শব্দ : স্বাগতা বৰুৱা

মই জানো যে কোঠালীটোত মই অকলে আছো৷ মই এইটোও জানো যে এই সমগ্ৰ পৃথিৱীখনতেই মই অকলশৰীয়া, কোনো নাই মোৰ আশে-পাশে, মোৰ যত্ন লবলৈ বা মোৰ মনৰ বুজ লবলৈ৷ অকলে থাকিবলৈ মই ভয় কৰা বিধৰ নহয়, মই নিজেই মোৰ সহচৰ৷ কিন্তুু তাৰ অৰ্থ এইটো নহয় যে মোৰ চৌপাশে কি ঘটি আছে মই গম নাপাওঁ৷
.
বৰ্তমান মোৰ বয়স চৈধ্য বছৰ আৰু এই বৃহৎ কোঠালীটো, য’ত মই অকলশৰে থাকো তাত মই কিছুমান শব্দ শুনিবলৈ পাওঁ৷ সেই শব্দবোৰ যিবোৰে অহৰহ মোৰ চাৰিওফালে ঘূৰি ফুৰে সেইয়া হয়তো মোৰ হৃদস্পন্দনৰ শব্দ বা হয়তো ছাটিফুটি কৰি থকা মোৰ আত্মাৰ শব্দ৷ আৰু যেতিয়াই তেওঁ মোৰ ওচৰে-পাজৰে থাকে শব্দবোৰও ক্ৰমান্বয়ে বৃদ্ধি পাই আহে…. তেওঁ অৰ্থাৎ মোৰ মাৰ দ্বিতীয় স্বামী৷
.
তেওঁলোকৰ কোঠাৰ পৰা ভাঁহি অহা টুকুৰা-টুকুৰি কথা কিছুমান মোৰ কাণত পৰেহি৷ আচলতে ঠিক কথা বুলি ক’লে ভুল কোৱা হব, সেইবোৰ হৈছে কান্দোন, মাৰ-পিট, বা কাতৰ অনুনয়ৰ শব্দাংশ…. ভয়ৰ শব্দ৷ সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ মই মোৰ কাণ দুখন সমগ্ৰ শক্তিৰে হেঁচি ধৰো, কিন্তুু বিফল হওঁ৷ মই সেই ভয়ানক শব্দবোৰ শুনো, দেখো আৰু অনুভৱ কৰো, পলাবলৈ চেষ্টা কৰিলেও সিহঁতে মোক খেদি ফুৰে৷ মই মাত্ৰ প্ৰাৰ্থনা কৰিব পাৰো যাতে তেওঁ কুশলে থাকে……… তেওঁ, মোৰ মা৷ মই তেওঁক সহায় কৰিবলৈ অপাৰগ কাৰণ সেই মানুহজনলৈ মই ভয় কৰো৷ লাহে লাহে এই শব্দবোৰে গোটেই কোঠালীটোকেই গ্ৰাস কৰি পেলায়৷ মই ভাবো যে সেইবোৰ মোৰ মাৰ ভয়ৰ শব্দ, কিন্তুু পাছলৈ মোৰ এই ভুল ভাঙে আৰু মই অনুভৱ কৰো যে ই প্ৰকৃততে মোৰহে ভয়৷ শব্দবোৰ অসহ্য হৈ আহে৷ মই অনুভৱ কৰো যে মোৰ দুচকুৰে দুধাৰি লুণীয়া লোতক বৈ আহিছে, আৰু লাহে লাহে মই ভাঙি পৰো৷ তাৰপাছত মই দৌৰিবলৈ আৰম্ভ কৰো, মই নাজানো মোৰ গন্তব্যস্থান ক’ত! দৌৰি দৌৰি এটা সময়ত ভাগৰুৱা হৈ মই ৰৈ যাওঁ….. শব্দবোৰ কিন্তুু তেতিয়াও ভাঁহি থাকে মোৰ কাণৰ কাষত.. কমি কমি লাহে লাহে এটা সময়ত সেইবোৰ আৰু নুশুনা হৈ পৰো৷ সেইমুহূৰ্তত কিবা চিন্তা কৰাৰ শক্তি লোপ পাই আহে আৰু মই অজ্ঞান হৈ পৰো৷
( ইণ্টাৰনেটত পোৱা এটি ইংৰাজী চুটি গল্প অনুবাদৰ ক্ষুদ্ৰ প্ৰয়াস৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক