেয়া সাধাৰণতে হয় অশিক্ষিত ব্যক্তিৰ দ্বাৰা। তেনে ব্যক্তিয়ে অপৰাধ কৰাৰ পাছতহে বুজিব যে তেওঁ যি কৰিলে সেয়া জামিনবিহীন অপৰাধ। গতিকে জামিনবিহীন শব্দটোৱে ডাইনী সম্বন্ধিত অপৰাধ যে কমোৱাত অকণমানো সহায় কৰিব তাত সন্দেহ আছে। ঠিক তেনেকৈ, সকলো হত্যাৰ অপৰাধেই সমানৰ অপৰাধ।

শেষত ক’বলগীয়া কথাখিনি চমুৱাই আকৌ কৈছোঁ, অকল আইন প্ৰণয়নেৰে কোনো অপৰাধ কেতিয়াও নকমে। আইনখনৰ প্ৰকৃত প্ৰয়োগ, পুলিচৰ দক্ষতা, সজাগতা বৃদ্ধি, মিডিয়াৰ দায়িত্ব বৃদ্ধি আদি বহু কাৰক একে সময়তে চাব লাগিব। এই বিষয়ে ৰেগিং বিৰোধী আইন-খন উদাহৰণ হিচাপে চাব পাৰি। ৰেগিং বিৰোধী আইনতো জামিনবিহীন অপৰাধ হিচাপে ঘোষণা কৰা হৈছে, যদিও তাৰ লগত সমান্তৰালকৈ সজাগতা বৃদ্ধি, আৰু ছাত্ৰ-শিক্ষক-প্ৰতিষ্ঠান সকলোকে দায়বদ্ধ কৰি দিয়াৰ বাবে ৰেগিং বিৰোধী আইনখনে সফলতাৰ মুখ দেখিছে। কিন্তু, শাস্তিৰ একে বিধান থকা কিন্তু সামগ্ৰিক ভাৱে সজাগতা বৃদ্ধিত কম গুৰুত্ব দিয়া যৌতুক বিৰোধী আইনখন কিন্তু সিমান সফল নহয়। অৱশ্যে যৌতুক-বিৰোধী আইনখনৰ যুঁজিবলগীয়া সমস্যাও বহু বেছি গভীৰ, সেয়ে ৰেগিং বিৰোধী আইনৰ লগত তাৰ তুলনা কৰা উচিত নহয়। কিন্তু, জামিনবিহীন আদি দফাই আইন এখনক কেতিয়াবা অত্যন্ত একপক্ষীয় কৰি তুলিব পাৰে। খোদ উচ্চতম ন্যায়ালয়ে যৌতুক বিৰোধী আইনখনৰ এইটো দিশ মানি লৈ কিছু সালসলনিৰ পৰামৰ্শ দিবলগীয়া হৈছে। সেয়ে, মোৰ কথাটো হৈছে, আইন এখন প্ৰণয়নৰ সময়ত এনেয়ে ‘ওপৰে ওপৰে’ সাধাৰণ ৰাইজক সন্তুষ্ট কৰাকৈ আইন প্ৰণয়ন নকৰি অন্তৰ্নিহিত দিশবিলাক ভালকৈ অধ্যয়ন কৰি কাম কৰা উচিত।

আইন এখনৰ উদ্দেশ্য শাস্তি প্ৰদানতে শেষ নহয়। আইন এখনৰ মূল উদ্দেশ্য সদায় সামগ্ৰিক ভাৱে সমাজৰ উন্নয়ন কৰাটোহে। কিন্তু, অসম ডাইনী অপৰাধ আইন, ২০১৫-খনত এই মূল উদ্দেশ্য সাধনৰ বাবে বিশেষ গুৰুত্ব নিদিয়াকৈ অকল শাস্তিৰ দিশটোতহে গুৰুত্ব দি তাক মাত্ৰ ৰাইজৰ আগত দেখুৱাবলৈ প্ৰণয়ন কৰা আইন যেনহে হৈছে। যি নহওক, অন্ততঃ কিবা এটা যে আগবাঢ়িছে, সেয়াও বহু আশাৰ কথা। আমি বিচাৰোঁ, দুবছৰ পাছত এই আইনখনৰ সফলতা আৰু বিফলতাৰ দিশবিলাক অধ্যয়ন কৰি প্ৰয়োজনীয় সালসলনি কৰা হওক। দুবছৰ পাছত আইনখনে কিমান কাম কৰিছে, তাৰ সমীক্ষা এটা কৰাটো জৰুৰী।[/vc_column_text][/vc_column][/vc_row]