সপোনৰ অসম! (ৰক্তিম শৰ্মা)

“চালত কোমোৰা লাও জিকা ভোল
ভড়াঁলত জহা ধান
গোহালিত গৰু পুখুৰীত মাছ
বাৰীত তামোল পান৷ ”

এয়াই অসমীয়া চহা লোকৰ এসময়ৰ জীৱন৷ পেটে ভাতে হ’লেও চলিব পৰাকৈ এডৰা খেতি পথাৰ, নানাবিধ গছ লতা বতৰৰ ফল-মূলেৰে ভৰি থকা এখন বাৰী, ঘৰ সাজিবলৈ বা জেওঁৰা দিবলৈ থাওকতে পাবলৈ এখন বাঁহনি, মাছ পুঠি খাবলৈ সৰুকৈ হ’লেও পুখুৰী এটা, হাঁহ পাৰ গৰু ছাগলীৰে ভৰি থকা এখন চোতাল৷ এয়া এনে এখন সমাজ আছিল য’ত এজন লোক অকলে কে‌ৱল নিজকলৈ জীয়াই থকা অসম্ভৱ আছিল৷ সেই আৰ্থ সামাজিৰ ব্যৱস্থাই সৃষ্টি কৰা প্ৰয়োজনে ঐক্যবদ্ধ কৰিছিল জনতাক৷ দৃঢ় আৰু ঐক্যবদ্ধ এখন সমাজ থকা বাবে দৰিদ্ৰ এজনেও খোৱা-বোৱা বা অন্যান্য সমস্যাত জৰ্জৰিত হ’ব লগা হোৱা নাছিল৷ চহৰ কেন্দ্ৰিক মানসিকতা সৃষ্টি বৰ বেছিদিনৰ কথা নহয়৷ আমাৰ চকুৰ আগতেই পৰিৱৰ্তনবোৰ ঘটিব লাগিছে৷ সেয়ে অসমীয়া চহাই কৃষি এৰি চহৰলৈ সৰু চাকৰিৰ পিছত ধা‌ৱমান হৈছে৷ বজাৰ ব্যৱস্থাৰ পৰিৱৰ্তনে এচাম বহুজাতিকৰ স্বাৰ্থত জনতাৰ ওপৰত মাধমাৰ সোধাইছে৷ পণ্য বিক্ৰীৰ বাবে বজাৰ মেলি দিয়া হৈছে৷ ন ন চাহিদা সৃষ্টি হৈছে৷ ফলত সেইবোৰ আহৰণ কৰিবলৈ চহাক প্ৰয়োজন হৈছে নগদ টকাৰ৷ পুৰণি অসমীয়া গ্ৰাম্য ব্যৱস্থাই মানুহক সামাজিক ভা‌ৱে জীয়াই থকাৰ নিশ্চয়তা দিছিল সঁচা, কিন্তু নগদ টকাৰ নিশ্চয়তা দিব নোৱাৰিলে৷ নিশ্চয়তা দিব নোৱাৰিলে জিকমিক চহৰীয়া সংস্কৃতিৰ৷ ফলত চহাই চাকৰিমুখী হ’ল৷ অসমীয়া সমাজ অবাটে গ’ল৷ এৰি থৈ আহিল পূৰ্বৰ সামাজিক চেতনা আৰু সাংস্কৃতিক প্ৰামূল্য৷ বিকাশ হ’ব লাগিছিল কৃষি অৰ্থনীতিৰ, থলুৱা ঘৰুৱা উদ্যোগৰ যাৰ সৈতে থলগিৰি ঐতিহাসিকভাবে অভ্যস্ত৷ অৰ্থনৈতিক নীতি নিৰ্ধাৰণ হ’ব লাগিছিল তেনেকৈয়ে য’ত এক ভূখণ্ডৰ লোকৰ প্ৰকৃত বিকাশ নিশ্চিত হয়৷ কিন্তু সেয়া নহল৷ কিয়? তাৰ একমাত্ৰ কাৰণ থলগিৰি অসমীয়াৰ অধিকাৰ হীনতাই নহয় জানো? আমি আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে দিল্লীৰ মুখলৈ চাই থাকিব লাগে৷ কাৰণ ভাৰতীয় ব্যৱস্থাই ইয়াত ৰাখি থৈছে নজহা নপমা এখন দালাল চৰকাৰ৷ ই কেতিয়াবা কংগ্ৰেছ কেতিয়াবা এজিপি বা আন কিবা৷ ভাৰত স্বাধীনতা চুক্তিৰ নামত ভাৰত পৰিণত হ’ল বৃটিছৰ অৰ্ধউপনি‌ৱেশলৈ৷ কালক্ৰমত ই বহুজাতিক বনিক শক্তিৰ নব্য উপনি‌ৱেশলৈ পৰিণত হৈছিল৷ যিহেতু সেইসময়ত কে‌ৱল অসমৰ চাহ আৰু তৈল ক্ষেত্ৰতহে বৃটিছ বিনিয়োগ হৈছিল, স্বাধীনতাৰ চুক্তিৰে তাক বৈধতা দি অসমৰ সম্পদৰ ওপৰত জনতাৰ অধিকাৰ খৰ্ব কৰা হল৷ লাহে লাহে শোষণ বাঢ়িল আৰু মুক্ত অৰ্থনৈতিক নীতিয়ে ইয়াৰ নৱ্য উপনিবেশিক ব্যৱস্থাক সুদৃঢ় কৰিলে আৰু বজাৰ ব্যৱস্থাৰ মাজেৰে স্বাধীন জনতাক শিপাৰ পৰা উভালি আনি ক্ৰেতা দাসত পৰিণত কৰি দাসত্বৰ শিকলি পিন্ধালে৷ আমাৰেই শ্ৰম আমাৰেই সম্পদ আৰু ক্ৰেতাও আমিয়েই৷ অসমৰ দৰে এখন ভূমিত য’ত আনকি সামন্তবাদৰ প্ৰকট ৰূপ নাছিল, যিখন সমাজ জনজাতি শৈলীৰে এক প্ৰত্যক্ষ শোষণহীন ব্যৱস্থাৰে বিকাশ হৈছিল সেই সমাজ প্ৰথমে বৃটিছ আৰু আজি বহুজাতিকৰ দালালি কৰা ভাৰতীয় দালালতান্ত্ৰিক চৰকাৰবোৰে ভাঙি ছিঙি তাৰ অতীত গৰিমা আৰু স্বকীয় সত্ত্বাক থানবান কৰিলে৷ মাথো বহুজাতিক লুণ্ঠনেই নহয়, এই দালালতন্ত্ৰৰ মুল হোতা হিন্দী লবীয়ে এই দালালি পুজিৰে জয়জয়ময়ময় হৈ হিন্দু হিন্দী আগ্ৰাসন আৰু আধিপত্যবাদ প্ৰসাৰত নামি পৰিল৷ ইয়াৰ দ্বাৰা পৰিচালিত বিভেদ ৰাজনীতিত কোঙা খোঁৰা কণা হ’ল অসমৰ থলগিৰিসকল৷ সকলো আছিল সকলো আছে বুলি ভাবি একো গম নলওতেই এপদ দুপদকৈ সকলো থলগিৰিৰ হাতৰ পৰা গ’ল৷ জিকমিক পণ্যৰ পাছত দৌৰি নগদ টকাৰ বাবে সহজ পথ বিচাৰি খেতি পথাৰ এৰি আহিল অসমীয়া চহাই আৰু সেই খালী ঠাই পুৰণ কৰিলে উদাস্তু দৰিদ্ৰ অভিবাসী সৰ্বহাৰা পূৰ্ববংগীয়ই৷ পলমকৈ হ’লেও তেওঁলোকৰ বহুতেই অসমীয়া সুঁতিত জীন গল আৰু থলগিৰিৰ পদাংকই অনুসৰণ কৰিবলৈ বাধ্য হৈ গৈ আছে৷

এতিয়া প্ৰশ্নটো হ’ল, এই ব্যৱস্থাত অসম আৰু অসমীয়াৰ ভ‌ৱিষ্যত আছে নে? নিজাকৈ এই ব্যৱস্থাৰ মাজেৰেই বা জনতাৰ হকে চিন্তা নকৰা শাসকৰ নীতিৰে অসমীয়াই সুন্দৰ অসম এখন গঢ়িব পাৰিবনে? নে আমি সকলো থকাৰ পিছতো ভবিষ্যতে অদক্ষ শ্ৰমিক হৈ বহুজাতিকৰ গোলামী কৰিবলৈ বাধ্য থাকিম? কেতিয়া কেনেকৈ জনতাই চহৰ নহয় বৰং গাওঁলৈ ধাৱমান হ’ব পুনৰ? কেতিয়া আধুনিক কৃষি অৰ্থনীতিৰ আৰু ঘৰুৱা উদ্যোগৰ বিকাশ হ’ব আৰু সামাজিক সত্ত্বাৰ পুণৰ বিকাশ হৈ প্ৰকৃতপক্ষে স্বাধীন সত্ত্বা হৈ বিশ্বৰ আগত মূৰ তুলি ঠিয় হ’ব পাৰিব? থলগিৰিৰ প্ৰাধান্য আৰু নিয়ন্ত্ৰণ থকা এক আৰ্থ সামাজিক ব্যৱস্থা, যি ব্যৱস্থাত ভাষিক- সাংস্কৃতিক স্বকীয়তা অক্ষুন্ন থাকিব, জনতাই নিজৰ বিকাশৰ সপোন বহুজাতিকৰ উচ্চিষ্টৰ চুৱাপাতনিত নকৰি নিজৰ শ্ৰম, নিজা সম্পদ আৰু আত্মনিৰ্ধাৰণৰ অধিকাৰৰ মাজেৰে প্ৰতিষ্ঠা কৰি প্ৰকৃততে মুক্ত মানুহ মুক্ত চেতনা গঢ়িব, ৰাষ্ট্ৰৰ দালালি ৰাজনীতিক ওফোৰাই সম অধিকাৰ আৰু সমমৰ্যাদাৰে সমূহ থলগিৰি ভ্ৰাতৃত্বভাৱেৰে থাকিব, অসমকলৈ এই সপোন দেখা জানো ভুল? এই ব্যৱস্থাৰ কেৰোণবোৰ আৰু শোষণ ব্যৱস্থাটো জনগনে উপলব্ধি কৰিব নোৱাৰিলে আৰু থলগিৰি জনতাৰ স্বাৰ্থত জনতাৰ চৰকাৰ এখন প্ৰতিষ্ঠা কৰিব নোৱাৰিলে মাথো অন্য কথাৰে সপোনৰ অসম সপোন হৈয়েই থাকিব৷ আৰু এইখিনি উপলব্ধি কৰিবলৈ জাতীয় চেতনা আৰু একতাৰ অতি প্ৰয়োজন৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments