সেইটো কি বেমাৰ! : উষামণি কাকতি

মাদাৰ ইণ্ডিয়াৰ গালত মইনা(শাল) দুটামান ওলাইছে৷ মইনাকেইটা আমাৰে মইনা টাইপ নহয়, একদম একো একোটা এভাৰেষ্ট শৃংগ মইনা টাইপ৷ লেটেষ্ট আপডেট সেইটোৱে৷ সিদিনা বাৰীচুকৰ জেওৰাখনত আউজি বন্তী খুড়ীক সেইকেইটাত আৰোহন-অৱৰোহনৰ লেটেষ্ট আপডেট দি থকা শুনিলোঁ৷ আমাৰ বন্তী খুড়ী যে! হেৰিয়াৰ হেৰি কৰা গৰাকী৷ তেৱোঁ বাৰীচুকৰ পৰাই বিধানো দিলে এবেলা—–
“…নবৌ…অ’ আপুনি হেৰি চাই নে! তাত যে ওলাই হেৰিয়াৰ কথা শুনিছেনে! …তেখেত একদম গোটেইখনতে হেৰি হৈছে৷ তেখেতে হেৰি লগাবলৈ কৈছে গালৰ হেৰিয়াত৷ “
সেইদিনাৰে পৰা ৰৈ থকাৰ সকাম নাইকিয়া পৰিৱেশ আমাৰ ঘৰত৷ একদম “লেলাৱটি বচাও লেলাৱটি লগাও“ আন্দোলন চলিছে৷ আবেলিলৈ চাহপানীৰ জুতি ল’বলৈ অহা ভৱ খুড়াক দেতাই মাদাৰ ইণ্ডিয়াৰ লেলাৱটি বচাওঁ আন্দোলনৰ বতৰা গৰমে গৰমে পৰিৱেশনে কৰিলে৷ ভৱ খুড়া যে! আমাৰ চুবুৰীৰ একদম কৃপণ খুড়াজন যে! ঘৰত মাংস ভাতৰ মুখ নেদেখা খুড়াৰ জীয়েকে লোকৰ ঘৰৰ বিয়া-সকামে বকাসুৰী ভোজন দি আহি ঘৰৰ লেট্ৰিনলৈ মাৰাথান মাৰি থাকে৷ তাকে দেখি কৃপণ ভৱ খুড়াই জীয়েকৰ হাততে ধৰে কোনোবা এপাকত—-
“ ……বোলো লাগিল বুলিনো কিমান দৌৰ নেমাৰ’৷ ভৰ্তি হ’লে বাৰিষা কোন বাপেৰে হাজিৰা লগাই চাফা কৰিব’…৷ “
সেইজন কৃপণ ভৱ খুড়াই পুতেকক দিল্লীত মেডিচিনৰ ডাক্তৰী পঢ়ুৱাইছে৷ দেতাৰ মুখত ভৱ খুড়াই মইনাৰ ওপৰত হেৰিয়াৰ প্ৰলেপ সানি একেদিনাই ভাল কৰাৰ খবৰটো জীও ওলাই গ’ল৷ স্পীডটো একদম ৰিলায়েঞ্চৰ জীও দৰে৷ পাত্তা নেপাই পাকঘূৰণি খাই থকা এয়াৰটেল-চেলৰ দৰে ভাইটি আৰু মোৰ মুখ মেল খাই থাকিল৷ খুড়া একদম জীও স্পীডত ঘৰ পালেগৈ৷ সেইদিনা গ’ল কথা গুচিল৷ ভাইটিৰো টিভিত খেল চোৱা নহ’ল৷ মাদাৰ ইণ্ডিয়াইও কুমকুমৰ ভাগ্যখন জি টিভিত চাই থাকি সময় নষ্ট কৰাতকৈ হেৰিয়াত হেৰিৰ নানাৰোগৰ বিধান চাই নিজৰ গালদুখনৰ ভাগ্য গঢ়াত লাগিল৷ ফ’নো লগাইছিল দুবাৰমান৷ পাছে, ভাগ্য বেয়া ……ইচ ৰ’ড কা চভি লাইন অভী ব্যস্ত হে৷
পাছদিনা ৰাতিপুৱাই ভৱ খুড়ী আহিল৷ পদূলিৰ পৰাই ইনাই-বিনাই চকুপানী—–
“…… অ’ আমাৰ সোণমইনাই কি কৰি খাব অ’… ইমান টকা-পইচা খৰচ কৰি পঢ়ুৱালোঁ৷ এতিয়া সোণমইনাই পঢ়ি আহি শালমইনাৰ দৰৱ দিয়ে মানে মানুহবোৰে ঘৰতে হেৰি লেপি ভালেই কৰে যদি অ’……সি কি কৰি খাব হয় নে! “
মই বোলো ধৈৰ্য্য ধৰক খুড়ী৷ আপুনি অকণমান ধৈৰ্য্য ধৰক৷ সোণমইনাৰ শালমইনাৰ দৰৱ বেচা যাব৷ মোৰ কথা শুনি খুড়ীয়ে আৰু হে বিননি জুৰিল৷ ইফালে কীৰ্তন এভাগি পতাৰ নিমন্ত্ৰণ দিবলৈ আহি জোঁৱায়েকৰ পাইলচৰ বেমাৰৰ বৰ্ণনা দি থকা ৰুণী জেঠায়ে একো ত’তেই ধৰিব পৰা নাই৷ তেল-পানী এচলু দিবলৈ নিজেহে পাকঘৰত ঘূৰ্মুটিয়াই ফুৰিল৷ মাদাৰ ইণ্ডিয়া একদম নিউট্ৰেল৷ গালৰ লেলাৱটিৰ প্ৰলেপো শুকোৱা নাই৷ তাতে নেপায় ক’ব মাদাৰ ইণ্ডিয়াৰ ভৱ খুড়ীৰ প্ৰতি অলপ হিংসা৷ হিংসা মানে মাইকী মানুহৰ লগত যোৱা বেমাৰ টাইপ এজনীয়ে আনজনীৰ উন্নতি৷ দেখিব নোৱাৰা টাইপ হিংসা৷ মোৰ লগৰ সোণমইনা৷ সি ডাক্তৰ হ’ব৷ দুটা দৰৱ, দুটা বেজী দি দুপইচা বেছি ঘটিব৷ প্লাছ আকৌ সন্মানো আছে৷ আমাৰ ডক্তৰ পঢ়াবোৰৰ কিহৰ কিটো! বেজী নিদিয়া মাষ্টৰ৷ কলেজৰ মাষ্টৰী পৰ্বতৰ কাছ কণী৷ স্কুলৰ মাষ্টৰী কৰিবলে ডক্তৰ নহ’লেও চলি যায়৷ গতিকে সাতে-পাচে গুণি মাদাৰ ইণ্ডিয়াৰ হিংসা৷ এতিয়া তাতে আৰু বেমাৰৰ বিনামূলীয়া দৰৱকণ যদি নিজৰ মুখতে থাকে, কোন ডাক্তৰক খাতিৰ কৰে৷ লেপন দি বহি থাকে৷
তেল-পানী লৈ খুড়ী অলপ ঠাণ্ডা হ’ল যদিও হিকতিয়াই হিকতিয়াই থাকিল এপৰ৷ ৰুণী জেঠায়ে তেতিয়াহে সুধিছে, … ভৱনী অ’ হ’ল কি!
চাদৰৰ আগেৰে চকুযোৰ মচি মচি খুড়ীয়ে দুখৰ কাহিনী কোৱাত লাগিল৷ কেনেকৈ পইচাবোৰ পানীত পৰিল৷ এডভাৰ্টাইজত এক টোপাল ভীম জেলে এসোপা বাচন ধোৱাৰ দৰে কাৰবাৰ হেৰিয়াৰ৷ এটোপাল লেলাৱতিতে এডৰা শালমইনা চাফা৷ কথা শুনি ৰুণী জেঠাই মুখৰ ৰঙ একদম এল.ই.ডি লাইটৰ বাল্বৰ দৰে জকমকাই উঠিল৷ মাদাৰ ইণ্ডিয়াৰো তেতিয়াহে মুখৰ মাত ওলাল৷ ইমানপৰে “এস লগাইছো আৰু কিবা এটা, দৰৱৰ নাম ক’ব নেপায় নেপায় কৰি থকা মাদাৰ ইণ্ডিয়া হেৰিয়াৰ প্ৰশংসাত পঞ্চ কি ষষ্ঠমুখ৷ বন্তী খুড়ীৰ ৰেফাৰেঞ্চো দিলে তিনিবাৰমান৷ বজাৰৰ মোনাৰ পৰা নিমখৰ পেকেটটো উলিয়াই গৰমে গৰমে লোহাৰৰ কেৰাহীত ভাজিহে বোলে টেমাত ভৰায়৷ ‘পানী এচলুও চোৱাই খাৱ নেজানে কি কৰিব পাৰে’ বুলি সদায় বোলে খুড়াৰ লগত কাজিয়া৷ চব বেমাৰে দুদিন, তিনিদিন, এসপ্তাহ, এমাহত চাফা৷ গেৰাণ্টি দিছে৷ মুখৰ গেৰাণ্টি৷
জেঠায়ে মোৰ মুখলৈ চালে৷ মই বোলো মোৰ মুখৰ গেৰাণ্টি দিয়া নাই অ’ জেঠাই৷ হেৰিয়ে নিজ মুখেৰে বেকত কৰা কথা৷ সুৰটোতে গেৰাণ্টি আছে অ’৷ জেঠায়ে বোলে তয়ো প্ৰগেমটো চালি নে! মই বোলো সদায় চাওঁ৷ টিভিত নহয়, ফেচবুকত৷ বেমাৰ বাকী নাই৷ যিকোনো বেমাৰেই অতি বেছি এমাহ৷ তাৰপাছত চাফা৷ একদম ৰোগমুক্ত অসম গঢ়াৰ পৰিকল্পনা৷
কথা শুনি ভৱ খুড়ীয়ে আকৌ চাদৰৰ আগেৰে চকুযোৰ মচিলে৷ ৰুণী জেঠাই আৰু মাদাৰ ইণ্ডিয়াৰ সেইবোৰত খবৰ নাই৷ নলে গলে লগা লগৰীজনী হৈ কঁকালৰ বিষে লগ নেৰা ৰুণী জেঠায়ে এনেও ডাক্তৰৰ ঘৰলৈ গৈ ভাগৰিলে৷ গতিকে এনেকুৱা টাইমত যদি বিনামূলীয়া দৰৱটিৰ কথা নুশুনি উচুপনি কোনে শুনে! মোক হাতে-ভৰিয়ে ধৰিলে৷ ফেচবুকত চাই দিব লাগে৷ জোৱায়েকৰ পাইলচৰ বেমাৰ, জীয়েকৰ ভৰি বিষ, নাতিয়েকে একো খাবলৈ মন নকৰা বেমাৰৰ হেৰিয়ে দিয়া বিধান৷

ইমানসোপা বেমাৰৰ বিধান বিচাৰি চেনেললৈ ফোন কৰি “ইচ ৰ’ড কা চভী লাইন ব্যস্ত হে “ শুনাতকৈ মোৰ পৰাই বেমাৰৰ দৰৱপালি ফেচবুকতে লোৱা ভাল৷ জেঠাইক দেখি মাদাৰ ইণ্ডিয়াও ওচৰ চাপি আহিল৷ ৰাতি শোওঁতে নাক নবজাৰ কিবা তেল-তুল দিয়ে নেকি চাই দে অ’ বুলি আহিল৷ মই বোলো তোমাৰ কেতিয়াৰ পৰা নাক বজা হ’ল! মাদাৰ ইণ্ডিয়াও কম নহয়! ডাইৰেক্ট গৰম ভেকাহি—– মোৰ নেবাজে৷ বাপেৰৰ হে নাক দীঘল৷ ঘৰক্ ঘৰক্ বজাই টোপনি খতি কৰি থাকে৷
মাদাৰ ইণ্ডিয়া আৰু ৰুণী জেঠাইক দেখি ভৱখুড়ীও ওচৰ চাপি আহি বহিল৷ এপতীয়া মবাইলটোত ফেচবুকত হেৰিয়ে দিয়া প্ৰতিটো বেমাৰৰ গতি-গোত্ৰ, নিৰাময়ৰ বিধানবোৰ এটা এটাকৈ পঢ়ি শুনালোঁ৷ নেপায় ক’ব পঢ়ি থাকোঁতে হেৰিয়াক কিবা কলি যুগৰ সাক্ষাৎ ভগৱান অৱতাৰ যেন লাগিল! এবাৰ আকৌ নাই গুৱাহাটী নাই ৰঙামাটি বুলি মিছা তাল-ফাল লগোৱাতকৈ মানুহজন ফেচবুকতে এখন এইমইচ যেনো লাগিল৷
এসময়ত সকলো ৰোগৰ বিধান পঢ়ি শেষ৷ ৰুণী জেঠায়ৰ হিয়া সাতখন, আঠখন৷ মনত নৰয় বুলি কাগজত দুটামান বিধান লেখিও ল’লে৷ হেৰিয়াৰ ফেচবুক প্ৰফাইলতে সেৱাও কৰিলে৷ ভৱখুড়ীৰো চকুপানী আকৌ ওলাল৷ দুয়োজনী ঘৰাঘৰি গ’ল৷
ফেচবুক দৰ্শনৰ পাছৰে পৰা মাদাৰ ইণ্ডিয়াৰ গাত তৎ নাই৷ ওলাওঁতে-সোমাওঁতে, খাওঁতে-শোওঁতে মনত পৰিলেই সোধে —– ফেচবুকত নতুন বেমাৰৰ কথা কিবা কৈছে নেকি!
মই নাই…নাই…নাই কৰি থকা কথাটোৰ উত্তৰ সিদিনা ভাইটিয়ে ঘপহকৈ দিলে……
“… দিছে নহয়৷ স্বদেশী আন্দোলনৰ কথা৷ “
ৰুটি বেলি থকাৰ পৰা মাদাৰ ইণ্ডিয়াই বেলনা পেলাই দৌৰি আহিল…
……”সেইটো কি বেমাৰ?”
মই বোলো অসমত এতিয়া সেইটোৱে মহামাৰী ৰূপধাৰণ কৰা একমাত্ৰ বেমাৰ৷ ইয়াৰ কবলৰ পৰা দল-সংগঠন, ৰজা-প্ৰজা কোনো বাদ পৰা নাই৷ এতিয়া সেইবিধে তেওঁকো পালে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক