সততাৰ দাম (চীনদেশীয় সাধু)- বাদল বৰুৱা

দেশখনৰ ৰাজকুমাৰ বিবাহযোগ্য হৈ উঠিছে৷ দেশ বিদেশৰ ৰাজকুমাৰীৰ প্ৰস্তাৱ অনা দূতৰ সোঁত বৈছে৷ কিন্তু ৰাজকুমাৰে চৰ্ত এটা ৰাখিলে যে তেওঁ নিজে পাত্ৰী ঠিক কৰিব৷ ৰাজকুমাৰৰ সয়ম্বৰৰ ঘোষণা হ’ল৷ লগতে এইটোও ঘোষণা কৰা হ’ল যে ৰাজকুমাৰৰ বিবাহ প্ৰাৰ্থী ৰাজকুমাৰীয়েই হ’ব লাগিব, সেইটো বাধ্যতামূলক নহয়৷ সকলো বিবাহযোগ্য কন্যা সয়ম্বৰ সভালৈ আহিব পাৰিব৷ তাৰ মাজৰ পৰা ৰাজকুমাৰে নিজৰ বাবে কন্যা নিৰ্বাচন কৰিব৷

নিৰ্দিষ্ট দিনত দেশ বিদেশৰ ৰাজকুমাৰীৰ লগতে সাধাৰণ বিবাহযোগ্য কন্যা ৰাজদৰবাৰত উপস্থিত হ’ল৷

সেই ৰাজ্যৰে ৰাজহাউলীৰ লিগিৰীৰ এগৰাকী বিবাহযোগ্য কন্যা আছিল৷ তাইৰো মন ৰাজকুমাৰৰ সয়ম্বৰ সভালৈ যোৱাৰ৷ মাকক কথাটো কোৱাত মাকে কলে যে বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নাপায়৷ মানুহৰ হাঁহিয়াতৰ পাত্ৰ হোৱা কথা৷ কিন্ত তাই নামানে৷ তাই যাবই৷ তাইৰ জেদত হাৰ মানি মাকে কলে- “ৰাজকুমাৰৰ সয়ম্বৰত বান্দীৰ জী বুলি মানুহে হাঁহিব৷ যাব খুজিছ যা৷ পিছে গৈ অপমানিত হৈ দুখ পালে মোক নুদুষিবি৷” Xototar Mulyo_Badol Barua_result

সয়ম্বৰ সভাত ৰাজকুমাৰে তেওঁৰ পাণিপ্ৰাৰ্থী কন্যা সকলক একোটা টাব আৰু একোটা সূৰুজমুখী ফুলৰ গুটি দিলে৷ গুটি পচাই ফুল গজাই প্ৰতিপালন কৰা টাবৰ ফুল পৰীক্ষা কৰি তেওঁ কন্যা নিৰ্বাচন কৰিব৷

লিগিৰীৰ জীয়েকে টাবত গুটিটো ৰুই সদায় পানী দিয়ে কিন্তু তাইৰে দুৰ্কপাল যে গুটিটোৰ গঁজালিয়ে নোলাল৷ সদায় ৰাতিপুৱাই গভীৰ আশাৰে তাই টাবটোৰ ওচৰলৈ যায়৷ সদায় নিৰাশ হয়৷ মাকে তাইৰ উদাস চেহেৰা দেখি ক’লে যে বেয়া গুটি এটাত সাৰ-পানী দি থাকিলে একো নহ’ব৷ আৰু তাত এটা বেলেগ গুটি ৰুবলৈ উপদেশ দিলে৷ কিন্তু তাই সেইটো নকৰিলে৷ তাই ধৰি ললে, তাইৰ ভাগ্যয়ে বেয়া৷ বিধিৰ লিখন কোনে খন্দাব৷ কিন্তু তাই ৰাজকুমাৰে দিয়া গুটিটোৰ সলনি বেলেগ গুটি ৰুই ৰাজকুমাৰক ঠগিব নোৱাৰে৷

নিৰ্দিষ্ট দিনা তাই ৰাজদৰবাৰলৈ গ’ল৷ তাইৰ বাহিৰে আন সকলোৱে একোজোপা ৰমক-জমককৈ ফুলি থকা সূৰুজমুখী ফুলেৰে ভৰা টাব লৈ আহিছে৷ তাই খালী টাবটো লৈ দুখমনেৰে শাৰীৰ শেষত থিয় হৈ থাকিল৷

এফালৰ পৰা টাব পৰীক্ষা কৰি আহি ৰাজকুমাৰ তাইৰ ওচৰত থিয় হ’ল৷ তাইক সুধিলে টাবত দেখোন ফুল নাই৷

তাই কলে যে তাই যে ফুল নগজোতেই তাই গম পাইছে যে ৰাজৰাণী হোৱাৰ ভাগ্য তাইৰ নাই৷ তাই কেৱল ক’বলৈ আহিছে যে তাইক দিয়া গুটিটোৱে বেয়া আছিল৷ প্ৰতিপালনত তাই অকণো অৱহেলা কৰা নাই৷

ৰাজকুমাৰে কলে- “যিয়ে নিজক ফাঁকি নিদিয়ে, তাক ভাগ্যই কেতিয়াও লগ এৰা নিদিয়ে৷ তুমিয়েই মোৰ উপযুক্ত পাণিপ্ৰাৰ্থী৷ যিয়ে নিজৰ স্বাৰ্থৰ বাবে সততা বিসৰ্জন দিয়ে, তেওঁৰ বাবে আনক প্ৰতাৰণা কৰা একেবাৰে সহজ৷ মোক পাবলৈ মই দিয়া গুটি সলনি কৰি, জকমকীয়া ফুল গজাই অনাসকলে, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে, মোকো যে নঠগিব তাৰ কি নিশ্চয়তা আছে?”

আচলতে সেইটো আছিল ৰাজকুমাৰে লোৱা সততাৰ পৰীক্ষা৷ ৰাজকুমাৰে সকলোকে বেয়া গুটি দিছিল৷ আন সকলোৰে ৰাজকুমাৰে দিয়া গুটি নগজাত, বেলেগ গুটি ৰুই জকমকীয়া ফুল ফুলাই টাববোৰ আনিছিল৷ কিন্তু লিগিৰীৰ জীয়েকৰ সততাৰ খালী টাবৰ ওচৰত সকলো হাৰি থাকিল৷ সততাৰ গুণত বান্দীৰ জীয়েক ৰাজৰাণী হৈ সুখেৰে জীৱন কটালে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments