সাক্ষাৎকাৰ: ববিতা শইকীয়া, আইনী পৰামৰ্শদাতা আৰু ৰাজ্যিক সমন্বয়ক (শিশু সুৰক্ষা), অসম বচপন বচাও আন্দোলন

লেখক- সাহিত্য ডট অৰ্গ

(বিগত কিছু বছৰ শিশু অধিকাৰ আৰু সুৰক্ষাৰ সৈতে জড়িত হৈ আছে। বহি: ৰাজ্যলৈ সৰবৰাহ কৰা বহুতো শিশুক উদ্ধাৰ কৰি পুন: সংস্থাপন কৰিবলৈ সক্ষম হৈছে। লগতে যৌন অপৰাধৰ দৰে অপৰাধৰ ভুক্তভোগী শিশুক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হৈছে। )

সাহিত্য ডট অৰ্গ – নমস্কাৰ সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে মাঘ সংখ্যাৰ সাহিত্য ডট অৰ্গৰ মাহেকীয়া আলোচনীৰ বিষয় বস্তু হৈছে শৈশৱ বা ল’ৰালিকাল। আপুনি যিহেতু দীৰ্ঘ সময় ধৰি শিশুৰ সৈতে জড়িত হৈ আছে। শিশুৰ ল’ৰালিকাল ৰক্ষাৰ বাবে অহৰহ কাম কৰি আহিছে। আপোনালোকে অসমত এই সম্পৰ্কে কেনেদৰে কাম কৰি আহিছে? এই বিষয়ে আমাক জনাব নেকি? আৰু বৰ্তমান সময়ত অসমৰ শিশুসকলে কেনেধৰণৰ সামাজিক সমস্যাৰ সন্মুখীন হৈ আছে, এই সম্পৰ্কেও কিছু কথা জানিবলৈ পাম বুলি আশা কৰিছোঁ।

ববিতা শইকীয়া– ধন্যবাদ। অসমত শিশুসকলৰ কাৰণে আমি ২০১২ চনৰ পৰা আমাৰ অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা কৈলাস সত্যাৰ্থী চিলড্ৰেন ফাওনডেশ্যনৰ তৰফৰ পৰা কাম কৰি আছোঁ বিশেষকৈ আমি শিশুসকলৰ বিৰুদ্ধে যি অপৰাধ সংঘটিত হয়, সেই অপৰাধ বিলাকৰ কেনেকৈ নিৰাময় কৰিব পাৰি বা অপৰাধৰ ভুক্তভোগী হোৱা শিশুসকলক কেনেকৈ উদ্ধাৰ কৰিব পাৰি, তাৰ ওপৰত বিশেষ ভাবে আমি কাম কৰি আছোঁ।

আৰু আপুনি যিটো কথা সুধিলে যে শিশুসকলে কেনেধৰণৰ সামাজিক সমস্যাৰ সন্মুখীন হৈ আহিছে, এতিয়া সামাজিক সমস্যা বুলি ক’লে আমি প্ৰধানকৈ যি বিলাক শিশু স্কুললৈ বা বিদ্যালয়লৈ যাব পৰা নাই, বা গৈছে যদিও তেওঁলোকে আধাতে স্কুল এৰি আহিছে, বা যিসকল শিশুৱে বিভিন্ন ধৰণৰ অপৰাধৰ সন্মুখীন হৈছে, বা তেওঁলোকৰ জৰিয়তে কিবা অপৰাধ সন্মুখীন হৈছে আদি সমস্যাবিলাকক আমি সামাজিক সমস্যা বুলি ক’ব পাৰোঁ। আমি তাৰ ওপৰতেই বা কেনেধৰণেৰে সেই শিশুসকলক সমস্যা সমূহৰ মাজৰ পৰা আঁতৰ কৰিব পাৰি, এই বিষয়ে কাম কৰি আহিছোঁ।

সাহিত্য ডট অৰ্গ– বৰ্তমান অসমৰ শিশুসকল কেনেধৰণৰ অপৰাধৰ সন্মুখীন হয় বা কেনে ধৰণে হয়?

ববিতা শইকীয়া– অপৰাধ বুলি ক’লে যি আমাৰ আইনৰ প্ৰভিজ্যন আছে, সেই অনুসৰি যদি চাবলৈ যাওঁ আমাৰ শিশুসকলৰ সৈতে যৌন নিৰ্যাতনৰ দৰে অপৰাধ সংঘটিত হ’ব পাৰে, শিশুসকলক শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিব পাৰে, বা শিশুসকলক আমি এনেকুৱা কামত নিয়োগ কৰিছোঁ অসমৰ ভিতৰতে হওক বা অসমৰ বাহিৰলৈ নি যিটোক শিশু সৰবৰাহ বুলি ক’ব পাৰি, এনেকুৱা ধৰণৰ কিছু অপৰাধ শিশুসকলৰ বিৰুদ্ধে সংঘটিত হৈ আছে।

গতিকে আমি এইটোৱেই ক’ব পাৰোঁ যে শিশুৰ যি অধিকাৰ আছে, ভাৰতীয় সংবিধান বা মানৱ অধিকাৰে শিশুক যি জীয়াই থকাৰ অধিকাৰ, পঢ়াৰ অধিকাৰ, খেলা-ধূলাৰ অধিকাৰ এই সকলো বিলাক অধিকাৰ যেতিয়া খণ্ডন কৰি তেওঁলোকৰ বিৰুদ্ধে আমি কাম কৰিবলৈ যাওঁ, তাকেই শিশুৰ বিৰুদ্ধে অপৰাধ বুলি ক’ব পাৰি।

সাহিত্য ডট অৰ্গ– হয় এতিয়া শিশুৰ অধিকাৰৰ কথা কৈছে সেয়ে সুধিছোঁ, ঘৰুৱা পৰিবেশটো শিশুৰ অধিকাৰ খৰ্ব হ’ব পাৰে নেকি? বৰ্তমান সময় কভিদ মহামাৰীৰ সময়। শিশুসকল ঘৰতে আবদ্ধ হৈ আছে। গতিকে ঘৰুৱা পৰিবেশটো শিশু অপৰাধৰ সন্মুখীন হ’ব পাৰেনে? আত্মীয় স্বজনে যিহেতো আবৰি থাকে!

ববিতা শইকীয়া– এতিয়া আমাৰ যি চাৰ্ভে চলে বা ব্যক্তিগত ভাবে আমাৰ সংগঠনৰ ফালৰ পৰা কৰাই হওক বা গভৰ্ণমেণ্টৰ যি ডিপাৰ্টমেণ্ট আছে, চ’ছিয়েল ৱেলফেয়াৰেই হওক বা পুলিচৰ ফালৰ পৰাই হওক বা অন্য যি বিভাগ আছে, তেওঁলোকৰ ফালৰ পৰা যি চাৰ্ভে কৰা হয় তাৰ জৰিয়তেই গম পোৱা গৈছে যে কভিদ কালীন অৱস্থাত শিশুসকল যেতিয়া ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিল, তেতিয়াই তেওঁলোকৰ ওপৰত বৃদ্ধি পাইছিল যৌন নিৰ্যাতনৰ অপৰাধ। ঘৰুৱা মানুহৰ পৰাই হয়। সাধাৰণতে আমাৰ যি আইন আছে POCSO আইন, তাৰ ধাৰাই আছে। শিশুসকলৰ বিৰুদ্ধে যি যৌন নিৰ্যাতন হয় সেয়া বেছিভাগ ঘৰুৱা বা আত্মীয় মানুহৰ পৰা হোৱা দেখা গৈছে। আইনত এই ব্যৱস্থাই আছে যে ঘৰুৱা মানুহৰ পৰা হ’লে কেনে শাস্তি প্ৰয়োগ কৰা হ’ব। শিশুসকল ঘৰত সোমাই থকাৰ বাবে বৰ্তমান ঘৰুৱা মানুহৰ দ্বাৰাই হায়েষ্ট অপৰাধ সংঘটিত হৈছে।

লগতে এই সময়ছোৱাত তেওঁলোকৰ বিৰুদ্ধে অনলাইনটো অপৰাধ সংঘটিত হৈছে। অনলাইন মানে ইণ্টাৰনেটৰ জৰিয়তে বা সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ফলত কিছুমান মানুহে শিশুসকলক উচতনি দি বা অন্য প্ৰকাৰে প্ৰলোভিত কৰি তেওঁলোকক বিভিন্ন ধৰণে অনলাইন প্ৰণ’গ্ৰাফী বা চেক্সুৱেল হাৰাস্মেণ্ট কৰাও দেখা গৈছে।

সাহিত্য ডট অৰ্গ– বৰ্তমান শিশুৰ হাতে হাতে মোবাইল। মোবাইল ব্যৱহাৰ কৰিবই লাগিব যিহেতু অনলাইন ক্লাছৰ সৈতে যিহেতু জড়িত। এতিয়া বহুতে মোবাইলটোক জগৰীয়া কৰে। কয় যে মোবাইলটোৰ কাৰণেহে শিশু অপৰাধৰ চিকাৰ হৈছে বা নিজেও অপৰাধৰ সন্মুখীন হৈছে। এতিয়া অলপতে নগাঁৱত এটা ঘটনা সংঘটিত হৈ গ’ল। সকলোৱে মোবাইলক জগৰীয়া কৰিলে আপোনালোকে কি বুলি ক’ব?

