এঘণ্টা সময় (প্ৰশান্ত কুমাৰ বৰা)

সন্ধিয়া পৰত কৰ্মস্থলীৰ পৰা আহি দেউতাক ঘৰ পোৱা মাত্ৰকেই কণমানি লৰাটো ভয় আৰু সমীহেৰে তেওঁৰ ওচৰলৈ গ’ল আৰু সুধিলে, “দেউতা, এঘণ্টাত তুমি কিমান টকা উপাৰ্জন কৰা?” ল’ৰাটোৰ প্ৰশ্নত দেউতাক বৰকৈ আচৰিত হ’ল যদিও পুতেকলৈ ঘোপাকৈ চাই তেওঁ ক’লে, “চা সোণটো, আনকি তোৰ মাৰেও এই কথা মোক সুধিবলৈ আজিলৈকে সাহস কৰা নাই। মই বৰ ভাগৰুৱা, মোক এতিয়া আমনি কৰি নাথাকিবি, কৈ দিছো।” কিন্তু কনমানিটোৱেও তেওঁক নেৰানেপেৰাকৈ লাগিল, “দেউতা, মোক মাত্ৰ এবাৰ কোৱানা, এঘণ্টাত তুমি সঁচাকৈ কিমান উপাৰ্জন কৰা?”


অতিষ্ঠ হৈ দেউতাকে শেষত লৰাটোক উত্তৰ দিলে যে তেওঁ প্ৰতি ঘণ্টাত এশ টকাকৈ উপাৰ্জন কৰে। ল’ৰাটোৱে তেতিয়া ক’লে, “ঠিক আছে দেউতা, তুমি মোক যেনেতেনে পঞ্চাছ টকা ধাৰলৈ দিব পাৰিবানে?” পুতেকৰ নেৰেনেপেৰা আমনিত অতিষ্ঠ হৈ তেওঁ তাক জোৰেৰে ধমক দি ক’লে, “অ’, মই কিমান উপাৰ্জন কৰো সেইকথা সোধাৰ আচল কাৰণ এইটোহে, নহয় জানো? মোৰ ওচৰৰ পৰা তুৰন্তে আঁতৰি যা আৰু শুই থাকগৈ। মোক আকৌ আমনি কৰিবলৈ আহিলে মজা পাবি!”

গা-পা ধুই, চাহ-তাহ খাই কিছুসময় জিৰণি লোৱাৰ পাছত দেউতাকে পুতেকৰ কথা ভাবিলে আৰু তাক বৰকৈ ডবিওৱাৰ বাবে নিজকে দোষী দোষী অনুভৱ কৰিলে। সি চাগৈ কিবা খেলনা বস্তু কিনিব খুজিছিল – তেওঁ ভাবিলে। ভাবি-গুণি ল’ৰাটোৰ মনটো ভাল লগাবৰ বাবে তেওঁ তাৰ ওচৰলৈ গ’ল।

“সোণটো, টোপনি গলি নেকি?” – দেউতাকে সুধিলে। চকামকা টোপনিৰ পৰা সাৰ পাই ল’ৰাটোৱে কলে, “নাই যোৱা দেউতা, কিয় সুধিলা?” “এইটো ল, তই অথনি বিচৰা পইচাটো” – এইবুলি তেওঁ লৰাটোলৈ পঞ্চাছ টকীয়া নোটখন আগবঢ়াই দিলে। দেউতাকক ধন্যবাদ দি সি গাৰুৰ তলত কিবা খুচৰাত লাগিল আৰু আনন্দমনেৰে গুণগুনালে, “হৈ গ’ল, মোৰ ওচৰত এতিয়া পূৰা এশ টকা আছে!” দেউতাকে অবাক হৈ পুতেকলৈ তধা লাগি চাই ৰ’ল। কিয়? কাৰণ তাৰ হাতত থকা গোটেইখিনি পইচা দেউতাকৰ হাতত গুজি দি কণমানিটোৱে দেউতাকক এইমাত্ৰ ক’লে, “দেউতা, তুমি মোক তোমাৰ এঘণ্টা সময় বেচিব পাৰিবানে?”

…………..

…………..

…………..

যান্ত্ৰিক জীৱন-যাত্ৰাৰ ধাম-খুমীয়াত অভ্যস্ত হৈ আপুনিও আপোনাৰ সন্তান বা আপোনজনক সময় দিবলৈ পাহৰি গৈছে নেকি? এনে ভুল কেতিয়াও নকৰিব। টকা-পইচা খন্তেকীয়া, আপোনজনৰ মৰম-চেনেহ সনা সম্পৰ্কবোৰেহে আমাক জীয়াই ৰাখে। বয়সৰ উন্মাদনাত এতিয়া এই কথা আপোনাৰ বোধগম্য নহ’লেও এদিন আপুনি ঠিকেই বুজি পাব। কিন্তু তেতিয়া বহু দেৰি হৈ যাব। মনত ৰাখিব, কৰ্মজীৱনৰ এই প্ৰচণ্ড ব্যস্ততাৰ পৰা এদিন আপুনিও অৱসৰ ল’ব লাগিব। তেতিয়া আপোনাৰ হাতত সময়েই সময় থাকিব, কিন্তু আপোনাক সেই সময় কটোৱাত সংগ দিবলৈহে কাষত কাকো নাপাব। সেয়ে আহকঃ আমাক ভাল পোৱা, আমালৈ বাট চাই ৰোৱাসকলৰ বাবে প্ৰতিদিনে অলপ সময় আছুতীয়াকৈ থওঁ আৰু মাথো জীয়াই থাকিবৰ বাবে জীয়াই নাথাকি জীৱনটো সঁচা অৰ্থত যাপন কৰিবলৈ শিকোহঁক।

(ইংৰাজীত পঢ়িবলৈ পোৱা অনামী লেখকৰ এটা গল্পৰ অনুবাদ)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!