সংকোচ (ভাস্কৰ জ্যোতি বৰুৱা)

হয়, সংকোচ। এই সংকোচৰ বাবেই বহুজনৰ সৈতে চিনাকী হোৱাৰ সুযোগ হেৰুৱাইছোঁ। তেখেতে বা কি ভাবে? আমনি পাব নেকি? আদি দহটা প্ৰশ্ন মূৰত ঘূৰিবলৈ আৰম্ভ কৰে। আজিকালি আকৌ সেই বিশেষ প্ৰশ্নটো –“তেখেতে সেই বুলি নাভাবেতো?”

সৰুৰে পৰা লেখা-মেলা কৰা মানুহৰ প্ৰতি মোৰ এটা সুতীব্ৰ আকৰ্ষণ। প্ৰিয় লেখক হ’লেতো কথাই নাই। নয়নতৰা চুপাৰ মাৰ্কেটত টকা দিবলৈ শাৰী পাতি আছোঁ। উৱা, অনুৰাধা শৰ্মা পূজাৰী বাইদেউচোন! টকা দিবলৈ বেগ খুলি আছে। য’ত টকাকেইটা থৈছিল, পোৱা নাই নেকি, চিন্তিত হৈ খুচাৰি আছে। আগ বাঢ়ি গৈ মাত এষাৰ দিওঁ নেকি? এই মুহূৰ্তত আমনি পাই যদি? আগতে পেমেণ্টটো কৰি লওঁকচোন তেখেতে। নিজকে ক’লোঁ। অহ্!, মোৰ পৰিচয় দিওঁতে তেখেতে সেই বুলি নাভাবেতো? সাহস কমি আহিবলৈ ধৰিলে। ইতিমধ্যেই তেখেতৰ পেমেণ্ট কৰা হৈ গৈছে। কাউণ্টাৰৰ পৰা আতঁৰি গ’ল অনুৰাধা শৰ্মা পূজাৰী বাইদেউ। মই ৰৈ থকিলোঁ।

কোনোবা এখন গ্ৰন্থমেলাৰ বাকৰি। সন্মুখত মাইনী মহন্ত। অসমীয়া প্ৰতিদিনত তেতিয়া লেখিবলৈ আৰম্ভ কৰিছোঁ মাত্ৰ। নিজৰ লেখাৰ এটা মন্তব্য পাবলৈ মন বিয়াকুল। নাই, প্ৰশংসা নহয়, উচিত-অনুচিতৰ উপদেশ শুনিব বিচাৰোঁ গুণীজনৰ পৰা। কেইদিনমানৰ আগতে দি ৱাই ৩৬৫ ত বাইদেৱে গৌতম প্ৰসাদ বৰুৱাদেৱৰ সাক্ষাৎকাৰ এটা লোৱা দেখিছিলোঁ। ভাবিলো আগবাঢ়ি গৈ মাত এষাৰ দি চিনাকী হওঁ। এনেতে বহুকেইজনে বাইদেউক আগুৰি ধৰিলে। চিনাকীয়েই হ’ব কিজানি? বাইদেৱে সকলোৰে লগত আন্তৰিকতাৰে কথা পতাত লাগিল। মই ৰৈ আছোঁ অনতিদূৰত জুমটো পাতল হোৱাৰ অপেক্ষাত। এবাৰ চকুৱে চকুৱেও পৰিল বাইদেউৰ লগত, আগবঢ়ি যাবলৈহে সাহস নুকুলাল। কথাৰ শেষত বাইদেৱে খোজ ললে ষ্টল এটাৰ ফালে। সুবিধা এটা ওলোৱাৰ আশাত ময়ো পাচে পাচে খোজ ল’লোঁ।

নাই, ইয়াতো আশা নাই। বাইদেউক আন এটা জুমে আগুৰি কথা পতাত লাগিল। মই অপেক্ষা কৰিলোঁ। মোৰ ওপৰত বাইদেউৰ আকৌ চকুত পৰিল। তেখেতে বাৰু ভাবিছে নেকি, এই হটঙা মানুহটোৱে কিয় অনুসৰণ কৰিছে বুলি!!! ভাবি নিজৰে ভয় লাগি গ’ল। যি নাই নাই, আগ বাঢ়ি যাওঁ বুলি ভাবোঁতেই মনলৈ ভাব আহিল – প্ৰসংগক্ৰমে কথা ওলালেতো ক’ব লগিব। তেতিয়া তেখেতে সেই বুলি নাভাবেতো? সাহস কমি আহিল। দেখিলোঁ কথা পাতি পাতিয়েই বাইদেউ আতঁৰি গ’ল। মই ৰৈ দিলোঁ সেই স্থানতে।

: আলু এক কেজি দিয়কচোন! ছয়মাইলৰ পাচলি বজাৰত দোকানীক কথাষাৰ ক’লোঁ।
দোকানীজন ব্যস্ত হৈ আছে মোতকৈ আগৰে পৰা বজাৰ কৰি থকা গ্ৰাহকজনৰ সৈতে। এপাকত চকু গ’ল সেই গ্ৰাহকজনলৈ। আৰে! এয়াচোন ময়ূৰ বৰা! তেখেতৰ লেখাবোৰ আভাসী পৃথিবীৰ জৰিয়তেই অনুসৰণ কৰোঁ। কোনো এটা সাম্প্ৰতিক বিষয়ত তেখেতে কি ভাবে সেয়া মোৰ জানিবৰ মন যায়। ফেচবুকত মই তেওঁৰ অনুসৰণকাৰী, বন্ধু পিছে সেই সময়লৈকে নাছিলোঁ, মানে তেখেতে একচেপ্ট কৰা নাই। কোনো কথা নাই, মই যি বিচাৰোঁ সেয়া পাই আছোঁ।
: এই বেঙেনা কেনেকৈ দিছা হে ? ময়ূৰ বৰা ডাঙৰীয়াই দোকানীক সুধিছে?
:এনে চিকচিকিয়া বেঙেনা নিকিনিব বৰাদেউ, এইসোপা অতি দৰব খাই ডাঙৰ হোৱা। কওঁ নেকি? – এবাৰ মনতে ভবিলোঁ।
চিনাকী দোকানীজনেতো নিৰ্ঘাত বেয়া পাব। তদুপৰি এয়া জানো আমাৰ সময়ৰ এজন অন্যতম শ্ৰেষ্ঠ চিন্তাশীল ব্যক্তিৰ লগত চিনাকী হোৱাৰ ধৰণ হোৱা উচিত? কেনেকৈ বাৰু মাতষাৰ দিয়া যায়, ভাবি পোৱা নাই? মনতে জুকিয়ালোঁ – নমস্কাৰ, মই ভাস্কৰ জ্যোতি বৰুৱা। প্ৰতিদিনত “বিত্তীয় স্বাস্থ্যৰ প্ৰসংগত” বুলি মোৰ এটা পষেকীয়া কলম আছে। কিন্তু তেখেতেতো সুধিব মোৰ বিষয়ে আৰু কথা। তেতিয়াতো মই ক’বলৈ বাধ্য। তেখেতে তেতিয়া সেই বুলি নাভাবেতো? সাহস কমি আহিল। ইতিমধ্যেই কাষৰ দোকান এখনত বেলেগ এবিধ পাচলি দৰাবলৈ ময়ূৰ বৰা আতঁৰি গ’ল।
: এয়া আপোনাৰ এক কিলো আলু। আৰু কিবা? দোকানীজনে মোক সুধিছে।
: নাই নেলাগে। টকা দি সুৰ সুৰকৈ গুচি আহিলোঁ।
অৱশ্যে চিনাকী হ’বলৈ ময়ূৰ বৰাৰ ক্ষেত্ৰত মই দ্বিতীয়টো সুযোগ পালোঁ উত্তৰ পূৱ গ্ৰন্থমেলাত।

এতিয়া আহক বৰ্তমানেও মই প্ৰধানকৈ ভুগি থকা সংকোচটোৰ উৎপত্তি কাহিনী দুটালৈ। যাৰ বাবে উপৰোক্ত তিনিওটা ঘটনাতে মই উল্লেখ কৰিছোঁ- “সেই বুলি নাভাবেতো?”

প্ৰথম অভিজ্ঞতা :
বন্ধুজন গুৱাহাটীতে থাকে। ময়ো সুদীৰ্ঘ দিন গুৱাহাটীতে আছোঁ। কিন্তু তেওঁৰ সৈতে সাক্ষাৎ হোৱা নাই। মন যায় কেতিয়াবা লগ পাবলৈ। কিন্তু যোগাযোগ কৰিবলৈ বন্ধুৰ মোবাইল নম্বৰ মোৰ হাতত নাই ( আমি এৰা এৰি হওঁতে মোবাইল ফোন লখিমপুৰত নাছিলেই!)। এজন উমৈহতীয়া বন্ধুৰ পৰা নম্বৰটো যোগাৰ কৰি এদিন বৰ উৎসাহেৰে ফোন কৰিলোঁ।
: হেল্লো, মই ভাস্কৰ। সেই যে লখিমপুৰত সূৰ্য চিনেমা হলৰ একোণত চেইনকেইডালত বহি আদ্দা মাৰিছিলোঁ, মনত আছেনে?
: আৰে ৰে ৰে ৰে… কিয় নাথাকিব দোষ্ট। কি খবৰ? কেনে আছা? তোমাৰ সেই লাজকুৰীয়া হাঁহিটো একেই আছেনে?
আস্, আনন্দত বুকুখন বিষাই গ’ল। বন্ধুৱে মোৰ হাঁহিটোও মনত ৰাখিছে!!! মই তেওঁৰ কথা সুধি যাবলৈ ধৰিলোঁ। তেওঁ কৈ গ’ল।
: ভাস্কৰ, বাদ দিয়া মোৰ কথা। তোমাৰ কথা কোৱা, কি কৰি আছা, ক’ত আছা। এপাকত বন্ধুৱে ক’লে।
: অ’ মই মিউচুৱেল ফাণ্ডৰ উপদেষ্টা। চি এফ পি, মানে চাৰ্টিফাইড ফাইনেন্সিয়েল প্লেনাৰৰ চাৰ্টিফিকেট পোৱাৰ পাচৰ পৰা ব্যক্তিগত বিত্তীয় পৰিকল্পনাৰ কাম কৰোঁ মোৰ ক্লাইণ্টসকলৰ। ছয়মইলত মোৰ অফিছ। কেতিয়াবা এইফালে আহিলে সময় থাকিলে….
: ভাস্কৰ, ভাস্কৰ, ভাস্কৰ, বহুত ভাল লাগিলে তোমাৰ সৈতে আজি কথা পাতি। মোৰ কাম এটা আছেহে। পিচত ভালকৈ কথা পাতিম দিয়া। ফোনটো কাটি দিলে বন্ধুৱে। মই তম্ভিবই নোৱৰিলোঁ। হঠাৎ এনে কি কাম ওলাল ইমান ৰিলেক্সড হৈ কথা আৰম্ভ কৰিব খোজা মানুহটোৰ। আজিলৈকে ফোন নাহিল বন্ধুৰ। মই বুজি পালোঁ। মোলৈ নহয়, মোৰ বৃত্তিটোলৈ ভয় বন্ধুৰ। জানোচা বিনিয়োগৰ কথাৰ বাবে চিনাকীটোক ব্যৱহাৰ কৰিব খুজিছোঁ?

দ্বিতীয় অভিজ্ঞতা :
স্থান বেলতলাৰ বজাৰ। পাচলি চাই ঘুৰি ফুৰিছোঁ।
: ভাস্কৰ নহয়নে?
মূৰ তুলি চালোঁ। বাইক এখনত বহি মোৰ সমবয়সীয়া ব্যক্তি এজন। মগজুৰ এণ্টেনা ঘূৰাবলৈ ধৰিলোঁ। ধৰিব পৰিলোঁ, এওঁ সেই স্কুলীয়া বন্ধুজনেই হ’ব। কথা আৰম্ভ হ’ল দুই পুৰণি বন্ধুৰ। কথাৰ মাজত ক’ব লগাত পৰিলোঁ মই কি কৰোঁ। অত পৰে বাইকৰ টেংকীত তবলা বজাই বজাই কথা পাতি থকা ৰিলেক্সড বন্ধুজন অস্থিৰ হৈ পৰিল। তেওঁৰ হঠাৎ কাম এটালৈ মনত পৰিল আৰু বগা ধোঁৱা উলিয়াই তেওঁ মোৰ কাষৰ পৰা ক্ষীপ্ৰ গতিত আঁতৰি গ’ল। মই ৰৈ থাকিলোঁ। বুজি কিন্তু ঠিকেই পালোঁ বগা ধোঁৱা ওলোৱাৰ বেমাৰটো কি।

এইখিনিলৈকে টাইপ কৰি এতিয়া ৰৈ আছোঁ বহুপৰ। এনেজাতীয় লেখা দিয়া ভাল হ’ব জানো? মোৰ বৃত্তিটো জনাৰ পাচত ৰাইজে এতিয়াৰ পৰা যদি মোৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিবলৈকে ভয় কৰে? মানে সেই বুলি নাভাবেতো!!!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!