ববিতা শইকীয়া– হয় এইটো হয়। সকলোৱে মোবাইলক জগৰীয়া কৰে। বৰ্তমান মোবাইলটো আমাৰ অপৰিহাৰ্য্য অংগ হৈ পৰিছে। এতিয়া অনলাইন ক্লাছ কৰিবলগীয়া হয়। শিশুসকলক মোবাইল দিবলগীয়া হয়। কিন্তু মই ভাবোঁ বা আমাৰ সংগঠনৰ ফালৰ পৰা আমি ভাবোঁ যে মোবাইল হৈছে এটা সাধাৰণ উপাদান। এই গোটেই প্ৰক্ৰিয়াটো বা শিশুৰ বিৰুদ্ধে যি অপৰাধ সংঘটিত হৈছে ইয়াত বিভিন্ন উপাদান থাকে তাৰ এটা হ’ব পাৰে, কিন্তু প্ৰধান কাৰণ হিচাপে আমি ভাবো যে ঘৰখনৰ যিটো পৰিৱেশ বা সমাজৰ যিটো পৰিৱেশ সেই পৰিৱেশৰ কাৰণেহে এটা শিশু অপৰাধৰ সন্মুখীন হ’বলগীয়া হয় বা অপৰাধ এটা কৰিবলৈ বাধ্য হয়। এটা শিশুৱে কোনো কথা নিজেই বিবেচনা কৰিব নাজানে বা তেওঁলোকে বিবেচনা কৰা কথাটো সদায় শুদ্ধ নহ’ব পাৰে সেইটো আমি সকলোৱে জানো। তেনে ক্ষেত্ৰত যেতিয়া মোবাইল ব্যৱহাৰ কৰে, মোবাইলৰ ক্ষেত্ৰত শিশুৱে কি চাব নাচাব এই ক্ষেত্ৰত ঘৰৰ মানুহখিনিয়ে পৰ্য্যবেক্ষণ কৰাটো অত্যন্ত জৰুৰী। মই সদায় কওঁ এটা কথা যে দুই ধৰণৰ মাক দেউতাক আমাৰ সমাজত আছে। এক ধৰণৰ মাক দেউতাকে শিশুসকলক অত্যধিক মৰম কৰে। শিশুৰ মৰমত অন্ধ হৈ যিয়েই বিচাৰে শিশুটিক সেয়া তুলি দিয়ে। যাৰ বাবে কি বেয়া কাম কৰি আছে গুৰুত্ব নিদিয়ে আৰু বেয়া কাম কৰিলেও বেয়া বুলি নাভাবে। বা কিবা এটা চাই থাকিলেও সেয়া চাবলগীয়া বুলিয়েই ভাবি লয়। এয়া শিশুটিৰ কাৰণেই আচলতে বেয়া। আৰু এক ধৰণৰ মাক দেউতাক আছে একেবাৰেই সন্তানটোক নাচায়। কিনো কৰি আছে সেয়াও নাচায়। গতিকে এই দুই ধৰণৰ অভিভাৱকেই নিজৰ শিশুটিৰ কাৰণে বা সন্তানটিৰ কাৰণে বিপদজনক।

এতিয়া নগাঁৱত যি ঘটনা হৈ গ’ল, হয় মানুহে কৈছে যে মোবাইলত তেনেকুৱা ভিডিঅ’ চোৱাৰ পিছত, ভুক্তভোগীক চাবলৈ দি অপৰাধ সংঘটিত কৰিলে, ইয়াৰ প্ৰধান কাৰণ কিন্তু মোবাইল নহয়। আমি যদি তাৰ শিপাডাল বিচাৰি যাওঁ তেন্তে আমি চাব লাগিব যে যিটো পৰিৱেশত তেওঁলোক ডাঙৰ হৈছে বা কেনেধৰণৰ মানুহৰ লগত তেওঁলোক ডাঙৰ হৈছে বা ঘৰুৱা পৰিবেশ বিলাক কেনেকুৱা, এই গোটেই কথাবোৰ যদি পৰ্য্যবেক্ষণ কৰিবলৈ যাওঁ তেন্তে মই ভাবোঁ মোবাইলটো সামান্য এটা অজুহাতহে হয়। আচলতে অপৰাধ এটাৰ মূল কাৰণ হ’ব নোৱাৰে।

সাহিত্য ডট অৰ্গ– অপৰাধ কৰা বা অপৰাধৰ ভুক্তভোগী শিশুসকল স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰেনে?

ববিতা শইকীয়া– হয় নিশ্চয়কৈ পাৰে। তেওঁলোক শিশুৱেই হয় যিহেতু ১৮ বছৰৰ তলৰ। এটা কথা জানি ল’ব লাগিব যে তেওঁলোকে যি কাম কৰে, কিছুমান কাৰকৰ কাৰণেহে কৰে। তেওঁলোকৰ তাত ইনটেনশ্যটো বেয়া নাথাকে। তেনে ক্ষেত্ৰত মই অপৰাধ কৰা শিশুসকলৰ কথা কৈ আছোঁ। যিসকল শিশুক অপৰাধ কৰা বুলি ধৰা হয় তেওঁলোকক আমি অপৰাধী হিচাপে নলৈ তেওঁলোকক কিছুমান observation হোম আছে, তাত ৰাখি আমি পৰ্যবেক্ষণ কৰোঁ, কাউন্সিলিং কৰোঁ। তেওঁলোকে কি কাৰণে কিবা এটা কাম কৰিবলগীয়া হ’ল বা কি পৰিস্থিতিত পৰি হ’ল বা জন্মগত ভাৱেই অপৰাধী মানসিকতাৰ নেকি? এই গোটেই কথাখিনি বিচাৰ বিবেচনা কৰা হয় আৰু তেখেতক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ মানে তেখেতে যাতে ভৱিষ্যতে তেনে কাম নকৰে, তেনেকুৱা ধৰণৰ কথা পাতি কাউন্সিলিং কৰি তেখেতক বুজোৱা হয়। সঁচাকৈ তেনে শিশুসকল খুব অৱস্থালৈ ঘূৰি আহে। তেওঁলোকেও বুজি পাই যে সেইটো প্ৰকৃততে অপৰাধ হয় আৰু নকৰা হয়। এনেকুৱা বহুত উদাহৰণ আছে।

ঠিক সেইদৰে এনেকুৱা বহুতো ভুক্তভোগী শিশুসকল আছে। ভুক্তভোগী শিশু বুলিলে বহু ধৰণৰ অপৰাধ যেনে যৌন নিৰ্যাতনৰ ঘটনা বা শিশু শ্ৰমিকৰ যিবিলাক ভুক্তভোগী হয় বা শিশু সৰবৰাহ অপৰাধৰ যি ভুক্তভোগী হয়, এই প্ৰতিটো শিশুকে যেতিয়া উদ্ধাৰ কৰা হয়, দেখা যায় যে তেওঁলোকৰ মানসিক অৱস্থাটো মানে তেওঁলোক trauma ত গুচি যায়। বিশেষকৈ যৌন নিৰ্যাতনৰ যিসকল ভুক্তভোগী হয়। সেই ক্ষেত্ৰত তেওঁলোকৰ সৈতে বহুত বেছি কাউন্সিলিঙৰ প্ৰয়োজন আহি পৰে। চৰকাৰী বা বেচৰকাৰী ভাবেই হওক কিছুমান আমাৰ প্ৰফেশ্যনেল কাউন্সিলৰ থাকে। তেওঁলোকে কেনেধৰণে শিশুটিৰ লগত কথা পাতিব লাগে, কেনেধৰণে স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব লাগে, তেওঁলোকে কথা পাতে। চাইক’লজিষ্টৰ লগত তেওঁলোকে কথা পাতে। এই গোটেই ব্যৱস্থাটোৰ সৈতে তেওঁলোকক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনা হয়।

ভুক্তভোগী শিশুসকলক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ তিনিটা আমাৰ প্ৰক্ৰিয়া আছে। সামাজিক পুনঃনিৰ্বাসন, অৰ্থনৈতিক পুনঃনিৰ্বাসন আৰু শিক্ষাগত পুনঃনিৰ্বাসন। কাউন্সিলিঙৰ কথাটো হৈছে সামাজিক পুনঃনিৰ্বাসন। যিটো trauma ত গুচি যোৱা এগৰাকী ভুক্তভোগীক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবৰ বাবে, সামাজিক ভাবে তেখেতক সহজ কৰি তুলিবৰ বাবে কাউন্সিলিং কৰা হয় সেয়া হৈছে সামাজিক পুনঃনিৰ্বাসন।

অৰ্থনৈতিক পুনঃনিৰ্বাসন হৈছে এনেকুৱা শিশুসকলৰ বাবে অৰ্থনৈতিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা আছে আমাৰ আইন ব্যৱস্থাৰ জৰিয়তে। যিটো district legal service authority ৰ জৰিয়তে প্ৰদান কৰা হয়। section 357 (A) CRPC ত এটা প্ৰভিজ্যন আছে তাৰ জৰিয়তে আৰু প্ৰত্যেক ষ্টেটতে আৰু অসমতো তেনেকুৱা ধৰণৰ Victim Compensation Act ৰ স্কীম আছে। সেই স্কীমৰ জৰিয়তে কোনটো অপৰাধৰ ভুক্তভোগী শিশুৱে কিমান টকা পাব তেনেধৰণৰ কিছুমান প্ৰভিজ্যন আছে। গতিকে সেই প্ৰভিজ্যনৰ জৰিয়তে তেওঁলোকে কৰ্টৰ এটা অৰ্ডাৰ দ্বাৰা POCSO ৰ ভিক্তিমেই হওক চাইল্ড লেবাৰ ভিক্তিমেই হওক বা ট্ৰেফিকিং ভিক্তিমেই হওক, তেনেকুৱা ধৰণৰ ভুক্তভোগীসকলক অৰ্থনৈতিক ভাবে সকাহ দিবলৈ কিছু compensation আগবঢ়োৱা হয়।

আৰু একেবাৰে শেষত এডুকেশ্যনেল ৰিহেবিলিটেশ্যন বা শিক্ষাগত পুনঃনিৰ্বাসন বুলি কোৱা হয়। যিসকল শিশু ১৪ বছৰৰ তলৰ অপৰাধৰ ভুক্তভোগী হয় সেই ১৪ বছৰৰ তলৰ শিশুসকলে compulsory education পাব লাগে। যিসকল শিশু ১৪ বছৰতকৈ বেছি হয় আৰু তেওঁলোক ১৮ বছৰৰ তলৰ হয়, তেন্তে যদি পৰা যায় তেন্তে স্বাভাৱিক শিক্ষা প্ৰদান কৰা হয়। যদি পৰা নাযায় বা তেওঁলোকৰ কিবা অসুবিধা থাকে তেতিয়া ভকেশ্যনেল ট্ৰেইনিং বা কাৰিকৰী শিক্ষা আমি প্ৰদান কৰিব পাৰোঁ। এনেধৰণৰ ব্যৱস্থাও সন্নিবিষ্ট কৰা হৈছে।

সাহিত্য ডট অৰ্গ– আপুনি কেইবাবাৰো উল্লেখ কৰিছে POCSO আইনৰ কথা। আমাক জনাব নেকি POCSO আইনখনৰ বিষয়ে?

ববিতা শইকীয়া– POCSO আইনখন মানে খুব sensitive বা স্পৰ্শ কাতৰ ব্যৱস্থা বুলি ক’ব পাৰি। আইনত এখন নতুন সংযোজন। পূৰ্বতে কি হৈছিলে শিশুসকলৰ বিৰুদ্ধে যদি কিবা যৌন নিৰ্যাতন হয় তেতিয়া আমাৰ IPC যিখন আছে, IPC 376 বা এনেকুৱা প্ৰভিজ্যন বিলাকৰ জৰিয়তে কেছ এটা ৰেজিষ্টাৰ কৰা হৈছিল। অৰ্থাৎ সাধাৰণ ৰেপ কেছ হয় বা molestation ৰ দৰেই treat কৰা হৈছিল। কিন্তু শিশুসকলৰ কথা বিশেষ ভাবে বিবেচনা কৰিব লাগে সেইকাৰণেই ২০১২ চনত POCSO আইনৰ প্ৰয়োজনীয়তা আহি পৰিল আৰু POCSO আইন প্ৰণয়ন হ’ল। এই POCSO আইনত বিভিন্ন ধৰণৰ প্ৰভিজ্যন আছে। কেনেকুৱা পৰিস্থিতিত শিশু এটি যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে বা কোন মানুহে কৰিছে, কেনেকুৱা ধৰণে কৰা হৈছে আদি কথা সূক্ষ্ম ভাবে বিশ্লেষণ কৰি প্ৰত্যেকটো দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আৰু ইয়াৰ ভিত্তিতে শাস্তিসমূহ স্থিৰ কৰা হৈছে।

সাহিত্য ডট অৰ্গ– হয় বৰ্তমান শিশুৰ অপৰাধ বা শিশুৰ যৌন অপৰাধ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই অপৰাধসমূহ ৰোধ কৰিবলৈ শিশুসকল বা অভিভাৱকসকলে কেনেকৈ সজাগ হ’ব লাগিব? আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ভাবে?

ববিতা শইকীয়া– আমি যি শিশু অপৰাধৰ কথা আলোচনা কৰি আহিছোঁ, সাধাৰণতে ঘৰুৱা মানুহৰ দ্বাৰাই হয় বা আত্মীয় স্বজনৰ দ্বাৰাই হয় বুলি ৰিছাৰ্চ বা যি পৰীক্ষা নিৰীক্ষা হৈ আছে তাত ওলাইছে। এতিয়া আমি কওঁ যে bad touch good touch বুলি এটা কথা আছে। আমি শিশু এটিক ঘৰৰ পৰাই শিক্ষা দিব লাগিব। মাক-দেউতাকৰ ফালৰ পৰা শিকাব লাগিব যে স্পৰ্শ কাতৰ অংগ কোনবিলাক। তোমাৰ শৰীৰৰ স্পৰ্শ কাতৰ অংগত যদি কোনোবাই হাত দিছে, তেতিয়া তুমি যদি অসহজ অনুভৱ কৰিছা তেন্তে লগালগ মাক দেউতাকক বা অভিভাৱকক জনাবা। এনেকুৱা শিশু আমি পাইছোঁ যি মাক দেউতাকতকৈ ফ্ৰী হয় নিজৰ শিক্ষকৰ লগত। তেনে ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলেও দায়িত্ব ল’ব লাগে যে শিশুসকলে তেওঁলোকৰ সৈতে খোলাকৈ যাতে কিবা এটা আলোচনা কৰিব পাৰে তেনে পৰিৱেশ এটা সৃষ্টি কৰাত গুৰুত্ব দিব লাগে। খোলাখুলিকৈ কৰা আলোচনাৰ পৰিৱেশ এটিৰ দ্বাৰা শিশু এটিৰ সৈতে সংঘটিত হোৱা অপৰাধ ১০০% নহ’লেও ৮০% আমি ৰোধ কৰিব পাৰিম বুলি আশা কৰিব পাৰোঁ।

সাহিত্য ডট অৰ্গ– বৰ্তমান সময়ত অসমত শিশু সৰবৰাহৰ ঘটনা খুব বৃদ্ধি পোৱা দেখা পোৱা গৈছে। ইয়াৰ আঁৰৰ কাৰণসমূহ কি হ’ব পাৰে?

ববিতা শইকীয়া– শিশু সৰবৰাহ বা মানৱ সৰবৰাহৰ ক্ষেত্ৰত অসমক ভাৰতৰ ভিতৰতে source area বুলি কোৱা হয়। ইয়াৰ পৰা অত্যধিক মানৱ সৰবৰাহৰ ঘটনা সংঘটিত হৈ থাকে। এতিয়া শিশু সৰবৰাহৰ কাৰণ বুলিলে আমি কওঁ যে অসম এখন দৰিদ্ৰ ৰাজ্য বা অসমত বহু ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হৈ থাকে যেনে- বানপানী হয়। বিশেষকৈ দুখীয়া হোৱাৰ বাবেই শিশুসকলক লৈ যায় বুলি কোৱা হয়। তাৰ আগতে আমি জানিব লাগিব যে শিশু সৰবৰাহ কি হয়? মুখত সোপা দি বলপূৰ্বক ভাবে ধৰি লৈ যোৱা আচলতে শিশু সৰবৰাহ নহ’বও পাৰে। শিশু সৰবৰাহত এনেকুৱা হয় যে শিশু এটিক প্ৰলোভন দি লৈ যোৱা হয়। মাক দেউতাকক কোৱা হয় যে আপোনাৰ শিশুটিক ভাল ঠাইত ৰাখিম, পঢ়িবলৈ সুবিধা পাব, কোনোবা ভাল মানুহৰ ঘৰত থাকিবলৈ পাব, দুই এটা সৰু কাম কৰি দিলেই হ’ব। তাৰ বিনিময়ত আপোনালোকে টকা পাব। তেনেকুৱা ধৰণৰ প্ৰলোভন দি ওচৰ চুবুৰীয়া বা গাঁৱৰে কিছুমান দালাল থাকে, যি শিশুসকলক অসমৰ বাহিৰলৈ বা অসমৰে কোনোবা এখন জিলাৰ পৰা অন্য এখন জিলালৈ নি বিক্ৰী কৰি দিয়ে। তাৰ পিছত শিশুসকলক ভিক্ষা বৃত্তি, শিশু শ্ৰমিক, যৌন নিৰ্যাতন, মানৱ অংগ সৰবৰাহৰ দৰে অপৰাধৰ চিকাৰ হয়।

এতিয়া অসমৰ ক্ষেত্ৰত কেৱল দুখীয়া হোৱাটোৱেই একমাত্ৰ কাৰণ হ’ব নোৱাৰে। অসমৰ শিশুসকল অসমতেই সুৰক্ষিত হৈ থকাৰ আমি ব্যৱস্থা কৰিব পাৰোঁ, যদিহে আমি কিছু সজাগ হওঁ। মাক দেউতাকসকল বিশেষভাবে সজাগ হ’ব লাগিব। গাঁও এখনত গাঁওবুঢ়া থাকে, গাঁও পঞ্চায়ত থাকে, গাঁও এখনৰ কিছুমান কমিটি আদি থাকে। তেওঁলোকে নিজৰ ফালৰ পৰা এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। সেই গাঁওখনলৈ কোনোবা বাহিৰৰ পৰা আহিছে নেকি? কোনোবাই বাহিৰলৈ শিশু এটিক লৈ গৈছে নেকি? যদি নিছে কি কাৰণে নিছে? কোনে নিছে আদি গোটেই কথাবোৰ যদি আমি আমাৰ নিৰীক্ষণত ৰাখো তেন্তে মানৱ সৰবৰাহ বা শিশু সৰবৰাহৰ দৰে ঘটনাবিলাক আমি ৰোধ কৰিব পাৰোঁ।

সাহিত্য ডট অৰ্গ– অসমত বৰ্তমান যিখিনি ঘটনা হৈ আছে তেনেকুৱা আপোনালোকে ঘটনা পাইছেনে?

ববিতা শইকীয়া– হয় এনেকুৱা বহুতো ঘটনা পাইছোঁ। অসমৰ পৰা বাহিৰলৈ লৈ যোৱা বহুতো ল’ৰা- ছোৱালীক আমি উদ্ধাৰ কৰিও আনিছোঁ। দুটা উদাহৰণ দিবলৈ বিচাৰিছোঁ। অলপ দিনৰ আগতে এটা ল’ৰাক নিজৰ মহাকে মাত্ৰ কিবা এটা খাবলৈ লৈ যাওঁ বুলি ফুচুলাই লৈ গৈছিল। ৰাজস্থানৰ পৰা ফুৰিবলৈ অহা মহাকে সন্ধিয়া সময়ত চিপচ খোৱাম বুলি ১১/ ১২ বছৰীয়া ল’ৰাটোক লৈ ঘূৰি নাহিল। ঘৰৰ মাক দেউতাকে ঘূৰি নহা দেখি চিন্তিত হৈ আমাৰ লগত যোগাযোগ কৰে। প্ৰথমতে পুলিচৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু পুলিচে ক’লে আহিব চাগৈ অলপ সময়হে হৈছে বুলি কথাটোত গুৰুত্ব নিদিলে। কিন্তু ৰাতি বহু দেৰিলৈকে উভতি নহাত ৰাতিপুৱা সময়ত আমাৰ সৈতে যোগাযোগ কৰে। তেতিয়া আমি বিচাৰ খোচাৰ কৰিলোঁ। পুলিচৰ সহযোগত আমি বিহাৰত ল’ৰাটো উদ্ধাৰ কৰিলোঁ। দোষী সম্প্ৰতি জেলতে আছে। শিশুটিক বিক্ৰী কৰিবৰ উদ্দেশেই বিহাৰলৈ নিছিল বুলি স্বীকাৰ কৰিছে।

আনটো ঘটনা লক্ষ্মীমপুৰৰ প্ৰান্তীয় অঞ্চলৰ। এখন প্ৰায় এক ডেৰ মাহৰ পৰা এটা দুটা ল’ৰা – ছোৱালী স্কুললৈ নহা হৈছিল। মাক দেউতাকক যেতিয়া শিক্ষকে সোধে, তেতিয়া আজি নাযায়, কাইলৈ যাব বুলি কয়। তেতিয়া সেই বিদ্যালয়ৰে এজন শিক্ষকে আমাৰ সৈতে যোগাযোগ কৰি জনালে যে শিশুসকল বিদ্যালয়ৰ পৰা নোহোৱা হৈ গৈছে। ছাত্ৰ ছাত্ৰীসকল সঘনাই নহা হৈছে। তেওঁ সন্দেহ কৰিছিল যে সেই শিশুসকলক নিজৰ মাক দেউতাকেই ক’ৰবাত বিক্ৰী কৰিছিল নেকি? তেতিয়া আমি লক্ষ্মীমপুৰ জিলাৰ এছ পি, District legal service authority, সমাজ কল্যাণ বিভাগৰ সৈতে যোগাযোগ কৰি খুব তৎকালীনভাৱে সেই শিশুসকলক অৰুনাচল প্ৰদেশৰ পৰা উদ্ধাৰ কৰি অনা হ’ল। অৰ্থাৎ তেওঁলোকক মাক- দেউতাকেই কাম কৰিবলৈ পঠিয়াই দিছিল আৰু বিনিময়ত অলপ পইচা লাভ কৰিছিল। নিজৰ মাক দেউতাক হ’লেও নিজৰ সন্তানক আধাতে স্কুল এৰুৱাই বেলেগৰ হাতত বিক্ৰী কৰি কামত নিয়োগ কৰাৰ বাবেই হওক বা যি কাৰণেই নহওক দিব নোৱাৰে। এয়া আইন মতে দণ্ডনীয়।

সাহিত্য ডট অৰ্গ– অপৰাধ সংঘটিত হৈ গ’ল। আপোনালোকক কেনেকৈ যোগাযোগ কৰিব? যদি কোনো ভুক্তভোগী পৰিয়ালে আপোনালোকক যোগাযোগ কৰিবলৈ বিচাৰে, কেনেদৰে সহায় কৰিব পাৰিব আপোনালোকে?

ববিতা শইকীয়া– হয় হয়। এইটো ক্ষেত্ৰত কি হয় যে শিশু এটিৰ সৈতে কিবা এটি ঘটনা ঘটিলে আমি তৎকালীনভাৱে ১০৯৮ ত যোগাযোগ কৰিব পাৰোঁ। এয়া হৈছে child line ৰ নম্বৰ। ইয়াৰ জৰিয়তে আমি তৎকালীন ভাবে সাহায্য পাব পাৰোঁ। তাৰ বাহিৰেও আমি ১০০ নম্বৰ ডায়েল কৰি পুলিচক জনাব পাৰোঁ। পুলিচক নিজৰ পৰিচয় নিদিয়াকৈও কিছুমান মানুহে নিজৰ আশা পাশে হৈ থকা ঘটনাৰ বিষয়ে অৱগত কৰাব পাৰে। তাৰ বাহিৰেও আমাৰ এটা হেল্প লাইন নম্বৰ আছে, বছপন বচাও আন্দোলনৰ, সেইটো হৈছে ১৮০০১০২৭২২২। ভাৰতৰ যিকোনো এখন ৰাজ্যৰ পৰা আমাৰ এই ট’লফ্ৰি নম্বৰত যোগাযোগ কৰি শিশুৰ সৈতে জড়িত যিকোনো অপৰাধৰ বিষয়ে অৱগত কৰিব পাৰিব।

তাৰ বাহিৰেও অসমৰ প্ৰত্যেক জিলাতে আমাৰ কিছু স্থানীয় পৰ্য্যায়ৰ নেটৱৰ্কিং এন জি অ’ আছে। তেওঁলোকক অৱগত কৰিলেও আমি সহায় আগবঢ়াব পাৰোঁ। আমি সহায় কৰিব পাৰোঁ বুলি ক’লে এই ক্ষেত্ৰত মানুহৰ কনফিউজ্যন থাকি যাব পাৰে। আমি আচলতে আইনী সাহায্য আগবঢ়াব পাৰোঁ। কেনেকৈ শিশু এটি নিৰ্যাতনৰ পিছত পুনঃনিৰ্বাসন কৰা হয় এইক্ষেত্ৰত আমি সহায় কৰিব পাৰোঁ। পুলিচৰ ওচৰত যদি কোনোবাই এফ আই আৰ কৰা নাই, এইক্ষেত্ৰত আমি সহায় কৰিব পাৰোঁ। কৰ্টৰ বাবে আমি এডভ’কেট এপইণ্ট কৰাব পাৰোঁ। এনেধৰণৰ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াত আমি সহায় কৰিব পাৰোঁ।

সাহিত্য ডট অৰ্গ– হয় আপুনি এগৰাকী শিশু সুৰক্ষা কৰ্মী। আপোনালোকৰ বছপন বচাও আন্দোলনে শিশু সুৰক্ষাৰ বাবে কাম কৰি আহিছে। আপুনি এগৰাকী শিশু সুৰক্ষা কৰ্মী হিচাপে জনসাধাৰণক বা অভিভাৱক সকলক কি বাৰ্তা দিবলৈ বিচাৰিব?

ববিতা শইকীয়া– হয়। বিশেষকৈ অসমৰ প্ৰেক্ষাপটত মই ক’বলৈ বিচাৰোঁ যে এতিয়া সময়খিনি এনেকুৱা হৈছে, শিশু এটি অপৰাধৰ সন্মুখীন হৈছে বা আমাৰ পৰিৱেশটো বহুত বেছি সলনি হৈছে বা সলনি হ’বলৈ গৈ আছে। ইয়াৰ কাৰণে শিশুসকলৰ বিৰুদ্ধে অপৰাধবিলাক বেছিকৈ সংঘটিত হৈছে। এতিয়া আমাৰ ওচৰ- পাজৰৰ পৰিৱেশসমূহ আগতকৈ সলনি হৈছে। ইয়াত দুটা কথা আছে। এফালে আইনে কৈছে যে আপুনি ওচৰ- পাজৰৰ বা ঘৰুৱা মানুহৰ পৰা সাৱধানে থাকিব। তেওঁলোকৰ দ্বাৰাই যৌন নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হয়। বা গাঁৱৰে কোনোবা আপোন মানুহেই শিশুটিক ফুচুলাই লৈ গৈছে যাক ট্ৰেফিকিং বুলি কোৱা হয়। আপুনি অতি বিশ্বাসী কৰা ঘৰৰ কাষৰ মানুহজনেই আপোনাৰ ল’ৰা বা ছোৱালীজনীক লৈ গৈ ক’ৰবাত বিক্ৰী কৰি দিলেগৈ। এই ঘটনাবোৰ পূৰ্বতে আমি শুনিছিলোঁ। এতিয়া অসমৰ দৰে ৰাজ্যত সঘনাই হ’বলৈ ধৰিছে। গতিকে আমি কাক বিশ্বাস কৰিম কাক নকৰিম এই ক্ষেত্ৰত দুমোজাত পৰিছোঁ। মই নিজেই এগৰাকী শিশু সুৰক্ষা কৰ্মী গ্ৰাউণ্ড লেভেলত কাম কৰা উপলব্ধিৰ পৰাই এটা কথাই ক’ব বিচাৰিছোঁ যে মাক- দেউতাকসকল অত্যন্ত সাৱধান হ’ব লাগিব। একে সময়তে আমি শিশুসকলক এনে ধৰণেও ডাঙৰ দীঘল কৰিব লাগিব যাতে সমাজৰ লগতো মিলি থাকিব পাৰে। কেৱল অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ যাওঁতে যেন শিশুসকল সমাজমুখী হোৱাৰ পৰা বঞ্চিত নহয়, এই কথাও আমি লক্ষ্য কৰিব লাগিব। তেওঁলোকক অপৰাধ ন’হব বুলি ঘৰৰ ভিতৰতে আৱদ্ধ কৰি নাৰাখি সমাজৰ লগত কেনেকৈ মিলি থাকিব লাগিব এয়া শিকোৱাৰ লগতে অপৰাধ এটা সংঘটিত হোৱাৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব এই বিষয়েও শিকাব লাগিব। খুব সৰুৰে পৰা আমি তেওঁলোকক এই বিষয়ে শিকাব লাগিব, জ্ঞান দিব লাগিব। ঘৰখনত খোলাখুলিকৈ কথা ক’ব পৰা বন্ধুসুলভ পৰিৱেশ এটা গঢ়ি তুলিব লাগিব। আগৰ দিনত ধাৰণা আছিল যে শিশু এটিয়ে ভয় কৰিলেই ভাল হ’ব। কিন্তু আজিকালি শিশুসকল খুব স্পৰ্শকাতৰ। তেওঁলোকৰ মনৰ ভাব বুজি আমি কথা পাতিব লাগিব। মই ভাবোঁ যে খুব বেছিকৈ খোলাখুলিকৈ কথা পতাৰ পৰিৱেশ এটা ঘৰখনত গঢ়ি তুলিব লাগিব যাতে শিশুটিৰ লগত হোৱা প্ৰত্যকটো কথা আমাক আহি জনাইহি বা আমিও প্ৰত্যেকটো কথা পৰ্য্যবেক্ষণ কৰিবলৈ সুবিধা পাওঁ।

সাহিত্য ডট অৰ্গ– আপোনাৰ পৰা আমি বহুতো কথা জানিব পাৰিলোঁ। শিশু অপৰাধ সম্পৰ্কে বা অভিভাৱকসকলক বা সমাজখনক এইবিষয়ে কেনেদৰে সজাগ কৰিব পাৰি এই সম্পৰ্কেও জানিব পাৰিলোঁ। যথেষ্টখিনি তথ্যও লাভ কৰিলোঁ। আমাক বহুমূলীয়া সময় দি উপকৃত কৰাৰ বাবে অশেষ ধন্যবাদ।

ববিতা শইকীয়া– আপোনালোকলৈও মোৰ ফালৰ পৰা অশেষ ধন্যবাদ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!