বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাৰ সৈতে অন্তৰংগ আলাপ


( টোকা: সাহিত্য ডট্ অৰ্গৰ হৈ অন্তৰংগ আলাপটোৰ আঁত ধৰিছে শ্ৰী পংকজ বৰাই৷ লিখিত ৰূপত ডেকা ডাঙৰীয়াই নিজে উত্তৰ দিয়াৰ উপৰি প্ৰশ্নখিনিৰ মৌখিক সাক্ষাৎকাৰো দূৰভাষ যোগে লোৱা হৈছিল৷ লিখিত আৰু মৌখিক বাৰ্তালাপ দুয়োটাৰে বিষয় আৰু মূল কথা একেই যদি মৌখিক বাৰ্তালাপত কিছু বিস্তৃত পৰিসৰত ব্যক্ত কৰিছে তেখেতৰ অনুভববোৰক…

[সাক্ষাৎগ্ৰহণৰ বিভিন্ন পৰ্য্যায়ত সহায় আগবঢ়াওঁতা: শ্ৰী পংকজ বৰা (ন’ৰৱে), শ্ৰী মনোজমন কলিতা (টাইৱান), শ্ৰী আদিত্য ৰঞ্জন দত্ত (নতুন দিল্লী) আৰু শ্ৰী ভগৎলাল দত্ত (ফ্ৰান্স)] )

মৌখিক বাৰ্তালাপ শুনিবৰ বাবে ইয়াত টিপা মাৰক

নমস্কাৰ ডেকা ডাঙৰীয়া৷ পোন প্ৰথমে সাহিত্য ডট্ অৰ্গ (www.xahitya.org, ISSN 2321-5097) তথা অসমীয়াত কথা-বতৰা ফে’চবুক গোটৰ সকলো সদস্যৰ হৈ আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ; লগতে সাহিত্য ডট্ অৰ্গৰ লগত বাৰ্তলাপ কৰিবৰ বাবে আপোনাৰ কিছু বহুমূলীয়া সময় দিয়াৰ বাবে অশেষ ধন্যবাদ৷

১) সাহিত্য ডট্ অৰ্গ : আপোনাৰ জীৱন ভিন্নসুৰী৷ আপুনি ইংৰাজী সাহিত্যৰ ছাত্ৰ, কিছুদিনৰ বাবে আপুনি শিক্ষকতাও কৰিছিল, অসম আৰক্ষীৰ বিভিন্ন পদৱীত সুখ্যাতিৰে কৰ্মসম্পাদন কৰি শেষত আপুনি শীৰ্ষতম পদৱী আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছে৷ চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিচত কিছুদিনৰ বাবে আপুনি সাংবাদিক হিচাপেও আত্মপ্ৰকাশ কৰিছে৷ অসমীয়া আৰু ইংৰাজী ভাষাত আপুনি গল্প, কবিতা, সমালোচনামূলক লেখাৰে সাহিত্যৰ জগতখনকো সমৃদ্ধ কৰিছে৷ আপোনাৰ শৈশৱ-কৈশোৰ, মা-দেউতা আৰু শিক্ষা-জীৱন সম্পৰ্কে আমাক জনাওকচোন!

হৰেকৃষ্ণ ডেকা : মোৰ কৰ্মক্ষেত্ৰ আৰু সাহিত্য দুয়োটাই বিভিন্ন বৰণীয়া৷ বিভিন্ন ধৰণৰ সাহিত্যচৰ্চাৰ বাবে মই এটা ভাষা আয়ত্ব কৰি লৈছোঁ৷ কৰ্মক্ষেত্ৰ আৰু শৈশৱৰ বিভিন্ন অভিজ্ঞতাই মোক সহায় কৰিছে৷ মোৰ শৈশৱ তিনিচুকীয়া চহৰত পাৰ হৈছে৷ তেতিয়া সৰু চহৰ আছিল৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ সন্মিলন হৈছিল তাত৷ এইটোৱেই হয়তো মোৰ মনত এটা কস্ম’পলিটান মনোভাব দিছিল৷ মোৰ দেউতা ব্যৱসায়ী আছিল আৰু ব্যৱসায়ত যথেষ্ট সফল হৈছিল৷ কিন্তু কিছুমান সুবিধা তেতিয়াও নাছিল৷ যেনে: মেট্ৰিক পৰীক্ষা দিয়ালৈকে আমাৰ চহৰত ইলেক্ট্ৰিচিটি নাছিল আৰু কেৰ’চিন লেম্পৰ পোহৰতেই আমি পঢ়া-শুনা কৰিছিলোঁ৷ তিনিচুকীয়াত থাকোঁতে মোৰ কেইজনমান ঘনিষ্ঠ বন্ধু আছিল আৰু তেওঁলোকৰ লগত এতিয়াও সম্পৰ্ক আছে৷ তেওঁলোকৰ কোনেও কিন্তু লেখা-মলা কৰা নাছিল৷ গতিকে সাহিত্যচৰ্চাত মই তেতিয়া অকলশৰীয়া আছিলোঁ৷ চহৰত ডাঙৰ হোৱাৰ কাৰণেই আন কবি সাহিত্যিকতকৈ মোৰ সাহিত্যত নগৰীয়া মেটাফ’ৰ বেছি পাব৷ কিন্তু প্ৰকৃতিক মই ভাল পাইছিলোঁ আৰু প্ৰায়েই সেউজীয়া চাহ বাগিছালৈ গুছি গৈছিলোঁ৷ তেতিয়া বহু দূৰলৈ খোজ কাঢ়ি যোৱাত একো অসুবিধা অনুভব কৰা নাছিলোঁ৷ ওচৰৰ মাকুম চহৰলৈ খোজ কাঢ়ি যোৱা মনত আছে৷ চাহ বাগিচাবোৰ, গাঁৱত থকা ল’ৰালিৰ বন্ধুবোৰৰ সেউজীয়া ঠাইবোৰ, জান-জুৰিবোৰ ভাল পাইছিলোঁ আৰু চহৰত ইয়াৰ অভাববোধ কৰিছিলোঁ৷ সৰুতেই মোৰ দেউতা (পিতা) ঢুকাইছিল৷ তেওঁৰ মৃত্যুৰ পিচত আঢ্যৱন্ত অৱস্থাৰ ঘৰখনৰ আলৈ-আথানি হৈছিল৷ ব্যৱসায়ত মানুহে ঠগিছিল আৰু কেইবছৰমানৰ ভিতৰতে আমাৰ মাটি-সম্পত্তিবোৰ নোহোৱা হোৱা দেখিছিলোঁ৷ তেতিয়াৰ পৰাই এইবোৰ যে অস্থায়ী তেনে ভাব এটা মোৰ হৈছিল আৰু সম্পত্তি কৰাৰ প্ৰতি বিৰাগ ভাব আহিছিল৷ মোৰ মায়ে আমি ছটা ল’ৰা-ছোৱালীক বৰ কষ্টেৰে ডাঙৰ-দীঘল কৰিছিল৷ মোৰ দাদাৰো এই বিষয়ত ত্যাগ আছে৷ মই পঢ়া-শুনাত ভাল আছিলোঁ কাৰণে শিক্ষাগুৰুসকলৰ পৰা মৰম পাইছিলোঁ আৰু তেওঁলোকৰ এজন শক্তিপদ অধিকাৰী, মোৰ মেণ্ট’ৰৰ ভূমিকা লৈছিল৷ মোৰ ইংৰাজীৰ ফাউণ্ডেছন তেওঁৰ পৰাই পোৱা৷ কিতাপ পঢ়িছিলোঁ দুখন কিতাপৰ দোকানত, এখন মিত্ৰ এজেন্সী, তাত অসমীয়া কিতাপ পঢ়িছিলোঁ৷ আনখন উদয়ন, তাত বাংলা কিতাপ পঢ়িছিলোঁ৷ ইংৰাজী কিতাপৰ উৎস আছিল স্কুলৰ লাইব্ৰেৰী আৰু ৰেইল ষ্টেচনৰ Wheelers Book Stall. মোৰ মনত আছে, স্কুলৰ লাইব্ৰেৰীৰ পৰা শক্তি চাৰে মোক ৰমেশ চন্দ্ৰ মজুমদাৰৰ Advance History of India-খন আনি পঢ়িবলৈ দিছিল আৰু ইয়াত হৰপ্পা সভ্যতাৰ বিষয়ে পঢ়ি আপ্লুত হৈছিলোঁ৷ উদয়নত মই শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ উপন্যাস আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সঞ্চয়ন আৰু গল্পগুচ্ছ পঢ়িবলৈ পোৱা মনত আছে৷ কাচুজান ফিল্ডত হোৱা ফুটবল খেলা চাই খুব ভাল পাইছিলোঁ৷ আমাৰ কুটুবুদ্দিন চাৰে সাহিত্যৰ প্ৰতি মোৰ ধাউতি বঢ়াইছিল৷ তদুপৰি অসমীয়া পাঠ্যপুথিৰ অসমীয়া পদ্যবোৰ পঢ়ি পদ্য লিখাৰ চেষ্টা কৰিছিলোঁ৷

২) সাহিত্য ডট্ অৰ্গ : আপুনি ১৯৬৮ চনৰ এজন সফল আই পি এছ বিষয়া৷ ১৯৮৭ চনত ‘আন এজন’ কবিতা পুথিৰ বাবে আপুনি সাহিত্য অকাডেমি বঁটা লাভ কৰিছে৷ কোনটো মুহূৰ্তত আপুনি বেছি সুখী হৈছিল, আই.পি.এছ লৈ নিৰ্বাচিত হৈ নে সাহিত্য অকাডেমি বঁটা হাতত লৈ?

হৰেকৃষ্ণ ডেকা : দুয়োটাৰ কোনোটোতে মই আপ্লুত হোৱা নাছিলোঁ৷ আচৰিতহে হৈছিলোঁ৷ UPSC ৰ পৰীক্ষা দিওঁতে বেয়া হোৱা বুলি দুখন পেপাৰ নিদিয়াকৈ শ্বিলঙৰ পৰা গুছি আহিছিলোঁ৷ তেতিয়া আমি শ্বিলঙত পৰীক্ষা দিব লাগিছিল৷ কাৰো সহায় বা ক’ছিং লোৱাৰ সুবিধা মই পোৱা নাছিলোঁ৷ গতিকে পৰীক্ষাৰ মান সম্পৰ্কে একো নেজানিছলোঁ৷ সেয়ে বৰ বেয়া হোৱা বুলি বাদেই দিছিলোঁ৷ কিন্তু IPS পেপাৰকেইখন মোৰ সম্পূৰ্ণ হৈছিল আৰু আচৰিত ধৰণেই ইণ্টাৰভিউলৈ আমন্ত্ৰিত হৈছিলোঁ৷ তাতো বেয়া হোৱা বুলিয়েই ভাবিছিলোঁ আৰু সফল হওঁতে আচৰিত হৈছিলোঁ৷ তেতিয়ালৈকে মই খুব বেছি লেখা নাছিলোঁ৷

“আন এজন” মোৰ তৃতীয় পুথি৷ খবৰটো মোক প্ৰথমতে ৰেডিঅ’ত শুনি আমাৰ বিভাগৰে এজন জ্যেষ্ঠ আইপিএছ বিষয়া বৰদা শৰ্মা চাৰে দিছিল৷ তেখেতে নিদি আন কোনোবাই দিয়া হ’লে মই কৌতুক কৰা বুলি ক’লোঁহেঁতেন৷ আত্মসন্তুষ্টিৰ ভাবটো অহাই নাছিল৷ ভয়হে কৰিছিলোঁ এইবোৰৰ পিছত আত্মসন্তুষ্টিয়ে ক্ষতি কৰিব বুলি৷ মই যে একো বিশেষ সৃষ্টি কৰাই নাছিলোঁ, সেই বিষয়ে নিশ্চিন্ত আছিলোঁ আৰু প্ৰাপ্ত পুৰস্কাৰৰ মৰ্য্যদা ৰাখিবলৈ নতুন সৃষ্টিৰ বাবে সংকল্প লৈছিলোঁ৷

৩) সাহিত্য ডট্ অৰ্গ : সৰ্বভাৰতীয় প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত অসমীয়া ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ হাৰ আন ৰাজ্যৰ তুলনাত কম। ইয়াৰ কাৰণ কি বুলি ভাবে আৰু ইয়াত প্ৰতিকাৰ কি?

হৰেকৃষ্ণ ডেকা : এটা হ’ল অসমৰ পৰা কম ল’ৰা-ছোৱালীয়ে সৰ্বভাৰতীয় পৰীক্ষা দিয়ে, গতিকে সফলতাৰ হাৰো কম৷ আজিকালি অসমৰ ল’ৰা-ছোৱালী এই বিষয়ে সচেতন হৈছে৷ দ্বিতীয়তে, UPSC-ৰ কাৰণে যিধৰণে প্ৰশিক্ষণৰ দৰকাৰ, সেইধৰণৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান ইয়াত নাই৷ দুই এটা হৈছে৷ বুদ্ধিমত্তাৰ ফালৰ পৰা অসমৰ ল’ৰা ছোৱালী আনবোৰতকৈ পিছ পৰা নহয়৷ এইখিনিতে তৃতীয় কথা এটা আছে- ইংৰাজী ক’ব নোৱাৰাৰ বাবে হীনমন্যতা৷

৪) সাহিত্য ডট্ অৰ্গ : আপুনি সেইসময়ত কি কি বিষয় লৈ কেনেভাবে সৰ্বভাৰতীয় প্ৰশাসনীয় সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল? বৰ্তমান সময়ৰ ব্যৱস্থাৰ লগত সেইসময়ৰ কিবা পাৰ্থক্য দেখা পায়নে?

হৰেকৃষ্ণ ডেকা : মোৰ বুৰঞ্জীৰ বেলেগ বেলেগ পেপাৰ আৰু ইংৰাজী সাহিত্য আছিল৷ প্ৰস্তুতি একেবাৰে বেয়া আছিল৷ আণ্ডাজতে লক্ষ্য-স্থানলৈ কাঁড় মৰাৰ নিচিনা৷ তেতিয়া দুটা ষ্টেজত হৈছিল, লিখিত আৰু মৌখিক৷ এতিয়া যি প্ৰিলিমিনাৰী হয়, তেতিয়া নাছিল৷ এতিয়া কম্পিটিছন বাঢ়িছে৷

৫) সাহিত্য ডট্ অৰ্গ : অসমীয়া সাহিত্যক মূ্ল বিষয় হিচাপে লৈ বহুকেইজন ছাত্ৰই শেহতীয়াভাবে সৰ্বভাৰতীয় প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু তাৰে দুজনে সফলতাৰে নিৰ্বাচিতও হৈছে৷ (দুয়োজনেই আমাৰ সাহিত্য ডট্ অৰ্গ তথা অসমীয়াত কথা-বতৰাৰ সক্ৰিয় সদস্য৷) বাকী বিষয়সমূহত ভাল নম্বৰ লাভ কৰাৰ পৰিৱৰ্তে অসমীয়া বিষয়ত কম নম্বৰ লাভ কৰাৰ বাবে তেওঁলোকৰ সামগ্ৰিক স্থান নিম্নগামী হ’ল৷ আনহাতেদি, ভাৰতৰ আন প্ৰান্তৰ ৰাজ্যভাষাক বিষয় হিচাপে লৈ পৰীক্ষাত বহা বহুকেইজনে মাতৃভাষা বিষয়ত অধিক নম্বৰ লাভ কৰি ওপৰৰ স্থান দখল কৰিছে৷ এই ক্ষেত্ৰত অসমীয়া পৰীক্ষক সকলৰ ভূমিকা কি হোৱা উচিত বুলি আপুনি ভাবে?

হৰেকৃষ্ণ ডেকা : কথাটো একে আষাৰতে হয় বুলি কোৱাটো মস্কিল৷ প্ৰথম কথা পৰীক্ষকে তেতিয়াহে হাত খুলি নম্বৰ দিব যেতিয়া পৰীক্ষাৰ্থীয়ে সুন্দৰ লিখিব৷ এই কথা আগত ৰাখি কওঁ যে এটা মান দেখিলে পৰীক্ষকে নম্বৰ দিয়াত কাৰ্পণ্য নকৰে যেন৷ চকুমুদি নম্বৰ দিয়াৰ পক্ষপাতী মই নহয়৷

৬) সাহিত্য ডট্ অৰ্গ : কবিতা পুথি “আন এজন” ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে যদিও আপুনি গদ্য সাহিত্যৰো সাধনা কৰে৷ আপুনি নিজকে কি বুলি চিনাকি দি ভাল পায়? কবি নে কথা সাহিত্যিক? গল্পকাৰ/ঔপন্যাসিক/সমালোচক হৰেকৃষ্ণ ডেকা আৰু কবি হৰেকৃষ্ণ ডেকা, কোনজনক লৈ আপুনি বেছি সুখী?

হৰেকৃষ্ণ ডেকা : যিহেতু মই আটাইকেইটা ক্ষেত্ৰত কম-বেছি পৰিমাণে সফলতা অৰ্জন কৰিছোঁ, তিনিওটা পৰিচয়েই মোৰ কাম্য৷ মই দুখন উপন্যাসো লিখিছোঁ, তাৰে এখন চুটি কল্প-বিজ্ঞান ভিত্তিক৷ এইখনৰ সমালোচনা ভালেই ওলাইছে৷ দ্বিতীয়খন ডাঙৰ উপন্যাস, কিছুদিন আগেয়ে ওলাইছে৷ নতুন আংগিকৰ উপন্যাস, দুই-এজনৰ পৰা ইতিবাচক কথা শুনিছোঁ৷ এতিয়াও সমালোচনা হোৱা নাই৷ যিয়েই নহওক এতিয়া মই এজন ঔপন্যাসিকো৷ কিন্তু মোৰ ফালৰ পৰা ক’ব খোজোঁ, একো পৰিচয় দাঙি ধৰাৰ প্ৰয়োজন নাই৷ মানুহে চিৰিয়াছ লিখক হিচাপে ভাবিলে ভাল পাম, কাৰণ মই উপৰুৱাকৈ লিখা নিলিখোঁ৷

৭) সাহিত্য ডট্ অৰ্গ : যিহেতু সাহিত্য ডট্ অৰ্গৰ এইবাৰৰ বিষয় “কাব্য সাহিত্য”, আমি কবিতাৰ বিষয়ে কিছু কথা পাতিম৷ আপোনাৰ কবিতা লিখাৰ প্ৰেৰণা কি? কবিতা লিখোঁ বুলিলেই লিখিব পাৰিনে? আপোনাৰ মতে কবিতাৰ সংজ্ঞা কি? কবিতা এটা লিখাৰ বাবে আপোনাক কিবা বিশেষ পৰিৱেশ বা আগতীয়া প্ৰস্তুতিৰ প্ৰয়োজন হয় নেকি?

হৰেকৃষ্ণ ডেকা : কবিতাৰ সংজ্ঞা মই দিব নোখোজোঁ, দিয়া সহজ নহয়৷ যিয়েই সংজ্ঞা নিদিয়ক কিয় শেষত গৈ সংস্কৃত আলংকাৰিকে কোৱা ‘বাক্যং ৰসত্মাকং কাব্যম্’ কথাষাৰত শেষ হয়৷ কবিতা সাহিত্যৰ-ভাষাৰ এটা আয়তন য’ত ব্যঞ্জনাৰ মাজেদি এক উপলব্ধি হয়, কবিতাৰ মাজেৰে এক অভিজ্ঞতা পোৱা যায় আৰু পোৱা যায় ৰসৰ ভিতৰেদি৷ কবিতাৰ ভাষাত সাধাৰণ চৰিত্ৰ হ’ল ই ‘মেটাফ’ৰ’ৰ মাজেদি সাদৃশ্যক সংলগ্ন কৰে আৰু আবেগক ৰসায়িত কৰে৷ তাত বৌদ্ধিক চিন্তাও অনুভূতিলৈ ৰূপান্তৰিত হয় আৰু suggestive ভাষাৰে পৰীক্ষা হয়৷ কবিতাত কল্পনাৰ এক বিশেষ ভূমিকা আছে৷

৮) সাহিত্য ডট্ অৰ্গ : জীৱনৰ প্ৰথম কবিতাটো কেতিয়া লিখিছিল?

হৰেকৃষ্ণ ডেকা : সৰু সৰু পদ্য লিখিছিলোঁ চতুৰ্থ শ্ৰেণীত থাকোঁতে৷ এতিয়া সেইবোৰ মনত নাই৷ ছপা আখৰত প্ৰথম কবিতা ‘ফুলকলি’, আমাৰ স্কুলৰ আলোচনীত ওলাইছিল, তেতিয়া ষষ্ঠ শ্ৰেণীত পঢ়োঁ৷ আধুনিক কবিতা লিখিছিলোঁ কলেজলৈ আহি৷ ৰামধেনু আলোচনীত ওলাইছিল ১৯৬০ চনত৷ তেতিয়া মই কলেজৰ ফাৰ্ষ্ট ইয়েৰত আছিলোঁ৷

৯) সাহিত্য ডট্ অৰ্গ : প্ৰেমত পৰিলেই বোলে কবিতা লিখিবলৈ মন যায়৷ তৰুণ সকলৰ বহুতেই এই কাৰণতেই প্ৰথম কবিতা লিখা আৰম্ভ কৰে বা অন্ততঃ চেষ্টা কৰে৷ আপোনাকো প্ৰেমে কবিতা লিখিবলৈ অনুপ্ৰেৰণা যোগাইছিল নেকি?

হৰেকৃষ্ণ ডেকা : মই প্ৰথম কবিতা লিখোঁতে প্ৰেমৰ কোনো অভিজ্ঞতা নাছিল৷ প্ৰেম পিছত আহিছে আৰু ভালেমান প্ৰেমৰ কবিতা লিখিছোঁ৷ বেছিভাগ একোটা Persona বা একোজন বিষয়ীৰ মাজেদি অনুভূতিৰ প্ৰকাশ৷ মোৰ প্ৰেমৰ কবিতাৰ এখন সংকলন আছে, নাম ‘মোৰ মানুহজনীৰ বাবে এটা প্ৰেমৰ পদ্য’৷ জীৱনৰ অভিজ্ঞতাহে মোৰ সৰহ কবিতাৰ উৎস।

১০) সাহিত্য ডট্ অৰ্গ : প্ৰত্যেক সৃষ্টিশীল ব্যক্তিয়েই নিজৰ প্ৰতিটো সৃষ্টিক ভাল পায়৷ তথাপি আপুনি লিখা কবিতাসমূহৰ ভিতৰত অলপ বেছি ভালপোৱা কোনোবাটো কবিতা আছে নেকি? ভালপোৱা কবিতাটিৰ কেইটামান পংক্তি পাঠ কৰি শুনাবনে?

হৰেকৃষ্ণ ডেকা : কিতাপ নোচোৱাকৈ পঢ়াৰ বা মুখস্থ মতাৰ অভ্যাস নাই৷ হাতত কিতাপ নাই এই সময়ত, কাৰণ বিদেশত আছোঁ৷ গতিকে কিতাপত বা আলোচনীত ওলোৱা কবিতা মাতিব নোৱাৰিম৷ মোৰ নিজৰ কবিতাৰ প্ৰতি মোহ নাই৷ তথাপি সুধিছা যেতিয়া দুটা কবিতাৰ উল্লেখ কৰোঁ৷ এটা ‘সমূদ্ৰ ভীতি’ আৰু আনটো ‘মোৰ মানুহজনীৰ বাবে এটা প্ৰেমৰ পদ্য’৷ ফে’চবুকত ভালেমান কবিতা দি থৈছো, তাৰ পৰা এটা মাতি দিছোঁ।

এই ফালেদিয়েই
——–
এই ফালেদিয়েই পিশাচবোৰৰ নাওবোৰ গৈছিল ৷
হাতৰ জোঙবোৰেৰে সিহঁতে হানি-খুচি যোৱা নাছিল জানো ?
সিহঁতে কোৱা নাছিল জানো, “কাকো জীয়াই থাকিবলৈ নিদিওঁ ৷”

পিতনি হোৱা নদীখনত নতুন ঢল আহিছে ৷
চোৱাহি, তাত জীয়া মাছৰ খলখলনি ৷
ইমানবোৰ মৰাশ উটি যোৱাৰ পিছতো

১১) সাহিত্য ডট্ অৰ্গ : শুনা যায় কবিসকল বোলে আবেগপ্ৰৱণ বা ভাবপ্ৰৱণ হয়৷ আৰক্ষী বিষয়া বুলি ক’লেই সাধাৰণ মানুহৰ মনলৈ আহে এজন কঠিন অন্তৰৰ, নিয়মানুৱৰ্তী ব্যক্তি যিয়ে যিকোনো পৰিস্থিতিত নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি চলিব লগা হয় ৷ আৰক্ষী বিষয়া এজনে কবিতাৰ সাধনা কৰা উদাহৰণ বৰ কম (যদিও সাহিত্যৰ বাকী বিভাগত সাধনা কৰা কিছু সংখ্যকক জনা যায়)। অসম আৰক্ষীৰ সৰ্বোচ্চ স্থানত উপনীত হোৱা আপুনি কবি হিচাপেও অতি জনপ্ৰিয় আৰু এজন গভীৰ কাব্য-সাধক৷ আপোনাৰ পেছা আৰু নিচাৰ এই অতুলনীয় সহাৱস্থানৰ বিষয়ে অলপ বহলাই ক’ব নেকি? কিহে আপোনাক কবি হ’বলৈ প্ৰেৰণা যোগালে?

হৰেকৃষ্ণ ডেকা : কবিসকল ভাবপ্ৰৱণ বা আবেগপ্ৰৱণ বুলি ভবা ধাৰণাটো মানুহৰ মনত সৃষ্টি হোৱা অলীক ধাৰণা। কবিতকৈ অধিক আবেগপ্ৰৱণ মানুহ সাধাৰণ মানুহৰ মাজত বেছিকৈ আছে। কবিৰ কল্পনাৰ প্ৰসাৰণ আনতকৈ বেছি বুলি ক’ব পাৰে, তাৰ ফলত তেওঁৰ অন্তৰ্দৃষ্টি আৰু দূৰদৃষ্টি তীক্ষ্ণতৰ হয়। তেওঁ এটা ভাষা আয়ত্ত্ব কৰে যাৰ সহায়ত নিজৰ উপলব্ধিবিলাক ভাষালৈ ৰূপান্তৰ কৰে। ই এটা প্ৰক্ৰিয়া। গতিকে পুলিচত নাথাকোঁতেও মই আবেগত ভাঁহি ফুৰা নাছিলোঁ। যৌক্তিক মনটো সদায় প্ৰখৰেই অছিল। চাকৰিত এটা বস্তু আয়ত্ত কৰিছিলোঁ, সেইটো হ’ল Discipline, শৃংখলাবদ্ধতা। দুয়োটা সত্তাৰ মাজত বিৰোধ উপলব্ধি কৰা নাছিলোঁ। আইন-শৃংখলা নিয়ন্ত্ৰণত কঠোৰ হ’ব লাগে ঠিকেই, কিন্তু এই কঠোৰতা যে নিষ্ঠুৰতা নহয়, এই বিষয়ে সচেতন আছিলোঁ। কঠোৰতা মানে বুজিছিলোঁ কৰ্তব্য পালনত সোপাঢিলা নোহোৱা। কিন্তু মানবীয় দৃষ্টিভঙ্গীৰ প্ৰতি সদায় সজাগ আছিলোঁ।

কবি হোৱাৰ প্ৰেৰণা কিহে দিলে কোৱা টান। ই মনলৈ সৰুতেই আপোনা-আপুনি আহিছিল। সৰুতে দুই-এটা পদ্য লিখি শুনাওঁতে মোৰ মাই উদ্গনি দিছিল, সিমানেই। কবিতা অন্তৰৰ তাগিদাত লিখোঁ, বৃত্তিৰ কাৰণে কৰ্তব্য পালন কৰোঁ। এই দুয়োটাই ইটোৱে সিটোক কেতিয়াও বাধা দিয়া নাই। বৰং বৃত্তিৰ অভিজ্ঞতাই কবিতা আৰু গল্পৰ বহু সা-সমল দিছে।

১২) সাহিত্য ডট্ অৰ্গ : আপোনাৰ “আন এজন” আদি কবিতা পঢ়ি ভাব হয় আপুনি যেন নিজকে সদায় দুটা ৰূপত চায়, এজন সামাজিক হৰেকৃষ্ণ ডেকা ব্যক্তিজন আৰু আনজন মন-মগজুৰ নিভৃতত থকা হৰেকৃষ্ণ ডেকা কবিজন। কিছুদিন আগতে আপোনাৰ এটা আপডেট পঢ়িছিলোঁ ফে’চবুকত -“There are two in me. They co-exist. One goes zen. The other remains earthbound. The zen says, ‘empty your mind.’ The earthbound protests, ’how can I empty my mind?” কেতিয়াবা দুইজনৰ মাজত সংঘাত হয়নে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত?

হৰেকৃষ্ণ ডেকা : আচলতে প্ৰত্যেক মানুহেই দুটা সত্তা লৈ বাস কৰে, এজন সামাজিক সত্তাৰে সমাজত থকা মানুহ আৰু ভিতৰত নিভৃত মানুহ। এইটো সহাৱস্থান সকলোৰে আছে। মই যেনিবা কবি কাৰণে কবিতাৰ মাজেৰে প্ৰকাশ কৰিছোঁ। আকৌ সামাজিক মানুহজনৰ পৰিচয় বেলেগ পৰিচয়। মতাদৰ্শৰ মাজেদি এটা ৰাজনৈতিক পৰিচয়, কৰ্তব্য ক্ষেত্ৰত এটা পৰিচয় ইত্যাদি। আপোনাৰ সন্মুখত থকা আৰ্চিখন হ’ল সমাজখন, এই আৰ্চিখনে আপোনাৰ বাহিৰৰ পৰিচয় দাঙি ধৰে বেলেগ বেলেগ প্ৰসংগত বেলেগ বেলেগ ধৰণে। আপুনি উল্লেখ কৰা মোৰ ফেচবুকৰ আপডেটটো মই ভিতৰৰ মানুহজনৰ ক্ষেত্ৰত কৈছিলোঁ। ’আন এজন’ কবিতাটো লিখিছিলোঁ ভিতৰৰ মানুহজনৰ দৃষ্টিকোণৰ পৰা বাহিৰৰ মানুহজনৰ পৰিচয়ক লৈ। ভিতৰৰ মানুহজনে সুকীয়া সুকীয়া পৰিচয় লৈয়ো ভিতৰত নিজৰ সত্তাটো লৈ থাকিব খোজে।

১৩) সাহিত্য ডট্ অৰ্গ : আপুনিও নতুন প্ৰযুক্তিক স্বাগতম জনাইছে আৰু এটা নিজাকৈ হ’মপেজো আৰম্ভ কৰিছে৷ আহিবলগীয়া সময়ত পাঠকৰ লগত প্ৰত্যক্ষ সমন্ধ স্থাপনৰ ক্ষেত্ৰত আধুনিক ইণ্টাৰনেট প্ৰযুক্তি পৰম্পৰাগত ছপা মাধ্যমতকৈ অধিক শক্তিশালী বা ফলপ্ৰসূ হ’ব বুলি ভাবেনে? ইলেক্ট্ৰণিক প্ৰযুক্তিৰ আগ্ৰাসনে সাহিত্যক কেনেধৰণে প্ৰভাবিত কৰিব বুলি ভাবে? সম্প্ৰতি ফেচবুকৰ লগতে ভালেকেইখন ই-আলোচনীত প্ৰকাশিত কবিতাবিলাকক অসমীয়া সাহিত্যৰে এক অংগ বুলি আপুনি ভাবেনে?

হৰেকৃষ্ণ ডেকা : ছপা কিতাপৰ অবলুপ্তি মই এতিয়াও দেখা নাই। এতিয়াও ছপা কিতাপৰ বিক্ৰী বাঢ়ি আছে। কবিতাৰ কথা বেলেগে। ই সদায়েই minority literature। কিন্তু ইণ্টাৰেট মাধ্যমে এটা ডাঙৰ ভূমিকা পালন কৰিবলৈ লৈছে। ই জ্ঞানৰ জগতখন আয়াসতে পোৱাৰ সুযোগ আনি দিছে। ইণ্টাৰনেট সাহিত্য‍ ইও যথেষ্ট প্ৰসাৰ লাভ কৰিছে আৰু ভৱিষ্যতে ইয়াৰ সম্ভাৱনা আৰু বাঢ়িব। মোৰ ধাৰণা চপা মাধ্যম আৰু ইণ্টাৰনেট মাধ্যম দুয়োটা ইটোৰ সিটো বিকল্প মাধ্যম হিচাপে সমান্তৰাল ভাবে চলি এতিয়াও চালুকিয়া হৈ আছে, কিন্তু শক্তিশালী হৈ উঠাৰ সম্ভাৱনাও আছে। এটা সময় আহিব যেতিয়া সমালোচকসকলে দুয়োটা মাধ্যমৰ সাহিত্যকে সমান মৰ্য্যদাৰে আলোচনা কৰিব লাগিব আৰু ট্ৰেণ্ড নিৰ্ণয় কৰোঁতে ইণ্টাৰনেট সাহিত্যকো স্বীকৃত সাহিত্য হিচাবে ল’ব লাগিব। কিন্তু সেই অৱস্থা পাবলৈ ইণ্টাৰনেট সাহিত্য পুৰঠ হৈ উঠিব লাগিব, তালৈ এতিয়াও দূৰ আছে। Canon এতিয়াও ছপা আখৰৰ সাহিত্যৰ দখলত।

১৪) সাহিত্য ডট্ অৰ্গ : নতুন প্ৰজন্মৰ বহুতেই ইণ্টাৰনেটৰ জড়িয়তে চ’চিয়েল চাইটসমূহত বা চমুকৈ ইণ্টাৰনেটত লিখা কবিতাৰ বা আন সাহিত্যিক সৃষ্টিকৰ্মৰ ওপৰত আপোনাৰ ধাৰণা কেনে, আপুনি আগ্ৰহ অনুভব কৰেনে সেইবোৰ কবিতা/ লিখনি পঢ়িবলৈ?

হৰেকৃষ্ণ ডেকা : অসমীয়া ইণ্টাৰনেট সাহিত্য যিখিনি দেখিছোঁ, সেইখিনিৰ সৰহখিনিয়েই বৰ দুৰ্বল। এক ধৰণৰ আত্মমুগ্ধতাৰ প্ৰৱল প্ৰভাব দেখা পাওঁ। এতিয়াও মানবিশিষ্ট সাহিত্যৰ মৰ্য্যদা দিব পৰা স্থানলৈ অহা নাই। গ্ৰুপবিলাক mutual admiration society ৰ দৰে হৈ পৰিছে। এয়ে সাহিত্যৰ দুৰ্ভাগ্যৰ কাৰণ, কোনেও critical insight অনাৰ প্ৰয়াস কৰা নাই। সাহিত্য ডট অৰ্গৰ দ্বায়িত্ব আছে বুলি ভাবোঁ। এই site-ত কিছু আন্তৰিকতা দেখিবলৈ পাইছোঁ। মই এইবোৰ লেখাৰ প্ৰতি আকৰ্ষিত নহ’লেও পঢ়োঁ। কেতিয়াবা কাৰোবাৰ মাজত অকণমান সম্ভাৱনা দেখিলে উত্সাহ দিওঁ। কিন্তু কোনোবাই যদি সেইটো স্বীকৃতি বুলি ভাবে তেন্তে সেইটো ভুল হ’ব।

১৫) সাহিত্য ডট্ অৰ্গ : বৰ্তমান সময়ৰ (নবকান্ত-নীলমণি-হীৰুদাৰ পিছৰ) অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ মন্তব্য কি? এই সময়ৰ অসমীয়া কবিতাই কালোত্তীৰ্ণ পৰ্যায় পাইছেনে ? অসমীয়া কবিতাৰ ভবিষ্যৎ কি?

হৰেকৃষ্ণ ডেকা : তেওঁলোকৰ পিছতো ভাল কবিতা লেখা লোক ওলাইছে। তেওঁলোক বাটকটীয়া আছিল আৰু একো একোজন major poet। পিচৰ পৰ্য্যায়ত সত্তৰ-আশীৰ দশকলৈ যথেষ্ট ভাল কবিতা হৈছে। কিন্তু কোনোবা এজনক major poet বুলি চিহ্নিত কৰা টান। এই শতিকাত এটা অৱসাদৰ লক্ষণ দেখিছোঁ। নতুন মোচৰ দিব পৰা কবি ওলোৱা নাই। কিন্তু এতিয়াও ভালেমান ভাল কবিতা ওলাই আছে। আমাৰ লেখকসকলৰ অধ্যয়নৰ অভাব বাৰুকৈয়ে চকুত পৰে।

১৬) সাহিত্য ডট্ অৰ্গ : দেখা যায় অসমীয়া সাহিত্যৰ ইংৰাজী অনুবাদ নোহোৱা বাবেই হয়তো বহু অসমীয়া কালজয়ী গ্ৰন্থই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশেষ গুৰুত্ব নাপায়। ইংৰাজী ভাষাতো আপোনাৰ শক্তিশালী দখল আছে আৰু আপুনি বহু কবিতা ইংৰাজীতে লিখিছে নাইবা অনুবাদো কৰিছে৷ অনুবাদ সাহিত্যৰ প্ৰসংগত আপোনাৰ মন্তব্য? অসমীয়া সাহিত্যক অসমৰ চাৰি চুকৰ পৰা জগত সভালৈ উলিয়াই নিবলৈ কি কৰা প্ৰয়োজন বুলি আপুনি ভাবে?

হৰেকৃষ্ণ ডেকা : স্পষ্ট ভাষাত ক’বলৈ হ’লে আমাৰ আধুনিক সাহিত্য বিশ্বসাহিত্যৰ তুলনাত যথেষ্ট দুৰ্বল। কিছু ভাল লেখা আছে, কিন্তু সেইবোৰ অনুবাদ দুৰ্বল। এতিয়াৰ লেখকসকল দেখিছোঁ উঠি-পৰি নিজৰ কিতাপ অনুবাদ কৰাত লাগিছে আৰু বিশ্বদৰবাৰলৈ যাবলৈ চেষ্টা কৰিছে। কিন্তু অনুবাদৰ বেছি ক্ষেত্ৰতে ফৰ্মায়েচি হোৱা কাৰণে অতি দুৰ্বল আৰু বিশ্বসাহিত্যৰ মানেৰে চালে পুতৌ লগা। আমাৰ নিজৰ সাহিত্যক সমৃদ্ধ কৰাৰ চেষ্টা ভাল আৰু অতি উত্তমখিনিক ভাল অনুবাদকৰ সহায়ত ইংৰাজীলৈ অনুবাদ কৰা উচিত। যদি অতি আকৰ্ষণীয় প্ৰতিভা নাথাকে, অনুবাদৰ জখলাৰে বিশ্বসাহিত্যত মৰ্য্যদা পাম বুলি ভবাটো অলীক কল্পনা আৰু আত্মসন্তোষ্টিৰ লক্ষণ। এতিয়াৰ প্ৰৱণতা দেখি স্পষ্টবাদী হ’বলৈ বাধ্য হ’লোঁ।

১৭) সাহিত্য ডট্ অৰ্গ : আধুনিক কবিতাৰ ভাষা দুৰ্বোধ্য বুলি বহুতেই সমালোচনা কৰা শুনা যায়৷ ৰামধেনু যুগতেই আত্মপ্ৰকাশ কৰা আপুনিও আধুনিক অসমীয়া কবি সকলৰ অন্যতম৷ আধুনিক কবিতাৰ ভাষাৰ দুৰ্বোধ্যতাৰ সন্দৰ্ভত আপোনাৰ মতামত কি?

হৰেকৃষ্ণ ডেকা : এতিয়াৰ সকলো কবিতাই আধুনিক। কবিতা বুজা মানুহৰ কাৰণে সৰহ কবিতাই এতিয়া আৰু দুৰ্বোধ্য নহয়। জটিল আৱেগৰ উন্মোচন জটিল হয়, কিন্তু জোঁট-পোটাই নাযায়। কবিতাৰ ক’ত কি ইংগিত আছে তাৰ চাবি-কাঠি কবিতাৰ ভিতৰতে থাকে। সহৃদয় পাঠকে বিচাৰি পায় আৰু অলস পঢ়ুৱৈয়ে দুৰ্বোধ্য বুলি এৰি দিয়ে।

১৮) সাহিত্য ডট্ অৰ্গ : সাহিত্যক যিহেতু সমাজৰ দাপোন বুলি কোৱা হয়, সেয়ে অলপ সমাজ আৰু ৰাজনীতিৰ প্ৰসংগ উত্থাপন কৰোঁ৷ ভাষা আন্দোলন আৰু অসম আন্দোলনৰ নঞৰ্থক প্ৰভাবেই অসমত ভাঙোন ধৰাৰ মূল কাৰণ বুলি কোৱা শুনা যায়, এই সম্পৰ্কে আপুনি কি কয়? অসমত গঢ়ি উঠা জনগোষ্ঠীয় বিচ্ছিন্নতাবাদৰ কাৰণবোৰ এই দুটা আন্দোলনতে লুকাই আছে নেকি বাৰু ? সৰু সৰু ৰাজ্য হ’লে ভাল নে এক হৈ থাকিলে অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন সম্ভৱ ?

হৰেকৃষ্ণ ডেকা : ছাত্ৰ ৰাজনীতিয়ে ভাষা আন্দোলন আৰু অসম আন্দোলন গঢ়ি তুলিছিল। তাত একাংশ ছাত্ৰ নেতাৰ ৰাজনৈতিক আকাংক্ষা লুকাই আছিল। ভাষা আন্দোলনত অসমীয়া ভাষাকেই সকলো জনগোষ্ঠীৰ ওপৰত জাপি দিব খোজা কাৰণে পৰ্বতীয়া জাতি কেইবাটাও আঁতৰি গ’ল৷ অনুপ্ৰৱেশৰ সমস্যা জটিল আৰু এটা সঁচা সমস্যা অসমৰ কাৰণে৷ ছাত্ৰ আন্দোলনৰ নেতাসকলে এইটো কেৱল অসমীয়াৰ সমস্যা কৰি পেলালে কাৰণ নেতৃত্ব তেওঁলোকৰ দখলত থাকিব লাগে৷ বিভিন্ন জনগোষ্ঠীৰ সমস্যাবোৰলৈ দৃষ্টি দিয়া হ’লে, এটা সাৰ্বজনীন দৃষ্টিভংগীৰে চাব পাৰিলেহেঁতন আৰু অনুপ্ৰৱেশৰ সমস্যা যে কেৱল এটা আছুটীয়া সমস্যা নহয়, বৰং সামগ্ৰিক অনুন্নয়নৰ লগত জড়িত এটা সমস্যা বুজি পালেহেঁতেন। অসমৰ খিলঞ্জীয়া মানুহৰ সমস্যাক কেৱল অসমীয়াৰ সমস্যা কৰোঁতে সমাজখন ভাগ ভাগ কৰা হ’ল৷ প্ৰত্যেক সৰু সৰু গোষ্ঠীয়ে এতিয়া নিজৰ নিজৰ বাবে সুকীয়া ভৌগোলিক আৰু ৰাজনৈতিক স্থান বিচাৰিছে। কিন্তু তেওঁলোকৰ ইয়াৰ পৰা বিশেষ লাভ নহ’ব৷ এটা Sub Federal Policy-ৰ কথা হয়তো ভাবিব পাৰি। এই বিষয়ে মোৰ সঠিক ধাৰণা নাই।

১৯) সাহিত্য ডট্ অৰ্গ : আলফাকে আদি কৰি আন বহুকেইটা বিচ্ছিন্নতাবাদী সংগঠনৰ পৰিক্ৰমা আপুনি জন্মলগ্নৰে পৰা পৰ্যবেক্ষণ কৰিছে, এই সমস্যা সমাধানৰ পথত বুলি আপুনি ভাবেনে?

হৰেকৃষ্ণ ডেকা : আমাৰ মানুহৰ ভাৰতীয় শাসকৰ বিৰুদ্ধে ক্ষোভ আছে নানা কাৰণত। কিন্তু ভাৰতৰ লগত সাংস্কৃতিক শিপাডাল বহুত পুৰণি আৰু দৃঢ়। সেয়ে বিছিন্নতাবাদ ইমান দিনেও বিপ্লৱত পৰিণত নহ’ল। নানা কাৰণত অসম এখন স্বাধীন দেশ হোৱা সম্ভৱ নহয়। বিদ্ৰোহী সংগঠনসমূহৰ দাবী পৰস্পৰ বিৰোধী, বিশেষকৈ ভৌগোলিক মানচিত্ৰৰ ক্ষেত্ৰত। কোনে কোনখিনি পাব, কোন কাৰ পৰা স্বাধীন হ’ব? কিন্তু সমাজত অসন্তোষ থকালৈকে বিছিন্নতাবাদে এটা Constituency পাব, কাৰণ যুবপ্ৰজন্মৰ হতাশ অংশটো ইয়াৰ প্ৰতি আকৰ্ষিত হৈ থাকিব।

২০) সাহিত্য ডট্ অৰ্গ: সাহিত্য সভাৰ প্ৰসংগলৈ আহোঁ৷ যোৱাকিছুদিনৰ পৰা শুনিবলৈ বা পঢ়িবলৈ পোৱা অপ্ৰীতিকৰ কথা কিছুমানে অসম সাহিত্য সভাৰ গৌৰৱোজ্জ্বল ইতিহাসত যেন সামান্য হ’লেও কালিমা সানিছে৷ সাম্প্ৰতিক সময়ত অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত অসম সাহিত্য সভাই নিজৰ দায়িত্ব পালন কৰিছে বুলি আপুনি ভাবেনে? কেৰোণ ক’ত? আপুনি অসম সাহিত্য সভাৰ সভাপতিৰ আসনখনৰ বাবে এজন যোগ্য ব্যক্তি৷ অসম সাহিত্য সভাৰ এই সংকটৰ সময়ত আপোনাৰ বলিষ্ঠ সাহিত্যিক আৰু প্ৰশাসনীয় নেতৃত্বৰে সঠিক দিশত যুগসাপেক্ষ দিশত আগবঢ়াই নিয়াৰ ইচ্ছা আপোনাৰ আছেনে?
হৰেকৃষ্ণ ডেকা : অসম সাহিত্য সভা সাহিত্যতকৈ সাহিত্যৰ ৰাজনীতি কৰা কিছু মানুহৰ নিয়ন্ত্ৰণত বুলি শুনি আহিছোঁ। ইয়াত সাহিত্যতকৈ বাক-বিতণ্ডাইহে প্ৰধান স্থান লোৱা দেখিছোঁ। একোখন জাকত-জিলিকা অধিবেশনত বাদে সাহিত্য সভাৰ অন্য কৃতিত্ব দেখা নাই। মোৰ সাহিত্য সভাৰ কোনো বিষয়-বাব লোৱাৰ প্ৰতি আকাংক্ষা নাই।

২১) সাহিত্য ডট্ অৰ্গ : আপুনি পঢ়া বা শুনা বা দেখা পৃথিৱীৰ সমস্ত গ্ৰন্থৰাজিৰ পৰা বাচি বাচি যদি মাত্ৰ পাঁচখন কিতাপহে আপোনাৰ লগত ৰাখিবলৈ কোৱা হয়, তেন্তে সেইকেইখন কি কি হ’ব পাৰে?

হৰেকৃষ্ণ ডেকা : মই তেনে নিৰ্বাচন নকৰোঁ। অজস্ৰ Classic আছে যাৰ পৰা কেৱল পাঁচখন কিতাপ মই বিশেষভাবে বাচিব নোৱাৰিম।

২২) সাহিত্য ডট্ অৰ্গ : আপোনাৰ প্ৰিয় কবি আৰু প্ৰিয় লিখক কোন?

হৰেকৃষ্ণ ডেকা : ভালেমান। এইটো নিৰ্বাচনো মই নকৰোঁ।

২৩) সাহিত্য ডট্ অৰ্গ : অৱসৰৰ পাচত আজৰি সময়খিনি আপুনি কেনেকৈ কটায়?

হৰেকৃষ্ণ ডেকা : পঢ়া-শুনা আৰু মেল-মিটিঙতে বেছি সময় যায়।

২৪) সাহিত্য ডট্ অৰ্গ : বাল্য বন্ধু বা সহপাঠী কাৰোবাৰ লগত এতিয়াও যোগাযোগ আছেনে?

হৰেকৃষ্ণ ডেকা: বাল্যবন্ধুৰ লগত যোগাযোগ আছে। তেওঁলোকক লগ পাবলৈ মই এতিয়াও মাজে মাজে তিনিচুকীয়ালৈ যাওঁ।

২৫) সাহিত্য ডট্ অৰ্গ : দিনটোৰ ভিতৰত আপোনাৰ প্ৰিয় সময় কোনখিনি?

হৰেকৃষ্ণ ডেকা : ৰাতিপুৱাৰ নিৰিবিলি সময়খিনি।

২৬) সাহিত্য ডট্ অৰ্গ : আপোনাৰ প্রিয় ব্যঞ্জন?

হৰেকৃষ্ণ ডেকা : শ’ল মাছেৰে মূলাৰ আঞ্জা, কাৱৈ মাছেৰে তিলৰ থপথপীয়া আঞ্জা।

২৭) সাহিত্য ডট্ অৰ্গ : আকাশ আৰু সাগৰ দুয়োটা শব্দই আমাৰ মনলৈ বিশালতাৰ অনুভূতি আনি দিয়ে। এই দুয়োটাৰে ভিতৰত আপোনাৰ কোনটো প্রিয়?

হৰেকৃষ্ণ ডেকা : দুয়োটাই। মই মোৰ এটা কবিতাত সাগৰ আৰু আকাশক লগ লগাইছোঁ: “মধ দ্বীপ” তাত দুয়ো চিৰন্তন প্ৰেমিকযুগল।
২৮) সাহিত্য ডট্ অৰ্গ : আপোনাৰ প্রিয় ৰং?
হৰেকৃষ্ণ ডেকা : নীলা।

২৯) সাহিত্য ডট্ অৰ্গ : আপোনাৰ বর্তমান পৰিয়ালৰ কথা কওক।

হৰেকৃষ্ণ ডেকা : পত্নী মোৰ সহপাঠী আছিল, আমাৰ প্ৰেম-বিবাহ। সুখী পৰিয়াল। ল’ৰা-ছোৱালী দুটি। ছোৱালী ডাঙৰ। ছোৱালীৰ দুটি সন্তান, এটি ছোৱালী আৰু আনটি ল’ৰা। তাইৰো ছোৱালী ডাঙৰ। ল’ৰাৰ ছোৱালী এজনী। পৰিয়াল ইমানেই। মোৰ জোঁৱাই দিল্লীৰ। ছোৱালী আৰু ল’ৰাৰো প্ৰেম-বিবাহ। বোৱাৰী উৰিষ্যাৰ।

৩০) সাহিত্য ডট্ অৰ্গ : সকলো সফল পুৰুষৰ সফলতাৰ অন্তৰালত এগৰাকী নাৰীৰ অৰিহণা থাকে। আপোনাৰ সফলতাৰ আঁৰৰ নাৰীগৰাকী?

হৰেকৃষ্ণ ডেকা : সদায় সোধা প্ৰশ্ন। উত্তৰ আপোনালোকে ভাবি থৈছেই। সেইটোকে লওক।

৩১) সাহিত্য ডট্ অৰ্গ : আপোনাৰ আত্মজীৱনীখনৰ বাবে বহুতেই বাট চাই আছে৷ এক ভিন্নসুৰী অভিজ্ঞতাৰে সমৃদ্ধ আপোনাৰ জীৱনৰ নোকোৱা কথাবোৰ কেতিয়াবা প্ৰকাশ কৰাৰ পৰিকল্পনা আছেনে? আমাৰ দৃঢ় বিশ্বাস যে এইখন এখন অতি জ্ঞানগৰ্ভী, অভিজ্ঞতাপুষ্ট, সমসাময়িক অসমৰ অগতানুগতিক দলিল হৈ পৰিব৷ কেতিয়াকৈ সেইখন পঢ়িবলৈ পাম ? আপুনি সন্মতি দিলে অগতানুগতিক ভাবে সাহিত্য ডট্ অৰ্গতে আমি নিয়মীয়াকৈ প্ৰকাশ কৰিবলৈ অনুমতি বিচাৰিব পাৰোঁনে৷ (ইতিমধ্যে প্ৰথমখন অসমীয়া ই-আত্মজীৱনী সাহিত্যাচাৰ্য নলিনীধৰ ভট্টাচাৰ্যদেৱৰ “মৌ-সনা
সোঁৱৰণি” সাহিত্য ডট্ অৰ্গত নিয়মীয়াকৈ প্ৰকাশ পাই আছে।)

হৰেকৃষ্ণ ডেকা : আত্মজীৱনী লিখাৰ বাবে মনটোক প্ৰস্তুত কৰিব পৰা নাই এতিয়াও।

৩১) সাহিত্য ডট্ অৰ্গ : সৰ্বশেষত এইবেলিৰ সাহিত্য ডট্ অৰ্গ কবিতা বিশেষ সংখ্যাৰ বাবে আপোনাৰ পৰা সৰু কবিতা এটি বিচাৰিলোঁ৷ লগতে আপুনি নিজে যদি কবিতাটি পাঠ কৰি দিয়ে সোণত সুৱগা চৰিব৷

হৰেকৃষ্ণ ডেকা : লিখি থোৱা কবিতা নাই। ফেচবুকৰ পৰা ল’বলৈ অনুৰোধ কৰিলোঁ।

সাহিত্য ডট্ অৰ্গ: ব্যস্ত জীৱনৰ পৰা সাহিত্য ডট্ অৰ্গলৈ সময় দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ৷ আপোনাৰ সুস্বাস্থ্য আৰু মংগলময় জীৱনৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷ আগন্তুক দিনবোৰত আৰু অধিক সৃষ্টিশীল লিখনিৰে আপুনি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব বুলি আশা ৰাখি আজিলৈ ইমানতে সামৰিলোঁ৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

কবিতাৰ দৰে মানুহজনক দেখিলে মনটো বৰ ফৰকাল ফৰকাল লাগিছিল