শালিকী শালিকী বুলি নোজোকাবি মোক (মাধুৰীমা ঘৰফলীয়া)

-শুনিছনে কঙৰ বাপেক ,এইবাৰ কিন্তু আমাৰ পোৱালি হাল শকত-আৱত হ’ব । কণী কেইটাই দেখিলেই ধৰিব পাৰি নহয় ।
কঙৰ মাক টুকিয়ে ক’কলৈ চাই কলে । ক’কে তেতিয়া ঠোঁট লাগি থকা ভাতৰ টুকুৰাবোৰ উঠি থকা গছৰ ডালটোত ঘঁহাই ঘঁহাই আঁতৰাই আছিল । দুপৰীয়া আহাৰ কণ বিচাৰি, পেটত ভৰাই দুয়ো সদায় এইদৰেই এই কঁঠাল জোপাৰ ডালত বহি অলপ জিৰাই । কঁঠালজোপাৰ গাতে গা লাগি তামোল এজোপা আছে । তাতে সিঁহতৰ ঘৰখন । ক’কে একো উত্তৰ নিদিয়াত টুকিয়ে আকৌ মাত লগালে
-এইবাৰ হ’লে তই আগৰ কেইবাৰৰ দৰে ফাঁকি নিদিবি । পোৱালি হাল তুলিবলৈ মোক অলপ সহায় কৰি দিবি । ওপৰতে বাপেকৰ ভাও দিলে নহয় নহয় ।
-তহঁত মাইকীবোৰৰ টেকটেকনিৰ পৰা এই ভৰ দুপৰীয়াখনো আমাৰ শান্তি নাই । অলপ মনে মনে থাকিবি নে মই বেলেগ ক’ৰবালৈ যাম ?
ক’কে প্ৰচণ্ড খঙৰে টুকিক ধমক দিলে । টুকিয়ে ধমক খাই মুখখন গোমোঠা কৰি উৰা মাৰি আহি নিজৰ বাহত পৰিলহি । আৰু আলফুলে কণীকেইটাৰ ওপৰত বহি ভোৰভোৰাই উঠিল ।
হয়তো,তাইনো এনে কি বেয়া কথা ক’লে যে ক’কে এনেকৈ খঙ কৰিব । সিহঁতে সংসাৰ আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে তিনিযোৰা পোৱালি উলিয়ালে । প্ৰতিযোৰা পোৱালিৰ ডাঙৰ কৰোঁতে তায়েই হাড় ভঙা পৰিশ্ৰম কৰিব লগা হৈছিল । ক’কটো মহা এলেহুৱা । কিয় যে তাই তাৰ সৈতে সংসাৰ গঢ়িলে অ‘ । তাক লগ পোৱা দিনটো তাইৰ আজিও মনত আছে । সিদিনা টিকু নিজৰ সখী টিয়াকৰ সৈতে বৰুৱা চুকলৈ ফুৰিবলৈ আহিছিল । টিকুৰ মন ভাল নাছিল । এসপ্তাহৰ মানৰ আগত হোৱা বতাহ ধুমুহা এজাকত তাইৰ লগৰীয়াটোক চিৰদিনৰ বাবে হেৰুৱাইছিল । সেইবাবে টিয়াকে টিকুৰ মন ভাল লাগক বুলিয়েই নিজৰ মাহীয়েকৰ ঘৰলৈ বুলি ফুৰাবলৈ লৈ আনিছিল । মাহীয়েকৰ ঘৰৰ পৰা উভতি আহিবলৈ লওঁতেই সেই কঁঠালজোপাত মন মাৰি বহি থকা ক’কক দেখিছিল । টিয়াকে কৈছিল সিদিনাৰ বতাহজাকে ক’কৰ লগৰীয়াজনীকো মাৰি নিলে বোলে । ক’কৰ মুখখন দেখি টিকুৰ কিবা এটা মায়া উপজিল । তাৰ লগত নিজেই গৈ চিনাকী হ’ল । আৰু এদিন সমাজৰ আশীৰ্বাদ লৈ সিহঁতে নিজৰ সংসাৰৰ পাতনিও মেলিলে । পিছে সংসাৰৰ প্ৰতি টিকু যিমান দায়িত্বশীল ক’ক নহয় । সি যেন কোনোবা অজান দেশত ভাহি ফুৰে । টিকুৱে কিবা এটা সুধিলেও যেনেকৈহে গেঙেৰি মাৰে তাইৰ ভয়েই লাগি য়ায় ।

ধৰিলে ঐ ধৰিলে ,ধৰিলে …
কাৰোবাৰ চিঞৰ বাখৰ শুনি টিকু উচপ খাই উঠিল । লৰালৰিকৈ বাহৰ পৰা ওলাই আহিল । ক’ক আৰু তাৰ আশে পাশে কেইবাটিও শালিকা-শালিকী গোট খাইছিল । তাৰ মাজতে চি ৰ পুতেকক ফোঁপাই থকা দেখিলে । টিকুৱে ক’কলৈ প্ৰশ্নবোধক দৃষ্টিৰে চোৱাত সি ক’লে
-সেই শাখিনীজনীয়ে আজি জুলুকি জাল পাতি ইয়াক ধৰিব খুজিছিল । কোনোমতে বাচি আহিছে ।
-কত বাৰ ইয়াক কৈছোঁ বোলো কঙৰ দৰে লোভত মৰিবলৈ নাযাবি । সেইবোৰ মানুহ হয় । সিহঁতৰ কোনো বিশ্বাস নাই ।
চি এ পুতেকক খোঁট এটা মাৰি ক’লে ।
কঙৰ নামটো উদাহৰণ দিয়াত ক’ক আৰু টিকুৰ ভাল নালাগিল । যিমান হ’লেও ,নিজাকৈ ঘৰ সংসাৰ পাতিলেও কং আজিও সিহঁতৰ পোৱালি । তাতে প্ৰথম পোৱালি । পোৱালিৰ কথা এনেকৈ উদাহৰণ দিলে কোন হাল মাক বাপেকেনো ভাল পাব । কঙে সেইবাৰ কৰোঁ বুলিয়েই ভুল কৰিছিল নে কিবা । তাৰ সেইটো ভুলৰ বাবেই জানো সিহঁতবোৰেও এটা শিক্ষা পোৱা নাই । মিছাতে কথাই কথাইনো কঙৰ নাম কিয় ল’ব লাগে !
কঙৰনো তেতিয়া বয়স কিমান হৈছিল , অলপ অলপকৈ উৰিবলৈ শিকিছিল হে । সিহঁতি থকা বাৰীখনৰ গৃহস্থৰ দহ বছৰীয়া মান বয়সৰ জীয়েক জনী মহা অঘাইতং । তাইৰ বিষয়ে সিহঁতৰ জাতিটোৰ বাহিৰেও বেলেগ জাতিৰ চৰাই বিলাকেও জানে । কেতিয়া কোন মুহূৰ্ত তাই চিকাৰ হ’ব লগা হয় কোনো ঠিক নাই । গতিকে তাই ঘৰত থকা দিনটো সিহঁত সকলো সাৱধান হৈ থাকে । সেইদিনা দেওবাৰ আছিল চাগৈ । টিকুৱে কঙহঁতে উৰিব পৰা হোৱা বাবে সিহঁতক উৰিবলৈ দি নিজৰ বাহটো চাফ কৰি আছিল । ক’কেও ভাং খোৱা মানুহৰ দৰে কঁঠালৰ ডাল এটা জুপুকিয়াই বহি আছিল । কঙহঁত কেতিয়ানো গৈ গৃহস্থৰ চোতালত পৰিলগৈ সিহঁতি গমেই নাপালে । ইফালে জুলুকি এটাৰ তলৰ চাউল দুটামান ছটিয়াই ,জুলুকিৰ মুখখন বস্তাৰে বন্ধ কৰি,জুলুকিটোৰ এটা ফালে পীৰা এখন দি, সেই পীৰা খনতে জুলুকিটো ভেজা দি ৰচি এডালেৰে জুলুকি অলপ কৈ দাঙি, ৰচি দাল ধৰি গৃহস্থৰ ছোৱালীজনী ঘৰৰ ভিতৰত লুকাই কঙহঁতৰ আলেখ-লেখ চাই থাকিল । জগতৰ ভু-ভা নোপোৱা কঙে গৈ চাউলৰ লোভত জুলুকিৰ ভিতৰ পালেগৈ । এইফালে কঙে চাউল এটা মুখত দিয়কহে সিফালে ছোৱালীজনীয়ে ৰচি ঢিলা কৰি জুলুকিটোৰে কঙক বন্দী কৰি পেলালে । আকস্মিক বিপদত পৰি কঙৰ মাত কথা হেৰাই গ’ল । সি কি কৰিব কি নকৰিব ভাবি থাকোঁতেই ছোৱালীজনীয়ে তাক ধৰি লৈ ভিতৰলৈ সোমাই গ’লেই ।

