সঁজা (ভাস্কৰজ্যোতি দাস)

(১)
এনেকুৱা মানুহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ প্ৰায়েই আহে৷ এখন মলিয়ন ধুতি, হাতত এটা বজাৰ কৰা বেগ৷ বেগটো খালী যেন লাগিলেও তাৰ তলিত পৰি থাকে কেইখিলামান সোত-মোছ খাই থকা কাগজ৷ দেহাৰ ওপৰভাগত এটা হলৌ বিধৰ লেতেৰা কুৰ্তা৷ কুৰ্তাটোৰ ওপৰৰ জেপত কেইটামান টকা-সিকি৷ ডিঙিত এখন মলিয়ন গামোচা৷ প্ৰায় সকলো সময়তে ডিঙিটো সুৰসুৰাই থকাৰ ফলত মাৰি থকা কাহকেইটা৷ এইবোৰ বৈশিষ্ট্যৰ মানুহক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰিৱেশত “বুঢ়াটো” নামেৰেই জনা যায়৷ এনেকুৱা মানুহবোৰে কাৰ্যালয়টোৰ বাৰান্দাৰ খুটাবোৰত আঁউজি দিনৰ দিনটো বহি থাকে যদিও কাম নিসিজে৷ আজিকালি কাম সিজোৱাৰ নিয়মবোৰ বেলেগ হ’ল৷ পিছে সকলো মানুহ এনেকুৱা অঁকৰা নহয়৷

এইবাৰ কাম সিজিব বুলি নতুন চক্ৰ বিষয়াই যোগদান কৰাৰ দিনাই কণপাই গগৈ বোলা নিতাইপুখুৰীৰ এনেকুৱা বুঢ়া মানুহ এজন কাৰ্যালয়টোৰ বাৰান্দাত আহি বহিছেহি৷ এবছৰমান তাঁত-বাতি কৰাৰ পাছতো আগৰ চক্ৰ বিষয়াৰ সময়ত কামটো নিসিজিল৷ লাটমণ্ডল জেহিৰুল হকে কামটো কৰি দিবলৈ বিশ হেজাৰ টকা লাগে বুলি কৈছে যিটো দিয়াৰ ক্ষমতা গগৈৰ নাই৷ ডাঙৰ অফিচাৰৰ লগত কথা পতাৰ ভয় থাকে কিছুমান মানুহৰ৷ গগৈৰো আছে৷

(২)
গগৈ পূৰ্বতে মেৰুদণ্ড থকা মানুহৰ ঘৰৰে মানুহ আছিল মানুহ৷ দেশৰ কাৰণে যুঁজা ভোগেশ্বৰ গগৈৰ ল’ৰা৷ মুক্তিযোদ্ধাৰ পেঞ্চন ল’বলৈ অমান্তি হোৱা মানুহ আছিল এই ভোগেশ্বৰ গগৈ৷ বুঢ়া বয়সত চলিহাৰ ঘৰত গান্ধীৰ লগত তোলা ফটোখনেৰেই জীৱনটো শেষ কৰিলে গগৈয়ে৷ কণপাই জন্ম হোৱাৰ কেইটামান বছৰৰ পাছতে ভোগেশ্বৰ সিপুৰীলৈ গুচি গ’ল৷

কণপাই এতিয়া বুঢ়া হ’ল৷ দুৰাৰোগ্য বেমাৰ এটাও গোটাই ল’লে৷ কেইদিন থাকে ঠিক নাই৷ সোঁচৰা বেমাৰ নহ’লেও গাঁৱৰ অশিক্ষিত মানুহবোৰে কণপাইক এঘৰীয়া কৰিলে৷ মানুহজনীও একেধৰণৰ বেমাৰ এটা লৈ কেইবছৰমানৰ আগতে সিফলীয়া হ’ল৷ এতিয়ালৈ গগৈয়ে তিনিআলিৰ চুকত থকা বাৰীখনতে এটা নতুন ঘৰ সাজিলে৷ ওচৰত নৰমনিচ বুলিবলৈ ৰমলী বুঢ়ীৰ ঘৰটো৷ লগত দুজনী একুৰি গৰকা জীয়েক, সিহঁতৰ গৰম উশাহবোৰ আৰু ৰমলী বুঢ়ীয়ে মাজেমধ্যে পাৰি থকা গালিকেইটা – এইখিনিৰ লগত বাপেকৰ নামত থকা তিনিবিঘা মাটিৰ বাহিৰে সঁচত দিবলৈও কণপাইৰ হাতত একো নাই৷

(৩)
নিতাইপুখুৰীৰ এই তিনিআলিটোৰ ওচৰতে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান হ’ব৷ আগতে পানীৰ দামত বিক্ৰী হোৱা মাটিবোৰৰ দাম এই নতুন খবৰটো অহাৰ লগে-লগে পাঁচ-ছয়গুণমান বাঢ়িছে৷ তাৰ কাষতে থকা তিনিবিঘা মাটি ভোগেশ্বৰৰ নামত একচনা পট্টা চলি আছে৷ এইচিটা মাটিৰ সমুখৰ ৰাস্তাৰফালৰ চিটাটো দুবছৰমানৰ আগতে এজনে কিনা বুলি কণপায়ে শুনিছে যদিও মালিকজনক দেখা নাই৷

নিজৰ মাটিখিনি নিজৰ নামত ম্যাদী কৰিব পাৰিলেই সেইখিনি বিক্ৰী কৰি জীয়েক দুজনীৰ বিয়াকেইখন পাতি কণপাই আজৰি হৈ মৰিব পাৰে৷ ডাঙৰজনীৰ কাৰণে আগতে ল’ৰা এটা আহিছিল৷ ফৌজী৷ খবৰ কৰি গম পালে যে ল’ৰাটো ভালেই৷ ছোৱালীৰ লগত একো দিব নালাগে বুলিয়েই কৈছিল ল’ৰাৰ ঘৰে৷ কিন্তু ফৌজীলৈ বিয়া নিদিওঁ বুলিয়েই সেইবোৰ কথাৰ সিমানতে পৰাল পেলালে৷ এতিয়া কণপাই বুঢ়া আৰু বেছি বেমাৰী হৈ আহিছে৷ গতিকে, এইবোৰৰ কিবা এটা চয়-নিচয় কৰিব পাৰিলে গাত খহু নলগোৱাকৈ মৰিব পাৰে৷ ওচৰৰ ৰমলী বুঢ়ীয়ে সকলো সময়তে কিবাকিবি বকিয়েই থাকে৷ বোলে –
“হেৰৌ জহনীত যোৱা, এনেকে ছোৱালীকেইজনীক বিয়া নিদি নিদি ঘৰতে বুঢ়ী কৰ৷ মানুহজনী জীয়াই থকাহ’লে এতিয়ালৈ কিবা এটা কৰিলেহেঁতেন৷ বাপেকী হৈছ, দায়িত্ব ল’ব লাগে৷ ল’ৰাপোৱালী এটা চাই ডাঙৰজনীক নপঠিয়াৱ কেলেই হাঁ৷”

কণপায়ে শুনি থাকে৷ কিন্তু মুখেৰে একো নকয়৷

(৪)
প্ৰতিষ্ঠানটো হ’ব বুলি জনাৰেপৰা গোবিন কটকী নামৰ ভূ-মাফিয়াটোৰ এলেকাটোত চকু৷ গাঁৱৰ মানুহবোৰৰ পৰা বিঘাত পঞ্চাছ হেজাৰমানকৈ কিনি মাজে মাজে ৰাস্তা দি প্ৰতি কঠা মাটি একলাখকৈ বিক্ৰী কৰাৰ ধান্দা তাৰ৷ আজিৰ দুনিয়াত পইচাৰে সকলো কৰাব পাৰি৷ গোবিন পইচা থকা মানুহ৷ কণপাইহঁতৰ দ’ৰে দুখীয়া মানুহবোৰৰ বছৰ-বছৰ ধৰি নিসিজা কাম সি এঘণ্টাতে কৰাব পাৰে৷

গোবিনৰ বয়স দুকুৰিমান হৈছে৷ ঘৰ ন-হাটৰ ফালে৷ গোবিন আৰু কণপাইৰ দেউতাক একালৰ বন্ধু আছিল৷ কিন্তু আগৰ মানুহবোৰ মৰাৰ পাছত যোগসূত্ৰবোৰ নাইকিয়া হ’ল৷ গোবিনে এটা সময়ত ঘৰে-ঘৰে ট্ৰাকত মাটি যোগান ধৰিছিল৷ চহৰৰ এজন প্ৰভাৱশালী ব্যৱসায়ীৰ জীয়েকক বিয়া পতাৰ পাছৰেপৰা সি কিবাকিবি নতুন কামত হাত দিলে৷ সাতবছৰমানৰ আগতে তাৰ স্কুলীয়া বন্ধু ৰূপান্তৰে চক্ৰ বিষয়া হিচাপে যোগদান কৰাৰ পাছৰেপৰা এই লাইনত আহিল৷ লাহে লাহে চক্ৰ বিষয়াৰ কাৰ্যালয়টো তাৰ দ্বিতীয় ঘৰ হোৱাৰদৰে হ’ল৷ এতিয়া সকলোবোৰ মেনেজড৷ নতুন চক্ৰ বিষয়াৰ লগতো ৰাহিযোৰা ভালেই হৈছে৷ সি কামবোৰ খৰকৈ কৰাব পাৰিছে৷ মাজে মাজে ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তৰ ঘৰতো সি কিবাকিবি টোপোলা দিব পৰাৰ পৰিবেশ এটাও আহিছে৷

(৫)
গাড়ীখন কণপাইৰ ঘৰৰ আগত ৰ’ল৷ বাঁহৰ জপনাখন খুলি গোবিন সোমাই আহিল৷ কণপাইৰ সৰুজনীয়ে বাপেকৰ ওচৰতে মূঢ়া এটা পাৰি দি ভিতৰলৈ সোমাল৷
“নমস্কাৰ, কি বা সকামত আহিল?” – কাহ এটা মাৰি কণপাইয়ে গোবিনক সুধিলে৷
“মই গোবিন কটকী৷ নহাটৰ শ্ৰীকান্ত কটকীৰ ল’ৰা” – স্পষ্ট মাতেৰে গোবিনে কথাবোৰ আৰম্ভ কৰিলে৷
“তুমি শ্ৰীকান্ত দাইৰ ল’ৰা! কেঁচুৱাতে তোমাক দেখা৷ কি সকামত আহিলা বোপা” – পুৰণা কথা কিছুমান কণপাইয়ে মনত পেলালে৷
“এনেই খবৰ এটা কৰি যাওঁ বুলি আহিলোঁ৷ তিনিআলিৰ মূৰত থকা আপোনাৰ মাটিখিনিৰ আগৰছিটা মাটি ময়েই কিনিলোঁ৷ আপোনাৰ মাটিখিনি একচনা হৈয়ে আছে এতিয়াও, নহয়জানো?” – গোবিনে কৈ গ’ল৷

– কিনো ক’ম বোপা! মাটিখিনি ম্যাদী কৰাবলৈ যোৱা ডেৰবছৰে এচ.ডি.চি.ৰ অফিচত তাঁত-বাতি কৰি আছোঁ৷ কামহে সিজা নাই৷ মণ্ডলে বিছহেজাৰ বিচাৰিছে৷ মই মাটিখিনি বিক্ৰী কৰি টকাখিনি দিম বুলি কৈছোঁ৷ নেমানে৷ এতিয়া বিছহেজাৰ ক’ৰ পৰা উলিয়াও?

– খুড়া, আপোনাৰ কামখিনি ময়েই কৰাই দিম দিয়ক৷ মোৰ সকলো মানুহেই চিনাকি সেই অফিচটোত৷

কণপাই থৰ হৈ যোৱাৰ দৰে হ’ল৷ স্বৰ্গখন ওচৰতে দেখাৰ দৰে লাগিল তাৰ৷ মুহূৰ্ততে গোবিনক নৰমনিচৰ পৰা দেৱদূত হৈ যোৱা যেন লাগিল কণপাইৰ! সি ভিতৰলৈ সোমাই গৈ একপ্ৰকাৰে হুলস্থুলেই লগাই দিলে-“ডাঙৰআই অ’, চাহ এটোপা দেচোন৷ আলহী আহিছে৷ আমাৰ শ্ৰীকান্ত দাইৰ পিতেক আহিছে৷”

বজাৰ কৰা বেগটোৰ পৰা সি সোত-মোছ খাই থকা কাগজকেইখন লৈ গোবিনৰ ওচৰত ঠিয় হ’ল আৰু ক’বলৈ ধৰিলে – “এইখন পিতাইৰ নামত থকা একচনা পট্টা৷ যোৱা বছৰলৈকে খাজনা দিয়া আছে৷ এইখন তাৰে ৰছিদ৷ এই বছৰৰ খাজনাটো দিয়া হোৱা নাই৷ মৌজাদাৰৰ অফিচটোও ইমান দূৰত! আজিকালি দেহাই নেটানে বোপা৷”

কিছুসময়ৰ পাছতে মেঘালী ওলাই আহিল৷ হাতত এখন থাল৷ থালখনত এটা বাতি আৰু এটা কাপত আধামানকৈ ফিকা চাহ৷ ইখন হাতত থকা পিৰিচখনত কেইটামান বিস্কুট আৰু চাৰিফাল কৰা এটা মধুৰিআম৷ কণপাইৰ ডাঙৰ জীয়েক মেঘালী৷ এনেয়ে ক্ষীণ৷ এইকেইদিন বেছিকৈ ক্ষীণাইছে৷ মুখৰ হাঁহিটো শুকাইছে৷ সমানে শুকাইছে দেহাটো৷ হাতৰ আঙুলিবোৰ বুঢ়া চজিনাৰ দৰে হৈছে৷ তাইৰ গাৰপৰা যৌৱনৰ ভাল লগা বস্তুবোৰ এটা এটাকৈ আঁতৰি গৈছে৷
থালখন মূঢ়া দুটাৰ মাজতে থৈ তাই আঁতৰি গ’ল৷ মুখেৰে একো নক’লে৷

পলম নকৰি চাহকাপ খাই গোবিনে কণপাইৰ হাতৰপৰা কাগজকেইখন লৈ গাড়ীখনৰ ফালে খোজ দিলে৷

(৬)
চক্ৰ বিষয়াৰ কাৰ্যালয়৷ সময় এঘাৰমান হৈছে৷ গোবিনে লাট মণ্ডল জেহিৰুলৰ ওচৰৰ চকীখনত বহি ক’বলৈ ধৰিলে- জেহিৰ, কাম হৈ গ’ল৷ এইখন পট্টা, এইখন বুঢ়াই যোৱাবছৰলৈ খাজনা দিয়াৰ ৰছিদ, এইখন মোৰ নামত এইবছৰ খাজনা দিয়া ৰছিদ আৰু এইয়া ৩০ হাজাৰ৷ তোৰ বকচিচ৷ চাৰক ফাইলটো দি দিবি৷ চাৰৰ বস্তুটো মই চাৰক লগ ধৰি দিম৷ জেহিৰুলে কামবোৰ খৰতকীয়াকৈ কৰি দিলে৷ দুদিনমানৰ পাছতে এসোপামান পুলিচ লৈ চক্ৰ বিষয়াই কণপাইৰ মাটিখিনিতে কিছুমান নতুন নতুন মানুহক ভাগে ভাগে দখল দিলে৷

চকুৰ পচাৰতে ক’ত কি হ’ল কণপাইয়ে তৰ্কিবই নোৱাৰিলে৷ পিচদিনা চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈয়ো কণপায়ে একো উত্তৰ নাপালে৷ উত্তৰ পাবলৈ কাকো লগেই নাপালে৷
সেই দিনটোৰ সূৰ্যাস্তৰ পাছত গধূলিটোৱে তাক সৰীসৃপ এটাৰ দৰে গ্ৰাস কৰিবলৈ ধৰিলে৷ গোটেই নৰকখনে তাক বেৰি ধৰাৰ দৰে লাগিল আৰু এসোপামান ৰাক্ষসে তাক খোঁচা-বিন্ধা কৰিবলৈ ধৰিলে৷

(৬)
তাৰ এটা দিনৰ পাছত বাতৰি কাগজৰ প্ৰথম পৃষ্ঠাৰ তলৰফালে খবৰ এটা ওলাল – “বিষ পান কৰি নিতাইপুখুৰীত দুই কন্যাসহ এজন লোকৰ আত্মহত্যা : চক্ৰ বিষয়াক তদন্ত কৰি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ জিলা উপায়ুক্তৰ”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!