কঙক জুলুকিটোৱে বন্দী কৰি পেলোৱা দেখিয়েই ইটো পোৱালিয়ে ভয়তে উৰা মাৰি গৈ বাহ পালেগৈ । বাহতে কঁপি কঁপি টিকুক গোটেই ঘটনাটোৰ বিৱৰণ দিলে । পোৱালিটোৰ কথা শুনি টিকুৱে বিপদৰ জাননীৰে চিঞৰি উঠিল । টিকুৰ চিঞৰ শুনি ওচৰ চুবুৰীয়া লগতে কাষৰ মহেনৰ বাৰী, ভাইমনৰ বাৰী, দেউতিৰ বাৰীৰ শালিকী বোৰো ঢপলিয়াই আহিল । টিকুহঁতৰ জাতিটোৰ আটাইতকৈ ভাল দিশ এইটোৱে যে কোনোবা এটা বিপদত পৰিলে সিহঁতৰ সকলো দৌৰি আহে । সোপাই লগ হৈ গৃহস্থৰ ঘৰৰ চোতালৰ কাষতে থকা টিকুহঁতৰ প্ৰিয় কঁঠালজোপাত আলোচনা কৰিবলৈ লাগিল । এইফালে আলোচনা চলিল ,সিফালে গৃহস্থৰ শাখিনী ছোৱালীজনীয়ে কঙৰ ভৰিত ৰচি এডালেৰে গাঁঠি দি তাক ওলোমাই লৈ বাহিৰলৈ ওলাই আহিল । ভয় আৰু বিষত কঙে আটাহ পাৰি চিঞৰিবলৈ ধৰিলে । কঙৰ অৱস্থা দেখি টিকুৱেও ভয় ভীত পাহৰি ছোৱালীজনীক খুঁটিবলৈ বুলি ওলাইছিলেই ,ভাগ্যই ক’কে আগভেটি ধৰিলে ।
-আমাৰ দাবী মানিবই লাগিব ।
-কঙক ভালে ভালে ওভতাই দিয়ক ।
-মানুহৰ ইমান অত্যাচাৰ নচলিব ।
-আমি তহঁতৰ চুৱা ভাত কেইটা,ৰঙা জলকীয়া কেইটাৰ বাহিৰেনো কি খাওঁ ।
-শাখিনী তই ৰৌ ৰৌ নৰকত পচিবি ।
-আমাৰ দাবী মানিবই লাগিব ।
ক’ককহঁতৰ ভিন্ন শ্লোগানেৰে চোতালখন গুমগুমাই উঠিল । দহমিনিট মান তেনেকৈ চিঞৰাৰ পাছত গিৰিহঁতনী ওলাই আহি ছোৱালীজনীৰ হাতৰ পৰা কঙক কাঢ়ি মুকলি কৰি দিলে । হেৰুৱাব খুজা জীৱনটো ঘুৰাই পাই কঙো কোঁ-কোঁৱাই কঁঠালজোপাত উঠিলহি । সেইদিনা আন্দোলন সফল হোৱাৰ বাবে সকলোৱে বহুদেৰি নাচ গান কৰিলে । কঙে পিছে ৰচিৰে বান্ধি থোৱা ভৰিটোত বাৰুকৈয়ে দুখ পাইছিল । বৰুৱা বাৰীত থকা বুঢ়া শালিকাটোৱে দিয়া ঔষধ লগাইহে ভাল পালগৈ । যিকিনহওঁক তাৰ পাছৰে পৰা জুলুকিৰ তলৰ চাউল খাবলৈ কোনো নোযোৱা হ’ল । আজি জানো কেনেকৈ এই চি’ৰ লুতুৰা পুতেকটো সোমালগৈ । আৰু সেই লুতুৰাটোৰ বাবেও আকৌ উদাহৰণ দিবলৈ পালেগৈ কঙক ! টিকুৰ খঙটো আকৌ উঠি আহিল ।

-এই কেইটা আমাৰে পোৱালি নে ?
নতুনকৈ জগা পোৱালি কেইটালৈ চাই ক’কে সন্দেহেৰে টিকুক প্ৰশ্ন কৰিলে । পোৱালি কেইটা ওলোৱা দুদিন হৈছেহে,তথাপি আন শালিকী পোৱালিতকৈ বহুত সুস্থ সবল যেন হৈছে । ক’কৰ সন্দেহ দেখি টিকুৰ খঙ উঠি গ’ল ।
-আমাৰে নহৈ কাৰ হ’ব ? তোৰ জানো ঘৰ সংসাৰৰ প্ৰতি মন কাণ আছে ?
-মই মন কাণ নিদিয়াৰ বাবেই তই যে সুবিধা নল’বি তেনে কিবা কথা আছে নে ? এনেও তোৰ মতি গতি মই ভাল দেখা নাছিলোঁ । হোৱাই নোহোৱাই মোক গালি পাৰি থাক । তোৰ যে বেলেগলৈ ধাউতি বাঢ়িছে মই আগতেই অনুমান কৰিছিলোঁ । এতিয়া এই পোৱালি কেইটা দেখি সেই অনুমান আৰু দৃঢ় হৈ গ’ল ।
-মানুহৰ পোৱালিৰ দৰে কথা নক’বি ক’ক । সদায় দেখোন কঁঠালজোপাত বহি মোক ৰখিয়েই থাক । বেলেগ কাৰোবাৰ কাষলৈ মোক যোৱা দেখিছনে ? ঘৰৰ কাম বন নকৰি কেৱল মোৰ ওপৰত বহি খাওঁতেই তোৰ দিন গৈছে । এতিয়া ক’বলৈ আহিছ এইকেইটা তোৰ পোৱালি নহয় ! মই মৰি নাযাওঁ কিয় ।
খঙ আৰু কান্দোনৰ সুৰৰে টিকুৱে চিঞৰি চিঞৰি ক’কক গালি পাৰিলে ।
-তই মৰিলে মৰ । সেই বুলি এই কেইটা মই মোৰ পোৱালি বুলি মানি ল’ম নে ? বজ্জাইত শালিকী ,মোক অঁকৰা পাই ফঁচাই ল’লি । অহা দেওবাৰে বৰুৱা চকুত হ’ব লগা গাঁও সভাত মই এইটো কথা উলিয়াই তোক মোৰ ঘৰৰ পৰা নেখেদোঁ যদি চাবি ।
ক’কে টিকুৰ দুখক গুৰুত্ব নিদি ওলোটাই ধমকী দি কেনিবা ফালে উৰা মাৰি গুছি গ’ল । টিকু থকা ঠাইতে থৰ হৈ ৰৈ থাকিল । বহু পৰৰ পাছত পোৱালিকেইটাৰ চিঁ চিঁয়নিতহে তাইৰ সম্বিত ঘুৰি আহিল । যিমান হ’লে মাকৰ মন দেহি । পোৱালি দুটা বুকুৰ মাজত ভৰাই লৈ তাই কান্দি উঠিল ।
সেইদিনা ক’ক ঘৰলৈ নাহিল । তাৰ পিছদিনাও । চিন্তাতে টোপ বিচৰাৰ চলেৰেই টিকুৱে ইফালে সিফালে তাক বিচাৰিবলৈ ধৰিলে । কিন্তু তাক হ’লে নেদেখিলে । পিছে এটা কথা মন কৰিলে তাই যেতিয়াই বাহটোৰ পৰা আঁতৰি যায় তেতিয়াই ক’ৰবাৰ পৰা ক’লা চৰাই এজনী আহি তাইৰ বাহৰ কাষত ৰয়হি । তাইক বাহৰ ফালে যোৱা দেখিলেই চৰাইজনী কেনিবাদি ভূতৰ দৰে নাইকিয়া হৈ যায় । কি’জান পোৱালিকেইটা খাবলৈ আহিছে বুলি ভাবি টিকুৰ বুকু কঁপি উঠিছিল । পিছে পোৱালিকেইটাৰ দেখোন একো হানি বিঘিনি কৰা নাই ! তেন্তে তাই কি বিচাৰি আহিছে ? এনেই সংসাৰ ভাঙো ভাঙো হৈ আছে তাতে এনেকুৱা কাণ্ডবোৰ দেখি টিকুৰ মাথাই কাম নকৰা দৰে হ’ল ।
মুখত টোপ এটা লৈ সেইবোৰ ভাবি ভাবিয়েই টিকু আহি বাহ পালেহি । টিকুক দেখিয়েই পোৱালিকেইটাই মুখ মেলি চিঁচিঁয়াই উঠিল । টোপটো এটা পোৱালিৰ মুখত ভৰাবলৈ লৈ টিকু ভয় খাই উঠিল-আৰে ! পোৱালিটোৰ মুখখন ইমান ডাঙৰ ! তাইৰ দেখোন মুৰটোও সোমাই যাব ! এইকেইদিন মনেই কৰা নাছিল ।
টোপটো তাতে পেলাই বাহটোৰ কাষতে থকা ডালটোলৈ তাই জপিয়াই উঠিল । তাৰ পৰাই পোৱালি কেইটা ভালকৈ মন কৰিলে । হয়তো ! এইকেইটাচোন তাইৰ আগৰ পোৱালিবোৰৰ দৰে নহয় ! নিশ্চয় এইকেইটা পোৱালি কণীত থাকোঁতেই দেও ভূতে পালে । তাতে এইবাৰ তাই বৰুৱা বাৰীৰ বুঢ়া শালিকাটোৰ পৰা তাবিজো লোৱা নাছিল । সন্দেহ নাই ,এইকেইটা তাইৰ পোৱালি হৈ থকা নাই । এই কেইটাৰ বাবেই ক’কে তাইক সন্দেহ কৰিবলৈ পালে । তাইৰ সংসাৰ ভাঙো ভাঙো হৈছে ।
খঙ আৰু দুখত ক’ব নোৱাৰা হৈ টিকু বাহত সোমাই ভৰিৰে ঠেলি ঠেলি পোৱালি কেইটা মাটিলৈ বুলি পেলাই দিলে । মাটিত পৰি পোৱালিকেইটা বহুদেৰিলৈকে চিঁচিঁয়াই থাকিল । টিকুৱে কিন্তু গুৰুত্বই নিদিলে । পিছে কিমান দেৰি …আধা ঘণ্টা মানৰ পাছত তাইৰ মাতৃৰ হৃদয়খনে হাহাকাৰ কৰি উঠিল । কি দৰকাৰ আছিল পোৱালি কেইটা পেলাই দিবলৈ ? ভূতৰে হওঁক দেওৰে হওঁক সেই কেইটাটো তাই উমনি দি জগোৱা পোৱালিয়েই আছিল ! সেই সন্দেহবাদী ,ধোদ ক’কটোৰ বাবেই তাই সিহঁত কেইটাক তেনেকৈ যমৰ ঘৰলৈ ঠেলি দিব লাগে নে ! মাতৃৰ নামতচোন তাই কলংক !
টিকুৱে নিজকে সমালোচনা কৰি লৰালৰিকৈ তামোলজোপাৰ তললৈ নামি উৰা মাৰি আহিল । কিন্তু পোৱালি কেইটাচোন তাত নাই !! টিকুৰ বুকুখন ধৰফৰাই উঠিল । ইফালে সিফালে ঘুৰি ঘুৰি চাই গৃহস্থৰ ঘৰৰ ভঁৰালৰ গাধৈখনলৈ চকু যোৱাতহে তাইৰ জীৱটো ঘুৰি অহা যেন পালে । ভঁৰালৰ গাধৈখনতে থকা জাকৈ এখনত খেৰ কেইডাল মান দি পোৱালি কেইটা থৈ দিয়া হৈছে । কাষতে বাতি এটাত ভাত কেইটা মান লৈ গৃহস্থৰ ঘৰৰ শাখিনি ছোৱালীজনী । তাইয়ে চাগৈ নিঠৰুৱা পোৱালিকেইটা নি তাত থৈছেগৈ । এই প্ৰথমবাৰৰ বাবে ছোৱালীজনী টিকুৰ মৰম লাগি গ’ল । ছোৱালীজনী আঁতৰি যোৱালৈ টিকু ৰৈ থাকিল । তাই আঁতৰি গলেই টিকুৱে পোৱালি কেইটা লৈ আনিবগৈ । অলপ সময়ৰ পাছত ছোৱালীজনীয়ে পোৱালি কেইটাক ভাত দুটামান খুৱাই ভিতৰলৈ সোমাই গ’ল । টিকুৱে সুযোগ দেখি উৰা মাৰিবলৈ লৈও ৰৈ গ’ল । ক’ৰবাৰ পৰা দেখোন ভুটংকৈ ক’লা চৰাই এজনী আহি জাকৈ খনত পৰিলহি ! পোৱালিকেইটাও চৰাইজনীক দেখি আনন্দত কলকলাই উঠিল । যেন সিহঁতৰ মাকহে আহিছে ! টিকুৱে চৰাইজনীক ভালকৈ চালে,এৰা এইজনী চৰায়েই । সিহঁতৰ বাহৰ আশে পাশে যে ঘুৰি ফুৰিছিল এইজনীয়েই । হঠাতে আইতাকৰ উপদেশ এটা টিকুৰ মনত পৰি গ’ল । আইতাকে কৈছিল চৰাইৰ প্ৰজাতিৰ ভিতৰত থকা কুলি নামৰ চৰাই বিধে সদায় লোকৰ বাহত কণী পাৰে । আৰু কণী পৰাৰ আগত সেই বাহটোত থকা কণীবোৰ তললৈ পেলাই দিয়ে । বাহটোৰ গৰাকীয়ে গমেই নাপায় বোলে । পাছত কণী ফুটি পোৱালি ওলালে পোৱালিবোৰ লৈ যায়হি । কথাটো মনত পৰাত টিকুৱে আৰু অলপ ওচৰৰ পৰা গৈ চৰাইজনীক লক্ষ্য কৰিলে । হয়, এইজনী কুলিয়েই হয় । তাৰ মানে অত দিনে যিকেইটা পোৱালি নিজৰ বুলি সাৱটি লৈ আছিল সেইকেইটা তাইৰ নাছিল ! তাইৰ কেইটা কণীতেই কেতিয়াবাই হত্যা কৰা হ’ল । খঙ আৰু বেজাৰত টিকু কঁপি উঠিল । কুলিজনীক খোঁট এটা মাৰিবলৈ লৈও সাহস কৰিব নোৱাৰি তাই কঁঠালজোপালৈকে উৰি গুছি গ’ল । কঁঠালজোপাৰ চিনাকী ডালটোত বহিবলৈ লৈ আচৰিত হৈ গ’ল । ক’কে আচৰিত আৰু ভয়াত চাৱনিৰে তাইলৈ চাই আছে ! টিকুৱে পোৱালিবোৰৰ কাহিনীটো কম বুলি মুখ মেলোতেই ক’কে কাতৰ স্বৰেৰে কৈ উঠিল
-তোৰে শপত টিকু মই সেই ক’লীজনীক চিনি নাপাওঁ । তাই কেনেকৈ আমাৰ পোৱালি কেইটা বশ কৰিলে তাকো মই নাজানোঁ । তই মোক বিশ্বাস কৰ টিকু মই আজি প্ৰথম তাইক দেখিছোঁ ।
ক’কৰ কাকুতি মিনতি বোৰ শুনি টিকুৰ মুখ মেল খাই গ’ল । অত দেৰি বুকুত লৈ ফুৰা দুখ আৰু খঙৰ ভাৰখন যেন পলকতে নাইকিয়া হৈ গ’ল । তাই বুজি পালে ক’কে গোটেই ঘটনাটো দেখিলে । আৰু সি হয়তো কুলিৰ কণী পৰা কাহিনীটো নাজানে । হয়তো সি কুলিজনীক ওচৰৰ পৰা চোৱা নাই ,আৰু কুলি বুলি চিনা নাই । হয়তো সি ভাবিছে কুলিজনীৰ সৈতে কিবা অবৈধ সম্পৰ্ক আছে বুলি টিকুৱে সন্দেহ কৰিছে । কথাখিনি মনৰ মাজতে জুকিয়াই লৈ তাই কৌতুকৰ চাৱনীৰে ক’কলৈ চালে । টিকুৰ চাৱনী দেখিয়েই ক’কে পুনৰ কৈ উঠিল
-টিকু তই মাথো মোক বিশ্বাস কৰ । তোৰ বাহিৰে বেলেগৰ কথা মই ভাবিবই নোৱাৰোঁ ।
-মই কেনেকৈ বিশ্বাস কৰিম ? অহা দেওবাৰে গাঁও সভাত মই কথাষাৰ উলিয়াম । কেনেকৈ তোৰ চক্ৰান্তত তোৰ আৰু তোৰ অবৈধ লগৰীৰ কণী মই উমনি দি পোৱালি উলিয়ালোঁ তাকো কম ।
টিকুৱে ক’কৰ কথাত গুৰুত্ব নিদিয়াৰ দৰে কৈ উঠিল । টিকুৰ কথা শুনি ক’কে পুনৰ কাউ-বাউকৈ ক’বলৈ ধৰিলে
-টিকু,মোৰ সোণজনী,মই তোৰ মূৰত ধৰি শপত খাই কৈছোঁ আজিৰ পৰা তই যি কৰিবলৈ কৱ ,মোক যেনেকৈ থাকিবলৈ কৱ মই তেনেকৈয়ে কৰিম,থাকিম । তই মাত্ৰ গাঁও সভাত এইবোৰ কথা উলিয়াই মোৰ নাকটো নাকাটিবি । সেইজনীৰ লগত মোৰ একো লিং লাং নাই অ’ ।
-তই শপত খাইছতো ?

টিকু অলপ নৰম হোৱা যেন পাই ক’কে উশাহ নুঘুৰোৱাকৈয়ে ক’লে

-খাইছোঁ খাইছোঁ । তোৰ শপত । মোৰ সোপাই পোৱালিৰ শপত । ফেঁচু ৰজাদেউৰ শপত ।
-হ’ব তেনেহ’লে নকওঁ । কিন্তু তই যদি শপতবোৰ পাহৰ মই গোচৰ দিমগৈ ।
-নাপাহৰোঁ নাপাহৰোঁ ।
ক’কে কেইবাবাৰো মুৰটো দুপিয়াই উত্তৰ দিলে । ক’কৰ মুখখন চাই টিকুৱে বুজিলে সি আৰু কোনোদিনে তাইক এৰি যাওঁ বুলি নকয় । কোনোদিনে মিছাতে তাইক সন্দেহ নকৰে । কুলিপোৱালী কেইটালৈ তাই মনৰ পৰাই কৃতজ্ঞতা যাচিলে । পোৱালি কেইটাই অন্তত সিহঁতৰ ধাই মাতৃৰ ঋণ পূৰ কৰিলে । মনৰ উল্লাসতে তাই কিয়াক কিয়াক কৈ চিঞৰি উঠিল ।

 

5 thoughts on “শালিকী শালিকী বুলি নোজোকাবি মোক (মাধুৰীমা ঘৰফলীয়া)

  • September 18, 2013 at 1:55 am
    Permalink

    Jiman dur moi janu,maiki kuli sorai bur kola baranar nahoi. Kahini tu bhal lagil.kintu tenekuwa xaru xaru bhule mantu beya logai diye.

    Reply
  • September 23, 2013 at 12:06 pm
    Permalink

    আপোনাৰ মন্তব্যটোৰ বাবে বহুত বহুত ধন্যবাদ । আমি আচলতে কুলি চৰাইজনী ক’লা ৰূপতে দেখিছোঁ । কিন্তু সেইজনী মতা নে মাইকী এইটো এবাৰো ভবা নাছিলোঁ । আপোনাৰ মন্তব্যটো পঢ়াৰ পাছতহে কথাটো মন কৰিছোঁ । গুগগুলটো খুচৰিলোঁ । মতা কুলিজনীৰ বাহিৰে মাইকীজনীৰ ফটো নাপালোঁ । এইবাৰ গাঁৱলৈ গ’লে খুব ভালদৰেই কুলিজনীক মন কৰিব লাগিব ।

    Reply
  • September 27, 2013 at 2:03 am
    Permalink

    মাধুৰীমাবা, লেখাটো পঢ়ি খুবেই
    ভাল পালোঁ । কিন্তু … (একেটা
    কথাকে মইও কওঁ জানো !) কুলি
    চৰাইৰ মতাটো ক’লা বৰণ আৰু
    মাইকীজনী মুগা ফুট ফুট থকা
    হয় । কিয় পঞ্চম মানত “আদৰ্শ
    অসমীয়া পাঠ” পাঠ্যপুথিত “কুলি”
    পাঠটো পঢ়া নাছিল ? তাত এই
    বিষয়ে বহুত লিখা আছিল আৰু
    মাইকী কুলিৰ ফটো এখনো তাতেই
    আছিলচোন !

    Reply
  • October 5, 2013 at 11:37 am
    Permalink

    সঁচা কথা ক’বলৈ গ’লে কথাটো মই আজিলৈকে মন কৰা নাছিলোঁ জানে । মাধুৰ্য্য দাস দেৱৰ মন্তব্য পঢ়াৰ পাছতেই মই নিজৰ ভুলটো উপলব্ধি কৰিব পাৰিছিলোঁ । কুলিৰ পাঠটো অলপ অলপ মনত পৰিছে । যিয়ে নহওক আপোনালোক দুয়োজনকে বহুত বহুত ধন্যবাদ । ইমান সূক্ষ্ম ভাৱে যে মোৰ লেখাটো পঢ়ি ভুলটো আঙুলিয়াই দেখোৱালে ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!